জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আইজাক নিউটন
ছাৰ আইজাক নিউটন (২৫ ডিচেম্বৰ ১৬৪২ – ২০ মাৰ্চ ১৭২৬/২৭) আছিল এগৰাকী ইংৰাজ বহুবিশাৰদ ( Polymath), আৰু তেখেত এগৰাকী গণিতজ্ঞ, পদাৰ্থবিদ, জ্যোতিৰ্বিজ্ঞানী, অপৰসায়নবিদ (alchemist), ধৰ্মতাত্ত্বিক, আৰু লেখক হিচাপে অৱদান আগবঢ়াই গৈছে।
-
ইভা আচাও
ইভা আচাও এগৰাকী অসমীয়া অভিনেত্ৰী। তেখেতে পঞ্চাশ-ষাঠিৰ দশকত কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল।
-
ঋতুপৰ্ণ ঘোষ
ঋতুপৰ্ণ ঘোষ (Rituparno Ghosh; ৩১ আগষ্ট ১৯৬৩ – ৩০ মে' ২০১৩) আছিল ভাৰতৰ এক চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ। ঋতুপূৰ্ণ ঘোষৰ জন্ম হয় ৩১ আগষ্ট ১৯৬৩ চনত কলকাতাত। ১২খন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে বহুত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ অৰ্জন কৰা ঋতুপৰ্ণ ঘোষৰ জীৱন ইমান সহজ নাছিল।
-
কস্তুৰবা গান্ধী
কস্তুৰবা গান্ধী ( Kasturba Gandhi) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আছিল৷ তেওঁৰ জন্ম হৈছিল, ১৮৬৯ চনত৷ তেওঁ মহাত্মা গান্ধীৰ পত্নী আছিল৷ কস্তুৰবাৰ স্মৃতিত তেওঁৰ জন্মদিনত ভাৰতত প্ৰতিবছৰে ১১ এপ্ৰিলৰ দিনা “মাতৃত্ব সুৰক্ষা দিৱস’’ পালন কৰা হয়৷
-
গুৰু দত্ত
বসন্ত কুমাৰ শিৱশংকৰ পাডুকন (Vasanth Kumar Shivashankar Padukone, ৯ জুলাই ১৯২৫ – ১০ অক্টোবৰ ১৯৬৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা, নৃত্য পৰিচালক, আৰু লেখক আছিল। তেওঁ গুৰু দত্ত নামেৰে অধিক পৰিচিত। ২০১২ চনত তেওঁক চিএনএনৰ "টপ ২৫ এছিয়ান অভিনেতা"ৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
চাণক্য
চাণক্য (Chanakya, খ্ৰীষ্টপূৰ্ব ৩৭০-২৮৩) প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু (শিক্ষক), দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা আছিল। তেওঁক কৌটিল্য অথবা চাণক্য নামেৰেও অভিহিত কৰা হয় যদিও বিষ্ণু গুপ্ত তেওঁৰ পিতৃ প্ৰদত্ত নাম আছিল।
-
চাৰ্লছ ডাৰউইন
চাৰ্ল্ছ ৰবাৰ্ট ডাৰৱিন (Charles Darwin; ১২ ফেব্ৰুয়াৰী ১৮০৯ – ১৯ এপ্ৰিল ১৮৮২) আছিল এগৰাকী ইংৰাজ প্ৰকৃতিবিদ আৰু উদ্ভিদ বিজ্ঞানী। তেখেতে নিজৰ আৱিষ্কাৰৰ যোগেদি সেই সময়ৰ বহু যুক্তিহীন ধ্যান-ধাৰণা আঁতৰাবলৈ সক্ষম হৈছিল।
-
জাকিৰ হুছেইন (ৰাজনীতিবিদ)
জাকিৰ হুছেইন (Zakir Hussain; ১৯৯৭-১৯৬৯) এজন শিক্ষাব্ৰতী পণ্ডিত, ৰাজনীতিবিদ, দাৰ্শনিক, গান্ধীবাদী পুৰুষ তথা ভাৰত গণৰাজ্যৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰথম নাগৰিকৰ সন্মান পোৱা মুছলমান সম্প্ৰদায়ৰ ভিতৰত তেওঁ প্ৰথম আছিল।
-
দীপা মেহতা
দীপা মেহতা (Deepa Mehta; জন্ম: ১ জানুৱাৰী ১৯৫০) হৈছে এগৰাকী ভাৰতীয় মূলৰ ছবি পৰিচালক। বৰ্তমান কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰা দীপা মেহতা এগৰাকী চিত্ৰনাট্যকাৰ আৰু প্ৰযোজকো। তেখেতে সৰ্বাধিক পৰিচিতি লাভ কৰে 'উপাদান ত্ৰয়ী' বা 'Elements Trilogy'ৰ নিৰ্মাণৰ বাবে।
-
দীপিকা পাডুকন
দীপিকা পাডুকন বা দীপিকা পাডুকনি (Deepika Padukone; জন্ম: ৫ জানুৱাৰী, ১৯৮৬) হ'ল এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক, যি হিন্দী চিনেমাত কাম কৰে। তেওঁ ভাৰতৰ এগৰাকী অন্যতম সৰ্বোচ্চ পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেত্ৰী। শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত তেওঁ তিনিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
