য়শ ৰাজ ফিল্মছ হৈছে য়শ চোপ্ৰাৰ১ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতৰ এটা মনোৰঞ্জক কোম্পানী। য়শ চোপ্ৰাৰ পুত্ৰ আদিত্য চোপ্ৰাইও এই বেনাৰৰ অধীনত বোলছবি প্ৰযোজনা কৰে।২৩৪
প্ৰাৰম্ভিক বৰ্ষ
পোনপ্ৰথমে য়শ চোপ্ৰাই তেওঁৰ ভাতৃ বি আৰ চোপ্ৰাৰ প্ৰযোজনা সংস্থা, বি আৰ ফিল্মছৰ অধীনত ৫ খনকৈ সফল বোলছবি পৰিচালনা কৰিছিল আৰু পৰিচালক হিচাপে থকা তেওঁৰ দক্ষতা প্ৰতিপন্ন হৈছিল। কিন্তু তেওঁ নিজে প্ৰতিষ্ঠা কৰা বেনাৰৰ অধীনত নিৰ্মাণ কৰা ৫০ খনৰো অধিক বোলছবি হৈছে তেওঁৰ সবাতোকৈ শ্ৰেষ্ঠ ছবিসমূহৰ অন্যতম। তাৰে ভিতৰত তেওঁ ১৩খন নিজে পৰিচালনা কৰিছে। য়শ ৰাজ ফিল্মছৰ দ্বাৰা প্ৰযোজিত বোলছবিসমূহ গুণগত মানদণ্ডসম্পন্ন।
অন্যান্য
য়শ ৰাজ ফিল্মছে নিজাকৈ সংগীতৰ প্ৰযোজনা সংস্থা “য়শ ৰাজ মিউজিক” মুকলি কৰে যাৰ যোগেদি ডিভিডি, ভিডিঅ’ আৰু ভিচিডি নিৰ্মাণ কৰা হয়। ২০০৬ চনত তেওঁলোকে এটি ফিল্ম ষ্টুডিঅ’ মুকলি কৰে। ২০০৭ চনৰ পৰা য়শ ৰাজ ফিল্মছে ডিভিডি আৰু অডিঅ চিডিৰ উপৰি নিজা ৱেবছাইটৰ আৰু আইটিউনছৰ যোগেদি ডিজিটেল ৰূপত গানৰ ব্যৱসায় আৰম্ভ কৰে। ২০০৭ চনত এনিমেটেড বোলছবি নিৰ্মাণৰ বাবে ৱাল্ট ডিজনী কোম্পানীৰ লগত চুক্তি সম্পন্ন কৰে৫।
২০০৪ চনত হলীউড ৰিপ’ৰ্টাৰৰ সমীক্ষাত “সবাতোকৈ বৃহৎ বোলছবি প্ৰযোজনা সংস্থা”ৰ তালিকাত য়শ ৰাজ ফিল্মছে বিশ্বৰ ২৭নং স্থান অধিকাৰ কৰাৰ লগতে ২০০৬ চনত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছিল। ফিল্মফেয়াৰ আলোচনীৰ ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ সংখ্যা অনুসাৰে য়শ চোপ্ৰা আৰু আদিত্য চোপ্ৰা ‘ভাৰতৰ শক্তি’ শীৰ্ষক তালিকাৰ শীৰ্ষস্থানত আছিল।
অধীনস্থ সংস্থা
- YRF এণ্টাৰটেইনমেণ্ট
- YRF মিউজিক
- YRF হ’ম ভিডিঅ’
- YRF টেলিভিছন
- য়শ ৰাজ ফিল্মছ ইণ্টাৰনেছনেল
- YRF ষ্ট’ৰ
- Y-ফিল্মছ
- য়’মিকছ
- দিব্যানী৬
কাৰ্যালয়
ভাৰতবৰ্ষত থকা য়শ ৰাজ ফিল্মছৰ কাৰ্যালয়কেইটা হৈছে দিল্লী, জলন্ধৰ, জয়পুৰ, অমৰাৱতী, ইন্দ’ৰ, বাংগালোৰ, ছেকুন্দৰাবাদ, কলিকতা, চেন্নাই আৰু কচিন। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আৰু ইউনাইটেড আৰৱ এমিৰাটছতো ইয়াৰ কাৰ্যালয় আছে
য়শ ৰাজ ষ্টুডিঅ’
২০০৬ চনত য়শ ৰাজ ষ্টুডিঅ’ নিৰ্মাণ কৰা হয়। ষ্টুডিঅ’ৰ ব্যৱহাৰ কৰি শ্বুটিং কৰা পোন প্ৰথমখন ছবি হৈছে ‘ফানা’। ষ্টুডিঅ’ৰ নক্সা আদিত্য চোপ্ৰা আৰু তেওঁৰ পত্নী পায়েল খান্নাই প্ৰস্তুত কৰিছিল আৰু প্ৰাথমিকভাৱে য়শ চোপ্ৰাৰ স্বত্বাধীন আছিল। প্ৰায় ৮১০০০ বৰ্গ মিঃ আগুৰা এই ষ্টুডিঅটো বেলেগ চিত্ৰনিৰ্মাতাক ভাড়ালৈও দিয়া হয়।
তথ্যসূত্ৰ
- ↑ (2013-12-19). Yash Raj Films digitises 'Dhoom: 3' to combat piracy. Indian Express
- ↑ (2013-12-20). Yash Raj Films enter K-town - The Times of India. Articles.timesofindia.indiatimes.com
- ↑ (2013-12-23). YRF responds to Dhoom 3 parody - The Times of India. Timesofindia.indiatimes.com
- ↑ (2013-12-20). Dhoom 3: 10 completely fake spoilers from the film. Ibnlive.in.com
- ↑ (2007-06-11). Walt Disney Studios Teams Up with Yash Raj Films to Create Computer-Animated Feature Films. Movieweb.com
- ↑ www.bollywoodhungama.com/news/1896300/YRF-announ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়শ ৰাজ ফিল্মছ” প্ৰবন্ধৰ সংশোধন ৩৮৫৭৯৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।