মঞ্জু বৰা (Manju Borah)অসমৰ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালক আৰু গল্পকাৰ। তেওঁ উৎকৃষ্ট চলচ্চিত্ৰ পৰিচালনাৰ বাবে ইতিমধ্যে ভালেসংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তদুপৰি তেওঁ ইণ্ডিয়ান পেনোৰোমা, এই এফ এফ আই, ২০০৭, দশম মামি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (10th MAMI International Film Festival 2008), সপ্তম এছিয়ান চলচ্চিত্ৰ মহোৎসৱ (3rd Eye 7th Asian Film Festival Mumbai 2008), ৫৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (55th National Film Awards for 2007 (Feature Films) Delhi) আদিত জুৰি মেম্বাৰ হিচাপে অৱদান আগবঢ়াইছে। ১
কৰ্মজীৱন
মঞ্জু বৰাই তেওঁৰ প্ৰথম চলচ্চিত্ৰ ' বৈভৱ' ৰে ১৯৯৯ চনত চলচ্চিত্ৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। এই চলচ্চিত্ৰখনে ২০০০ চনত অনুষ্ঠিত হোৱা ৪৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (47th National Film Festival) ত বিচাৰক মণ্ডলীৰ বিশেষ বঁটা (Juries Special Mention) লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি বৈভৱৰ বাবে মঞ্জু বৰাই চেন্নাইত ১৯৯৯ চনত শ্ৰেষ্ঠ নৱতম পৰিচালক (Gollapudi Srinivas Award for Best Debut Director)ৰ বঁটা লাভ কৰে।
পৰৱৰ্ত্তী কালত মঞ্জু বৰাই 'অন্য এক যাত্ৰা' (২০০১), আকাশীতৰাৰ কথাৰে (২০০২),লাজ (২০০৪), জয়মতী (২০০৬), 'আই ক'ত নাই' আদি চলচ্চিত্ৰ পৰিচালনা কৰে। ২
অৱদান
চলচ্চিত্ৰ
| বৰ্ষ | নাম | ইংৰাজী নাম | ভাষা |
|---|---|---|---|
| ১৯৯৯ | বৈভৱ | A Scam in Verse | অসমীয়া৩ |
| ২০০১ | অন্য এক যাত্ৰা | অসমীয়া | |
| ২০০৩ | আকাশীতৰাৰ কথাৰে | A Tale Told Thousand Times | অসমীয়া |
| ২০০৪ | লাজ | Shame | অসমীয়া৪ |
| ২০০৬ | জয়মতী | The Saviour | অসমীয়া৫ |
| ২০০৮ | আই ক'ত নাই | Ma | অসমীয়া |
| ২০১২ | ক: য়াদ | A Silent Way | মিচিং |
| ২০১৫ | ডাও হুদুনি মেথাই | Song of the Horned Owl | বড়ো৬ |
বঁটা আৰু সন্মান
- শ্ৰেষ্ঠ নৱতম পৰিচালকৰ বাবে গ'লাপুড়ি শ্ৰীনিবাস বঁটা Gollapudi Srinivas Award (২০০০)
- ৪৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (47th National Film Festival) ত 'বৈভৱ' চলচ্চিত্ৰৰ বাবে বিচাৰক মণ্ডলীৰ বিশেষ বঁটা (Juries Special Mention)৭
- ৫১ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ( 51st National Film Fesival) ত 'আকাশীতৰাৰ কথাৰে' চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা (Best Feature Film in Assamese)
- ২০০৮ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'আই ক'ত নাই' চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা৮
- ২০১২ চনত মুম্বাইত অনুষ্ঠিত Third Eye Asian Film Festival ত সত্যজিত ৰায় স্মাৰক বঁটা৯
- ২০১২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মিচিং চলচ্চিত্ৰ ক: য়াদ-ৰ বাবে ৰষ্ট্ৰীয় বঁটা১০
- ৬৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ডাও হুদুনি মেথাই-ৰ বাবে বড়ো ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজতকমল বঁটা১১
বাহ্যিক সংযোগ
- An Interview with Manju Borah at tirbhumi.com.
- Manju Bora’s New Film in Mising
তথ্যসূত্ৰ
- ↑ Manju Borah - Assamese Filmmaker. Onlinesivasagar.com
- ↑ আৰ্কাইভ কপি
- ↑ Assamese Cinema: Glorious past, crisis-ridden present - Rupraj Sarmah. The Sunday Indian
- ↑ Welcome to rupaliparda:Manju Borah's Laaj for LFF 2013. Rupaliparda.com
- ↑ Bipuljyoti Saikia. Bipuljyoti Saikia's Home Page: Cinema & Stage - Joymoti. Oocities.org
- ↑ (2 November 2015). Don’t think my film will make it to theatres: Manju Borah. Indian Express. IANS
- ↑ TI Trade. Assam Tribune online. Assamtribune.com
- ↑ An Aamir can do the trick: Manju Bora. The Daily Telegraph
- ↑ Welcome to rupaliparda:Satyajit Rai Award to Manju Borah. Rupaliparda.com
- ↑ 60th National Film Awards Announced. Press Information Bureau (PIB), India
- ↑ (28 March 2016). 63rd National Film Awards. Directorate of Film Festivals
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঞ্জু বৰা” প্ৰবন্ধৰ সংশোধন ৫৩৯৩৪৯ (১৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।