বিনোৱা ভাৱে
বিনায়ক নৰহৰি "বিনোৱা" ভাবে (विनायक नरहरी भावे); (Archarya Vinoba Bhave) (১৮৯৫-১৯৮২) ভাৰতৰ এজন স্বাধীনতা সংগ্ৰামী, আৰু অহিংসা আৰু মানৱ অধিকাৰ কৰ্মী আছিল। ভূদান আন্দোলনৰ বাবে জনাজাত ভাবেক 'আচাৰ্য' বুলি মতা হৈছিল।
-
মঞ্জু বৰা
মঞ্জু বৰা (Manju Borah)অসমৰ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালক আৰু গল্পকাৰ। তেওঁ উৎকৃষ্ট চলচ্চিত্ৰ পৰিচালনাৰ বাবে ইতিমধ্যে ভালেসংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
-
মলয়া গোস্বামী
মলয়া গোস্বামী (Moloya Goswami) অসম, ভাৰতৰ এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী, নাট্যাভিনেত্ৰী, টেলিভিছনৰ অভিনেত্ৰী আৰু অধ্যাপক৷ ১৯৮৫ চনত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ 'অগ্নিস্নান'ৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলোৱা গোস্বামীয়ে পৰৱৰ্তী সময়ত ফিৰিঙতিৰ (১৯৯২) জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ…
-
মহাশ্বেতা দেৱী
মহাশ্বেতা দেৱী (Mahasweta Devi; জন্ম ১৪ জানুৱাৰী, ১৯২৬) এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী। তেওঁ জ্ঞানপীঠ বঁটা তথা পদ্মবিভূষণ উপাধিৰে সন্মানিত। শেহতীয়াকৈ ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে অসম সাহিত্য সভাই তেওঁক মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰে।
-
মিত্ৰদেৱ মহন্ত
মিত্ৰদেৱ মহন্ত (Mitradev Mahanta), সম্পূৰ্ণ নাম মিত্ৰদেৱ মহন্ত অধিকাৰী অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা। তেখেতে কেইবাখনো গ্ৰন্থ, শিশু সাহিত্য পুথি আৰু নাট ৰচনা কৰি থৈ গৈছে। ১৯৬১ চনত অভিনয়ৰ বাবে তেওঁ সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিল।
-
মীৰা নায়াৰ
মীৰা নায়াৰ (জন্ম ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী ভাৰতীয় আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ প্ৰডাক্টচন কোম্পানী মীৰাবাঈ ফিল্মছ আন্তৰাষ্ট্ৰীয় দৰ্শকক ভাৰতীয় সমাজৰ প্ৰকৃত পৰিচয় দাঙি ধৰাৰ বাবে বিখ্যাত। তেওঁৰ বোলছবি সমূহত ভাৰতীয় সমাজৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক বৈশিষ্ট্যবোৰ প্ৰকাশ পায়।
-
য়শ ৰাজ ফিল্মছ
য়শ ৰাজ ফিল্মছ হৈছে য়শ চোপ্ৰাৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতৰ এটা মনোৰঞ্জক কোম্পানী। য়শ চোপ্ৰাৰ পুত্ৰ আদিত্য চোপ্ৰাইও এই বেনাৰৰ অধীনত বোলছবি প্ৰযোজনা কৰে।
-
লক্ষ্যধৰ চৌধুৰী
লক্ষ্যধৰ চৌধুৰী (Lakshyadhar Choudhury; জ. ১৪ অক্টোবৰ, ১৯১৪ চন, উত্তৰ গুৱাহাটী, অসম – মৃ. ১৮ আগষ্ট, ২০০০ চন) আছিল অসমৰ এগৰাকী অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ। কৰাৰ উপৰিও অসম নাট্য সন্মিলনৰো নলবাৰী অধিবেশনৰ সভাপতিত্ব কৰিছিল।
-
শচীন তেণ্ডুলকাৰ
শচীন ৰমেশ তেণ্ডুলকাৰ (Sachin Ramesh Tendulkar; জন্ম: ২৪ এপ্ৰিল ১৯৭৩) স্ব প্ৰজন্মৰ শ্ৰেষ্ঠ বুলি বিগণিত এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। ১১ বছৰ বয়সত ক্ৰিকেট আৰম্ভ কৰা টেণ্ডুলকাৰে প্ৰথম টেষ্ট ক্ৰিকেট খেলে ১৬ বছৰ বয়সত পাকিস্তানৰ জাতীয় দলৰ বিপৰীতে।
-
শশী কাপুৰ
শশী কাপুৰৰ ১৯৩৮ চনৰ ১৮ মাৰ্চত জন্ম হয়। জন্মৰ সময়ত তেখেতৰ নাম আছিল বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ। শশী কাপুৰ ভাৰতৰ চলচ্চিত্ৰ সাম্ৰাজ্য বলিউদৰ বিখ্যাত কাপুৰ পৰিয়ালৰ এগৰাকী সদস্য। তেখেত এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক আৰু দাদা চাহেব বঁটা বিজেতা।
