অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইৰফান খান

ইৰফান খান (Irrfan Khan; ৭ জানুৱাৰী ১৯৬৭ – ২৯ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে ব্ৰিটিছ আৰু হলিউডৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ প্ৰায় তিনি দশকজুৰি চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ আছিল। প্ৰায় ৫০খন ভাৰতীয় ছবিত তেওঁ অভিনয় কৰিছে।

হালনাগাদ: ৫ জুলাই ২০২৬ ১,৩৬৩ শব্দ · ৮ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ইৰফান খান (Irrfan Khan; ৭ জানুৱাৰী ১৯৬৭ – ২৯ এপ্ৰিল ২০২০)১ এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে ব্ৰিটিছ আৰু হলিউডৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।২৩ তেওঁ প্ৰায় তিনি দশকজুৰি চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ আছিল। প্ৰায় ৫০খন ভাৰতীয় ছবিত তেওঁ অভিনয় কৰিছে। কলাত্মক আৰু সুকীয়া অভিনয়শৈলীৰ বাবে তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা এচিয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ উপৰিও বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁৰ স্বাভাৱিক অভিনয়শৈলীৰ বাবে চলচ্চিত্ৰ সমালোচক সকলে তেওঁক ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা বুলি অভিহিত কৰে।৪৫ ২০১১ চনত ভাৰত চৰকাৰে কলাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৬

১৯৮৮ চনত অস্কাৰ বঁটালৈ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শিতানত মনোনীত মীৰা নায়াৰৰ 'চালাম বোম্বে'ত অভিনয়ৰ জৰিয়তে তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতলৈ পদাৰ্পণ কৰিছিল। তাৰপিছত তেওঁ কেইবাখনো চলচ্চিত্ৰৰ সৰু-সুৰা চৰিত্ৰত অভিনয় কৰিছিল যদিও নিজকে এগৰাকী সফল অভিনেতা হিচাপে উপস্থাপন কৰিবলৈ সক্ষম হোৱা নাছিল। তেওঁ ২০০৩ চনৰ 'হাছিল' আৰু ২০০৪ চনত মুক্তিপ্ৰাপ্ত 'মকবুল'ত কৰা অভিনয়ৰ বাবে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। 'মকবুল'ত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ ভিলেইনৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তাৰপিছত তেওঁ ২০০৭ চনত 'লাইফ ইন মেট্ৰ’' ছবিত অভিনয় কৰে আৰু এই ছবিখন তেওঁৰ জীৱনৰ অন্যতম উল্লেখযোগ্য ছবি হিচাপে পৰিগণিত হয়। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ২০১১ চনত তেওঁৰ ক্ৰীড়া আৰু জীৱনীমূলক ছবি 'পান সিং তোমাৰ'ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সমালোচকৰ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।৭ ২০১৩ চনত মুক্তি লাভ কৰা তেওঁ অভিনয় কৰা 'লাঞ্চবক্স' ছবিখনে ব্ৰিটিছ চলচ্চিত্ৰ আৰু টেলিভিছন একাডেমী বঁটালৈ মনোনীত হৈছিল। তাৰপিছত তেওঁ কেইবাখনো কলাত্মক আৰু বাণিজ্যিক ভাবে সফল ছবি যেনে 'হাইদৰ' (২০১৪), 'গুণ্ডে' (২০১৪), 'পিকু' (২০১৫) আৰু 'তালৱাৰ'ত (২০১৫) অভিনয় কৰে। তেওঁৰ আটাইতকৈ বেছি বাণিজ্যিক ভাবে সফল ছবি হাস্যব্যংগমূলক 'হিন্দী মিডিয়াম' ২০১৭ চনত মুক্তি লাভ কৰিছিল। ছবিখন ভাৰত আৰু চীনত চুপাৰহিট হয় আৰু ইয়াত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।

