জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰোহিত চাৰ্দানা
ৰোহিত চাৰ্দানা (Rohit Sardana, ২২ ছেপ্টেম্বৰ ১৯৭৯ – ৩০ এপ্ৰিল ২০২১) এজন ভাৰতীয় বাতৰি সূত্ৰধাৰ, বাতৰি পৰিবেশক, সাংবাদিক তথা সম্পাদক আছিল। তেওঁ 'তাল ঠক কে' নামৰ এক কাৰ্যসূচীৰ আয়োজন কৰিছিল। এই অনুষ্ঠানত জি নিউজ টিভি চেনেলত ভাৰতৰ সমসাময়িক বিষয়বোৰৰ ওপৰত আলোচনা কৰা হৈছিল।
-
ৰোহিনী কুমাৰ বৰুৱা
ৰোহিনী কুমাৰ বৰুৱা (Rohini Kumar Barua; ) অসমৰ এজন লিখক, চিন্তাবিদ আৰু প্ৰশাসনিক বিষয়া আছিল। চাকৰি জীৱনৰপৰা অৱসৰ লোৱাৰ পাছত তেওঁ নতুন দৈনিক কাকতৰ সম্পাদক ৰূপে কৰ্মৰত আছিল।'ইণ্ডিয়া ভিউড থ্ৰু ইটচ্ নৰ্থ ইষ্ট ৱিণ্ড তেওঁৰ শেহতীয়া কিতাপ।
-
ৱিলিয়াম হাৰ্ভি
ৱিলিয়াম হাৰ্ভি (William Harvey, ১ এপ্ৰিল ১৫৭৮ – ৩ জুন ১৬৫৭) এজন ইংৰাজ চিকিৎসক আছিল যি শৰীৰস্থান আৰু শৰীৰতত্বলৈ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াইছিল। তেৱেঁই প্ৰথমজন চিকিৎসক যিজনে হৃদপিণ্ডৰদ্বাৰা তেজ মগজু আৰু শৰীৰৰ আন অংশলৈ পাম্প কৰাৰ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ লগতে পাল্ম'নেৰী (pulmonary) আৰু ছিষ্টেমিক…
-
ৱিলিয়াম ৱৰ্ড্ছৱৰ্থ
ৱিলিয়াম ৱৰ্ডচৱৰ্থ (William Wordsworth,; ৭ এপ্ৰিল ১৭৭০ – ২৩ এপ্ৰিল ১৮৫০) এজন ইংৰাজী ৰোমাণ্টিক কবি আছিল যিয়ে চেমুৱেল টেইলৰ কোলৰিজৰ সৈতে তেওঁলোকৰ যুটীয়া প্ৰকাশন লিৰিকেল বালাডছৰ জৰিয়তে ইংৰাজী সাহিত্যত ৰোমাণ্টিক যুগ আৰম্ভ কৰাত সহায় কৰিছিল। ৰোমাণ্টিক ধাৰাৰ কবিতা কবি বৰ্ডছৱৰ্থৰ হাততে পূৰ্ণাংগ হৈ উঠে।
-
পূৰ্ণিমা দেৱী বৰ্মন
পূৰ্ণিমা দেৱী বৰ্মন (Purnima Devi Barman) অসম, ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।
-
অংকুশ হাজৰা
মাহিষ্য ক্ষত্ৰিয় সম্প্ৰদায়ৰ পৰা অহা লোক অংকুশ হাজৰা বাংলা চলচ্চিত্ৰ জগতৰ এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, নৃত্যশিল্পী আৰু টেলিভিছন ব্যক্তিত্ব। ২০১০ চনত তেওঁ কেল্লাফতে ছবিৰে অভিষেক ঘটায়।
-
অতনু ভট্টাচাৰ্য
অতনু ভট্টাচাৰ্য ( Atanu Bhattacharyya, জন্ম:২৪ জানুৱাৰী, ১৯৬৮) অসমৰ এগৰাকী কবি, গল্পকাৰ, সম্পাদক আৰু গল্পকথক। শিক্ষকতা বৃত্তিৰ পৰা স্বেচ্ছা-অৱসৰ লৈ সাংবাদিকতাৰ জগতখনৰৰ সৈতে জড়িত হোৱা ভট্টাচাৰ্য বৰ্তমান সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক হিচাপে কৰ্মৰত।
-
অদিতি অশোক
অদিতি অশোক (Aditi Ashok, জন্ম: ২৯ মাৰ্চ ১৯৯৮) এগৰাকী ভাৰতীয় পেছাদাৰী গল্ফ খেলুৱৈ আৰু অলিম্পিয়ান। তেওঁ বৰ্তমান নাৰী ইউৰোপীয়ান টুৰ আৰু এলপিজিএ টুৰত খেলে। তেওঁ ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত পোনপ্ৰথমে খেলাৰ সুযোগ লাভ কৰি অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল।
-
অনিতা অগ্নিহোত্ৰী
