অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শচীন তেণ্ডুলকাৰ

শচীন ৰমেশ তেণ্ডুলকাৰ (Sachin Ramesh Tendulkar; জন্ম: ২৪ এপ্ৰিল ১৯৭৩) স্ব প্ৰজন্মৰ শ্ৰেষ্ঠ বুলি বিগণিত এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। ১১ বছৰ বয়সত ক্ৰিকেট আৰম্ভ কৰা টেণ্ডুলকাৰে প্ৰথম টেষ্ট ক্ৰিকেট খেলে ১৬ বছৰ বয়সত পাকিস্তানৰ জাতীয় দলৰ বিপৰীতে।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ৬৪৬ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শচীন ৰমেশ তেণ্ডুলকাৰ (Sachin Ramesh Tendulkar; জন্ম: ২৪ এপ্ৰিল ১৯৭৩) স্ব প্ৰজন্মৰ শ্ৰেষ্ঠ বুলি বিগণিত এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ।১২ ১১ বছৰ বয়সত ক্ৰিকেট আৰম্ভ কৰা টেণ্ডুলকাৰে প্ৰথম টেষ্ট ক্ৰিকেট খেলে ১৬ বছৰ বয়সত পাকিস্তানৰ জাতীয় দলৰ বিপৰীতে। পৰবৰ্তী প্ৰায় ২৪ বছৰলৈ জাতীয়ভাৱে তেওঁ মুম্বাইক আৰু আন্তৰ্জাতিকভাৱে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

তেণ্ডুলকাৰ এশ আন্তৰ্জাতীক শতক সম্পূৰ্ণ কৰা আৰু এদিনীয়া আন্তৰ্জাতীকত দ্বিশতক অৰ্জন কৰা প্ৰথম আৰু আন্তৰ্জাতীক ক্ৰিকেটত ৩৪,০০০ ৰাণ অৰ্জন কৰা (এতিয়ালৈকে - ২০১৩ নভেম্বৰ) একমাত্ৰ ক্ৰিকেট খেলুৱৈ।৩৪৫৬ ২০১৩ চনৰ ৫ অক্টোবৰ তাৰিখত তেওঁ সকলো ধৰণৰ মান্যতাপ্ৰাপ্ত, আৰু combined) ক্ৰিকেটত ৫০,০০০ ৰাণ অৰ্জন কৰা ষোড়শ (১৬শ) ক্ৰিকেটাৰ আৰু প্ৰথম ভাৰতীয়।৭৮৯

২০০২ চনত উইজডেন ক্ৰিকেটাৰচ আলমানাকে শচীনক ডন ব্ৰেডমেনৰ পাচতে সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ টেষ্ট বেটচমেন আৰু ভিভ ৱিচাৰ্ডচৰ পাচতে সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটৰ বেটচমেন আখ্যা দিয়ে।১০ কেৰীয়াৰৰ পাচৰ দশাত শচীন ২০১১ ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অংশ আছিল। তেওঁ এই শৃংখলাসমূহত ভাৰতৰ হৈ ৬ বাৰ অংশ লৈছিল।১১ ইয়াৰ আগতে তেওঁ দক্ষিণ আফ্ৰিকাত হোৱা ২০০৩ ক্ৰিকেট বিশ্বকাপত "প্লেয়াৰ অফ ডা টুৰ্ণামেণ্ট" পদক লাভ কৰে। অক্টোবৰ ২০১৩ত তেওঁ উইজডেন ক্ৰিকেটাৰচ আলমানাকৰ ১৫০তম বৰ্ষপূৰ্তী উপলক্ষে নামকৰণ কৰা এক সৰ্বকালৰ শ্ৰেষ্ঠ বিশ্ব টেষ্ট ক্ৰিকেট একাদশ দলৰ একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ হিচাবে নিৰ্বাচিত কৰা হয়।১২১৩১৪১৫ ক্ৰীড়াত উৎকৰ্ষৰ বাবে টেণ্ডুলকাৰক ১৯৯৪ চনত অৰ্জুন বঁটা, ১৯৯৯ চনত ভাৰতৰ ৪ৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী, ২০০৮ত ২য় ভাৰতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আৰু ১৯৯৭ চনত ভাৰতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰেৰে বিভূষিত কৰা হয়। তেওঁ ২০১০ চনত আই চি চি পুৰস্কাৰ সমাৰোহত বছৰৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ চাৰ গাৰফিল্ড চ'বাৰ্চ পুৰস্কাৰ লাভ কৰে।১৬