বৈশ্বিক চলচ্চিত্ৰত তেওঁ কেইবাখনো ব্ৰিটিছ আৰু হলিউদৰ ছবিত অভিনয় কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল 'দা ৱাৰিৱৰ' (২০০১), 'দ্য নেমচেক' (২০০৬), 'দা দাৰ্জিলিং লিমিটেড' (২০০৭), 'শ্লামডগ মিলিয়নাৰ' (২০০৮), 'নিউয়ৰ্ক, আই লাভ ইউ' (২০০৯), 'দা এমেজিং স্পাইদাৰমেন' (২০১২), 'লাইফ অৱ পাই' (২০১২), 'জুৰাচিক ৱৰ্ল্ড' (২০১৫) আৰু 'ইনফাৰ্ন’' (২০১৬)।

২০১৭ চনলৈ তেওঁৰ চলচ্চিত্ৰসমূহে বৈশ্বিক বক্স অফিচত ৩৬০ কোটি আমেৰিকান ডলাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনত তেওঁৰ দেহত নিউৰ'এণ্ড'ক্ৰাইন কৰ্কট ৰোগ ধৰা পৰে। ২০২০ চনৰ ২৯ এপ্ৰিল তাৰিখে ৫৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৮৯

প্ৰাৰম্ভিক জীৱন

১৯৬৭ চনৰ ৭ জানুৱাৰী তাৰিখে ৰাজস্থানৰ জয়পুৰত ইৰফান খানৰ জন্ম হৈছিল। তেওঁৰ পিতৃ য়াশ্বীন আলি খান আৰু মাতৃ ছৈয়দা বেগম খান। তেওঁলোকৰ টংক জিলাৰ খাজুৰিয়া গাঁৱত টায়াৰৰ ব্যৱসায় আছিল।১০১১১২১৩ ইৰফান আৰু তেওঁৰ প্ৰিয়বন্ধু সতীশ শৰ্মাই ক্ৰিকেট খেলি ভাল পাইছিল। ইৰফানক চি.কে. নাইডু টুৰ্ণামেণ্ট খেলিবলৈ বাছনি কৰা হৈছিল। ২৩ বছৰ বয়সৰ অনুৰ্ধ প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈসকলক প্ৰথম শ্ৰেণী ক্ৰিকেটলৈ বাছনি কৰিবলৈ এই টুৰ্ণামেণ্টত বাছনি কৰা হয়। কিন্তু অৰ্থৰ অভাৱত তেওঁ এই টুৰ্ণামেণ্টত যোগদান কৰিবলৈ সমৰ্থ হোৱা নাছিল।১৪

তেওঁ জয়পুৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তাৰপিছত অভিনয় শিক্ষা গ্ৰহণ কৰিবলৈ ১৯৮৪ চনত নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত যোগদান কৰে।১৫১৬

কৰ্মজীৱন

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি ইৰফান খানে মুম্বাইলৈ আহে। ইয়াত তেওঁ দূৰদৰ্শনৰ কেইবাটাও ধাৰাবাহিক যেনে: 'চাণক্য', 'ভাৰত এক খোজ', 'চাৰা জাহান হামাৰা', 'বনেগী আপনি বাত', 'চন্দ্ৰকান্তা', 'শ্ৰীকান্ত', 'অনুগুঞ্জ' আৰু ষ্টাৰ প্লাছৰ 'ষ্টাৰ বেষ্টচেলাৰ' আৰু 'স্পৰ্শ'ত অভিনয় কৰিছিল।১৭ ইয়াৰ আগতে তেওঁ দূৰদৰ্শনৰ 'লাল ঘাঁছ পৰ নীলে ঘোঁৰে' নামৰ টেলিনাটকত লেনিনৰ চৰিত্ৰত অভিনয় কৰিছিল।১৮ এই নাটকখন মিখেইল ছাত্ৰভৰ ৰুছিয়ান নাটক এখনৰ আধাৰত উদয় প্ৰকাশে নিৰ্মাণ কৰিছিল।১৯ ষ্টাৰ প্লাছত প্ৰচাৰিত ধাৰাবাহিক 'ডৰ'ত তেওঁ কে কে মেননৰ বিপৰীতে খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।১৯ ইয়াৰ লগতে তেওঁ আলি ছাদাৰ জাফৰিৰে প্ৰযোজনা কৰা নাটক 'কহকছন'ত বিখ্যাত বিপ্লৱী উৰ্দু কবি আৰু মাৰ্ক্সবাদী ৰাজনৈতিক কৰ্মী মাখদুম মহিউদ্দীনৰ চৰিত্ৰত অভিনয় কৰিছিল।১৯