-
শ্যাম বেনেগাল
শ্যাম বেনেগাল (Shyam Benegal; জন্ম: ১৪ ডিচেম্বৰ ১৯৩৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁক সমান্তৰাল চলচ্চিত্ৰৰ এজন অন্যতম পথ প্ৰদৰ্শক আৰু ১৯৭০-ৰ দশকৰ পৰৱৰ্তী কালৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে বহুলভাৱে গণ্য কৰা হয়।
-
সৌৰভ কুমাৰ চলিহা
সৌৰভ কুমাৰ চলিহা (Saurabh Kumar Chaliha) অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম। আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ নাথ মেধি।
-
হেম বৰুৱা
হেম বৰুৱা (Hem Barua; ১৯১৫ - ১৯৭৭) অসমৰ এজন প্ৰসিদ্ধ কবি, সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত কবিতা, ভ্ৰমণ কাহিনী, আলোচনা গ্ৰন্থ আদি ৰচনা কৰিছে। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ মুঠ ৩৫খন গ্ৰন্থ ৰচনা কৰিছিল। মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য।
-
ৰাণী মুখাৰ্জী
ৰাণী মুখাৰ্জী ( Rani Mukerji; জন্ম ২১ মাৰ্চ ১৯৭৮) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। উচ্চ প্ৰশংসিত এইগৰাকী অভিনেত্ৰীয়ে সাতটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা-বাহন লাভ কৰিছে।
-
ৰীতা চৌধুৰী
ড॰ ৰীতা চৌধুৰী (জন্ম: ১৭ আগষ্ট, ১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। মাকাম, দেওলাংখুই, পপীয়া তৰাৰ সাধু, মায়াবৃত্ত ইত্যাদি তেওঁৰ উল্লেখযোগ্য সাহিত্যিক অৱদান।
-
অইল ইণ্ডিয়া লিমিটেড
অইল ইণ্ডিয়া লিমিটেড ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ চৰকাৰী মালিকানাধীন হাইড্ৰ'কাৰ্বন অন্বেষণ আৰু উৎপাদন নিগম। ই ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ মালিকানাধীন আৰু ইয়াৰ ক্ষেত্ৰ নিয়ন্ত্ৰণৰ মুখ্য কাৰ্যালয় অসমৰ ডিব্ৰুগড় জিলাৰ দুলিয়াজানত অৱস্থিত।
-
অলকা য়াগনিক
অলকা য়াগনিক (Alka Yagnik; জন্ম: ২০ মাৰ্চ ১৯৬৬) এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তাই তিনি দশকৰ বেছি সময় ধৰি ভাৰতীয় চলচ্চিত্ৰৰ বিখ্যাত গায়িকা। মহিলা নেপথ্য গায়িকাৰ বিভাগত তাই একমাত্ৰ মনোনীত প্ৰাৰ্থী হোৱাৰ সুনাম অৰ্জন কৰিছে, ১৯৯৪ চনত তাইৰ তিনিটা একক মনোনয় আছিল আৰু চতুৰ্থটো ইলা অৰুণৰ লগত আছিল।
-
আন্না হাজাৰে
আন্না হাজাৰে (Anna Hazare; জন্ম: ১৫ জুন, ১৯৪০) হ'ল ভাৰতৰ সমাজ সংস্কাৰক। তেওঁৰ প্ৰকৃত নাম কিচান বাবুৰাও হাজাৰে (Kisan Baburao Hazare)। তেওঁ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰ জিলাৰ ৰালেগন সিদ্ধি গাঁৱৰ উন্নয়ন কাৰ্যসূচীৰ কাৰণে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
ইৰফান খান
ইৰফান খান (Irrfan Khan; ৭ জানুৱাৰী ১৯৬৭ – ২৯ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে ব্ৰিটিছ আৰু হলিউডৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ প্ৰায় তিনি দশকজুৰি চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ আছিল। প্ৰায় ৫০খন ভাৰতীয় ছবিত তেওঁ অভিনয় কৰিছে।
-
উত্তম কুমাৰ
উত্তম কুমাৰ (Uttam Kumar; জন্ম: অৰুণ কুমাৰ চাট্টোপাধ্যায়; ৩ ছেপ্টেম্বৰ ১৯২৬ – ২৪ জুলাই ১৯৮০) এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, সুৰকাৰ আৰু গায়ক আছিল, যিয়ে মূলতঃ বঙালী চলচ্চিত্ৰত কাম কৰিছিল। বহুলভাৱে তেওঁ মহানায়ক নামেৰে পৰিচিত।