২০১২ চনত তেণ্ডুলকাৰক ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্য সভাৰ সদস্য মনোনীত কৰা হয়। .১৭ ভাৰতীয় বায়ুসেনাৰ দ্বাৰাও তেখেতক কোনো উৰণ সম্পৰ্কীয় অভিজ্ঞতা নথকাকৈয়ে প্ৰথম ক্ৰীড়াবিদ হিচাবে সন্মানসূচক (honorary) গ্ৰুপ কেপ্টেইন পদত নিযুক্তি দিয়ে। ১০১২ চনত তেওঁক সন্মানসূচক মেম্বাৰ অফ অৰ্ডাৰ অফ অষ্ট্ৰেলীয়া উপাধি প্ৰদান কৰা হয়।১৮.

ডিচেম্বৰ ২০১২ চনত টেণ্ডুলকাৰে এদিনীয়া আন্তৰ্জাতীক খেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।১৯২০২১২২ মে ২০১৩ত তেওঁ টুৱেণ্টী20 বিধৰ (format) পৰা অৱসৰ লয়।

টেষ্ট খেলৰপৰা অৱসৰ লোৱাৰ ইচ্ছা তেওঁ ২০১৩ৰ অক্টোবৰত ঘোষণা কৰে।২৩ ১৬ নবেম্বৰ ২০১৩ত তেওঁ ২০১৩-১৪ৰ ভাৰত ভ্ৰমণৰত ৱেষ্ট ইণ্ডিয়ান ক্ৰিকেট দলৰ বিৰুদ্ধে ২য় আৰু স্বকীয় ২০০ তম টেষ্ট ক্ৰিকেটখন খেলি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ক্ৰিকেট জীৱনৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰে।২৪২৫২৬

খেলখন সম্পূৰ্ণ হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰপৰা টেণ্ডুলকাৰক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰা হয়। এই সন্মান লাভ কৰা শচীনেই এতিয়ালৈকে (নভঃ ২০১৩) সৰ্বকনিষ্ঠ ভাৰতীয় আৰু প্ৰথম ক্ৰীড়াবিদ।২৭২৮

জন্ম আৰু শৈশৱ

১৯৭৩ চনৰ ২৪ এপ্ৰিল তাৰিখে নিৰ্মল নাৰ্চিং হোমত শচীন তেণ্ডুলকাৰে জন্মগ্ৰহণ কৰে। তেখেতৰ পিতৃ ৰমেশ তেণ্ডুলকাৰ মাৰাঠী ভাষাৰ এজন ঔপন্যাসিক আছিল। তেখেতৰ মাতৃ ৰজনী তেণ্ডুলকাৰে বীমা কোম্পানিত কাম কৰিছিল।২৯ শচীনৰ পিতৃ ৰমেশ তেণ্ডুলকাৰে বিখ্যাত ভাৰতীয় সুৰকাৰ শচীন দেববৰ্মণৰ নাম অনুসাৰি পুত্ৰৰ নাম শচীন ৰাখে। শচীনৰ দুজন ককাইদেউ নিতিন আৰু অজিত আৰু বাইদেউ সবিতা ৰমেশৰ প্ৰথমা স্ত্ৰীৰ সন্তান।৩০ শৈশৱত শচীনে বান্দ্ৰা অঞ্চলৰ সাহিত্য সহবাস কো-ওপাৰেটিভ হাউছিং ছʼচাইটিত বসবাস কৰিছিল।৩১

