ইণ্ডিয়ান ছুপাৰ লীগ (Indian Super League) হৈছে ভাৰতবৰ্ষৰ এখন সৰ্বোচ্চ পেছাদাৰী ফুটবল লীগ। স্পনচ'ৰশ্বিপ সম্বন্ধীয় কাৰণৰ বাবে ইয়াক Hero Indian Super League হিচাপেও জনা যায়। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন(All India Football Federation) আৰু ফুটবল স্প'ৰ্টছ্ ডেভেলপমেণ্ট লিমিটেড (Football Sports Development Limited)ৰ দ্বাৰা আয়োজিত ভাৰতবৰ্ষৰ এই সৰ্বোচ্চ স্তৰৰ লীগত সমগ্ৰ ভাৰতবৰ্ষৰ ১৪ টা ফ্ৰেঞ্চাইজি (franchise) দলে ভাগ লয়।১ এই লীগখন অক্টোবৰৰ পৰা ডিচেম্বৰলৈ চলে। ২ইণ্ডিয়ান ছুপাৰ লীগ গঠনৰ পূৰ্বে আই-লীগ (I-League) ভাৰতৰ সৰ্বোচ্চ লীগ হিচাপে বিবেচিত আছিল, যি বৰ্তমান ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ পেছাদাৰী লীগ।
ফুটবলৰ জনপ্ৰিয়তা বৃদ্ধি আৰু ভাৰতীয় ফুটবলৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যৰে এই লীগখন ২০১৩ চনত গঠন কৰা হয়। টুৱেণ্টি২০ ক্ৰিকেটৰ জনপ্ৰিয় লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(Indian Premier League), আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেজৰ লীগ চ'কাৰ আৰু অষ্ট্ৰেলিয়াৰ এ-লীগৰ আৰ্হিত পৰিচালিত৩ ইণ্ডিয়ান ছুপাৰ লীগে বিশ্বৰ সৰহ সংখ্যক পেছাদাৰী ফুটবল লীগে ব্যৱহাৰ কৰা উন্নীতকৰণ আৰু অৱনমন ব্যৱস্থা ব্যৱহাৰ নকৰি ফ্ৰেঞ্চাইজি ব্যৱস্থা গ্ৰহণ কৰিছে।৩
ইতিহাস

২০১০ চনৰ ৯ ডিচেম্বৰ তাৰিখে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে(All India Football Federation) ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ (Reliance Industries) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ International Management Groupৰ সৈতে এখন ৭০০ কৌটি টকীয়া ১৫ বছৰীয়া চুক্তি স্বাক্ষৰ কৰে।৪ এই চুক্তি খনে IMG-Reliance ক স্পনচ'ৰশ্বিপ, বিজ্ঞাপন, সম্প্ৰচাৰ, ব্যৱসায়, ভিডিঅ', ফ্ৰেন্সাইজিং( franchising) আৰু নতুন ফুটবল লীগ গঠনৰ স্ম্পূৰ্ণ অধিকাৰ দিয়ে। ৪ ২০১০ চনৰ অক্টোবৰত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে Zee Sportsৰ সৈতে কৰা ১০ বছৰীয়া চুক্তি ৫ বছৰ আগতে ভংগ কৰাৰ ঠিক পিছতে এই চুক্তিখন কৰা হয়।৫
আই-লীগৰ ক্লাব সমূহৰ স্বত্বাধিকাৰীসকল আৰু ফেডাৰেচনৰ মাজত যোগাযোগৰ অভাৱত সংঘাত হোৱাত আই পি এল ৰ আৰ্হিৰ ফুটবল লীগ এখন আয়োজনৰ বিষয়ে প্ৰথম গুজৱ ওলায়। গুজৱটো এইবুলি ওলাইছিল যে IMG-Reliance এ আই-লীগক আই পি এল আৰু যুক্তৰাষ্ট্ৰৰ Major League Soccer ৰ আৰ্হিত পুনৰ্গঠনৰ পৰিকল্পনা কৰি আছে।৬
