অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শশী কাপুৰ

{{Infobox person | bgcolour = | name = শশী কাপুৰ | imagesize = | image =ShashiKapoor.jpg | caption = | birthname = বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ | birth_date = ১৮ মাৰ্চ ১৯৩৮ | birth_place = কলকাতা, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান কলকাতা, পশ্চিম বঙ্গ, ভাৰত) | death_date = ৪ ডিচেম্বৰ ২০১৭ |…

হালনাগাদ: ২১ মাৰ্চ ২০২৪ ১,২৬৩ শব্দ · ৭ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

{{Infobox person | bgcolour = | name = শশী কাপুৰ | imagesize = | image =ShashiKapoor.jpg | caption = | birthname = বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ | birth_date = ১৮ মাৰ্চ ১৯৩৮১ | birth_place = কলিকতা, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান কলিকতা, পশ্চিমবংগ, ভাৰত) | death_date = ৪ ডিচেম্বৰ ২০১৭ | death_place = কোকিলাবেন হস্পিটেল, মুম্বাই, মহাৰাষ্ট্ৰ | residence = মুম্বাই, মহাৰাষ্ট্ৰ | years_active = ১৯৪১-১৯৯৯ (অৱসৰ গ্ৰহণ) | children = কুনাল কাপুৰ (অভিনেতা) কৰণ কাপুৰ সঞ্জনা কাপুৰ | spouse = জেনিফাৰ কেণ্ডেল ১৯৫৪-১৯৮৪ জেনিফাৰৰ মৃত্যু পৰ্যন্ত | occupation = অভিনেতা, পৰিচালক, প্ৰযোজক | other_names = বলবীৰ শশীৰাজ বলবীৰ ৰাজ | parents = পৃথ্বীৰাজ কাপুৰ (পিতৃ) ৰামসৰণী কাপুৰ (মাতৃ) | relatives = ৰাজ কাপুৰ (ভাতৃ) শাম্মী কাপুৰ (ভাতৃ) (লগতে চাওক: কাপুৰ পৰিয়াল) }} শশী কাপুৰৰ ১৯৩৮ চনৰ ১৮ মাৰ্চত জন্ম হয়। জন্মৰ সময়ত তেখেতৰ নাম আছিল বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ। শশী কাপুৰ ভাৰতৰ চলচ্চিত্ৰ সাম্ৰাজ্য বলিউদৰ বিখ্যাত কাপুৰ পৰিয়ালৰ এগৰাকী সদস্য। তেখেত এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক আৰু দাদা চাহেব বঁটা বিজেতা। তেখেতে হিন্দী ছবিৰ উপৰিও ইংৰাজী ছবিতো অভিনয় কৰিছে। তেখেতে বহুকেইখন চলচ্চিত্ৰৰ পৰিচালক আৰু সহকাৰী পৰিচালক আছিল।২

২০১১ চনত কলাত্মক চলচ্চিত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে তেখেতক ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰে।৩ ২০১৫ চনৰ ৯ মে'ৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে তেখেতক মুম্বাইত ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ২০১৪ চনৰ দাদা চাহেব বঁটা প্ৰদান কৰে। এই বঁটা লাভ কৰা কাপুৰ পৰিয়ালৰ তেখেত তৃতীয় সদস্য। ইয়াৰ আগতে পৃথ্বীৰাজ কাপুৰ আৰু ৰাজ কাপুৰে এই বঁটা লাভ কৰিছিল।৪

২০১৭ চনৰ ৪ ডিচেম্বৰ তাৰিখে মুম্বাইৰ কোকিলাবেন হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে।

