অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিত্ৰদেৱ মহন্ত

মিত্ৰদেৱ মহন্ত (Mitradev Mahanta), সম্পূৰ্ণ নাম মিত্ৰদেৱ মহন্ত অধিকাৰী অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা। তেখেতে কেইবাখনো গ্ৰন্থ, শিশু সাহিত্য পুথি আৰু নাট ৰচনা কৰি থৈ গৈছে। ১৯৬১ চনত অভিনয়ৰ বাবে তেওঁ সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিল।

হালনাগাদ: ২২ মে’ ২০২৫ ৭৫৭ শব্দ · ৪ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

মিত্ৰদেৱ মহন্ত (Mitradev Mahanta), সম্পূৰ্ণ নাম মিত্ৰদেৱ মহন্ত অধিকাৰী অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা। তেখেতে কেইবাখনো গ্ৰন্থ, শিশু সাহিত্য পুথি আৰু নাট ৰচনা কৰি থৈ গৈছে। ১৯৬১ চনত অভিনয়ৰ বাবে তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। তেওঁ দুবাৰকৈ অসম সাহিত্য সভাৰ উপ-সভাপতি আৰু চাৰি বছৰকাল অসম সাহিত্য সভাৰ সহঃ সম্পাদকৰ পদত অধিষ্ঠিত আছিল।

চমু জীৱনী

জন্ম

মিত্ৰদেৱ মহন্তৰ জন্ম হৈছিল ১৮৯৪ চনৰ ১৩ জুন (২৩ জেঠ, ১৮১৬ শক, শনিবাৰ)ত যোৰহাটৰ সৰ্বাইবন্ধাত।১ তেখেতৰ পিতৃৰ নাম আছিল নিৰঞ্জন দেৱগোস্বামী আৰু মাতৃৰ নাম আছিল বগীতৰা দেৱী২

শিক্ষাজীৱন

মিত্ৰদেৱ মহন্তই প্ৰাথমিক শিক্ষাৰ পাতনি মেলিছিল যোৰহাটৰ হেজাৰী প্ৰাথমিক বিদ্যালয়ত। প্ৰাথমিক শিক্ষা সাং কৰাৰ পাছত ১৯০৪ চনত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত নামভৰ্ত্তি কৰে। ১৯১২ চনত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ত আই.এ শ্ৰেণীত নামভৰ্ত্তি কৰে। ১৯১৪ চনত সুখ্যাতিৰে আই .এ পৰীক্ষাত উত্তীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ত সংস্কৃত বিষয়ত সন্মানৰ পাঠ্যক্ৰম (অনাৰ্ছ)সহ বি.এ শ্ৰেণীত নামভৰ্ত্তি কৰে। কিন্তু আৰ্থিক অনাটনৰ বাবে কটন বিশ্ববিদ্যালয়ৰ শিক্ষা আধাতে সমাপ্ত কৰি যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। এই বিদ্যালয়ত শিক্ষকতা কৰি থকা সময়তে ১৯২৫ চনত “ঢাকা বিশ্ববিদ্যালয়”ৰ পৰা এল.টি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হয়।৩

কৰ্ম জীৱন

আৰ্থিক অনাটনৰ বাবে কটন বিশ্ববিদ্যালয়ত বি.এ পাঠ্যক্ৰম অসমাপ্ত কৰি ১৯১৫ চনৰ ৫ জানুৱাৰীত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত সহকাৰী শিক্ষকৰ পদবীত যোগদানেৰে কৰ্ম জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত ১৯৩৭ চনত যোৰহাট নৰ্মাল স্কুলৰ সহকাৰী অধীক্ষকৰ পদত যোগদান কৰে। পিছলৈ ১৯৪৭ চনত গোলাঘাট চৰকাৰী হাইস্কুলত প্ৰধান শিক্ষকৰ পদ শুৱনি কৰে। ১৯৪৯ চনৰ পৰা ১৯৫০ চনলৈ এবছৰ কাল গোলাঘাট গুৰু ট্ৰেইনিং স্কুলৰ অধীক্ষক পদত কাৰ্যনিৰ্বাহ কৰে আৰু সেই পদতেই ১৯৫০ চনত অৱসৰ গ্ৰহণ কৰে। ১৯৫০ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত ধৰ্মীয় পৰম্পৰা অনুসৰি “লেটুগ্ৰাম সত্ৰ”ৰ সত্ৰাধিকাৰৰ নিৰ্মালি গ্ৰহণ কৰি সত্ৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে।