২০১১ চনৰ ২৫ এপ্ৰিলত আই পি এল ৰ আৰম্ভণিৰ সমসাময়িক ভাৱে পশ্চিম বংগৰ ইণ্ডিয়ান ফুটবল এচ'চিয়েচনে(Indian Football Association) বেংগল প্ৰিমিয়াৰ লীগ চ'কাৰ(Bengal Premier League Soccer)ৰ উদ্বোধন কৰে আৰু প্ৰথম চিজনৰ ২০১২ খেলা হ'ব বুলি নিৰ্ধাৰণ কৰে।৭ এই লীগৰ গোটেই ৬টা ফ্ৰেন্সাইজ দল পশ্চিম বংগৰে হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ২০১২ চনৰ ফেব্ৰুৱাৰীত ইয়াক অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয় আৰু শেষত ২০১৩ চনত বিত্তীয় দুৰ্বলতাৰ বাবে ইয়াক বাতিল কৰা হয়।৮
বেংগল প্ৰিমিয়াৰ লীগ চ'কাৰৰ বিফলতাৰ স্বত্বেও সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে IMG-Relianceৰ আই পি এল আৰ্হিৰে ২০১৪ চনত ফুটবল লীগ আয়োজনৰ প্ৰস্তাৱটো অনুমোদন জনায়।৯ কিন্তু আই লীগৰ ক্লাবসমূহে এই অনুমোদনক সম্পূৰ্ণৰূপে বিৰোধ কৰিবলৈ ধৰিলে।১০ ক্লাবৰ স্বত্বাধিকাৰীসকলে Indian Professional Football Clubs Association বুলি সংগঠন এটি গঠন কৰি ক্লাব সমূহৰ খেলুৱৈসকলক IMG-Reliance লীগত খেলোৱাৰ তীব্ৰ বিৰোধিতা কৰে।১০ কিন্তু আগষ্ট ২০১৩ ত IMG-Relianceএ প্ৰয়োজনীয় সংখ্যক ভাৰতীয় খেলুৱৈৰ লগত ইতিমধ্যে চুক্তি কৰা বুলি ঘোষণা কৰে।১১
অৱশেষত ২০১৩ চনৰ ২১ অক্টোবৰত IMG-Reliance, STAR Sports আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে আনুষ্ঠানিক ভাৱে ইণ্ডিয়ান ছুপাৰ লীগ উন্মোচন কৰে। লগতে লীগখন ২০১৪ চনৰ জানুৱাৰীৰ পৰা মাৰ্চলৈ চলিব বুলি ঘোষণা কৰা হৈছিল।১২কিন্তু ২৯ অক্টোবৰ ২০১৩ ত লীগখন ছেপ্তেম্বৰ ২০১৪ লৈ বিলম্বিত কৰা হয়।১২
২০১৭-১৮ পৰা দুই নতুন দল, জামছেদপুৰ এফ চি আৰু আই-লীগৰ দল বেংগালুৰু এফ চি আই এছ এলৰ অন্তৰ্ভুক্ত হয়। ২০১৯ চনত এফ চি পুণে চিটি দলক বিলুপ্ত কৰা হয় আৰু এই দলৰ সলনি হায়দৰাবাদ এফ চি নামৰ নতুন দল গঠন হয়। আনহাতে ২০১৯ চনৰ ৩১ আগষ্টত দিল্লী ডাইনাম'জ এফ চি দলৰ গৰাকীয়ে নিজৰ ভেটি দিল্লীৰ পৰা ওড়িশাৰ ভূৱনেশ্বৰলৈ স্থানান্তৰিত কৰে আৰু দলৰ নাম ওড়িশা এফ চি লৈ সলনি কৰে।১৩
দলসমূহ
| আই. এছ. এল. দলসমূহ | |||
|---|---|---|---|
| দল | স্থান | ষ্টেডিয়াম | মুখ্য প্ৰশিক্ষক |
| এ টি কে মোহন বাগান এফ চি | কলিকতা, পশ্চিমবংগ | চল্ট লেক ষ্টেডিয়াম | জ'ছ ফ্ৰাঞ্ছিক' মলিনা |
| ইষ্ট বেংগল এফ চি | কলিকতা, পশ্চিমবংগ | চল্ট লেক ষ্টেডিয়াম | ৰবী ফাউলাৰ |