ব্যক্তিগত জীৱন

শশী কাপুৰৰ জন্ম ব্ৰিটিছ ভাৰতৰ কলকাতাত হৈছিল। দেউতাক আছিল বিখ্যাত অভিনেতা পৃথ্বীৰাজ কাপুৰ। তেখেতেৰ জেষ্ঠ্য ভাতৃ ৰাজ কাপুৰ আৰু শাম্মী কাপুৰো বলিউডৰ প্ৰতিষ্ঠিত অভিনেতা আছিল।৫ ১৯৫৬ত তেখেতে কলকাতাত নিজা নিজা থিয়েটাৰ দলত কাম কৰি থকা অৱস্থাত ইংৰাজ অভিনেত্ৰী জেনিফাৰ কেণ্ডলক লগ পায়। শশী কাপুৰ দেউতাকৰ পৃথ্বি থিয়েটাৰৰ মঞ্চ প্ৰবন্ধক তথা অভিনেতা আছিল। সেই সময়ত কলকাতা জেনিফাৰৰ দেউতাক জিয়ফ্ৰি কেণ্ডলৰ থিয়েটাৰ দল শেইকছপীয়েৰিয়ান গ্ৰুপেও নাটক প্ৰদৰ্শন কৰি আছিল। এই লগপোৱাৰ পিছত প্ৰেমত পৰে। কেণ্ডলৰ পৰিয়ালৰ বাধা সত্ত্বেও কাপুৰৰ নবৌয়েক বলিউডৰ নায়িকা গীতাবালীৰ সহযোগত ১৯৫৮চনৰ জুলাইত দুয়ো বিয়াত বহে।৬ তেখেতসকলে দুয়ো একেলগে বহুকেইখন ছবিত অভিনয় কৰে। দুয়োৰো যুগ্মজীৱনৰ সাক্ষ্য আছিল তিনিটা সন্তান- পুত্ৰ কুণাল কাপুৰ, কৰণ কাপুৰ আৰু জীয়ৰী সঞ্জনা কাপুৰ। এই দম্পত্তীহালে ১৯৭৮ৰ ৫নৱেম্বৰত মুম্বাইত পৃথ্বী থিয়েটাৰ প্ৰতিষ্ঠা কৰে।৭ ১৯৮৪ত কৰ্কট ৰোগত জেনিফাৰৰ মৃত্যু হোৱাত শশী কাপুৰ ভাগি পৰে।

কৰ্ম জীৱন

শিশু শিল্পী

শশী কাপুৰে ৪ বছৰ বয়সৰ পৰা পৃথ্বী থিয়েটাৰত পিতৃ পৃথ্বীৰাজ কাপুৰৰ পৰিচালনা আৰু প্ৰযোজনা কৰা নাটকত অভিনয় কৰিছিল। তেখেতে ১৯৪৮ৰ পৰা ১৯৫৪লৈ আগ (১৯৪৮), আৱাৰা (১৯৫১), সংগ্ৰাম (১৯৫১) আৰু দানপানী (১৯৫৩) মুঠ ৪খন হিন্দী ছবিৰ শিশু চৰিত্ৰত অভিনয়

১৯৬০ৰ দশক

সুনীল দত্তৰ প্ৰথম ছবি পোষ্ট বক্স ৯৯৯ত শশী কাপুৰে সহকাৰী পৰিচালনাৰ সুযোগ পায়। ইয়াৰ পিছত গেষ্ট হাউচ (১৯৫৯) দুলহা দুলহন আৰু ৰাজ কাপুৰে মুখ্য ভাওত অভিনয় কৰা শ্ৰীমান সত্যবাদীত সহকাৰী পৰিচালকৰ কাম কৰে।

