অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাণী মুখাৰ্জী

ৰাণী মুখাৰ্জী ( Rani Mukerji; জন্ম ২১ মাৰ্চ ১৯৭৮) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। উচ্চ প্ৰশংসিত এইগৰাকী অভিনেত্ৰীয়ে সাতটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা-বাহন লাভ কৰিছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৪২৫ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰাণী মুখাৰ্জী ( Rani Mukerji; জন্ম ২১ মাৰ্চ ১৯৭৮) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। উচ্চ প্ৰশংসিত এইগৰাকী অভিনেত্ৰীয়ে সাতটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা-বাহন লাভ কৰিছে। তেওঁ অভিনয় কৰা ভূমিকাবোৰক ভাৰতীয় চলচ্চিত্ৰত পূৰ্বে কৰা নাৰী চৰিত্ৰৰ চিত্ৰায়ণৰ এক গুৰুত্বপূৰ্ণ প্ৰস্থান হিচাপে প্ৰচাৰমাধ্যমত উল্লেখ কৰা হয়। মুখাৰ্জীয়ে একবিংশ শতিকাৰ প্ৰথমটো দশকৰ আটাইতকৈ জনপ্ৰিয় আৰু সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰীৰ তালিকাত স্থান পাইছে।১২

ব্যক্তিগত জীৱন

মুখাৰ্জীৰ জন্ম ১৯৭৮ চনৰ ২১ মাৰ্চত কলকাতা হৈছিল।৩৪ তেওঁৰ দেউতাক ৰাম মুখাৰ্জী এগৰাকী প্ৰাক্তন চলচ্চিত্ৰ পৰিচালক আৰু ফিল্মালয় ষ্টুডিঅ'ৰ অন্যতম প্ৰতিষ্ঠাপক। তেওঁৰ মাক কৃষ্ণা মুখাৰ্জী এগৰাকী প্ৰাক্তন নেপথ্য কণ্ঠশিল্পী।৫৬

মুখাৰ্জীয়ে জুহুৰ মানেকজী কুপাৰ হাইস্কুলৰ পৰা মাধ্যমিত পৰ্যায়ৰ শিক্ষা আৰু এছ.এন.ডি.টি. মহিলা বিশ্ববিদ্যালয়ৰ পৰা গৃহ-বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৭ তেওঁ এগৰাকী প্ৰশিক্ষিত ওডিচি নৃত্যশিল্পী আৰু দশম শ্ৰেণীত থাকোঁতে নৃত্য শিকিবলৈ আৰম্ভ কৰে। পাৰিবাৰিক পৰম্পৰাৰ অংশ হিচাপে মুখাৰ্জী পৰিয়ালে প্ৰতি বছৰে ছাণ্টাক্ৰুজৰ উপনগৰীয় চুবুৰীয়া অঞ্চলত দুৰ্গা পূজা উৎসৱ উদযাপন কৰে। মুখাৰ্জী পৰিয়ালৰ সকলো সদস্যই এই উৎসৱত অংশগ্ৰহণ কৰে।৮

মুখাৰ্জীয়ে চলচ্চিত্ৰ নিৰ্মাতা আদিত্য চোপ্ৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, যাৰ সৈতে তেওঁৰ এজনী জীয়ৰী আছে।

কৰ্মজীৱন

যদিও মুখাৰ্জীৰ জন্ম মুখাৰ্জী-সমৰ্থ পৰিয়ালত হৈছিল, য'ত তেওঁৰ পিতৃ-মাতৃ আৰু আত্মীয়সকল ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত আছিল, তথাপি তেওঁ চলচ্চিত্ৰৰে কেৰিয়াৰ গঢ়িবলৈ আকাংক্ষা কৰা নাছিল। কিশোৰ অৱস্থাত তেওঁ দেউতাকৰ বঙালী ভাষা ভাষাৰ চলচ্চিত্ৰ বিয়েৰ ফুল আৰু হিন্দী ছবি ৰাজা কি আয়েগী বাৰাতৰ যোগে চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে। দুয়োখন ছবিয়ে ১৯৯৬ চনত মুক্তি পাইছিল। মুখাৰ্জীয়ে একচন ছবি গোলামৰ (১৯৯৮)ৰ যোগেদি প্ৰথম বাণিজ্যিক সফলতা লাভ কৰে। একে বছৰতে মুক্তি পোৱা তেওঁৰ আন এখন সফল ছবি কুছ কুছ হোতা হ্যায় (১৯৯৮)। এক চমু বিফলতাৰ পিছত ২০০২ চনত তেওঁ যশ ৰাজ ফিল্মছৰ সাথিয়াত নায়িকাৰ ভূমিকাত অভিনয় কৰে, যিখন ছবি তেওঁৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট সাব্যস্ত হৈছিল।৯১০১১

