অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মীৰা নায়াৰ

মীৰা নায়াৰ (জন্ম ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী ভাৰতীয় আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ প্ৰডাক্টচন কোম্পানী মীৰাবাঈ ফিল্মছ আন্তৰাষ্ট্ৰীয় দৰ্শকক ভাৰতীয় সমাজৰ প্ৰকৃত পৰিচয় দাঙি ধৰাৰ বাবে বিখ্যাত। তেওঁৰ বোলছবি সমূহত ভাৰতীয় সমাজৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক বৈশিষ্ট্যবোৰ প্ৰকাশ পায়।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

মীৰা নায়াৰ (জন্ম ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী ভাৰতীয় আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা।১ তেওঁৰ প্ৰডাক্টচন কোম্পানী মীৰাবাঈ ফিল্মছ আন্তৰাষ্ট্ৰীয় দৰ্শকক ভাৰতীয় সমাজৰ প্ৰকৃত পৰিচয় দাঙি ধৰাৰ বাবে বিখ্যাত। তেওঁৰ বোলছবি সমূহত ভাৰতীয় সমাজৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক বৈশিষ্ট্যবোৰ প্ৰকাশ পায়। তেওঁৰ উল্লেখযোগ্য বোলছবি সমূহ হ'ল, মিচিছিপি মছলা, কামসূত্ৰ: এ টেল অফ লাভ, দ্য নেমচেক গোল্ডেন লায়ন বিজয়ী মনচুন ৱেডিং আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ শিতানত অস্কাৰ বঁটালৈ মনোনীত হোৱা চালাম বোম্বে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫৭ চনৰ ১৫ অক্টোবৰ তাৰিখে ওড়িশাৰ ৰৌৰকেলাত মীৰা নায়াৰৰ জন্ম হৈছিল। তাৰপিছত মীৰা মাক-দেউতাক আৰু দুজন ককায়েকৰ লগত ভুৱনেশ্বৰলৈ যায়।২ তেওঁৰ পিতৃ অমৃত নায়াৰ এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু মাতৃ পাৰবিন নায়াৰ এগৰাকী সমাজকৰ্মী আছিল।৩ ১১ বছৰ বয়সত পিতৃৰ বদলি হোৱাৰ বাবে তেওঁলোক দিল্লীলৈ আহে। ১৩ বছৰ বয়সত তেওঁক চিমলাত অৱস্থিত আইৰিছ কেথলিক স্কুল লৰেণ্ট' কনভেণ্ট তাৰা হলত নামভৰ্তি কৰা হয়। ইয়াত পঢ়ি থাকোতে তেওঁ ইংৰাজী সাহিত্যৰ প্ৰতি আকৰ্ষিত হয়। তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মিৰাণ্ডা হাউচত সমাজশাস্ত্ৰ অধ্যয়ন কৰে। তাৰপিছত তেওঁ সম্পূৰ্ণ জলপানিৰে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।৪

ব্যক্তিগত জীৱন

১৯৭৭ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ফটোগ্ৰাফীৰ ক্লাছ কৰি থাকোতে মীৰায়ে তেওঁৰ প্ৰথম স্বামী মিটছ্ ইপষ্টিনক লগ পাইছিল।২ ১৯৮৭ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ১৯৮৮ চনত তেওঁ মিচিছিপি মছলা ছবিৰ বাবে উগাণ্ডাত গৱেষণা কৰি থাকোঁতে দ্বিতীয় স্বামী মেহমুদ মামদানীক লগ পায়। তেওঁলোকৰ পুত্ৰ জহৰাণ ১৯৯১ চনত জন্ম হয়। তেওঁলোক দুয়ো কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে।৩

তেওঁ বহু বছৰৰ পৰা যোগাসনৰ সাধনা কৰি আহিছে। তেওঁৰ ছবিসমূহৰ দৃশ্যগ্ৰহণৰ ঠিক আগতে যোগৰ সাধনাৰ নিয়ম বনাই লৈছিল।৫

বঁটা আৰু সন্মান

মীৰা নায়াৰৰ চলচ্চিত্ৰ বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে বহুতো বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত উল্লেখযোগ্য হল, "চালাম বোম্বে" চলচ্চিত্ৰৰ বাবে ক্যা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন কেমেৰা বঁটা, শ্ৰেষ্ঠ হিন্দী ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ শিতানত অস্কাৰ বঁটালৈ মনোনায়ন; মনচুন ৱেডিংৰ বাবে ভেনিছ চলচ্চিত্ৰ মহোৎসৱৰ গোল্ডেন লায়ন বঁটা; মিছিচিপি মছলাৰ বাবে ভেনিছ চলচ্চিত্ৰ মহোৎসৱৰ গোল্ডেন অচেলা বঁটা ইত্যাদি।

তেওঁক ২০০৭ চনৰ বাবে ইণ্ডিয়া-এবৰোড পাৰ্চন অফ দা ইয়াৰ সন্মানেৰে সন্মানীত কৰা হৈছিল।৬ ২০১২ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Spelling, Ian. (1 September 2004). Director likes to do her own thing. Waterloo Region Record. পৃ. C4
  2. ↑ Muir, John Kenneth. (1 June 2006). Mercy In Her Eyes: The Films of Mira Nair. Applause Theater & Cinema Books. ISBN 1557836493
  3. ↑ Mira Nair. Encyclopedia of World Biography
  4. ↑ Blenski, Simon; Debreyne, Adrien Maurice; Hegewisch, Martha Eugina. Mira Nair. University of Minnesota
  5. ↑ Dupont, Joan. (21 September 2001). Mira Nair Peels Back Layers Of Punjabi Society. International Herald Tribune
  6. ↑ (29 March 2008). Mira Nair is India Abroad Person of the Year 2007. Rediff.com
  7. ↑ Jamkhandikar, Shilpa. (25 January 2012). Dharmendra, Shabana Azmi, Mira Nair to get Padma Bhushan. Reuters

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিভাৰতীয় মূলৰ আমেৰিকানচলচ্চিত্ৰ পৰিচালকপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীৰা নায়াৰ” প্ৰবন্ধৰ সংশোধন ৬৩২৮৬৬ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।