| ওড়িশা এফ চি | ভূৱনেশ্বৰ, ওড়িশা | কলিংগ ষ্টেডিয়াম, ভূৱনেশ্বৰ | ষ্টুৱাৰ্ট বেক্সটাৰ |
| কেৰালা ব্লাষ্টাৰ্ছ এফ চি | কোচি, কেৰালা | জৱাহৰলাল নেহৰু ষ্টেডিয়াম (কোচি) | ষ্টিভ ক'পেল |
| মুম্বাই চিটি এফ চি | মুম্বাই, মহাৰাষ্ট্ৰ | মুম্বাই ফুটবল এৰেনা | আলেকজেণ্ডাৰ গুইমাৰেছ |
| নৰ্থ ইষ্ট ইউনাইটেড এফ চি | গুৱাহাটী, অসম | ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম | নেল' ভিংগাডা |
| হায়দৰাবাদ এফ চি | হাইদৰাবাদ, তেলংগানা | জি এম চি বালাযোগী এথলেটিক ষ্টেডিয়াম | এলবাৰ্ট ৰকা |
| চেন্নাইয়িন এফ চি | চেন্নাই, তামিলনাডু | জৱাহৰলাল নেহৰু ষ্টেডিয়াম | মাৰ্ক' মাটেৰাজ্জি |
| এফ চি গোৱা | গোৱা | ফাটোৰ্দা ষ্টেডিয়াম, গোৱা | জিক' |
| বেংগালুৰু এফ চি | বেংগালুৰু, কৰ্ণাটক | শ্ৰীকান্তিৰাভা ষ্টেডিয়াম | এলবাৰ্ট ৰ'কা |
| জামছেদপুৰ এফ চি | জামছেদপুৰ, ঝাৰখণ্ড | জে আৰ ডি টাটা স্পৰ্ট্ছ কমপ্লেক্স | ষ্টিভ কপ্পেল |
তথ্যসূত্ৰ
- ↑ Katakey, Rakteem. Tendulkar Buys Team as Cricket-Mad India Tests Soccer League. Bloomberg
- ↑ Mergulhao, Marcus. ISL postponed again, by 3 weeks. Times of India
- ↑ Bali, Rahul. IMG-Reliance keen to start an eight team franchisee competition, I-League likely to follow the MLS. Goal.com
- ↑ AIFF signs 700-crore deal with IMG-RIL. Times of India
- ↑ AIFF approaches Jindal, Videocon to sponsor I-League. Top News
- ↑ I-League clubs refuse to accept AIFF diktat. Times of India
- ↑ IFA announces launch of Premier League Soccer. Times of India
- ↑ India’s ambitious Premier League Soccer plan finally axed. Goal.com
- ↑ Mohan, Srinivasan. IMG-Reliance to host franchisee based tournament in 2014. Goal.com
- ↑ Clubs hit out against new I-League format, IMG Reliance tournament. New Indian Express
- ↑ Baber, Mark. India's I-League teams fail licensing tests as AIFF and IMG-Reliance forge ahead. Inside World Football
- ↑ Indian Super League postponed. The Hindu
- ↑ Delhi Soccer Private Limited signs MoU with Government of Odisha to facilitate Bhubaneswar move. indiansuperleague.com. ISL
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়ান ছুপাৰ লীগ” প্ৰবন্ধৰ সংশোধন ৬৪০৪২৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।