ড॰ ৰীতা চৌধুৰী (জন্ম: ১৭ আগষ্ট, ১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক।১২ মাকাম, দেওলাংখুই, পপীয়া তৰাৰ সাধু, মায়াবৃত্ত ইত্যাদি তেওঁৰ উল্লেখযোগ্য সাহিত্যিক অৱদান। তেখেতে ২০১৫ চনৰ জুলাই মাহৰ পৰা ২০২০ চনৰ জানুৱাৰী মাহলৈ নেশ্যনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩ তেওঁৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। সম্প্ৰতি তেওঁ গৰীয়সী আলোচনীৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰি আছে।৪
প্ৰাৰম্ভিক জীৱন
ৰীতা চৌধুৰীয়ে উজনি হাফলং প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত মাৰ্ঘেৰিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ে। ১৯৮০ চনত চৌধুৰীৰ পৰিয়াল গুৱাহাটীলৈ উঠি আহে।৫ তেখেতে অসমীয়া আৰু ৰাজনীতি বিজ্ঞান দুয়োটাতে স্নাতক উপাধি লাভ কৰে। তদুপৰি তেখেতে আইনৰ এল.এল.বি. গ্ৰহণ কৰাৰ লগতে ৰাজনীতি বিজ্ঞানত পি.এইচ.ডি.-ও কৰে।
অসম আন্দোলনৰ সময়ছোৱাত তেওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত আছিল আৰু আন্দোলনত সক্ৰিয়ভাৱে অংশ লৈছিল। সময়ে-সময়ে তেওঁ আত্মগোপন কৰিবলগীয়া পৰিস্থিতিও হৈছিল। আন্দোলনৰ কাৰ্য-কলাপৰ বাবে তেখেতে গুৱাহাটীত দুবাৰ আৰু ডিব্ৰুগড়ত তিনিবাৰ কাৰাবাস খাটিছিল।৫
শিক্ষকতা কাল
১৯৮৯ চনত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰীতা চৌধুৰীয়ে পিছলৈ ১৯৯১ চনত গুৱাহাটীৰ কটন কলেজত প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৯৬ চনত একেখন মহাবিদ্যালয়তে জ্যেষ্ঠ প্ৰবক্তা হিচাপে আৰু ২০০১ চনৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক হিচাপে ২০১৬ চনলৈকে দায়িত্ব পালন কৰে।৬
দাম্পত্য জীৱন
ৰাজনৈতিক চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে ৰীতা চৌধুৰী বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছে।
সাহিত্যকৃতি
চৌধুৰীৰ জীৱনৰ প্ৰথমখন উপন্যাস আছিল ১৯৮১ চনত লিখা "অবিৰত যাত্ৰা"।২ প্ৰথমে তেওঁ উপন্যাসখনৰ নাম "অগস্ত্য যাত্ৰা" ৰাখিছিল যদিও সাহিত্যিক নগেন শইকীয়াই "অবিৰত যাত্ৰা" নাম দিছিল।৭ ইয়াৰ বাবে তেওঁ অসম সাহিত্য সভাই আয়োজন কৰা উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে। অসম আন্দোলনৰ সময়ত আত্মগোপন কৰি থকা অৱস্থাত তেখেতে এই উপন্যাসখন লিখি উলিয়াইছিল। ২০০১-২০০২ বৰ্ষত তেওঁ "আধাৰশিলা"ৰ সম্পাদকো আছিল। ২০০৫ চনত তেওঁৰ "দেও লাংখুই" উপন্যাসখন প্ৰকাশিত হয় আৰু সেইখনৰ বাবেই ২০০৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তাৰ পিছত চৌধুৰীৰ ২০১০ চনত প্ৰকাশিত উপন্যাস "মাকামে" বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা বন্দী কৰি ৰাজস্থানলৈ লৈ যোৱা ১৫০০জন চীনা-ভাৰতীয় লোকৰ দুখ-দুৰ্দশাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে। ইতিমধ্যে ইয়াৰ আধাৰত চলচ্চিত্ৰৰ পৰিকল্পনাও কৰা হৈছে।৮
২০১১ চনত তেওঁ "আধাৰশিলা" নামেৰে যুৱ সাহিত্যিকসকলক আগবঢ়াই নিবলৈ এটা সংস্থা গঢ়ি তোলে।৯
