দীপা মেহতা (Deepa Mehta; জন্ম: ১ জানুৱাৰী ১৯৫০) হৈছে এগৰাকী ভাৰতীয় মূলৰ ছবি পৰিচালক। বৰ্তমান কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰা দীপা মেহতা এগৰাকী চিত্ৰনাট্যকাৰ আৰু প্ৰযোজকো। তেখেতে সৰ্বাধিক পৰিচিতি লাভ কৰে 'উপাদান ত্ৰয়ী' বা 'Elements Trilogy'ৰ নিৰ্মাণৰ বাবে। চলচ্চিত্ৰৰ এই ত্ৰয়ীত আছে 'ফায়াৰ' (১৯৯৬), 'আৰ্থ' (১৯৯৮) আৰু 'ৱাটাৰ' (২০০৫)। 'আৰ্থ' নামৰ ছবিখনক অস্কাৰ বঁটাৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ শিতানত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰী হিচাপে প্ৰেৰণ কৰা হৈছিল। আনহাতে ২০০৫ চনত নিৰ্মিত 'ৱাটাৰ'ক প্ৰেৰণ কৰা হৈছিল কানাডাৰ ফালৰ পৰা। কানাডাৰ পৰা প্ৰেৰণ কৰা এইখন আছিল তৃতীয়খন অ-ফৰাচী কানাডীয় ছবি। ১৯৯৬ চনত দীপা মেহতাই স্বামী তথা প্ৰযোজক ডেভিড হেমিল্টনৰ লগ লাগি 'হেমিল্টন-মেহতা প্ৰডাকচন' প্ৰতিষ্ঠা কৰে। ২০০৩ চনত 'বলিউড/হলিউড' ছবিৰ চিত্ৰনাট্যৰ বাবে দীপা মেহতাই জিনি বঁটা লাভ কৰে।১ ২০১২ চনৰ মে' মাহত দীপা মেহতাই জীৱনজোৰা কলাত্মক স্বীকৃতি স্বৰূপে কানাডাৰ পৰিৱেশ্য কলা শাখাৰ সৰ্বাধিক সন্মানীয় বঁটা 'গৱৰ্ণৰ জেনেৰেল পাৰফৰ্মিং আৰ্টছ এৱাৰ্ড' বঁটা লাভ কৰে।২
প্ৰাৰম্ভিক জীৱন
দীপা মেহতাৰ জন্ম হৈছিল পঞ্জাবৰ অমৃতসৰত।৩ অৱশ্যে শৈশৱৰ অৱস্থাতেই তেওঁলোকৰ পৰিয়ালটো নতুন দিল্লীলৈ স্থানান্তৰিত হয় আৰু পিতৃয়ে ছবি বিতৰক হিচাপে কাম কৰে। আনহাতে দীপা মেহতাই হিমালয়ৰ পাদভূমিত থকা দেৰাডুনৰ ৱেলহেম গাৰ্লছ হাইস্কুল নামৰ বৰ্ডিং স্কুলখনত অধ্যয়ন কৰে।৪ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লেডী শ্ৰী ৰাম কলেজ ফ'ৰ ৱমেনৰ পৰা দীপা মেহতাই পৰৱৰ্তী সময়ত দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰে।৫
কৰ্মজীৱন
স্নাতক ডিগ্ৰী অৰ্জন কৰি উঠি দীপা মেহতাই এটা প্ৰযোজনা গোষ্ঠীৰ লগত সংযুক্ত হয়। এই কোম্পানীটোৱে ভাৰত চৰকাৰৰ বাবে তথ্যচিত্ৰ আৰু শিক্ষামূলক ছবি নিৰ্মাণ কৰিছিল।৬ দীপা মেহতাই শিশু কন্যাৰ কৰ্মজীৱনক আধাৰ হিচাপে লৈ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।৬ সেইখিনি সময়তে তেখেতে এগৰাকী কানাডীয়ান তথ্যচিত্ৰ নিৰ্মাতা প'ল ছল্টজমেনক লগ পায় আৰু তেখেতৰ লগতে বিবাহ-পাশত আবদ্ধ হয়। ১৯৭৩ চনত স্বামীৰ সৈতে দীপা মেহতা টৰণ্টোলৈ যায়।৭
১৯৯১ চনত দীপা মেহতাই প্ৰথমখন কাহিনী-চিত্ৰৰ পৰিচালনা কৰে। ছবিখনৰ নাম আছিল 'Sam & Me' আৰু অভিনয়ত আছিল ওম পুৰী। ছবিখনৰ বাজেট আছিল ১১ মিলিয়ন ডলাৰ। কানাডাত মহিলাৰ দ্বাৰা পৰিচালিত হোৱা ছবিৰ ভিতৰত দীপা মেহতাৰ এই ছবিখনেই আছিল সৰ্বাধিক বাজেটৰ।৭
