অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মোক্ষ

মোক্ষ (मोक्ष; ), বিমোক্ষ, বিমুক্তি বা মুক্তি হিন্দুধৰ্ম, বৌদ্ধধৰ্ম, জৈনধৰ্ম আৰু শিখধৰ্মত বহুলভাৱে ব্যৱহৃত এক আধ্যাত্মিক ধাৰণা, যি মূলতঃ মুক্তি বা বন্ধনৰ পৰা উন্মুক্ততা বুজায়।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৬ ২৬১ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মোক্ষ (मोक्ष; ), বিমোক্ষ, বিমুক্তি বা মুক্তি হিন্দুধৰ্ম, বৌদ্ধধৰ্ম, জৈনধৰ্ম আৰু শিখধৰ্মত বহুলভাৱে ব্যৱহৃত এক আধ্যাত্মিক ধাৰণা, যি মূলতঃ মুক্তি বা বন্ধনৰ পৰা উন্মুক্ততা বুজায়। ১

ধৰ্মদৰ্শনত মোক্ষৰ দুটা মুখ্য অৰ্থ-ক্ষেত্ৰ দেখা যায়: সংসাৰ (জন্ম-মৃত্যু-পুনৰ্জন্ম) চক্ৰৰ পৰা মুক্তি; আৰু জ্ঞানতাত্ত্বিক বা মনস্তাত্ত্বিক অৰ্থত অজ্ঞান বা অবিদ্যাৰ পৰা মুক্তি, আত্ম-জ্ঞান, আত্ম-সাক্ষাৎকাৰ, স্ব-চেতনা।২

হিন্দু পৰম্পৰাত মোক্ষক মানুহৰ চাৰিটা পুৰুষাৰ্থৰ ভিতৰত সৰ্বোচ্চ বুলি প্ৰায় আলোচনা কৰা হয়। ধৰ্ম (নৈতিক/শৃঙ্খলিত জীৱন), অৰ্থ (জীৱিকা/সমৃদ্ধি), কাম (আনন্দ/ইচ্ছাপূৰণ), আৰু মোক্ষ, চাৰিওটা জীৱনৰ লক্ষ্য।।৩

ব্যুৎপত্তি

মোক্ষ শব্দৰ উৎস সংস্কৃত ধাতু মুচ্‌ (“মুক্ত কৰা, এৰি দিয়া, উন্মুক্ত কৰা”)ৰ পৰা আহিছে।৪

জৈন শাস্ত্ৰীয় ব্যাখ্যাত কেতিয়াবা মোহ (আসক্তি) + ক্ষয় (নাশ) মিলাই “আসক্তিৰ বিনাশ” ৰূপেও এই পদৰ ব্যাখ্যা কৰা হয়।৫

সংজ্ঞা আৰু মূল ধাৰণা

মোক্ষ বুলিলে “মুক্তি” বুজালেও, কিহৰ পৰা মুক্তি আৰু কেনেকৈ মুক্তি, এই প্ৰশ্নত বিভিন্ন ভাৰতীয় দৰ্শন পৰম্পৰাৰ উত্তৰ ভিন্ন।৬

কিছুমান পৰম্পৰাত নৈতিক কৰ্ম বা আচৰণক উত্তম পথ গণ্য কৰা হয়, কিছুমানত ভক্তি, কিছুমানত ধ্যান-যোগ, আৰু কিছুমানত আত্মজ্ঞানক মুখ্য গণ্য কৰা হয়। মোক্ষক জীৱিত অৱস্থাতেই লাভ কৰা যায় বুলিও বহু ধাৰাত (জীৱনমুক্তি) কোৱা হয়; আন কিছুমানত মৃত্যুৰ পাছতহে সম্ভৱ বুলি ধৰা হয়।

সংসাৰৰ পৰা মুক্তি

সংসাৰৰ (জন্ম-পুনৰ্জন্ম) ধাৰণা বিকশিত হোৱাৰ লগে লগে মোক্ষক বহু সময়ত “দুখ" বা "ক্লেশ" চক্ৰৰ অন্ত বুলি বৰ্ণনা কৰা হয়। অৰ্থাৎ পুনঃ জন্ম নোহোৱাকৈ “বন্ধন” শেষ হোৱা অৱস্থা।৭

জ্ঞানতাত্ত্বিক বা মনস্তাত্ত্বিক অৰ্থ: অজ্ঞানৰ পৰা মুক্তি

এই অৰ্থত মোক্ষ মানে আত্ম-সাক্ষাৎকাৰ বা স্ব-জ্ঞান, অবিদ্যা/ভ্ৰম/অধ্যাস আদিৰ পৰা মুক্তি, য’ত মানুহৰ চেতনা অধিক “অবাধ” হৈ উঠে। ই বহু বেদান্তীয় আৰু যোগ-ভিত্তিক ব্যাখ্যাত ব্যৱহৃত হয়।৮

সমাৰ্থক আৰু নিকট-ধাৰণা

কিছুমান গ্ৰন্থ আৰু ধাৰাত মোক্ষ, নিৰ্বাণ, কৈৱল্য আদি শব্দ একে ধৰণে ব্যৱহাৰ হোৱা দেখা যায়, কিন্তু বিভিন্ন ধৰ্ম আৰু দৰ্শন-পৰম্পৰাত ইয়াৰ সূক্ষ্ম অৰ্থভেদ থাকে।

উদাহৰণস্বৰূপে, বৌদ্ধধৰ্মত "নিৰ্বাণ" অধিক প্ৰচলিত, আৰু আত্ম (অত্তা/আত্মন) ধাৰণাৰ বিষয়ে বৌদ্ধ আৰু হিন্দু দৰ্শনৰ মূল ধাৰণা ভিন্ন।৯

তথ্যসূত্ৰ

  1. ↑ John Bowker, The Oxford Dictionary of World Religions, Oxford University Press, p. 650
  2. ↑ See: E. Deutsch; T. Chatterjee (2003); Jorge Ferrer, etc
  3. ↑ See: A. Sharma; Flood; Potter, etc
  4. ↑ Moksha — derived from the Sanskrit word muc ("to free"). Encyclopedia Britannica
  5. ↑ Moksha — derived from the Sanskrit word muc ("to free"). Encyclopedia Britannica
  6. ↑ M. Hiriyanna (2000), The essentials of Indian philosophy
  7. ↑ R.C. Mishra; Patrick Olivelle; etc
  8. ↑ E. Deutsch; Klaus Klostermaier; etc
  9. ↑ David Loy (1982); Jayatilleke; etc

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোক্ষ” প্ৰবন্ধৰ সংশোধন ৫৭৮৭০৩ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।