অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পতিতাবৃত্তি

পতিতাবৃত্তি বা বেশ্যাবৃত্তি ( Prostitution) হৈছে ধনৰ বিনিময়ত যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ ব্যৱসায় বা কৰ্ম। "যৌন কাৰ্যকলাপ"ৰ সংজ্ঞা প্ৰতিটো ক্ষেত্ৰতে একে নহয়, আৰু প্ৰায়ে গ্ৰাহকৰ সৈতে প্ৰয়োজন হোৱা শাৰীৰিক সম্পৰ্ক (যেনে যৌন সম্ভোগ, অ-অনুপ্ৰবেশ যৌনক্ৰিয়া, মুখমৈথুন আদি) হিচাপে সংজ্ঞায়িত কৰা হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৮৩০ শব্দ · ৫ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

পতিতাবৃত্তি বা বেশ্যাবৃত্তি ( Prostitution) হৈছে ধনৰ বিনিময়ত যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ ব্যৱসায় বা কৰ্ম।১২ "যৌন কাৰ্যকলাপ"ৰ সংজ্ঞা প্ৰতিটো ক্ষেত্ৰতে একে নহয়, আৰু প্ৰায়ে গ্ৰাহকৰ সৈতে প্ৰয়োজন হোৱা শাৰীৰিক সম্পৰ্ক (যেনে যৌন সম্ভোগ, অ-অনুপ্ৰবেশ যৌনক্ৰিয়া, মুখমৈথুন আদি) হিচাপে সংজ্ঞায়িত কৰা হয়।৩ শাৰীৰিক সংস্পৰ্শৰ বাবে পতিতাবৃত্তিয়ে ৰোগ সংক্ৰমন কৰাৰ আশংকা সৃষ্টি কৰে। ইয়াক কেতিয়াবা যৌন সেৱা, বাণিজ্যিক যৌনতা বা কথিত ভাষাত হুকিং (hooking) বুলিও বৰ্ণনা কৰা হয়। ইয়াক কেতিয়াবা পৃথিৱীৰ "পৃথিৱীৰ আটাইতকৈ পুৰণি বৃত্তি" বুলি কোৱা হয়।৪ এই ক্ষেত্ৰখনত কাম কৰা ব্যক্তি এগৰাকীক পতিতা বুলি কোৱা হয় আৰু তেওঁ এক প্ৰকাৰৰ যৌন কৰ্মী।

পতিতাবৃত্তিৰ বিভিন্ন প্ৰকাৰ আছে আৰু ইয়াৰ আইনী স্থিতি দেশভেদে পৃথক হয়। (কেতিয়াবা এখন নিৰ্দিষ্ট দেশতে অঞ্চলভেদে ভিন্ন হয়। ) পৰ্ণগ্ৰাফী, ষ্ট্ৰিপিং, আৰু কামোদ্দীপক নৃত্যৰ দৰে ই যৌন উদ্যোগৰ এটা বিভাগ। পতিতালয়বোৰ বিশেষভাৱে পতিতাবৃত্তিৰ বাবে সমৰ্পিত প্ৰতিষ্ঠান। এছক'ৰ্ট পতিতাবৃত্তিত (escort prostitution) যৌনকাৰ্য গ্ৰাহকৰ বাসগৃহ বা হোটেলৰ কোঠাত (যাক আউট-কল বুলি কোৱা হয়); বা এছক'ৰ্টৰ বাসগৃহত বা এছক'ৰ্টৰ দ্বাৰা ভাড়াত লোৱা হোটেলৰ কোঠাত (ইন-কল) হ'ব পাৰে। এই বৃত্তিৰ আন এটা ৰূপ হ'ল পথ-পতিতাবৃত্তি (street prostitution)।