২০১৫ চনত নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ তেওঁ হিচাপে নিযুক্তি লাভ কৰে১০ আৰু ২০১৯ চনৰ জানুৱাৰী মাহত তেওঁ স্বেচ্ছাই পদত্যাগ কৰে।১১
২০২২ চনত চৌধুৰীয়ে অসমীয়া আলোচনী গৰিয়সীৰ সম্পাদক হিচাপে যোগদান কৰে।১২
উপন্যাস
উপন্যাসৰ বেটুপাত]]
- অবিৰত যাত্ৰা(১৯৮১)
- তীৰ্থভূমি (১৯৮৮)
- মহা জীৱনৰ আধাৰশিলা (১৯৯৩)
- নয়না, তৰালী, সুজাতা (১৯৯৬)
- পপীয়া তৰাৰ সাধু (১৯৯৮)
- ৰাগ মালকোশ (১৯৯৯)
- জল পদ্ম (১৯৯৯)
- হৃদয় নিৰুপায় (২০০৩)
- দেও লাংখুই (২০০৫)
- মাকাম (২০১০)
- এই সময় সেই সময়
- ৰাজীৱ ঈশ্বৰ
- জাহ্নবী
- মায়াবৃত্ত (২০১২)
- বিভ্ৰান্ত বাস্তৱ
- মৰে অসম, জীয়ে কোন (২০২১)
- নেভাৰলেণ্ড জিৰ’ আৱাৰ (২০২৩)
- পথসন্ধি (২০২৪)
কবিতা
- সুদূৰ নক্ষত্ৰ (১৯৮৯)
- বনৰীয়া বতাহৰ সুঁহুৰি (১৯৯৬)
- অলপ পোহৰ অলপ আন্ধাৰ (১৯৯৭)
- বগা মাটিৰ তুলসী (১৯৯৯)
বঁটা
- অবিৰত যাত্ৰা উপন্যাসৰ বাবে অসম সাহিত্য সভা বঁটা, ১৯৮১২
- দেও লাং খুই উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, ২০০৬২ (দেও লাংখুই)
- দেও লাং খুই উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা, ২০০৮১১৩১৪ (দেও লাংখুই)
- অসম উপত্যকা সাহিত্য বঁটা (২০১৭)১৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ((Monday, December 29, 2008)). Literary feats lauded. The Assam Tribune
- ↑ ((Wednesday, February 18, 2009)). Chowdhury, Narzary given Akademi award. The Assam Tribune
- ↑ (2015-07-16). Chowdhury new NBT Director
- ↑ Author Rita Choudhary Gets New Role. NKTV
- ↑ ((Saturday, January 17, 2009)). The heart yearns for days of yore. The Telegraph
- ↑ Meet Dr. Rita Chowdhury: Assamese Author and Director of National Book Trust of India. Guwahati Plus
- ↑ Chowdhury, Rita. মৰে অসম জীয়ে. জ্যোতি প্ৰকাশন. পৃ. ৩০২
- ↑ ((Saturday, December 4, 2010)). Silver screen aspires to immortalise Makam. The Telegraph
- ↑ Forum Boost to Assamese Author: Launches Adharxila to Elevate Literature, Culture, Society. The Telegraph India
- ↑ (17 July 2015). Chowdhury new NBT Director. The Telegraph
- ↑ (11 January 2019). Dr Rita Chowdhury resigns from National Book Trust (NBT). ইণ্ডিয়া টুডে NE
- ↑ (1 April 2022). Rita Chowdhury takes charge as Editor of Gariyoshi. দ্য আছাম ট্ৰিবিউন
- ↑ Editor, Assam Times. (2008-12-23). Sahitya Academy award to 2 Assamese litterateurs
- ↑ (2008-12-23). Sahitya Adademi Awards for Choudhury, Narzary
- ↑ (৪ ফেব্ৰুৱাৰী, ২০১৮). সনন্ত তাঁতী, ৰীতা চৌধুৰী আৰু য়েছে দৰজে ঠংচিলৈ অসম উপত্যকা সাহিত্য বঁটা. জনমভূমি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীতা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬০৬২৫৩ (১৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।