ঘৰুৱা কেৰিয়াৰ

১৯৮৭ চনৰ ১৪ নৱেম্বৰ তাৰিখে তেণ্ডুলকাৰে৩২ ৰঞ্জি ট্ৰফী প্ৰতিযোগিতাত মুম্বই ক্ৰিকেট দলৰ হৈ সুযোগ লাভ কৰিলেও কোনো মেচত প্ৰথম একাদশৰহৈ খেলাৰ সুযোগ তেখেতৰ হোৱা নাছিল। নিউজিলেণ্ড জাতীয় ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণৰ সময়ত ৱাংখেড়ে ষ্টেডিয়ামৰ নেটত প্ৰশিক্ষণৰত ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱৰ বলৰ বিৰুদ্ধে বেটিং কৰাৰ সুযোগ লাভ কৰি শচীন সহজেই সেয়া খেলি থাকিলে। মুম্বাই ক্ৰিকেট দলৰ অধিনায়ক দিলীপ ভেংচৰকাৰে তেখেতক মুম্বই ক্ৰিকেট দলৰ প্ৰথম একাদশত সুযোগ দিয়ে। ১৯৮৮ চনৰ ১১ ডিচেম্বৰৰ দিনা মাত্ৰ ১৫ বছৰ ২৩২ দিন বয়সত শচীনে এঘাৰজনীয়া প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত মুম্বাই ক্ৰিকেট দলৰ হৈ গুজৰাট ক্ৰিকেট দলৰ বিৰুদ্ধে খেলিবলৈ সুযোগ লাভ কৰি অপৰাজিত ১০০ ৰাণ কৰি ভাৰতৰ কনিষ্ঠতম ক্ৰিকেটাৰ হিচাবে অভিষেক মেচত প্ৰথম শ্ৰেণী ক্ৰিকেট খেলত শতৰাণৰ ৰেকৰ্ড কৰে। ইয়াৰ পিছত তেখেতে দেওধৰ ট্ৰফি আৰু দলীপ ট্ৰফিতো শতৰাণ কৰে।৩৩