১৯৮৮ চনত অস্কাৰ বঁটালৈ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শিতানত মনোনীত মীৰা নায়াৰৰ 'চালাম বোম্বে'ত অভিনয়ৰ জৰিয়তে তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতলৈ পদাৰ্পণ কৰিছিল। ইয়াত তেওঁ এটি সৰু চৰিত্ৰত অভিনয় কৰিছিল। তাৰ পিছত তেওঁ ১৯৮৯ চনত ৰূপা গাংগুলিৰ বিপৰীতে বসু চেটেৰ্জিৰ ছবি 'কমলা কি মৌত'ত অভিনয় কৰে।২০

১৯৯০ৰ দশকত তেওঁ 'এক ডাক্তৰ কি মৌত' আৰু 'চাচ্ছ এ লং জাৰ্নি'ত অভিনয় কৰিছিল যদিও তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ অক্ষম হ'ল।২১ ১৯৯৩-৯৪ চনত দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হোৱা 'মৃত্যুঞ্জয়' নামৰ হিন্দী ধাৰাবাহিকখনত ইৰফান খানে ধনপুৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিল। জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয় শীৰ্ষক অসমীয়া ভাষাৰ উপন্যাসখনৰ আধাৰত এই ধাৰাবাহিকখন নিৰ্মাণ কৰা হৈছিল। ধাৰাবাহিকখনৰ পৰিচালক আছিল চাৰুকমল হাজৰিকা।২২ ১৯৯৮ চনত তেওঁ সঞ্জয় খানৰ ধাৰাবাহিক 'জয় হনুমান'ত দস্যু ৰত্নাকৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। কেইবাখনো অসফল ছবিৰ পিছত তেওঁ ২০০১ চনত লণ্ডনৰ চলচ্চিত্ৰ নিৰ্মাতা আছিফ কপাডিয়াৰ ঐতিহাসিক ছবি 'ৱাৰিৱৰ'ত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ লাভ কৰে।২১

২০০৩ আৰু ২০০৪ চনৰ ভিতৰত তেওঁ অশ্বিন কুমাৰৰ চুটিছবি 'ৰোড টু লাদাখ'ত অভিনয় কৰে আৰু এই ছবিখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমাদৃত হয়।২৩ পিছলৈ ছবিখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ বনোৱা হয়।২৪ একে বছৰে তেওঁ ৱিলিয়াম শ্বেইক্সপিয়াৰৰ 'মেকবেথ' নাটকৰ চলচ্চিত্ৰ ৰূপায়ণ 'মকবুল'ত অভিনয় কৰে।২৫ ২০০৫ চনৰ বলিউডৰ 'ৰোগ' ছবিত তেওঁ মুখ্য চৰিত্ৰ ৰূপায়ণ কৰে।২৬তাৰপিছত তেওঁ কেইবাখনো ছবিৰ মুখ্য চৰিত্ৰ বা সহযোগী চৰিত্ৰ আৰু ভিলেইনৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। ২০০৪ চনত তেওঁ 'হাছিল' ছবিৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ ভিলেইনৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।২৭ ইয়াৰ লগতে তেওঁ তেলুগু ছবি 'চেইনিকুদু'টো অভিনয় কৰিছিল।২৮

ছবিৰ প্ৰিমীয়াৰত অভিনেত্ৰী টাবুৰ সৈতে ইৰফান খান]]