দীপা মেহতা সমধিক পৰিচিত হৈছে তেখেতৰ উপাদান-ত্ৰয়ীৰ বাবে। তেখেতে ১৯৯৬ চনত নিৰ্মাণ কৰে 'ফায়াৰ' নামৰ ছবিখন। তাৰ ঠিক দুবছৰৰ পিছত নিৰ্মিত হয় 'আৰ্থ' আৰু ২০০৫ চনত নিৰ্মিত হয় 'ৱাটাৰ'। তিনিওখন ছবিৰ বাবে দীপা মেহতা সমালোচকৰ দ্বাৰা প্ৰশংসিত হয়।৮ ছবিসমূহত ভাৰতৰ বহু উচ্চশ্ৰেণীৰ তাৰকাই অভিনয় কৰে। তাৰে ভিতৰত আমিৰ খান, সীমা বিশ্বাস, শাবানা আজমী, খুলভূষণ খাৰবান্দা, জন আব্ৰাহম অন্যতম। আটাইকেইখন ছবিৰ বাবে সংগীত সজাইছিল এ আৰ ৰহমানে।
ছলমান ৰুশ্বডিৰ বিশ্ববিখ্যাত গ্ৰন্থ 'মিডনাইটছ ছিলড্ৰেন'ৰ চিনেমাৰ ৰূপান্তৰণৰ কাৰ্যত দীপা মেহতাই এগৰাকী চিত্ৰনাট্যকাৰ হিচাপে সহযোগিতা আগবঢ়াইছিল।৯১০১১ ভাৰতীয় আমেৰিকান অভিনেতা সত্য ভাবাই ছবিখনৰ ছালীম ছিনাইৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।১২ আনহাতে বাকীবোৰ চৰিত্ৰত শ্ৰীয়া চৰণ, সীমা বিশ্বাস, শাবানা আজমী, অনুপম খেৰ, সিদ্ধাৰ্থ নাৰায়ণ, ৰাহুল বসু, চোহা আলী খান,১৩ শ্বাহানা গোস্বামী১৪ আৰু দৰ্শিল ছাফাৰীয়ে অভিনয় কৰে।১৫ ২০১২ চনৰ ৯ ছেপ্টেম্বৰত ছবিখনে টৰণ্টো আন্তৰ্জাতিক ছবি মহোৎসৱত মুক্তি লাভ কৰে আৰু১৬ কানাডীয়ান স্ক্ৰীন এৱাৰ্ডছৰ আঠটা ভিন্ন শিতানৰ বাবে মনোনয়ন লাভ কৰে। তাৰে মাজত শ্ৰেষ্ঠ ছবিৰ শিতানটোও আছিল।৭
তথ্যসূত্ৰ
- ↑ Deepa Metha. Canadian Encyclopedia
- ↑ Deepa Mehta biography. Governor General's Performing Arts Awards Foundation
- ↑ The Canadian Encyclopedia bio
- ↑ Welham Girls' School. doonschools.com
- ↑ Beard. p 270
- ↑ Deepa Mehta – Celebrating Women's Achievements
- ↑ Deepa Mehta
- ↑ Catsoulis, Jeannette. (28 April 2006). Movie Review: Water (2005): NYT Critics' Pick. New York Times
- ↑ Rushdie visits Mumbai for 'Midnight's Children' film. Movies.indiatimes.com
- ↑ Subhash K Jha. (13 January 2010). I'm a film buff: Rushdie. The Times of India
- ↑ Mendes, Ana Cristina; Kuortti, Joel. (21 December 2016). Padma or No Padma: Audience in the Adaptations of Midnight's Children. The Journal of Commonwealth Literature. পৃ. 501–518
- ↑ (21 August 2010). Deepa finds Midnight's Children lead. Times of India
- ↑ Dreaming of Midnight's Children
- ↑ Irrfan moves from Mira Nair to Deepa Mehta
- ↑ Jha, Subhash K. (31 March 2011). Darsheel Safary Darsheel Safary in Midnight's Children. Times of India
- ↑ Nolen, Stephanie. (15 May 2011). Mehta at midnight. Globe and Mail
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপা মেহতা” প্ৰবন্ধৰ সংশোধন ৬০৪১৫৮ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।