মুখাৰ্জীয়ে কেইবাখনো ব্যৱসায়িকভাৱে সফল ৰোমাণ্টিক চলচ্চিত্ৰত অভিনয় কৰি নিজকে প্ৰতিষ্ঠা কৰে, যাৰ ভিতৰত আছে চলতে চলতে (২০০৩),হাম তুম (২০০৪),বীৰ-জাৰা (২০০৪), কভি আলবিদা না কেহনা (২০০৬) আৰু অপৰাধ কমেডী বাণ্টি ঔৰ বাবলি (২০০৫)। তেওঁ ৰাজনৈতিক থ্ৰিলাৰ যুৱত (২০০৪) এগৰাকী নিৰ্যাতিত পত্নী, ব্লেকত (২০০৫) এগৰাকী বধিৰ আৰু অন্ধ মহিলা আৰু নাৰী-প্ৰধান ফেণ্টাচী ছবি পহেলীত (২০০৫) এগৰাকী ৰাজস্থানী কইনাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেও প্ৰশংসা লাভ কৰে। তেওঁ যশ ৰাজ ফিল্মছৰ কেইবাখনো অসফল ছবিত অভিনয় কৰে, যাৰ বাবে সমালোচকসকলে তেওঁৰ চৰিত্ৰ নিৰ্বাচনৰ ত্ৰুটিৰ বাবে দুখ প্ৰকাশ কৰিছিল। এইটো অৱস্থাৰ সলনি হয় যেতিয়া মুখাৰ্জীয়ে এগৰাকী সাংবাদিকৰ ভুমিকাত অভিনয় কৰা থ্ৰিলাৰ নো ৱান কিল্ড জেছিকা (২০১১) মুক্তি পায়।১২ তেওঁলৈ আৰু অধিক সফলতা আহিছিল থ্ৰিলাৰ ছবি তালাচ: দ্য এক্সচাৰ লাইজ উইদিন (২০১২), মাৰ্দানী (২০১৪), মাৰ্দানি ২ (২০১৯), আৰু কমেডী-ড্ৰামা হিচকিয়ে (২০১৮)।হিচকি তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে আত্মপ্ৰকাশ কৰিছিল।১৩১৪

মুখাৰ্জী বিভিন্ন মানৱীয় বিষয়ৰ সৈতে জড়িত। তেওঁ মহিলা আৰু শিশুসকলে সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে যথেষ্ট সোচ্চাৰ। তেওঁ বহুতো মঞ্চ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু ২০০৯ চনৰ ৰিয়েলিটি শ্বো ডান্স প্ৰিমিয়াৰ লীগৰ বিচাৰকৰ দায়িত্ব গ্ৰহণ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Joshi, Namrata. (8 August 2005). Queen of hearts. Outlook
  2. ↑ (19 March 2008). Wish Rani Mukerji!. Rediff.com
  3. ↑ Sen, Raja. (14 November 2007). First-time fumblings. Rediff.com
  4. ↑ Sen, Raja. (14 November 2007). First-time fumblings. Rediff.com
  5. ↑ Khubchandani, Lata. (22 August 2002). My sister, Rani. Rediff.com
  6. ↑ Roy, Gitanjali. (22 April 2014). Rani Mukerji: Bollywood's Bengal tigress. NDTV
  7. ↑ Mukherjee, Haimantee. (15 January 2012). Rani Mukerji won't marry an actor. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ Biyer Phool (1996). British Film Institute
  9. ↑ Rani Mukherji's avatars since 1997. IBNLive
  10. ↑ Box Office 1999. Box Office India
  11. ↑ Chopra, Anupama. (18 September 2000). Sassy Sirens. India Today
  12. ↑ Guha, Aniruddha. (5 January 2011). Review: No One Killed Jessica is the film to beat in 2011. Daily News and Analysis
  13. ↑ Roy, Priyanka. (5 December 2011). 'It's nice to be a trendsetter'. The Telegraph
  14. ↑ (31 January 2012). Filmfare Awards 2011 winners. The Times of India

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণী মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৫৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।