সমগ্ৰ বিশ্বতে প্ৰায় ৪২ নিযুত পতিতা আছে। অৱশ্যে মধ্য-এছিয়া, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ বেছিভাগ অংশৰ সম্পূৰ্ণ তথ্য পোৱা নাযায়, যদিও সেই বৃহৎ অঞ্চলৰ দেশবোৰে শীৰ্ষ যৌন পৰ্যটনৰ ক্ষেত্ৰত শীৰ্ষস্থান লাভ কৰিছে)।৫ বিশ্বজুৰি পতিতাবৃত্তিৰ দ্বাৰা উপাৰ্জন কৰা বাৰ্ষিক আয় ১০০ বিলিয়ন ডলাৰৰ অধিক বুলি ঠাৱৰ কৰা হৈছে।৬

অধিকসংখ্যক পতিতাই মহিলা আৰু তেওঁলোকৰ গ্ৰাহকবোৰ সাধাৰণতে পুৰুষ হয়।

পতিতাবৃত্তিৰ স্থিতি আৰু এই সংক্ৰান্তিয় আইন দেশ অনুসৰি বেলেগ বেলেগ হয়; যিয়ে ভিনভিন মতৰ প্ৰতিফলন কৰে। কিছুমানে পতিতাবৃত্তিক মহিলা,৭ আৰু শিশুৰ বিৰুদ্ধে শোষণ বা হিংসাৰ এক প্ৰকাৰ৮ আৰু যি মানৱ সৰবৰাহৰ কাৰ্য সংঘটিত হৈছে বুলি বিবেচনা কৰে।৯ প্ৰতিষ্ঠান বা উদ্যোগ হিচাপে পতিতাবৃত্তিৰ কিছুমান সমালোচক হৈছে "নৰ্দিক মডেল"ৰ সমৰ্থকসকল, যিয়ে যৌনতা ক্ৰয়-বিক্ৰয় কাৰ্যক অবৈধ বুলি গণ্য কৰে। কানাডা, আইচলেণ্ড, আয়াৰলেণ্ড, উত্তৰ আয়াৰলেণ্ড, নৰৱে, ফ্ৰান্স আৰু ছুইডেনেও এই দৃষ্টিভংগী গ্ৰহণ কৰিছে। আন কিছুমানে যৌন কাৰ্য্যক এক বৈধ বৃত্তি হিচাপে বিবেচনা কৰে, যাৰ দ্বাৰা এজন ব্যক্তিয়ে ধনৰ বিনিময়ত যৌন কাৰ্য্যৰ ব্যৱসায় কৰে বা বিনিময় কৰে। এমনেষ্টি ইণ্টাৰনেচনেল হৈছে পতিতাবৃত্তিৰ পৰা দণ্ড অপসাৰণৰ বাবে আহ্বান জনোৱা এটা উল্লেখযোগ্য প্ৰতিষ্ঠান।১০

লগতে চাওক

তথ্য উৎস

টোকাগ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Prostitution – Definition and More from the Free Merriam-Webster Dictionary. Merriam-Webster
  2. ↑ Prostitution Law & Legal Definition. US Legal
  3. ↑ What counts as prostitution?
  4. ↑ Forrest Wickman. (6 March 2012). Rush Limbaugh calls Sandra Fluke a "prostitute": Is prostitution really the world's oldest profession?. Slate Magazine
  5. ↑ Gus Lubin. (17 January 2012). There Are 42 Million Prostitutes In The World, And Here's Where They Live. Business Insider
  6. ↑ Prostitution Market Value
  7. ↑ Meghan Murphy. (12 December 2013). Prostitution by Any Other Name Is Still Exploitation. VICE
  8. ↑ Malika Saada Saar. (29 July 2015). The myth of child prostitution. CNN
  9. ↑ Carol Tan. (2 January 2014). Does legalized prostitution increase human trafficking?. Journalist's Resource
  10. ↑ Q&A: policy to protect the human rights of sex workers. Amnesty International. Retrieved 23 November 2017

সম্পৰ্কিত শ্ৰেণী

পতিতাবৃত্তিপেচামানৱ যৌনতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পতিতাবৃত্তি” প্ৰবন্ধৰ সংশোধন ৬৩৭৩২২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।