উষ্ণতা হৈছে কোনো বস্তু গৰম নে ঠাণ্ডা তাৰ এক তুলনামূলক জোখ। থাৰ্মমিটাৰৰ সহায়ত ইয়াক জোখা হয়। উষ্ণতা জোখাৰ বহুতো স্কেল আৰু একক আছে। তাৰে ভিতৰত চেলচিয়াছ(পোনপ্ৰথমে চেণ্টিগ্ৰেড হিচাপে জনা গৈছিল), ফাৰেণহাইট, আৰু বৈজ্ঞানিক কাম কাজত ব্যৱহৃত কেলভিন অন্যতম।
আটাইতকৈ ঠাণ্ডা উষ্ণতা হৈছে তাত্ত্বিকভাৱে পৰম শূন্যতা, য'ত অণু আৰু পৰমাণুসমূহৰ গতি একেবাৰে কম হৈ পৰে- ধ্ৰূপদীয় ভাৱে, এই অৱস্থাটো আচলতে একেবাৰে গতিশূন্য, কিন্তু কোৱাণ্টাম অনিশ্চয়তাৰ সূত্ৰ অনুসৰি জনা যায় যে এই অৱস্থাতো কণাসমূহৰ শূ্ন্য অৱস্থাৰ শক্তি কিছু থাকে। পৰম শূন্য উষ্ণতাক কেলভিন স্কেলত ০ কেলভিন, চেলচিয়াছ স্কেলত -২৭৩.১৫ ডিগ্ৰী চেলচিয়াছ আৰু ফাৰেনহাইট স্কেলত -৪৫৯.৬৭ ডিগ্ৰী ফাৰেণহাইট হিচাপে প্ৰকাশ কৰা হয়।
গতিবিজ্ঞানৰ সূত্ৰানুসৰি(kinetic theory) পৰম উষ্ণতা, পদাৰ্থটো গঠনকাৰী মৌলিক ক্ষুদ্ৰাতিক্ষুদ্ৰ কণাসমূহ যেনে-ইলেকট্ৰন, অণু, পৰমাণুৰ গতিৰ গড় গতিশক্তিৰ সমানুপাতিক।
উষ্ণতা জীৱনৰ বিভিন্ন ক্ষেত্ৰত দৰকাৰী হোৱাৰ লগতে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে পদাৰ্থ বিজ্ঞান, ৰসায়ন, ভূ-তত্ত্ব, জীৱবিজ্ঞান আদিত গুৰুত্বপূৰ্ণ।
উষ্ণতাৰ প্ৰভাৱ
পদাৰ্থৰ বহুতো প্ৰক্ৰিয়া উষ্ণতাৰ দ্বাৰা প্ৰভাৱান্বিত যেনে- ১) পদাৰ্থৰ ধৰ্ম যেনে দশা বা অৱস্থা (phase), ঘনত্ব, দ্ৰাব্যতা, বায়ুৰ চাপ, বিদ্যুৎ পৰিবাহিতা ২) ৰাসায়নিক প্ৰক্ৰিয়াৰ গতি আৰু ব্যাপ্তি ৩) কোনো পদাৰ্থই কিমান পৰিমাণে তাপীয় নিৰ্গমন কৰে ৪) শব্দৰ বেগ হৈছে পৰম উষ্ণতাৰ বৰ্গমূলৰ ফলন।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উষ্ণতা” প্ৰবন্ধৰ সংশোধন ৩৩২১৪০ (২ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।