অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ফেব্ৰুৱাৰী

ফেব্ৰুৱাৰী হৈছে গ্ৰেগ'ৰিয়ান আৰু জুলিয়ান পঞ্জিকা অনুসৰি বছৰৰ দ্বিতীয় মাহ। ই ইংৰাজী বছৰৰ সকলোতকৈ চুটি মাহ আৰু একমাত্ৰ মাহ যাৰ দিনৰ সংখ্যা ত্ৰিশতকৈ কম। অধিবৰ্ষত এই মাহত মুঠ ২৯ দিন আৰু অন্যান্য বছৰত ২৮ দিন থাকে।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৩ ৪২৫ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ফেব্ৰুৱাৰী হৈছে গ্ৰেগ'ৰিয়ান আৰু জুলিয়ান পঞ্জিকা অনুসৰি বছৰৰ দ্বিতীয় মাহ। ই ইংৰাজী বছৰৰ সকলোতকৈ চুটি মাহ আৰু একমাত্ৰ মাহ যাৰ দিনৰ সংখ্যা ত্ৰিশতকৈ কম। অধিবৰ্ষত এই মাহত মুঠ ২৯ দিন আৰু অন্যান্য বছৰত ২৮ দিন থাকে।

উত্তৰ গোলাৰ্ধত ফেব্ৰুৱাৰী হৈছে শীতৰ তৃতীয় মাহ আৰু দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মৰ তৃতীয় মাহ (উত্তৰ গোলাৰ্ধৰ আগষ্ট মাহৰ সমতুল্য)। সাধাৰণ বছৰত ফেব্ৰুৱাৰী, মাৰ্চ আৰু নৱেম্বৰ মাহৰ প্ৰথম তাৰিখত একেই বাৰ হয়। সেই সময়ত এই মাহ আৰু জানুৱাৰীৰ শেষ দিনত একে বাৰ হয়। অধিবৰ্ষত ফেব্ৰুৱাৰী আৰু আগষ্ট মাহ একে বাৰত আৰম্ভ হয়। এই মাহৰ এটি আমোদজনক দিশ হৈছে অধিবৰ্ষ হওক বা নহওক, ফেব্ৰুৱাৰী মাহৰ শেষ দিনত যি বাৰ হয়, অক্টোবৰ মাহৰ শেষ দিনতো সেই একেই বাৰ হয়।

ইতিহাস

ৰোমান পঞ্জিকাত ফেব্ৰুৱাৰীয়ে ফেব্ৰুৱাৰিয়াছ নামেৰে ঠাই পাইছিল। এই ফেব্ৰুৱাৰিয়াছ শব্দটোৰ উৎপত্তি লেটিন শব্দ ফেব্ৰুৱামৰ পৰা হৈছিল, যাৰ অৰ্থ বিশুদ্ধতা। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ দুটি ৰোমান বৰ্ষপঞ্জিত একেবাৰে শেষত যুক্ত হৈছিল। জনা যায় ৭১৩ খ্ৰীষ্ট পূৰ্ৱত নিউমা পম্পিলিয়াছে এই মাহ দুটা যুক্ত কৰিছিল। সেই সময়ত ফেব্ৰুৱাৰী আছিল বছৰৰ শেষ মাহ। পৰৱৰ্তী কালত ডেছিমভাৰ্ছৰ সময়ত (প্ৰায় ৪৫০ খ্ৰী.পূ.) ইয়াক বছৰৰ দ্বিতীয় মাহ কৰা হয় আৰু আজি পৰ্যন্ত এই মাহটো সেই স্থানতেই আছে। আৰম্ভণিৰে পৰা ফেব্ৰুৱাৰীৰ দিন সংখ্যাৰ নানা পৰিবৰ্তন হৈছে। কেতিয়াবা ইয়াৰ দিন-সংখ্যা ধৰা হৈছিল ২৩ দিন, কেতিয়াবা ২৪ দিন আকৌ কেতিয়াবা ২৭ দিন। শেষত জুলিয়ান পঞ্জিকাৰ সংশোধনী কৰা হয় আৰু নিয়মিতভাৱে অধিবৰ্ষ গণনা আৰম্ভ হয় তেতিয়া ফেব্ৰুৱাৰীয়ে তাৰ পৰিচিত ২৮ দিনৰ ৰূপটো লাভ কৰে।

