উৰাজাহাজ (aeroplane বা airplane) বা বিমান বায়ুতকৈ গধুৰ কিন্তু উৰিব পৰা এক প্ৰকাৰৰ আকাশীযান। যাত্ৰী আৰু সামগ্ৰী পৰিবহণ তথা যুদ্ধক্ষেত্ৰত উৰাজাহাজ ব্যৱহাৰ কৰা হয়। “উৰ” বা “উৰিব পৰা” আৰু “জাহাজ” শব্দ দুটাৰ সংমিশ্ৰণৰ দ্বাৰা “উৰাজাহাজ” শব্দটো উদ্ভৱ হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডাকে ধৰি বহু ঠাইত উৰাজাহাজক “এয়াৰপ্লেন” (airplane) বুলি কোৱা হয় আৰু ব্ৰিটেইনকে ধৰি কিছুমান ঠাইত “এৰোপ্লেন” (aeroplane) বুলি কোৱা হয়। ইংৰাজীত এই নামটো গ্ৰীক ভাষাৰ αέρας (aéras-) ("বায়ু" বা "বতাহ") আৰু গাণিতিক শব্দ plane (তল) শব্দ দুটাৰ পৰা আহৰণ কৰা হৈছে।১ উৰাজাহাজ জেট ইঞ্জিন, প্ৰপেলাৰ বা ৰকেট ইঞ্জিনৰ সহায়ত চলোৱা হয়। উৰাজাহাজৰ পাখি স্থিৰ কৰি তৈয়াৰ কৰা হয়। বিমানৰ আকাৰ, আকৃতি আৰু পাখিৰ বিন্যাস বিভিন্ন ধৰণৰ হোৱা দেখা যায়। বিমানৰ ব্যৱহাৰৰ বহল বৰ্ণালীৰ ভিতৰত বিনোদন, সামগ্ৰী আৰু মানুহৰ পৰিবহণ, সামৰিক বাহিনী আৰু গৱেষণা আদি অন্তৰ্ভুক্ত। বিশ্বজুৰি বাণিজ্যিক বিমান পৰিবহণে বছৰি চাৰি বিলিয়নতকৈ অধিক যাত্ৰীক বিমানেৰে পৰিবহণ কৰে২ আৰু বছৰি ২০০ বিলিয়ন টন-কিলোমিটাৰ৩তকৈ অধিক সামগ্ৰী পৰিবহণ কৰে, যিটো বিশ্বৰ সামগ্ৰী পৰিবহণৰ ১%তকৈও কম।৪ বেছিভাগ বিমান পাইলটে উৰুৱাই যদিও ড্ৰ’ন বিমানৰ দৰে কিছুমান বিমান দূৰৈৰ পৰা বা কম্পিউটাৰৰ দ্বাৰা নিয়ন্ত্ৰিত কৰিব পৰাকৈ নিৰ্মাণ কৰা হয়।
১৯০৩ চনৰ ১৭ ডিচেম্বৰ দিনা আমেৰিকাৰ অৰভিল আৰু উইলবাৰ ৰাইট নামৰ দুজন ভাতৃয়ে কিটিহক নামৰ ঠাইত প্ৰথম বাৰৰ বাবে এখন উৰা যান আকাশত নিয়ন্ত্ৰিতভাৱে উৰাইছিল৷৫৬ এই সফলতাৰ পাছতেই প্ৰথম বিশ্বযুদ্ধত ইয়াৰ অলপ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ প্ৰযুক্তিৰ দ্ৰুত বিকাশ ঘটে। দ্বিতীয় বিশ্বযুদ্ধত ইয়াৰ প্ৰয়োগ ব্যাপক হাৰত হৈছিল।
তথ্যসূত্ৰ
- ↑ "Aeroplane", "অক্সফৰ্ড ইংৰাজী অভিধান", "দ্বিতীয় সংস্কৰণ, ১৯৮৯।"
- ↑ (January 18, 2018). Global air traffic hits new record. Channel News Asia
- ↑ Measured in RTKs—an RTK is one tonne of revenue freight carried one kilometer
- ↑ Crabtree, Tom; Hoang, Tom; Tom, Russell. (2016). World Air Cargo Forecast: 2016–2017. Boeing Aircraft
- ↑ FAI News: 100 Years Ago, the Dream of Icarus Became Reality Archived January 13, 2011, at the Wayback Machine posted 17 December 2003. Retrieved: 5 January 2007
- ↑ airandspace.si.edu/exhibitions/wright-brothers/o
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰাজাহাজ” প্ৰবন্ধৰ সংশোধন ৪২৮৬১০ (১১ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।