দীপিকা পাডুকন বা দীপিকা পাডুকনি (Deepika Padukone; জন্ম: ৫ জানুৱাৰী, ১৯৮৬) হ'ল এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক, যি হিন্দী চিনেমাত কাম কৰে। তেওঁ ভাৰতৰ এগৰাকী অন্যতম সৰ্বোচ্চ পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেত্ৰী। শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত তেওঁ তিনিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। এই দেশৰ সৰ্বাধিক জনপ্ৰিয় ব্যক্তিৰ তালিকাত তেওঁ স্থান লাভ কৰিছে। ২০১৮ চনত টাইম মেগাজিনে তেওঁক বিশ্বৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছিল।
দীপিকা প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ জী, কোপেনহেগেনত তেওঁ জন্ম হৈছিল আৰু বাংগালোৰত তেওঁ ডাঙৰ-দীঘল হৈছিল।১২৩ কৈশোৰতে তেওঁ ৰাষ্ট্ৰীয় স্তৰৰ বেডমিণ্টন খেলুৱৈ আছিল, কিন্তু ফেশ্বন মডেল হোৱাৰ ইচ্ছাৰে তেওঁ খেল এৰি ৰেম্পত খোজ পেলায়।৪ সোনকালেই তেওঁ সফলতাৰ মুখ দেখে আৰু মডেলিঙৰ সমান্তৰালকৈ চলচ্চিত্ৰত কাম কৰাৰ প্ৰস্তাৱ পায়।৫ ২০০৬চনত তেওঁ প্ৰথমখন চিনেমাত কাম কৰে। এইখন আছিল এখন কানাড়া ছবি য'ত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৬ ২০০৭চনত শ্বাহৰুখ খানৰ সৈতে তেওঁ ঔম শান্তি ঔম নামেৰে এখন হিন্দী ছবিত কাম কৰে।৭ এই চিনেমাত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ শিতানত ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০০৯চনত লভ আজ কাল চিনেমাত কৰা অভিনয়ৰ বাবে দীপিকাই প্ৰশংসা লাভ কৰে।
২০১২চনত ৰোমাণ্টিক কমেডি ককটেইলে তেওঁৰ কেৰিয়াৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় আৰু য়েহ জৱানী হ্যে দিৱানী, চেন্নাই এক্সপ্ৰেছ (২০১৩), হেপ্পী নিউ ইয়েৰ (২০১৪) আদি ৰোমাণ্টিক কমেডি ছবিত তেওঁ কৰা কাম প্ৰশংসিত হয়। বলিউদৰ নামকৰা প্ৰযোজক তথা পৰিচালক সঞ্জয় লীলা বাঞ্চালিৰ পিৰিয়দ ড্ৰামা বাজীৰাও মস্তানি (২০১৫) আৰু পদ্মাৱত (২০১৮)ৰ মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ইয়াৰ মাজতে ২০১৭চনত তেওঁ হলিউদৰ একচন ছবি 'এক্স এক্স এক্স: ৰিটাৰ্ণ অৱ জেণ্ডাৰ কেজ ছবিত ভিন ডিজেলৰ সৈতে অভিনয় কৰে। পাডুকনে পিকু (২০১৫) ছবিত কৰা এগৰাকী স্বাভিমানী আৰ্কিটেক আৰু সঞ্জয় লীলা বাঞ্চালিৰ গৌলিঅ' কে ৰাসলীলা ৰামলীলা (২০১৩) ছবিত জুলিয়েটৰ ওপৰত আধাৰিত এটি চৰিত্ৰত কৰা অভিনয়ৰ ববে সমালোচকৰ প্ৰশংসা লাভ কৰে। ২০১৮চনত তেওঁ নিজৰ প্ৰযোজনা কা প্ৰডাকচন আৰম্ভ কৰে আৰু এই প্ৰডাকচনৰ বেনাৰত চপ্পক নিৰ্মাণ কৰে। চপ্পক এচিড আক্ৰমণৰ পাছতো বাচি থকা এগৰাকী গাভৰুৰ কাহিনী, ইয়াত দীপিকাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
পাডুকন মুম্বাই একাডেমী অৱ মুভিং ইমেজৰ অংশীদাৰ আৰু লিভ লভ লাফ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা। লিভ লভ লাফ ফাউণ্ডেচনে ভাৰতত মানসিক স্বাস্থ্যৰ ওপৰত সচেতনতা বৃদ্ধিৰ বাবে কাম কৰি আছে। দীপিকাই নাৰীবাদ আৰু নিৰাশা আদি বিষয়ত সততে মাত মাতে, মঞ্চ অনুষ্ঠানত ভাগ লয়, কাকতৰ বাবে লিখে, মহিলাৰ বাবে এটা নিজৰ কাপোৰৰ ব্ৰেণ্ড ডিজাইন কৰে আৰু বিভিন্ন ব্ৰেণ্ড আৰু পণ্যৰ বিজ্ঞাপনত ভাগ লয়। তেওঁ সহ-অভিনেতা ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।
তথ্যসূত্ৰ
- ↑ (23 July 2012). Biography: Deepika Padukone. Hindustan Times
- ↑ Gupta, Priya. (8 April 2014). I don't have an issue marrying an actor: Deepika Padukone. The Times of India. Times News Network
- ↑ Baksi, Dibyojyoti. (13 June 2013). Shah Rukh Khan made Deepika Padukone learn Tamil. Hindustan Times
- ↑ Chowdary, Asha. (13 April 2004). Smash hit on the ramp. The Times of India
- ↑ (24 August 2006). The hottest heroine in Kannada cinema. Rediff.com
- ↑ Vijayasarathy, R.G. (14 March 2006). Meet Deepika Padukone. Rediff.com
- ↑ (10 December 2007). 'I was pulling SRK's hair out! '. Rediff.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপিকা পাডুকন” প্ৰবন্ধৰ সংশোধন ৩৯১২১২ (১১ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।