বৈবাহিক জীৱন

মিত্ৰদেৱ মহন্তই ১৯২০ চনত শিৱসাগৰ জিলাৰ গোহাঁই গাঁৱৰ “চুপহা সত্ৰ”ৰ সত্ৰাধিকাৰ প্ৰয়াত দেৱদত্ত মহন্তৰ একমাত্ৰ কন্যা প্ৰয়াত লক্ষ্মীপ্ৰিয়া দেৱীৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে। তেখেতৰ এজন পু্ত্ৰ (মোক্ষদেৱ)আৰু তিনিগৰাকী কন্যা সন্তান (আইধান, অণু আৰু ৰেণু)আছিল।

মৃত্যু

১৯৮৩ চনৰ ২৬ মাৰ্চত (১১ চ’ত, শনিবাৰ) যোৰহাটৰ লেটুগ্ৰাম সত্ৰত মিত্ৰদেৱ মহন্তই ইহলীলা সম্বৰণ কৰে।

সাহিত্যিক অৱদান

গ্ৰন্থৰ নামপ্ৰকাশৰ চনপ্ৰকাশকস্থিতি
লেকলৌ লানি১৯১৫বৰকটকী কোঃ, যোৰহাটপ্ৰকাশিত
বিয়া বিপৰ্যয়১৯২৪আসাম কমাৰ্চিয়েল প্ৰেচ, ডিব্ৰুগড়প্ৰকাশিত
জ্ঞান লহৰীপ্ৰথম সঃ ১৯২৪ দ্বিতীয় সঃ ১৯৮০প্ৰকাশিত
চন্দ্ৰহাৰ১৯২৫এ বি মিশ্যন প্ৰেছ, যোৰহাটপ্ৰকাশিত
ধ্ৰুৱ১৯২৫, ১৯৩০ৰত্নধৰ শৰ্মা, যোৰহাটপ্ৰকাশিত
মৌ মহাভাৰত১৯২৫প্ৰকাশিত
মোহন ভোগ১৯২৫বৰকটকী কোঃ, যোৰহাটপ্ৰকাশিত
নিবোকা ৰজা১৯২৮প্ৰকাশিত
অসমীয়া ধৰ্মাচাৰ্যৰ উপাধি১৯৩০হলিৰাম মহন্ত ঠাকুৰ, চকাবাউসী সত্ৰপ্ৰকাশিত
ব্ৰিটিছ সাম্ৰাজ্যৰ বুৰঞ্জী১৯৩১মেকমিলান এণ্ড কোঃ কলিকতাপ্ৰকাশিত
প্ৰহ্লাদৰ ক-খ১৯৩৫প্ৰকাশিত
টেঙৰ-ভেঙৰ১৯৩৫প্ৰকাশিত
এটা চুৰট১৯৩৫প্ৰকাশিত
ব’হাগী বিহুৰ সুৱাগী নাম১৯৩৬মহন্ত ব্ৰাডাৰ্ছ, ডেৰগাঁওপ্ৰকাশিত
বলিছলন১৯৪৬প্ৰকাশিত
ভোটৰ ৰগৰ১৯৪৬প্ৰকাশিত
ভাকুট-কুট৪১৯৪৮প্ৰকাশিত
ল-নি পাঠ (২য় ভাগ)১৯৪৯আসাম বুক হাউচপ্ৰকাশিত
ল-নি পাঠ (১ম ভাগ)১৯৫০বৰকটকী কোঃ, যোৰহাটপ্ৰকাশিত
বৈদেহী বিয়োগ১৯৫০বৰকটকী কোঃ, যোৰহাটপ্ৰকাশিত
চৰণ ধূলি১৯৫৫প্ৰকাশিত
জুনজুনি১৯৫৫প্ৰকাশিত
প্ৰচ্ছন্ন পাণ্ডৱ১৯৫৬পুথিঘৰ প্ৰেছ, নগাওঁপ্ৰকাশিত
ৰাংঢালী১৯৫৭মুনীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, নলবাৰীপ্ৰকাশিত
গীতি শতদল১৯৫৯লয়াৰ্চ বুক ষ্টলপ্ৰকাশিত
অজামিলৰ মুক্তি১৯৬০প্ৰকাশিত
থাপনি গুণমালা১৯৬০প্ৰকাশিত
স্বৰ্গ নে মৰ্ত্যঅপ্ৰকাশিত
গদাপৰ্বঅপ্ৰকাশিত
ঘোষ-যাত্ৰাঅপ্ৰকাশিত
নৰনাৰায়ণঅপ্ৰকাশিত
ৰাম-বনবাসঅপ্ৰকাশিত
যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞঅপ্ৰকাশিত
মিঠা ক খপ্ৰকাশিত
মৌ ৰামায়ণঅসমাপ্ত, অপ্ৰকাশিত
মইনা পাৰিজাতঅপ্ৰকাশিত
টেঙৰী আইতা৪প্ৰকাশিত
ৰসে চৌ চৌঅপ্ৰকাশিত
চেনেহ জৰীপ্ৰকাশিত
সৰ্বজনীন অশৌচ বিধিজনকল্যাণ সংঘ, যোৰহাটপ্ৰকাশিত
নিৰ্মূল হক মদ কোলাহল

