আন্না হাজাৰে (Anna Hazare; জন্ম: ১৫ জুন, ১৯৪০) হ'ল ভাৰতৰ সমাজ সংস্কাৰক। তেওঁৰ প্ৰকৃত নাম কিচান বাবুৰাও হাজাৰে (Kisan Baburao Hazare)। তেওঁ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰ জিলাৰ ৰালেগন সিদ্ধি গাঁৱৰ উন্নয়ন কাৰ্যসূচীৰ কাৰণে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। আনাৰ কাৰণেই এই গাঁৱখনে এখন আদৰ্শ গাঁও হিচাপে পৰিচয় লাভ কৰিছিল। এই কামৰ স্বীকৃতিৰ বাবে তেওঁক ১৯৯২ চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। ২০১১ চনৰ ৫ এপ্ৰিলৰ পৰা তেওঁ চৰকাৰী কাৰ্যলয়ত আৰু সমাজৰ পৰা দুৰ্নীতি নিৰ্মুলৰ কাৰণে জন লোকপাল বিল আইনৰূপে বলবৎ কৰাৰ কাৰণে আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰে।
জীৱন
মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ভিঙ্গাৰ গাঁৱৰ এক দৰিদ্ৰ পৰিয়ালত আন্না হাজাৰেৰ জন্ম হয়।১ তেওঁৰ দেউতাকৰ নাম আছিল বাবুৰাও হাজাৰে আৰু মাতৃৰ নাম লক্ষ্মীবাই। আৰ্থিক দুৰ্বলতাৰ কাৰণে তেওঁ সপ্তম শ্ৰেণীতকৈ বেছি পঢ়িব পৰা নাছিল।
সামৰিক সেৱা
আন্না হাজাৰে ভাৰতীয় সেনাবাহিনীত ড্ৰাইভাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়তে তেওঁ স্বামী বিবেকানন্দ, মোহনদাস কৰমচান্দ গান্ধী আৰু বিনোৱা ভাৱেৰ গ্ৰন্থাৱলী অধ্যয়ন কৰে আৰু তেওঁলোকৰ দৰ্শনৰ প্ৰতি আকৃষ্ট হয়। ১৯৭০ চনৰ সময় চোৱাত তেওঁ গাড়ী চলোৱাৰ সময়ত দুৰ্ঘটনাত আহত হয়।২
সামাজিক কৰ্ম
১৯৭৫ চনত সেনাবাহিনীৰ পৰা স্বইচ্ছাৰে তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু নিজৰ গাঁৱলৈ ঘূৰি আহে। প্ৰথমতে তেওঁ গাঁৱৰ পৰা সুৰা নিবাৰণৰ কাৰণে আন্দোলন কৰে। তাৰপিছত তেওঁ গাঁৱৰ মানুহৰ মাজত নিজৰ পৰিশ্ৰমৰ মূল্য সম্পৰ্কে সজাগতা আনে আৰু গাঁৱত পানীৰ সমস্যা নিবাৰণৰ কাৰণে বিভিন্ন পানী যোগান প্ৰকল্পৰ সৃষ্টি কৰে। যাৰ ফলত গাঁৱত পানীৰ সমস্যা নাইকিয়া হয়। তেওঁ গাঁৱৰ মানুহৰ শ্ৰমেৰেই মাধ্যমিক বিদ্যালয় পৰ্যন্ত গঢ়ি তোলে।
১৯৯৮ চনত মহাৰাষ্ট্ৰৰ শিৱসেনা-বিজেপি চৰকাৰৰ সমাজকল্যাণ মন্ত্ৰী বাবানৰাও গোলাপে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিয়ে। পুলিচে আন্না হাজাৰেক গ্ৰেপ্তাৰ কৰে। কিন্তু শেষত ৰাইজৰ অসন্তুষ্টিত হাৰ মানি মুকলি কৰি দিয়ে।৩
জন লোকপাল বিল আন্দোলন
২০১১ চনত আন্না হাজাৰে ভাৰতৰ সংসদত অধিক শক্তিশালী দুৰ্নীতি-বিৰোধী লোকপাল বিল পাছ কৰাৰ কাৰণে আন্দোলন আৰম্ভ কৰে। এই আন্দোলনৰ অংশ হিচাপে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি তথা কৰ্ণাটকৰ লোকায়ুক্ত এন সন্তোষ হাগৰে, উচ্চতম ন্যায়ালয়ৰ প্ৰবীণ আইনজীবী প্ৰশান্ত ভূষণ আৰু ইণ্ডিয়া এগেইনষ্ট ক'ৰাপশ্বন আন্দোলনৰ অন্যান্য সদস্য মিলি এটা বিকল্প খচৰা প্ৰস্তুত কৰে। এই বিলখনৰ নাম দিয়া হৈছে জন লোকপাল বিল। পূৰ্বৰ লোকপাল বিলতকৈ এই বিলখনত অধিক ক্ষমতা দিয়াৰ দাবি কৰা হৈছে।
২০১১ চনৰ ৫ এপ্ৰিলৰ পৰা হাজাৰে দিল্লীৰ যন্তৰ মন্তৰত আমৰণ অনশন আৰম্ভ কৰে। গণমাধ্যমসমূহত এই কথা প্ৰচাৰ হোৱাত সমাজৰ সকলো শ্ৰেণীৰ মানুহে তেওঁৰ আন্দোলনলৈ সমৰ্থন আগবঢ়াই। পিছলৈ মেধা পাটকৰ, অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন আইপিএচ বিষয়া কিৰণ বেদীয়েও হাজাৰেৰ অনশন আৰু দুৰ্নীতি-বিৰোধী আন্দোলনলৈ সমৰ্থন আগবঢ়াই আন্দোলনত যোগ দিয়ে।
পুৰস্কাৰ আৰু সন্মান
- ১৯৮৬ – ইন্দিৰা প্ৰিয়দৰ্শনি বৃক্ষমিত্ৰ পুৰস্কাৰ (ভাৰত চৰকাৰ)
- ১৯৮৯ – কৃষিভূষণ পুৰস্কাৰ (মহাৰাষ্ট্ৰ চৰকাৰ)
- ১৯৯০ – পদ্মশ্ৰী (ভাৰত চৰকাৰ)
- ১৯৯২ – পদ্মভূষণ (ভাৰত চৰকাৰ)
- ২০০৮ – বিশ্ববেংক জিত গিল স্মৃতি পুৰস্কাৰ (অসামান্য জনসেৱাৰ কাৰণে)
বহিঃসংযোগ
- Anna Hazare's Website
- A successful case of participatory watershed management at Ralegan Siddhi Village in, Maharastra, India
- India Against Corruption
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ Seabrook, Jeremy. Victims of Development: Resistance and Alternatives. Verso. পৃ. 109-17. ISBN 0-86091-385-6
- ↑ Anna Hazare's arrest. Anna Hazare's arrest
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্না হাজাৰে” প্ৰবন্ধৰ সংশোধন ৬১৬৯৩৮ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।