কাপুৰে মুখ্য ভাওত অভিনয় কৰা প্ৰথম ছবিখন আছিল ধৰ্মপুত্ৰ। তেখেতে অৱতীৰ্ণ হোৱা ১১৬খন ছবিৰ ৬১খনতে মূল নায়কৰ ভাওত অভিনয় কৰিছিল; ৫৫খন আছিল ‘বহু নায়কযুক্ত’ (multi star-cast) ছবি; ২১খনত সহযোগী অভিনেতা আছিল আৰু ৭খনত বিশেষ ভূমিতাত পদাৰ্পণ কৰিছিল। তেখেত ৬০ আৰু ৭০ৰ দশকৰ উপৰিও ৮০ৰ দশকৰ প্ৰায় মাজভাগলৈ বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা আছিল। ১৯৬৩ৰ পৰা তেখেতে ইংৰাজী ভাষাৰ ছবিত অভিনয় কৰিবলৈ লয়; যাৰ ভিতৰত আছিল দ্য হাউচহোল্ডাৰ, শ্বেইকছপীয়েৰৱালা আদি ছবি।৮ সেইসময়ৰ সুপ্ৰতিষ্ঠিত অভিনেত্ৰী নন্দাই তেখেতৰ সৈতে ৮খন হিন্দী ছবিত চুক্তিবদ্ধ হৈছিল। এই যুতিৰ প্ৰথম দুখন ছবি আছিল সমালোচকৰ সমাদৰ লাভ কৰা ৰোমাণ্টিক ছবি চাৰ দিৱাৰী (১৯৬১) মেহেন্দী লগী মেৰে হাথ (১৯৬২)।৯ ৬০ৰ দশকত তেখেতে নন্দাৰ সৈতে বহুকেইখন ছবিত অভিনয় কৰিছিল; যাৰ ভিতৰত আছে- মোহব্বত ইচকো কেহতে হ্যায় (১৯৬৫), জব জব ফুল খিলে (১৯৬৫), নিন্দ হমাৰী খুৱাব তুমহাৰে (১৯৬৬), ৰাজা চাব (১৯৬৯) আৰু ৰুথা না কৰো (১৯৭০)।১০ ৯০ৰ দশকত দিয়া সাক্ষাৎকাৰ এটাত শশী কাপুৰে উল্লেখ কৰিছিল যে নন্দাই আছিল তেখেতৰ প্ৰিয় নায়িকা আৰু বিশ্বস্ত পৰামৰ্শদাতা।১১

১৯৭০-৮০ৰ দশক

শশী কাপুৰে ৬০ৰ দশকৰ শেহৰ পৰা ৮০ৰ দশকৰ মাজভাগলৈ ৰাখী, শৰ্মিলা ঠাকুৰ, জীনত আমান আদিৰ সৈতে যুটি বান্ধিছিল। তেখেতে অভিনেত্ৰী হেমা মালিনী, পাৰৱীন বাবী আৰু মৌচুমী চেটাৰ্জীৰ সৈতেও বহুকেইখন ছবিত অভিনয় কৰিছিল। শশী-ৰাখী যুটিৰ প্ৰথম ছবি শৰ্মিলীৰ প্ৰভুত বাণিজ্যিক সফলতাৰ পিছত উক্ত যুটিয়ে জানোৱাৰ ঔৰ ইন্সান (১৯৭২), কভি কভি (১৯৭৬), বচেৰা (১৯৮১), পিঘলতা আচমান (১৯৮৫), সমালোচকৰ দ্বাৰা প্ৰশংসিত তৃষ্ণা (১৯৭৮), দুচৰা আদমী (১৯৭৮), বন্ধন কচ্চে ধাগোঁ কা, বন্ধ হোঁঠ (১৯৮৪) আৰু জমীন আচমান ত অভিনয় কৰিছিল।১২ ৱক্ত (১৯৬৫), আমনে সামনে (১৯৬৭), সুহানা চফৰ (১৯৭০), পতংগ্ (১৯৭১), আ গলে লগ যা (১৯৭৩), বচন (১৯৭৪) আদি ছবিত তেখেতে শৰ্মিলা ঠাকুৰৰ সৈতে কাম কৰিছিল।১৩

মৃত্যু

২০১৭ চনৰ ৪ ডিচেম্বৰ সোমবাৰে দীৰ্ঘদিন অসুস্থতাৰ পিছত ৭৯ বছৰ বয়সত মুম্বাইৰ কোকিলাবেন হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

