অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বসন্ত ঋতু

বসন্ত ঋতু (Spring) ছয় ঋতুৰ শেষ ঋতু। ফাগুন মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ চ'ত আৰু ব'হাগ মাহৰ প্ৰায় শেষলৈকে বসন্ত কাল অনুভূত হয়। গ্ৰীষ্ম মণ্ডলটো সূৰ্যৰ সমুখলৈ ঢাল খোৱা বাবে গ্ৰীষ্মমণ্ডলৰ ঠাই সমূহত এই সময়ত উত্তাপ লাহে লাহে বৃদ্ধি হয় আৰু দুই এজাক পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হয়।

হালনাগাদ: ১৬ জুন ২০২৫ ৮৯১ শব্দ · ৫ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বসন্ত ঋতু (Spring) ছয় ঋতুৰ শেষ ঋতু। ফাগুন মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ চ'ত আৰু ব’হাগ মাহৰ প্ৰায় শেষলৈকে বসন্ত কাল অনুভূত হয়। গ্ৰীষ্ম মণ্ডলটো সূৰ্যৰ সমুখলৈ ঢাল খোৱা বাবে গ্ৰীষ্মমণ্ডলৰ ঠাই সমূহত এই সময়ত উত্তাপ লাহে লাহে বৃদ্ধি হয় আৰু দুই এজাক পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হয়। এই ঋতুত গছত কুঁহি পাত ওলায় আৰু বিভিন্ন ধৰণৰ ফুল ফুলে। গছ-গছনি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে। এই সময়ত শীতকালত শীতনিদ্ৰা কৰা জীৱ সমূহ সাৰ পায়। এই সময়ত বহু জীৱ-জন্তু যৌন মিলনত লিপ্ত হৈ বংশ বৃদ্ধিৰ বাবে তৈয়াৰ হয়। এই সময়ত অসমৰ হাবিত কুলি-কেতেকীৰ মাত শুনিবলৈ পোৱা যায়। কপৌ ফুলৰ দৰে বিভিন্ন প্ৰজাতিৰ অৰ্কিড ফুলিবলৈ আৰম্ভ কৰে। বিভিন্ন অঞ্চলত এই সময়ত বসন্ত উৎসৱ পালন কৰা দেখা যায়। অসমত এই সময়ত বহাগ বা ৰঙালী বিহু পালন কৰা হয়। প্ৰকৃতিৰ মনোমোহা ৰূপৰ বাবে এই ঋতুক ঋতুৰাজ বসন্ত বুলিও কোৱা হয়।১

প্ৰাকৃতিক লক্ষণসমূহ

বতৰ বিজ্ঞানী সকলে কোনো এক জলবায়ু ক্ষেত্ৰক আন্তৰ্জাতিক পদ্ধতিৰে মুঠ চাৰিটা ঋতুত ভাগ কৰিছে। সেয়া হ'ল বসন্ত ঋতু, গ্ৰীষ্ম ঋতু, শৰৎ ঋতু আৰু শীত ঋতু। এই ঋতুসমূহ মাহৰ আধাৰত বিভক্ত। প্ৰতিটো ঋতুৱে তিনিটাকৈ মাহক প্ৰতিনিধিত্ব কৰে। সেয়ে হ'লেও অসমীয়া লেখৰে মুঠ ঋতু ছটা হোৱা বাবে প্ৰতিটো ঋতুৱে দুটা মাহক সামৰি লয়। দুটা সকলোতকৈ গৰম মাহ গ্ৰীষ্ম ঋতুৰ অন্তৰ্ভুক্ত, একেবাৰে শীতল দুই মাহ শীত ঋতুৰ অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে গৰম ঠাণ্ডাৰ সমতাৰ সময় খিনিতে বৰ্ষা, শৰৎ, হেমন্ত, আৰু বসন্ত ঋতু অনুভূত হয়। ঠাই বিশেষে এই ঋতু সমূহ বিভিন্ন তিথিত আৰম্ভ হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনৰ লোকে মাৰ্চ আৰু এপ্ৰিল মাহৰ সময়ত বসন্ত ঋতু অনুভৱ কৰে।২৩

নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত বসন্ত ঋতু পাৰম্পৰিক ৰূপত ১ ছেপ্টেম্বৰত আৰম্ভ হৈ ৩০নৱেম্বৰৰ ভিতৰত শেষ হয়।৪৫

গোলকীয় কেলেণ্ডাৰ অনুসৰি আয়াৰলেণ্ডত ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহ বসন্ত কালৰ সময়।৬৭৮৯

উত্তৰ গোলাৰ্ধৰ দেশ কিছুমানৰ লোকসংস্কৃতিত মহাবিষুৱৰ দিনটোক (১৯ আৰু ২১ মাৰ্চৰ ভিতৰৰ)১০ বসন্তৰ প্ৰথম দিন বুলি ধৰা হয় উত্তৰায়ণৰ দিনটোক গ্ৰীষ্মৰ প্ৰথম দিন হিচাপেধৰা হয়।

পাৰ্চীয়ান পৰম্পৰা অনুসৰি বসন্তৰ প্ৰথম দিনটোক বছৰ আৰম্ভণিৰ প্ৰথম মাহৰ প্ৰথম দিন বুলি ধৰা হয়।

চীন দেশৰ পৰম্পৰাগত কেলেণ্ডাৰত বসন্ত ঋতু লি্ চুন (৩-৫ ফেব্ৰুৱাৰী)ৰ দিনত আৰম্ভ হয়, চুন্ ফেন (২০-২২ মাৰ্চ)ত মধ্যভাগ পাই আৰু লিচ্ য়া (৫-৭ মে')ত শেষ হয়। দুপৰীয়াৰ সূৰ্যৰ পোহৰ তাপৰ ওপৰত নিৰ্ভৰ কৰি কেল্টিক পৰম্পৰাত ফেব্ৰুৱাৰীৰ আগভাগত আৰম্ভ হৈ বসন্ত ঋতু মে'ৰ আগভাগলৈ চলে।

ভাৰত তথা অসমত বসন্ত ঋতুৰ সময় মাৰ্চ আৰু এপ্ৰিল মাহ। গড় হিচাপে এই সময়ৰ তাপমাত্ৰা প্ৰায় ৩২° চেলচিয়াছ।১১

বসন্ত ঋতুৰ সময়ত অসমৰ হাবিত নানাবিধ অৰ্কিড ফুলা দেখা যায়। ইয়াৰ লগতে এই সময়ত অসমৰ মাটিত গজা আৰু ফুলা কেতেকী, নাহৰ আৰু তগৰ ফুলো আন তিনিবিধ সুগন্ধি ফুল। প্ৰায় সকলোবোৰ গছৰে নতুন পাত ওলাই, বৰষুণ আৰম্ভ হয় আৰু বতাহৰ গতিবেগ বাঢ়ে। এই সময় চোৱাত অসমৰ হাবিত বিশেষকৈ কুলি আৰু কেতেকীৰ শুৱলা মাত শুনিবলৈ পোৱা যায়। এই সময় খেতিৰ প্ৰস্তুতিৰ সময়। এই ঋতুৰ আৰম্ভণিতে দ-মাটিৰ বাবে বাওঁ ধান সিঁচা হয় আৰু শেষৰ ফালে ৰাইজে কঠীয়া সিঁচাৰ কাম আৰম্ভ কৰে। বিশেষকৈ যিবোৰ ধানৰ কৃষি কাল দীঘলীয়া অৰ্থাৎ কঠীয়া ৰোৱাৰ পৰা চপোৱালৈকে ৫ মাহমান সময় লাগে, সেইবোৰ জাতৰ বীজ এই ঋতুৰ ভিতৰতে সিঁচিব লাগে।

উৎসৱ-পাৰ্বন

বসন্ত ঋতুৰ সময়ত বিভিন্ন উৎসৱ আদি উদযাপন কৰা হয়:

  • ফাঁকুৱা: হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ হৈছে ফাকুৱা। ফাঁকুৱা ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। হিন্দুসকলৰ আৰাধ্য দেৱতা কৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা ফাঁকুৱা বা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।১২
  • বসন্ত পঞ্চমী: বসন্ত পঞ্চমী বা সৰস্বতী পূজা হিন্দুসকলে জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰে। এই উৎসৱে বসন্ত আগমনৰ বাবে প্ৰস্তুতিৰ চিহ্নিত কৰে।
  • বাসন্তী পূজা: চ'ত মাহৰ শুক্ল পক্ষত অৰ্থাৎ বসন্তকালত অসমৰ কোনো কোনো লোকে দুৰ্গাপূজা পালন কৰে। এই পূজাক বাসন্তী দুৰ্গা পূজা বুলি কোৱা হয়। সাধাৰণতে চ'তৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত।
  • ব'হাগ বিহু: অসমৰ জাতীয় উৎসৱ। বসন্তৰ আগমণত উদযাপন কৰা ব'হাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে। ব'হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক সাত বিহু বুলি জনা যায়। চ'তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে ব'হাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন গোসাঁই বিহু বুলিও পালন কৰা যায়।
  • ইষ্টাৰ: ইষ্টাৰ বা পুনৰুত্থান দিৱস খ্ৰীষ্টান ধৰ্মামম্বীসকলে বসন্ত কালত পালন কৰে।
  • আলি আঃয়ে লৃগাং: মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰা বসন্ত উৎসৱ হৈছে আলি আঃয়ে লৃগাং। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়।

বসন্ত কালত ফুলা ফুল

বসন্ত কালত অসমৰ হাবিত বিভিন্ন ফুলৰ পয়োভৰ লক্ষ্য কৰিব পাৰি:

উৎপাদিত ফল আৰু পাচলি

বসন্ত কালত অসমৰ খেতিয়কে কম পৰিমাণৰ পানী প্ৰয়োজন হোৱা পাচলি যেনে: ভেণ্ডি,জিকা, তিতা কেৰেলা, তিঁয়হ, স্কোৱাছ, জাতি লাউ, ৰঙালাও, লেচেৰা মাহ, বিলাহী, চজিনা, বীণ ইত্যাদিৰ খেতি কৰে। এই সমূহৰ লগতে সেউজীয়া শাক যেনে: খুঁতৰা, মৰলীয়া, ভতুৱা, জিলমিল, ধনীয়া ইত্যাদি আৰু ফলমূলৰ ভিতৰত বগৰী,তৰমুজ, চিৰাল আদি উপলব্ধ হয়। এই সময়ত আমে মলিয়াই আৰু কঁঠালে মুচি পেলাই। বসন্তৰ শেষলৈ আম-কঠাল খাব পৰা হয়।

তথ্যসূত্ৰ

  1. ↑ নিজা প্ৰতিবেদক. বসন্ত আহিছে. prothom-alo.com
  2. ↑ Spring. Glossary of Meteorology
  3. ↑ Met Office: Spring
  4. ↑ Do you want the dates of our seasons changed?. New Zealand weatherwatch
  5. ↑ Australian Bureau of Meteorology – Climate Glossary – Seasons. Australian Bureau of Meteorology. bom.gov.au
  6. ↑ Moncrieff, Sean. Sean Moncrieff: ‘When does spring start? I don't know and neither do you'. The Irish Times
  7. ↑ Get ready for the seasons in Ireland. www.durbanresidence.com
  8. ↑ Farrell, Conor. Column: When does spring really start? Let's clear this is up once and for all.. TheJournal.ie
  9. ↑ (13 March 2014). The first day of Spring – the Spring Equinox .. or is it?
  10. ↑ Met Office: Spring
  11. ↑ Seasons in India · Different types of seasons in India with months. gupshups
  12. ↑ ৰংগে ফাগু খেলে চৈতন্য বনমালী, ৰূপলেখা দেৱী, আজিৰ দৈনিক বাতৰি, গুৱাহাটী, ৮ মাৰ্চ ২০১২

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বসন্ত ঋতু” প্ৰবন্ধৰ সংশোধন ৫১৮৫৬৫ (১৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।