এইবোৰৰ উপৰিও মিত্ৰদেৱ মহন্তৰ আৰু যথেষ্ট সংখ্যক সাহিত্য ৰচনা আছে যিবোৰ সংৰক্ষণৰ অভাৱত প্ৰায় নিশ্চিন্ন হৈ পৰিল। সেইবোৰ যথাক্ৰমে চেঁচা জ্বৰ, টিপ চহী, মেলটৰী, বাটৰ সখা, কুৰুসন্ধ্যা, হাতী দাঁতে হাতী দাঁতে, এক দেৱ, সেন্দূৰী আলি, বৈকুণ্ঠ প্ৰয়াণ, ঘোচামৰ জৰী, মেখেলী পুৰাণ, অম্বা, ৰুক্মিণীহৰণ, কিস্কিন্ধ্যা কাণ্ড, বোম ফটকা, অচিন কাঠৰ থোৰা, ধোদৰ আলি, শ্ৰীমতী, ক্ষেত্ৰ কলংক বা অভিমন্যু বধ, ৰজা হৰিশ্চন্দ্ৰ, কবিতাৰ থুপি, সুৰা সংহাৰ, লংকা দাহ, এক দেউ এক সেউ, বৰ্ষচ্ক্ৰ ফলাফল, জিলিমিলি, কালীয়দমন আৰু চন্দিতা।

স্বীকৃতিসমূহ

  • ১৯৩২-১৯৩৫:অসম সাহিত্য সভাৰ সহঃ সম্পাদকৰ কাৰ্যভাৰ পালন। পৰৱৰ্তী সময়ত দুবাৰকৈ অসম সাহিত্য সভাৰ উপ-সভাপতি পদত অধিষ্ঠিত।
  • ১৯৫৫ চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সংগীত শাখাৰ সভাপতি।
  • ১৯৬১ চনত অভিনয়ৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰয়াত ড॰ ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা সংগীত নাটক একাডেমী বঁটা গ্ৰহণ।
  • ১৯৬৪ চনত অসম সাহিত্য সভাৰ ডিগবৈ অধিৱেশনৰ সভাপতিৰ পদত অধিষ্ঠিত৫।
  • ১৯৭০ ত “যোৰহাট প্ৰাথমিক শিক্ষা পৰিষদ”ৰ অধ্যক্ষ পদত নিযুক্ত।
  • ১৯৭২-৭৭ লৈ যোৰহাট সমিতিৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ।
  • ১৯৮২ চনত অসম সাহিত্য সভাৰ দ্বাৰা “সাহিত্যাচাৰ্য” সন্মানেৰে বিভূষিত।

বাহ্যিক সংযোগ

*, মিত্ৰদেৱ মহন্তৰ কবিতাৰ গীতিৰূপ, এইটো অসম সাহিত্য সভাৰ আনুষ্ঠানিক সংগীত।

তথ্যসূত্ৰ

  1. ↑ আমৰ অসম, তাং: ১৩-০৬-২০১২, প্ৰবন্ধ: মিত্ৰদেৱ মহন্ত: বহুধা ব্যক্তিত্ব প্ৰতিভৰ আকৰ, লেখক: অনুজ গোস্বামী
  2. ↑ অসমীয়া প্ৰতিদিন, তাং: ১৩-০৬-২০১২, পৃষ্ঠা নং: ৪, তাং: ১৩-০৬-২০১২, প্ৰবন্ধ: বহুধা-ব্যক্তিত্ব প্ৰতিভাৰ আকৰ, লেখক: ড॰ কৰবী ডেকা হাজৰিকা
  3. ↑ ghy_13062012. Issuu.com
  4. ↑ Books of Assam.com
  5. ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া নাট্যকাৰঅসমীয়া কবিঅসম সাহিত্য সভাৰ সভাপতিসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিত্ৰদেৱ মহন্ত” প্ৰবন্ধৰ সংশোধন ৫১১৩০৯ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।