অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ৱিকিপিডিয়াত বিজ্ঞানৰ তথ্য

ৱিকিপিডিয়াত বিজ্ঞানৰ তথ্য (Science information on Wikipedia) বুলিলে সাধাৰণতে ৱিকিপিডিয়াই বিজ্ঞান সমন্ধীয় যিসমূহ তথ্যৰ যোগান ধৰে সেইসমূহকে বুজোৱা হয়। এই তথ্যবোৰৰ প্ৰভাৱ আৰু গুণগতমান সম্পৰ্কে প্ৰায়ে আলোচনা হোৱা দেখা যায়।

হালনাগাদ: ৮ মে’ ২০২৫ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৱিকিপিডিয়াত বিজ্ঞানৰ তথ্য (Science information on Wikipedia) বুলিলে সাধাৰণতে ৱিকিপিডিয়াই বিজ্ঞান সমন্ধীয় যিসমূহ তথ্যৰ যোগান ধৰে সেইসমূহকে বুজোৱা হয়। এই তথ্যবোৰৰ প্ৰভাৱ আৰু গুণগতমান সম্পৰ্কে প্ৰায়ে আলোচনা হোৱা দেখা যায়।

প্ৰভাৱ

২০১৬ চনৰ এক সমীক্ষামতে ৱিকিপিডিয়াই অপেন এক্সেস ছায়েন্স পাব্লিকেশ্যনৰ বিতৰণ আৰু প্ৰভাৱ বৃদ্ধি কৰে।১২০১৭ চনৰ এক অধ্যয়নমতে তথ্যৰ উৎস হিচাপে ৱিকিপিডিয়াৰ জনপ্ৰিয়তাই জনসাধাৰণৰ বিজ্ঞানৰ বিষয়ে আলোচনা কৰা বা লেখা-মেলাটো প্ৰভাৱ পেলাইছে।২৩। ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ ২০১৭ চনৰ এক তথ্যমতে তথ্যৰ উৎসৰূপে ৱিকিপিডিয়াৰ এই জনপ্ৰিয়তাৰ মূল কাৰণ হৈছে ছাৰ্চ ইঞ্জিনসমূহত ৱিকিপিডিয়াৰ শীৰ্ষ ৰেংকিং।৪ ২০১৮ চনৰ এক গৱেষণাই ৱিকিপিডিয়াই কেনেকৈ নতুন বৈজ্ঞানিক তথ্যৰ একত্ৰীকৰণ কৰে তাৰ পৰীক্ষা কৰে।৫

২০১৬ চনত ৱিকি এডুকেশ্যন ফাউণ্ডেশ্যন আৰু ছাইমন্স ফাউণ্ডেশ্যনে বিজ্ঞানৰ বৰ্ষ নামৰ এক কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত ৱিকিপিডিয়াৰ এডুকেটৰ্‌চসকলে বিদ্যায়তনিক আলোচনাচক্ৰ কিছুমান অনুষ্ঠিত কৰে আৰু বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞানীসকলক আমন্ত্ৰিত কৰি ৱিকিপিডিয়াত অৱদান আগবঢ়াবলৈ অনুৰোধ কৰে।৬ বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষণ-প্ৰশিক্ষণৰ অংশৰূপে ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ কাৰ্যসূচী অনুষ্ঠিত কৰে।৭

তথ্যসূত্ৰ

  1. ↑ Teplitskiy, Misha; Lu, Grace; Duede, Eamon. (September 2017). Amplifying the impact of open access: Wikipedia and the diffusion of science. Journal of the Association for Information Science and Technology. পৃ. 2116–2127
  2. ↑ Thompson, Neil; Hanley, Douglas. (19 September 2017). Science Is Shaped by Wikipedia: Evidence from a Randomized Control Trial. Social Science Research Network
  3. ↑ Zastrow, Mark. (26 September 2017). Wikipedia shapes language in science papers. Nature. Nature Publishing Group
  4. ↑ Natural Sciences Sector. (9 May 2017). The UNESCO Science Report finds a new public on Wikipedia. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা. ৰাষ্ট্ৰসংঘ
  5. ↑ Benjakob, Omer; Aviram, Rona. (17 April 2018). A Clockwork Wikipedia: From a Broad Perspective to a Case Study. Journal of Biological Rhythms. পৃ. 233–244
  6. ↑ Simons Foundation. (1 March 2017). Mind the Gaps: Improving the Science on Wikipedia. Simons Foundation
  7. ↑ Neal, Meghan. (11 February 2016). Science Students Are Writing Wikipedia Articles Instead of Term Papers. Motherboard

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিপিডিয়াত বিজ্ঞানৰ তথ্য” প্ৰবন্ধৰ সংশোধন ৫০৬৯৪৮ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।