ইভা আচাও এগৰাকী অসমীয়া অভিনেত্ৰী। তেখেতে পঞ্চাশ-ষাঠিৰ দশকত কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল।
জন্ম আৰু কৈশোৰ
১৯৪০ চনৰ ১০ এপ্ৰিলত শিৱসাগৰ জিলাত এটা সংস্কৃতিৱান পৰিয়ালত ইভা আচাওৰ জন্ম হৈছিল।১ তেখেতে ১৯৫৮ চনত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়।
অভিনয়
১৯৫৫ চনৰ ২ ডিচেম্বৰত মুক্তি পোৱা পিয়লি ফুকন বোলছবিৰ জৰিয়তে ইভা আচাওৱে অভিনয় জগতত প্ৰৱেশ কৰে। তেখেতৰ অভিনয় প্ৰতিভাই ভূপেন হাজৰিকাৰ দৰে কেইবাগৰাকী চিত্ৰনিৰ্মাতাক আকৰ্ষণ কৰে। আৰু ভূপেন হাজৰিকাই ইভা আচাওক এৰা বাটৰ সুৰ ছবিখনৰ বাবে চুক্তিবদ্ধ কৰে। সেই ছবিখন ১৯৫৬ চনত মুক্তি লাভ কৰে। ১৯৫৮ চনত "ভক্ত প্ৰহ্লাদ", ১৯৫৯ চনত "কেঁচাসোণ" আৰু "পুঁৱতি নিশাৰ সপোন" নামৰ ছবি কেইখনে মুক্তি লাভ কৰে। ১৯৫৭ চনতো তেখেতৰ দুখন ছবি ওলাইছিল।
১৯৫৮ চনত ফিল্মফেয়াৰ আলোচনীয়ে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় 'প্ৰতিভা-সন্ধানী প্ৰতিযোগিতা'ত মহিলা শাখাত ইভা আচাওৱে শ্ৰেষ্ঠ প্ৰতিযোগীৰ বঁটা লাভ কৰে। ইয়াৰ পিছত ইভা আচাওৰ জনপ্ৰিয়তা বৃদ্ধি পায় আৰু বলীউদৰ প্ৰখ্যাত ছবি নিৰ্মাতা বিমল ৰয়ৰ পৰা তেওঁৰ আগন্তুক ছবি 'সুজাতা'ত অভিনয়ৰ বাবে প্ৰস্তাৱ লাভ কৰে যদিও ৰক্ষণশীল পৰিয়ালৰ পৰা অহা বাবে ইভা আচাওৱে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। ইয়াৰ উপৰিও ইভা আচাওৱে বঙালী চলচ্চিত্ৰ বাঘিণী, পাগলাবাবু আৰু তৃষ্ণাত অভিনয়ৰ বাবে প্ৰস্তাৱ লাভ কৰে যদিও সেই একে কাৰণতেই তেনে প্ৰস্তাৱসমূহ প্ৰত্যাখ্যান কৰে। ১৯৬০ চনত তেওঁ উৰ্দু চিনেমা "দূৰ হেই সুখ কি গাওঁ"-ত অভিনয় কৰাৰ সুযোগ পায়। এইবাৰো তেওঁক পিতৃয়ে বাধা প্ৰদান কৰিছিল যদিও শেহত মান্তি হয়। ১৯৬১ চনত ইভা আচাওৰ অভিনীত লাচিত বৰফুকন আৰু শকুন্তলা, ১৯৬২ চনত নৰকাসুৰ, ১৯৬৩ চনত মাটিৰ স্বৰ্গ আৰু ১৯৬৪ চনত মণিৰাম দেৱান মুক্তি পায়। ১৯৬৫ চনত মুক্তি লাভ কৰা ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰতিধ্বনি চলচ্চিত্ৰখনত কৰা অভিনয় তেওঁৰ জীৱনৰ মাইলৰ খুঁটি বুলি কোৱা হয়।
১৯৬৬ চনৰ পৰা ১৯৭২ চনলৈ তেওঁ দাম্পত্য জীৱনৰ বাবে চিনেমা জগতৰ পৰা আঁতৰি আছিল। ১৯৭২ চনত পুনৰ 'ভাইটি' চিনেমাৰ দ্বাৰা ছবিজগতত আত্মপ্ৰকাশ কৰে। ভাইটি চিনেমাখন আছিল প্ৰথম অসমীয়া পূৰ্ণ-দৈৰ্ঘ্যৰ ৰঙীণ ছবি। ইয়াৰ পিছত ইভাই 'মমতা', 'পৰিণাম' আৰু 'সন্তান' ছবিত অভিনয় কৰে।২
১৯৮২-৮৩ বৰ্ষত আচাৱে অনিৰ্বান থিয়েটাৰতো অভিনয় কৰিছিল।২
চলচ্চিত্ৰপঞ্জী
| মুক্তিলাভ৩ | চলচ্চিত্ৰ | ভূমিকা | টোকা |
|---|---|---|---|
| ১৯৫৫, ২ ডিচেম্বৰ | পিয়লি ফুকন | এজনী গাঁৱলীয়া ছোৱালী, নাচনী | |
| ১৯৫৬ | এৰা বাটৰ সুৰ | ||
| ১৯৫৮ | ভক্ত প্ৰহ্লাদ | ||
| ১৯৫৯ | পুৱতি নিশাৰ সপোন | ||
| ১৯৫৯, ২৯ মে’ | কেঁচা সোণ | ||
| ১৯৬১, ২৯ চেপ্তেম্বৰ | লাচিত বৰফুকন | বগী তৰা | |
| ১৯৬১ | শকুন্তলা | শকুন্তলা | |
| ১৯৬২ | নৰকাসুৰ | নৰকৰ পত্নী মায়া | |
| ১৯৬৩ | মাটিৰ স্বৰ্গ | ||
| ১৯৬৪ | মণিৰাম দেৱান | ললিতা | |
| ১৯৬৫, ২২ জানুৱাৰী | প্ৰতিধ্বনি | ||
| ১৯৭২ | ভাইটি | ||
| ১৯৭৩ | মমতা (চলচ্চিত্ৰ) | ||
| ১৯৭৪ | পৰিণাম | ||
| ১৯৭৫ | সন্তান |
দাম্পত্য জীৱন
১৯৬৬ চনত মঞ্চাভিনেতা এফ আৰ ৰাফেলৰ সৈতে ইভা আচাও বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পিছত তেওঁ নিজৰ নামটো ৰাণী ৰহিমলৈ সলনি কৰে যদিও তেওঁ নিজকে ইভা আচাও ৰহিম বুলিহে চিনাকি দি ভাল পাইছিল। বিয়াৰ পিছত তেওঁ কিছু বছৰৰ বাবে চিনেমা জগতৰ পৰা আঁতৰি আকাশবাণী ডিব্ৰুগঁড় কেন্দ্ৰত যোগদান কৰিছিল।২
মৃত্যু
১৯৮৮ চনৰ ১৪ জুনত ইভা আচাওৱে জীৱন নাটৰ সামৰণি মাৰে।২
তথ্যসূত্ৰ
- ↑ Eva Achao
- ↑ (Aug 16, 2015). 10 Mind-blowing Facts About The First Assamese Actress on Filmfare Cover. Magical Assam
- ↑ Remembering Unforgettable Actress Eva Asao
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইভা আচাও” প্ৰবন্ধৰ সংশোধন ৪৫৭৬৮৭ (২৪ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।