বঁটা-বাহন

অসামৰিক বঁটা

  • ২০১১- ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণ প্ৰদান৩

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • ২০১৪- দাদা চাহেব ফাল্কে বঁটা১৪
  • ১৯৯৪- মুহাফিজ (১৯৯৩) ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- বিশেষ জুৰী বঁটা- বিশেষ উল্লেখ (কাহিনী চিত্ৰ)
  • ১৯৮৬- নিউ দেলহী টাইমচ্ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • ১৯৭৯- জুনুন (১৯৭৮) ছবিৰ বাবে শ্ৰেষ্ঠ কাহিনী ছবিৰ (হিন্দী) ৰাষ্ট্ৰীয় বঁটা লাভ (প্ৰযোজক ৰূপে)

ফিল্মফেয়াৰ বঁটা

বিজয়ী

  • ২০১০- ফিল্মফেয়াৰ জীৱন জোৰা সাধনা বঁটা
  • ১৯৮২-কলয়ুগ (১৯৮০) ছবিৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ ছবি বঁটা
  • ১৯৮০- জুনুন (১৯৭৮) ছবিৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ ছবি বঁটা
  • ১৯৭৬- দীৱাৰ (১৯৭৫) ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা

বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টচ্ এচোছিয়েচন এৱাৰ্ডচ্

  • ১৯৮৮- নিউ দেলহী টাইমচ্ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ BFJA বঁটা১৫
  • ১৯৬৫- জব জব ফুল খিলে ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ BFJA বঁটা১৬

অন্যান্য সন্মান

  • ২০১১- মহম্মদ ৰফী বঁটা১৭
  • ২০০৯- ৭ম পুণে আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (PIFF) জীৱনজোৰা সাধনা বঁটা১৮
  • ২০০৯- একাদশ মুম্বাই চলচ্চিত্ৰ মহোৎসৱত (MFF) জীৱনজোৰা সাধনা বঁটা১৯২০