২০০৭ চনত তেওঁ 'লাইফ ইন এ... মেট্ৰ’' ছবিত অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তাৰপিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় ছবি 'দ্য নেমচেক', 'দা দাৰ্জিলিং লিমিটেড' আৰু 'দা দাৰ্জিলিং লিমিটেড'ত অভিনয় কৰে।২৯ তেওঁ ২০০৬ চনত ষ্টাৰ ওৱানৰ ধাৰাবাহিক 'মান’ য়া নামান’' আৰু 'ক্যা কহে'ৰ সূত্ৰধাৰ আছিল।৩০ ২০০৮ চনত আৰ্টছ এলাইন্স প্ৰডাক্টছনৰ 'আইডি-আইডেন্তি অফ দা চউল'ৰ ব্যাখ্যাকাৰ হিচাপে বিশ্বজুৰি ভ্ৰমণ আৰু প্ৰদৰ্শনৰ সুযোগ পায়। তেওঁ কেইবাটাও শিতানত অস্কাৰ বঁটা বিজয়ী 'শ্লামডগ মিলিয়নাৰ'ত আৰক্ষী বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ইয়াৰ বাবে তেওঁ ষ্টাৰ গিল্ড বঁটা লাভ কৰিছিল।৩১ ২০০৯ চনত তেওঁ 'এচিড ফেক্টৰী'ত অভিনয় কৰে।৩২ তেওঁ ২০০৯ চনৰ ছবি 'নিউয়ৰ্ক'ত এফবিআই এজেণ্ট আৰু 'নিউয়ৰ্ক, আই লাভ ইউ'ত গুজৰাটী ব্যৱসায়ীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১১ চনত তেওঁৰ ক্ৰীড়া আৰু জীৱনীমূলক 'ছবি পান সিং তোমাৰ'ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সমালোচকৰ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।৭

২০১০ চনত তেওঁ এইছবিঅ'ৰ ধাৰাবাহিক 'ইন ট্ৰিটমেণ্ট'ত অভিনয় কৰে।৩৩ আকৌ ২০১২ চনত 'দা এমেজিং স্পাইদাৰমেন'ত ডাঃ ৰাজিত ৰথৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।৩৪ তেওঁ অস্কাৰ বঁটা বিজয়ী আং লীৰ 'লাইফ অৱ পাই'ত ডেকা পাইৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৩ চনত মুক্তি লাভ কৰা তেওঁ অভিনয় কৰা 'লাঞ্চবক্স' ছবিখনে ব্ৰিটিছ চলচ্চিত্ৰ আৰু টেলিভিছন একাডেমী বঁটালৈ মনোনীত হৈছিল। এই ছবিখনে ক্যা চলচ্চিত্ৰ মহোৎসৱত গ্ৰেণ্ড ৰেইল ডৰ বঁটা লাভ কৰিছিল।৩৫

২০১৪ চনত তেওঁৰ ছবি 'গুণ্ডে' মুক্তি লাভ কৰে। ইয়াৰ লগতে তেওঁক 'এক্সপজ' ছবিত দেখা গৈছিল। তেওঁ 'হাইদৰ' ছবিৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৫ চনত তেওঁ অমিতাভ বচ্চন আৰু দীপিকা পাডুকনৰ সৈতে 'পিকু' ছবিত অভিনয় কৰে। একে বৰ্ষতে তেওঁৰ ইংৰাজী ছবি 'জুৰাচিক ৱৰ্ল্ড' মুক্তি লাভ কৰে। একেবছৰে তেওঁ 'তালৱাৰ'ত অভিনয় কৰিছিল। তাৰপিছত তেওঁ ঐশ্বৰ্য ৰায়ৰ বিপৰীতে 'জাজবা' ছবিত অভিনয় কৰে। ২০১৬ চনত ডেন ব্ৰাউনৰ উপন্যাসৰ আধাৰত ৰবাৰ্ট লেংডনে নিৰ্মাণ কৰা 'ইনফাৰ্ন’'ত তেওঁ অভিনয় কৰিছিল।৩৬

২০১৭ চনত আটাইতকৈ বেছি বাণিজ্যিক ভাবে সফল ছবি হাস্যব্যংগমূলক 'হিন্দী মিডিয়াম' মুক্তি লাভ কৰিছিল। ছবিখন ভাৰত আৰু চীনত চুপাৰহিট হয় আৰু ইয়াত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। একেবছৰে তেওঁৰ 'কৰিব কৰিব ছে' ছবিও মুক্তি লাভ কৰিছিল।৩৭৩৫ ২০১৭ চনত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰা বাংলাদেশী ছবি 'ন বেড অফ ৰজেছ' মুক্তি লাভ কৰে।৩৮৩৯ ২০১৮ চনত তেওঁ 'কাৰৱাঁ' আৰু 'ব্লেকমেইল' ছবিত অভিনয় কৰে।৪০৪১