১৯৮৮-৮৯ বৰ্ষত শচীনে মুম্বই ক্ৰিকেট দলৰ সৰ্বোচ্চ ৰাণ সংগ্ৰাহক হয়।৩৪৩৫ ইয়াৰ বাহিৰেও তেখেতে ১৯৮৯-৯০ বৰ্ষৰ আৰম্ভণিত ইৰাণী ট্ৰফী প্ৰতিযোগিতাত অৱশিষ্ট ভাৰতৰ হৈ দিল্লী ক্ৰিকেট দলৰ বিৰুদ্ধে অপৰাজিত শতৰাণ কৰে।৩৬ ১৯৮৮ আৰু ১৯৮৯ চনত শচীনে দুবাৰ ইংলেণ্ড ভ্ৰমণ কৰে।৩৭৩৮ ১৯৯৮ চনত ভাৰত ভ্ৰমণলৈ আহা অষ্ট্ৰেলিয়া জাতীয় ক্ৰিকেট দলৰ বিৰুদ্ধে মুম্বাই ক্ৰিকেট দলৰ হৈ প্ৰথম দ্বিশতৰাণ (২০৪*) কৰে।৩৯ ২০০০ চনৰ এপ্ৰিল মাহত ৰঞ্জি ট্ৰফী প্ৰতিযোগিতাৰ ছেমিফাইনেলত তামিলনাড়ু ক্ৰিকেট দলৰ বিৰুদ্ধে অপৰাজিত ২৩৩ ৰাণ কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Boria Majumdar (19 October 2013). "Sachin's the greatest batsman of modern era: Clarke." দ্য টাইম্‌ছ অৱ ইণ্ডিয়া.
  2. ↑ Alex Brown (11 October 2013). "Cricket's greatest batsmen: Sachin Tendulkar v Don Bradman." News.com.au
  3. ↑ Shiva Jayaraman. (10 October 2013). 34,273 runs and counting | Sachin Tendulkar's career in numbers. Cricinfo
  4. ↑ NDTV Correspondent. (5 December 2012). Sachin Tendulkar completes 34000 runs in international cricket | India vs England 2012 - News | NDTVSports.com. Sports.ndtv.com
  5. ↑ (7 December 2012). Sachin's poor run continues. Should the Master Blaster call it a day?: SPORT – India Today. Indiatoday.intoday.in
  6. ↑ Firstpost. Sachin Tendulkar completes 34000 international career runs! – Sachin Tendulkar Videos: Firstpost Topic – Page 1. Firstpost.com
  7. ↑ (27 September 2013). Records / Combined First-class, List A and Twenty20 / Batting records; Most runs in career. Stats.espncricinfo.com
  8. ↑ (5 October 2013). CLT20: Sachin Tendulkar first Indian to reach 50,000 runs in all formats
  9. ↑ PTI Oct 5, 2013, 10.44PM IST. (2013-10-05). Sachin Tendulkar reaches 50,000-run landmark across all formats - Times Of India. Timesofindia.indiatimes.com
  10. ↑ Tendulkar second-best ever: Wisden. Rediff.com
  11. ↑ (6 April 2011). Reliving a dream. দ্য হিন্দু
  12. ↑ (23 October 2013). Don Bradman, Shane Warne in Wisden's XI. theaustralian.com
  13. ↑ (23 October 2013). WG Grace and Shane Warne in Wisden all-time World Test XI. BBC.co.uk
  14. ↑ (23 October 2013). Sachin Tendulkar in Wisden's All-time World Test XI. NDTV
  15. ↑ (23 October 2013). Sachin Tendulkar named in Wisden all-time World Test XI. DNA India
  16. ↑ Sachin Tendulkar named cricketer of the year
  17. ↑ (4 June 2012). Rajya Sabha stint. হিন্দুস্তান টাইমছ
  18. ↑ (6 November 2012). Tendulkar receives Order of Australia membership. Wisden India
  19. ↑ Tendulkar announces limited-overs retirement. Wisden India
  20. ↑ (23 December 2012). Sachin Tendulkar retires from ODIs – Times of India. Articles.timesofindia.indiatimes.com
  21. ↑ Sachin Tendulkar announces retirment from ODI format
  22. ↑ Sachin Tendulkar retires from ODI cricket – Sport – DNA. Dnaindia.com
  23. ↑ (10th October 2013). Tendulkar to retire after 200th test - Cricinfo. espncricinfo.com
  24. ↑ (26 May 2013). Tendulkar calls time on IPL career. Wisden India
  25. ↑ (10 October 2013). Sachin Tendulkar announces retirement from Test cricket. Times of India
  26. ↑ (10 October 2013). Sachin Tendulkar: India batting legend to retire from all cricket. BBC Sport
  27. ↑ (16 November 2013). Sachin first sportsperson to win country’s highest civilian honour Bharat Ratna. হিন্দুস্তান টাইমছ
  28. ↑ (16 November 2013). Bharat Ratna for Prof CNR Rao and Sachin Tendulkar. Prime Minister's Office (India)
  29. ↑ Thani, L.; Mishra, R. (1999). Sensational Sachin. Diamond Pocket Books. পৃ. 113. ISBN 8128825739
  30. ↑ Related Topics: cricket, india, sports, sports players. Sachin Tendulkar. Mahalo.com
  31. ↑ (16 March 2012). 38 special facts about Sachin Tendulkar – 3. Sports.in.msn.com
  32. ↑ www.sportsamrath.com/bodoland-lottery-result-tod
  33. ↑ Sachin Tendulkar factfile. espnstar.com
  34. ↑ তেখেত ৬৭.৭৭ গড়ে মুঠ ৫৮৩ ৰাণ কৰি ষষ্ঠ সৰ্বোচ্চ ৰাণ সংগ্ৰাহক হয়।
  35. ↑ 1988–89 Ranji season – Most Runs. Cricinfo
  36. ↑ Rest of India v Delhi in 1989/90. Cricketarchive
  37. ↑ Remembering Sachin Tendulkar's first England tours. mid-day.com
  38. ↑ Who will bat at No. 4 after Sachin Tendulkar?. thehindu.com
  39. ↑ Australia in India, 1997-98-Mumbai v Australians-Brabourne Stadium, Mumbai-24,25,26 February 1998 (3-day match). Cricinfo

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰঅৰ্জুন বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ীভাৰত ৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শচীন তেণ্ডুলকাৰ” প্ৰবন্ধৰ সংশোধন ৫৭০১৪২ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।