চলচ্চিত্ৰপঞ্জী

অভিনয়

  • আগ (১৯৪৮) – শিশুশিল্পী
  • আৱাৰা (১৯৫১)- শিশুশিল্পী
  • ধৰ্মপুত্ৰ (১৯৬১)- প্ৰথম প্ৰাপ্তবয়স্ক তচৰিত্ৰ
  • চাৰ দিৱাৰী (১৯৬১)
  • মেহেন্দী লগী মেৰে হাথ (১৯৬২)
  • প্ৰেমপত্ৰ (১৯৬২)
  • দ্য হাউচহোল্ডাৰ (১৯৬৩) – ইংৰাজী ছবি
  • জব সে তুমহে দেখা হ্যায় (১৯৬৩)
  • হোলীডে ইন বোম্বে (১৯৬৩)
  • বেনজীৰ (১৬৬৪)
  • ৱক্ট (১৯৬৫)
  • মোহব্বত ইচকো কেহতে হ্যায় (১৯৬৫)
  • শ্বেইকছপীয়েৰৱালা (১৯৬৫)- ইংৰাজী ছবি)
  • জব জব ফুল খিলে(১৯৬৫)- শ্ৰেষ্ঠ অভিনেতাৰ BFJA বঁটা
  • নিন্দ হামাৰী খুৱাব তুমহাৰী (১৯৬৬)
  • বিৰাদৰী (১৯৬৬)
  • প্যাৰ কিয়ে যা (১৯৬৬)
  • আমনে চামনে (১৯৬৭)
  • দিল নে পুকাৰা (১৯৬৭)
  • প্ৰীতি প’লী (১৯৬৭)- ইংৰাজী ছবি
  • হাচিনা মান জায়েগী (১৯৬৮)- দ্বৈত ভূমিকা
  • কন্যাদান (১৯৬৮)
  • প্যাৰ কা মৌচম (১৯৬৯)
  • এক শ্ৰীমান এক শ্ৰীমতী (১৯৬৯)
  • ৰাজা চাব (১৯৬৯)
  • অভিনেত্ৰী (১৯৭০)
  • বোম্বে টকী (১৯৭০)
  • বিক্ৰম (১৯৭০)- ইংৰাজী ছবি
  • চুহানা ছফৰ (১৯৭০)
  • মাই লভ (১৯৭০)
  • চৰ্মিলী (১৯৭১)
  • পতঙ্গ (১৯৭১)
  • সিদ্ধাৰ্থ (১৯৭২)- ইংৰাজী
  • আ গলে লগ যা (১৯৭৩)
  • নেইনা (১৯৭৩)
  • মিষ্টাৰ ৰোমিও (১৯৭৪)
  • বচন (১৯৭৪)
  • ৰোটি কপৰা ঔৰ মকান (১৯৭৪)
  • চোৰ মচায়ে শ্বোৰ (১৯৭৪)
  • দীৱাৰ (১৯৭৫)- সহযোগী শিল্পীৰ ফিল্মফেয়াৰ বঁটা
  • শলাখেঁ (১৯৭৫)
  • প্ৰেম কাহানী (১৯৭৫)
  • চোৰী মেৰা কাম (১৯৭৫)
  • কভি কভি (১৯৭৬)
  • বজৰঙ্গৱলী (১৯৭৬)
  • ফকিৰা (১৯৭৬)
  • নাচ উঠে সংসাৰ (১৯৭৬)
  • ফৰিষ্টা য়া কাটিল (১৯৭৭)
  • ইমান ধৰম (১৯৭৭)
  • শঙ্কৰ দাদা (১৯৭৭)
  • মুক্তি (১৯৭৭)
  • হীৰা ঔৰ পান্না (১৯৭৭)
  • চোৰ চিপাহী (১৯৭৭)
  • দুচৰা আদমী (১৯৭৭)
  • ত্ৰিশূল (১৯৭৮)
  • হীৰালাল পান্নালাল (১৯৭৮)
  • অপনা খুন (১৯৭৮)
  • সত্যম শিৱম সুন্দৰম (১৯৭৮)
  • জুনুন (১৯৭৮)- হিন্দী ভাষাৰ শ্ৰেষ্ঠ কাহিনী ছবি (প্ৰযোজক ৰূপে)
  • অমৰ শক্তি (১৯৭৮)
  • ফাঁচী (১৯৭৮)
  • মুকদ্দৰ (১৯৭৮)
  • তৃষ্ণা (১৯৭৮)
  • সুহাগ (১৯৭৯)
  • কালা পাত্থৰ (১৯৭৯)
  • দো ঔৰ দো পাঁচ (১৯৮০)
  • কালী ঘটা (১৯৮০)
  • কলয়ুগ (১৯৮০) শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটা (প্ৰযোজক ৰূপে)
  • চান (১৯৮০)
  • সয়ম্বৰ (১৯৮০)
  • ক্ৰোধী (১৯৮১)
  • ক্ৰান্তি (১৯৮১)
  • চিলচিলা (১৯৮১)
  • বসেৰা (১৯৮১)
  • মান গয়ে উস্তাদ (১৯৮১)
  • বিজেতা (১৯৮২)
  • নমক হলাল (১৯৮২)
  • সৱাল (১৯৮২)
  • হিট এণ্ড ডাষ্ট (১৯৮২)- ইংৰাজী ছবি
  • ঘুঙ্গুৰু (১৯৮৩)
  • বন্ধন কচ্চি ধাগে কা (১৯৮৩)
  • নিউ দেলহী টাইমচ (১৯৮৬)- শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় আৰু BFJA বঁটা
  • স্বাতী (১৯৮৬)
  • এক মে ঔৰ এক তু (১৯৮৬)
  • ইলজাম (১৯৮৬)
  • চাম্মী এণ্ড ৰোজী গেট লেইড (১৯৮৭)- ইংৰাজী ছবি
  • প্যাৰ কী জীত (১৯৮৭)
  • ইজাজত (১৯৮৭)
  • সিন্দুৰ (১৯৮৭)
  • দ্য ডিচিভাৰচ্ (১৯৮৮)- ইংৰাজী ছবি
  • ক্লাৰ্ক (১৯৮৯)
  • অকেলা (১৯৯১)
  • ইন কাষ্ট’ডী (১৯৯৩)- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বিশেষ জুৰা বঁটা/ বিশেষ উল্লেখ (কাহিনী চিত্ৰ)
  • গালিভাৰ ট্ৰেভেলচ্ (১৯৯৬) চুটি টিভি ধাৰাবাহিক
  • জিন্না (১৯৯৮)- ধাৰাভাষ্যকাৰ ৰূপত
  • চাইড ষ্ট্ৰিট (১৯৯৮)- ইংৰাজী ছবি