তেওঁৰ শেষ ছবি ২০২০ চনৰ ১৩ মাৰ্চত মুক্তি লাভ কৰা হমি আদাজানীয়াৰ 'অংৰেজি মিডিয়াম'। ইয়াত তেওঁ কৰিণা কাপুৰ খান, ৰাধিকা মাদান আৰু দীপক দৱৰীয়ালৰ লগত অভিনয় কৰিছিল।৪২

চলচ্চিত্ৰপঞ্জী

তেওঁ কেইবাখনো ভাৰতীয় ছবিত অভিনয় কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:

  • 'হাছিল' (২০০৩)
  • 'মকবুল' (২০০৪)
  • 'লাইফ ইন মেট্ৰ’' (২০০৭)
  • 'পান সিং তোমাৰ' (২০১১)
  • 'লাঞ্চবক্স' (২০১৩)
  • 'হাইদৰ' (২০১৪)
  • 'গুণ্ডে' (২০১৪)
  • 'পিকু' (২০১৫)
  • 'তালৱাৰ' (২০১৫)
  • 'হিন্দী মিডিয়াম' (২০১৭)

বৈশ্বিক চলচ্চিত্ৰত তেওঁ কেইবাখনো ব্ৰিটিছ আৰু হলিউদৰ ছবিত অভিনয় কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:

  • 'দা ৱাৰিৱৰ' (২০০১),
  • 'দ্য নেমচেক' (২০০৬),
  • 'দা দাৰ্জিলিং লিমিটেড' (২০০৭),
  • 'শ্লামডগ মিলিয়নাৰ' (২০০৮),
  • 'নিউয়ৰ্ক, আই লাভ ইউ' (২০০৯),
  • 'দা এমেজিং স্পাইদাৰমেন' (২০১২),
  • 'লাইফ অৱ পাই' (২০১২),
  • 'জুৰাচিক ৱৰ্ল্ড' (২০১৫) আৰু
  • 'ইনফাৰ্ন’' (২০১৬)।

অন্যান্য কৰ্মৰাজি

২০১৫ চনৰ ছেপ্টেম্বৰ মাহৰ তেওঁ ৰাজস্থান চৰকাৰৰ "'Resurgent Rajasthan'" কেম্পেইনৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নিযুক্ত হয়।৪৩ তেওঁ জয়পুৰৰ বিধানসভা পথত অৱস্থিত ভাৰতীয় সেনাৰ যুদ্ধস্মৃতিক্ষেত্ৰৰ পোহৰ আৰু শব্দ অনুষ্ঠানৰ বাবে তেওঁৰ কণ্ঠ বাণীবন্ধন কৰিছে। এই অনুষ্ঠানত ৰাজস্থানী সেনাৰ ঐতিহাসিক আৰু আধুনিক কালৰ যুদ্ধত জয়ী হোৱা শৌৰ্য-বীৰ্য আৰু বিক্ৰমক প্ৰদৰ্শন কৰা হয়।৪৪

বঁটা-সন্মান

প্ৰতিভা পাটিলৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰা অৱস্থাত ইৰফান খান]]

২০১১ চনত ভাৰত চৰকাৰে কলা ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৬ তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা এছিয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটা শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ উপৰিও বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁ লাভ কৰা উল্লেখযোগ্য বঁটা সমূহ হ'ল:

চনচলচ্চিত্ৰবঁটাশ্ৰেণীফলাফলউৎস
২০০৪'হাছিল'ফিল্মফেয়াৰ বঁটাঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা৪৫
২০০৮'লাইফ ইন এ... মেট্ৰ’'ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ সহযোগী অভিনেতা৪৫
২০১১পদ্মশ্ৰীকলা৪৬
২০১৩'পান সিং তোমাৰ'ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেতা৪৭
ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ অভিনেতা৪৮
সমচলোচকৰ শ্ৰেষ্ঠ অভিনেতা৪৫
২০১৮'হিন্দী মিডিয়াম'ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ অভিনেতা৪৯
সমালোচকৰ শ্ৰেষ্ঠ অভিনেতা৫০

