
লেকলাংকি কোষ (ইংৰাজী ভাষা: The Leclanché cell) হ'ল এবিধ বিদ্যুত কোষ। ১৮৬৬ চনত ফৰাচী বিজ্ঞানী জৰ্জ লেকলাংকিয়ে (ইংৰাজী ভাষা: Georges Leclanché) এই কোষ আৱিস্কাৰ কৰিছিল। এই কোষত কেথ’ড হিচাপে এডাল কাৰ্বনৰ দণ্ড, এন’ড হিচাপে এডাল জিংকৰ দণ্ড আৰু বিদ্যুত-বিশ্লেষ্য হিচাপে এম’নিয়াম ক্লৰাইড (NH4Cl) ব্যৱহাৰ কৰা হয়। এই কোষৰ বিদ্যুত চালক বল ১.৪ V (ভল্ট)।১
তথ্যসূত্ৰ
- ↑ The Boy Electrician by J.W. Simms M.I.E.E. (Page 61)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেকলাংকি কোষ” প্ৰবন্ধৰ সংশোধন ১৬৭১৬৭ (১৬ মাৰ্চ ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।