ঐতিহাসিক নামাৱলী

  • প্ৰাচীন ইংৰাজীতে ফেব্ৰুৱাৰীক ছোলমোনাথ (কাদাৰ মাহ) বা কেলমোনাথ (বাধা-নিষেধৰ মাহ) বোলা হৈছিল।
  • ফিনিছ ভাষাত এই মাহক হেলমিকু বা মুক্তাৰ মাহ বোলা হয়। শীতৰ দেশত এই মাহত বৰফ গলি পাতত বিন্দু বিন্দু নিয়ৰ সৰে। ৰাতিৰ বেলা এই নিয়ৰ যেতিয়া ঠাণ্ডাত গোট মাৰে, তেতিয়া সি দেখিবলৈ মুক্তাৰ দৰে লাগে, এই বাবেই এই নাম।
  • প'লিছ ভাষাত এই মাহৰ নাম আছিল লোটি বা বৰফৰ মাহ।
  • মেকডুনিয়ানত ফেব্ৰুৱাৰীক ছেচকো বা কাঠ কটাৰ মাহ বোলে।
  • ক্ৰোয়েছিয়াত এই মাহকে ভেলজাকা বোলা হয়। এই শব্দটোৰ অৰ্থ জনা নাযায়। সম্ভবতঃ ই বৃদ্ধিৰ পৰা উদ্ভূত। সেই ক্ষেত্ৰত ব্যাখ্যা কৰিলে, প্ৰতি ৪ বছৰৰ অন্তত ফেব্ৰুৱাৰীৰ দিন-সংখ্যা এক বাঢ়ি যায় বাবে হয়তো ইয়াক ভেলজেকা বোলা হয়।

বিশেষ দিৱসসমূহ

  • অন্ধকাৰ ইতিহাসৰ মাহ: (আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা)
  • জাতীয় পাখি-খাদ্যদান মাহ: (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  • স্বাধীনতা দিবস (শ্ৰীলঙ্কা): ৪ ফেব্ৰুৱাৰী
  • আব্ৰাহাম লিংকনৰ জন্মদিন: ১২ ফেব্ৰুৱাৰী
  • ভেলেণ্টাইন দে (দিৱস): ১৪ ফেব্ৰুৱাৰী
  • পতাকা দিৱস: (কানাডা): ১৫ ফেব্ৰুৱাৰী
  • আন্তৰ্জাতিক মাতৃভাষা দিবস: ২১ ফেব্ৰুৱাৰী
  • স্বাধীনতা দিৱস (ছেণ্ট লুছিয়া): ২২ ফেব্ৰুৱাৰী
  • জৰ্জ ৱাচিংটনৰ জন্মদিন: ২২ ফেব্ৰুৱাৰী
  • স্বাধীনতা দিৱস (এষ্টোনিয়া): ২৪ ফেব্ৰুৱাৰী
  • পতাকা দিৱস (মেক্সিকো): ২৪ ফেব্ৰুৱাৰী
  • বিজয় দিৱস (কুয়েট): ২৬ ফেব্ৰুৱাৰী
  • পৰিয়াল দিৱস (কানাডা): তৃতীয় সোমবাৰ
  • বিশ্ব পৰিণয় দিৱস: দ্বিতীয় ৰবিবাৰ

প্ৰতীকসমূহ

  • এই মাহৰ জন্মফুল হৈছে ভায়োলা বা ভায়োলেট।১
  • এই মাহৰ জন্মপাথৰ হৈছে আমেথিষ্ট। এই পাথৰটোক দয়া, মনুষ্যত্ব, জ্ঞান আৰু কৰ্তব্যবোধৰ প্ৰতীক বুলি বিবেচনা কৰা হয়।২

তথ্যসূত্ৰ

  1. ↑ www.babiesonline.com/flowersbirthmonth
  2. ↑ www.americangemsociety.org/february-birthstones

সম্পৰ্কিত শ্ৰেণী

ফেব্ৰুৱাৰীইংৰাজী মাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৯৬৮৫৪ (১২ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।