ব্যক্তিগত জীৱন

১৯৯৫ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহপাঠী সূতাপা চিকদাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুগৰাকী পুত্ৰ বাবিল আৰু অয়ন।

অসুস্থতা আৰু মৃত্যু

২০১৮ চনত ফেব্ৰুৱাৰী মাহত তেওঁ নিউৰ'এণ্ড'ক্ৰাইন টিউমাৰ নামৰ বিৰল প্ৰকাৰৰ কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। ১৬ মাৰ্চ তাৰিখে তেওঁ এই কথা ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল। তাৰপিছত তেওঁ চিকিৎসাৰ বাবে লণ্ডনলৈ গৈছিল।৫১৫২৫৩

২০২০ চনৰ ২৮ এপ্ৰিলত তেওঁ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বাণী হস্পিটেলত ভৰ্তি হয়। ইয়াত তেওঁৰ বৃহদান্ত্ৰৰ কলন ভাগৰ সংক্ৰমণৰ চিকিৎসা আৰম্ভ কৰা হৈছিল। পিছদিনা অৰ্থাৎ ২৯ এপ্ৰিল তাৰিখে ৫৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ চাৰি দিন আগতে মাতৃ ছৈয়দা বেগম খানৰ মৃত্যু হৈছিল।৫৪৫৫ তেওঁৰ মৃত্যুত চলচ্চিত্ৰ জগতৰ বহুতো তাৰকা আৰু ৰাজনৈতিক নেতাই শোক প্ৰকাশ কৰে।৫৬৫৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (29 April, 2020). Irrfan Khan, actor extraordinaire and India's face in the West, dies at 54. Hindustan Times
  2. ↑ Irfan drops 'Khan. News.avstv.com
  3. ↑ Jha, Subhash K. (7 March 2012). Irrfan drops his surname Khan. Mid-day.com
  4. ↑ Anderson, Ariston. (10 December 2014). 'Jurassic World' Actor Irfan Khan on Upcoming Film: "It Will Be Like a Scary Adventure". The Hollywood Reporter
  5. ↑ Iqbal, Nosheen. (25 July 2013). Irrfan Khan: 'I object to the term Bollywood'. the Guardian
  6. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  7. ↑ 60th National Film Awards Announced. Press Information Bureau (PIB), India
  8. ↑ France, Lisa Respers. 'Life of Pi' star Irrfan Khan reveals he has a rare tumor. CNN
  9. ↑ (2018-03-16). Life of Pi actor has rare tumour. BBC News
  10. ↑ (14 February 2009). Cutting across roles. The Hindu
  11. ↑ O'Connor, Ashling. (27 March 2007). From Bollywood to Boston. Times Online
  12. ↑ Irrfan Khan to make a film on his father. Bangalore Mirror
  13. ↑ Irrfan's mother Saeeda Begum dies in Jaipur. India Today
  14. ↑ Abish Mathew. (2017-11-10). Son Of Abish feat. Vir Das & Irrfan Khan
  15. ↑ Irrfan Khan's fond memoir from National School of Drama - Times of India ►. The Times of India
  16. ↑ (2010-02-06). Together after 22 years. The Himalayan Times
  17. ↑ Irrfan Khan passes away at 53; here's looking at the popular shows he has done on television - Times of India. The Times of India
  18. ↑ The actor for all seasons. www.telegraphindia.com
  19. ↑ (2020-04-29). Darr. The Times of India
  20. ↑ Ramnath, Nandini. (29 April 2020). Irrfan (1967-2020): A powerhouse talent gone too soon. Scroll.in
  21. ↑ (23 April 2004). I now see myself in new light: Irfan Khan. IndiaGlitz
  22. ↑ (২৯ এপ্ৰিল ২০২০). ইৰফান খানৰ অসম সংযোগ! 'মৃত্যুঞ্জয়' ধাৰাবাহিকত কৰিছিল অভিনয়. নিউজ ১৮ অসম নৰ্থ ইষ্ট
  23. ↑ Kalla, Avinash. (March 2003). On the High Road To Ladakh. The-south-asian.com
  24. ↑ Pais, Arthur J. (7 November 2003). Irfan Khan goes to Hollywood. Rediff
  25. ↑ Chhabra, Aseem. (2020-04-29). Irrfan Khan landed the role of Maqbool after Naseeruddin Shah vetoed Kamal Haasan. ThePrint
  26. ↑ Movie Review of Rog – Irfaan bangs into commercial cinema too – Bollywood Articles. SmasHits.com