প্ৰযোজক

  • জুনুন (১৯৭৮)
  • কলযুগ (১৯৮০)
  • ৩৬ চৌৰঙ্গীলেন (১৯৮১)- ইংৰাজী ছবি
  • বিজেতা (১৯৮২)
  • উৎসৱ (১৯৮৪)
  • আজুবা (১৯৯১)

সহকাৰী পৰিচালক

  • পোষ্ট বক্স ৯৯৯ (১৯৫৮)
  • গেষ্ট হাউচ (১৯৫৯)
  • শ্ৰীমান সত্যবাদী (১৯৬০)
  • দুলহা দুলহন (১৯৬০)
  • মনোৰঞ্জন (১৯৭৪)
  • আজুবা (১৯৯১)

পৰিচালক

  • আজুবা (১৯৯১)
  • Vozvrashcheniye Bagdadskogo Vora (১৯৮৮)- ৰাচিয়ান ভাষাৰ ছবি

অধিক জানিবলৈ পঢ়ক

  • The Kapoors: The First Family of Indian Cinema, by Madhu Jain. Penguin, Viking, 2005. ISBN 0-670-05837-8.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Film Beat ''http://www.filmibeat.com/celebs/shashi-kapoor/biography.html/
  2. ↑ Shashi Kapoor Biography – Bollywood Actor
  3. ↑ Brajesh Mishra, Azim Premji, Montek in list of 128 Padma awardees. The Times Of India
  4. ↑ Actor Shashi Kapoor chosen for Dadasaheb Phalke Award for 2014. NetIndian
  5. ↑ Biography for Shashi Kapoor
  6. ↑ rediff.com, Movies: Profiling Shashi Kapoor: the icon of suave
  7. ↑ Shashi Kapoor-2
  8. ↑ Retiring Room: Shashi Kapoor – 5
  9. ↑ Biography
  10. ↑ m.indianexpress.com/picture-gallery/2326/9
  11. ↑ (16 July 2011). A quiet half century. The Hindu
  12. ↑ indiatoday.intoday.in/gallery/leading-ladies-of-
  13. ↑ [Sharmila Tagore and Shashi Kapoor – Their Movies Together]
  14. ↑ Shashi Kapoor chosen for the prestigious Dada Saheb Phalke Award. IBNLive
  15. ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. Bfjaawards.com
  16. ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. Bfjaawards.com
  17. ↑ 2011 Mohammed Rafi Awards. The Indian Express
  18. ↑ (9 January 2009). Hema Malini, Shashi Kapoor honored. Ibosnetwork.com
  19. ↑ (29 August 2009). Lifetime Achievement award at Mumbai Film Festival. Bollywood Hungama
  20. ↑ (28 August 2009). Shashi Kapoor to be feted at MAMI. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাদাদাচাহেব ফাল্কে বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীশ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শশী কাপুৰ” প্ৰবন্ধৰ সংশোধন ৪১৩৩৩৯ (২১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।