  27. ↑ (16 May 2003). 'Haasil' is not for everybody. Rediff.com
  28. ↑ ChennaiApril 29, India Today Web Desk; April 29, 2020UPDATED:; Ist, 2020 15:27. Mahesh Babu on Sainikudu co-star Irrfan's demise: Brilliant actor gone too soon. India Today
  29. ↑ Padma Shri Irrfan Khan passes away at 54: Here are some of his most iconic performances. Moneycontrol
  30. ↑ Salaam Bombay! to Angrezi Medium: Irrfan Khan's legacy of modern classics. www.businesstoday.in
  31. ↑ (15 February 2010). Keeping It Real. Time
  32. ↑ I want to do more and more of action films
  33. ↑ In Treatment - Sunil. HBO
  34. ↑ Bhushan, Nyay. (28 June 2012). 'The Amazing Spider-Man' Gets Widest-Ever India Release for A Hollywood Film. The Hollywood Reporter
  35. ↑ Hindi Medium records higher box office opening than Dangal, Bajrangi Bhaijaan in China; Irrfan's highest grosser worldwide. Firstpost
  36. ↑ Singh, Prashant. (15 February 2015). Irrfan Khan to work with Tom Hanks in Inferno. Hindustan Times
  37. ↑ (21 January 2018). 63rd Jio Filmfare Awards 2018: Complete winners' list. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  38. ↑ (4 November 2017). 'Doob': Stunning flow of crafted images - The Statesman. thestatesman.com
  39. ↑ (2017). Irrfan Khan Movie Box Office Results. Box Office Mojo
  40. ↑ Karwaan Review {3.5/5}: Brilliant performances by Dulquer and Irrfan
  41. ↑ Blackmail Movie Review: Irrfan Khan Suffers Through A Messy And Mediocre Film. NDTV.com
  42. ↑ (23 Jan 2018). Irrfan Khan and Dulquer Salmaan starrer Karwan to release on June 1. Bollywood Hungama
  43. ↑ (8 September 2015). Local boy Irfan in Jaipur as a face of Resurgent Rajasthan. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  44. ↑ (2015-10-28). Irrfan Khan is the face of a special campaign for Rajasthan
  45. ↑ Irrfan Khan passes away. filmfare.com
  46. ↑ (29 April 2020). Obituary: Irrfan Khan. BBC News
  47. ↑ DelhiMarch 18, IANS New; March 19, 2013UPDATED; Ist, 2013 11:06. Paan Singh Tomar wins big at National Awards. India Today
  48. ↑ 58th Idea Filmfare Awards nominations are here!. filmfare.com
  49. ↑ Filmfare Award 2018 Winners - List of Filmfare Award Winners. filmfare.com
  50. ↑ Filmfare Awards 2018 Nominations · 63rd Filmfare Awards 2018. filmfare.com
  51. ↑ (2018-03-16). Irrfan Khan has neuroendocrine tumour, is travelling abroad for treatment. hindustantimes.com/
  52. ↑ Irrfan Khan, battling cancer in London, updates Twitter profile image
  53. ↑ Actor Irrfan dies at 53 in Mumbai after two-year battle with cancer. India Today
  54. ↑ Actor Irrfan Khan Passes Away
  55. ↑ (25 April 2020). Irrfan's mother Saeeda Begum dies in Jaipur. India Today
  56. ↑ 'Left too soon': Tributes pour in on social media as Irrfan Khan passes away
  57. ↑ (29 April 2020). Irrfan Khan, actor of 'Maqbool' and 'Angrezi Medium', passes away at 53; tributes pour in. The Economic Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাচলচ্চিত্ৰ প্ৰযোজকপদ্মশ্ৰী বঁটা বিজয়ীশ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰফান খান” প্ৰবন্ধৰ সংশোধন ৬১৫৮৯৪ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।