অনিতা অগ্নিহোত্ৰী ( Anita Agnihotri); জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৫৬) এগৰাকী ভাৰতীয় বাংলা লেখিকা আৰু কবি। তেওঁৰ ৰচনাসমূহ ইংৰাজী, ছুইডিছ আৰু জাৰ্মানকে ধৰি কেইবাটাও প্ৰধান ভাৰতীয় আৰু বিদেশী ভাষালৈ অনুবাদ কৰা হৈছে। তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীও (ভাৰতীয় প্ৰশাসনিক সেৱা ১৯৮০ বেচ)।
-
অনিতা নায়াৰ
অনিতা নায়াৰ (Anita Nair, জন্ম: ২৬ জানুৱাৰী, ১৯৬৬) হ'ল এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ ঔপন্যাসিক।
-
অনিতা বৰ্গ
অনিতা বৰ্গ (জন্ম: ১৭ জানুৱাৰী, ১৯৪৯ – মৃত্যু: ৬ এপ্ৰিল, ২০০৩) মহিলাৰ প্ৰতিনিধিত্ব আৰু প্ৰযুক্তিৰ পেছাদাৰী উন্নতিৰ পোষকতা কৰাৰ বাবে পৰিচিত এগৰাকী আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আছিল। তেওঁ ইনষ্টিটিউট ফৰ উইমেন এণ্ড টেকন’লজি আৰু গ্ৰেচ হপাৰ চেলিব্ৰেচন অৱ উইমেন ইন কম্পিউটিং প্ৰতিষ্ঠা কৰে।
-
অনিল মজুমদাৰ
অনিল মজুমদাৰ (Anil Majumdar) অসমৰ এজন প্ৰখ্যাত সাংবাদিক আৰু অসমীয়া দৈনিক কাকত “আজি”ৰ কাৰ্যবাহী সম্পাদক তথা স্বত্বাধিকাৰী আছিল। ২০০৯ চনৰ ২৪ মাৰ্চত গুৱাহাটীৰ ৰাজগড়স্থিত নিজ বাসভৱনৰ সন্মুখত তেওঁক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে।
-
অনিল ৰায়চৌধুৰী
অনিল ৰায়চৌধুৰী (Anil Raichoudhury) এগৰাকী অসমীয়া সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, মুক্তিযোদ্ধা আৰু সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ প্ৰগতিশীল বুদ্ধিজীৱী। ১৯২৬ চনত বৰপেটাত জন্মলাভ কৰা ৰায়চৌধুৰীয়ে স্কুলীয়া দিনতে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল।
-
অনুপম মিশ্ৰ
অনুপম মিশ্ৰ (Anupam Mishra; ১৯৪৮ৰপৰা – ১৯ ডিচেম্বৰ, ২০১৬) এগৰাকী গান্ধীবাদী, লেখক, পৰিৱেশবিদ, টেড বক্তা আৰু পানী সংৰক্ষক; যি পানী সংৰক্ষণ, ইয়াৰ ব্যৱস্থাপনা আৰু পৰম্পৰাগত বৰষুণৰ পানী সংগ্ৰহ আৰু ইয়াৰ ব্যৱহাৰৰ বিভিন্ন কৌশলৰ প্ৰচাৰ ভিত্তিক কাম কৰে।১৯৯৬ চনত, ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে অনুপম…
-
অনুপ্ৰিয়া গোৱেংকা
অনুপ্ৰিয়া গোৱেংকা (ইংৰাজী: Anupriya Goenka; জন্ম: ২৯ মে' ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ হিন্দী আৰু তেলুগু ছবিত অভিনয় কৰে। ২০১৩ চনত প্ৰথমবাৰৰ বাবে ইউ পি এ চৰকাৰৰ ভাৰত নিৰ্মাণৰ মুখপাত্ৰ হিচাপে তেওঁ খ্যাতি লাভ কৰে।
-
অন্নদা শইকীয়া
অন্নদা শইকীয়া অসমৰ বোকাখাতৰ এগৰাকী সমাজসেৱী আৰু সাহিত্যিক আছিল। তেওঁ ১৯৩৩ চনৰ ২ নৱেম্বৰত জন্মলাভ কৰিছিল। পিতৃ যোগানন্দ লেখাৰু আৰু মাতৃ সুমিত্ৰা লেখাৰুৰ কন্যা অন্নদা শইকীয়াই ওৰেটো জীৱন শিক্ষা, সাহিত্য আৰু সমাজ সংস্কাৰৰ নামত ব্ৰতী হৈ অসমৰ, বিশেষকৈ বোকাখাতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ…
-
অন্নপূৰ্ণা দেৱী
অন্নপূৰ্ণা দেৱী ( Annapurna Devi; ১৯২৭ – ১৩ অক্টোবৰ ২০১৮) হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এগৰাকী ভাৰতীয় সুৰবাহাৰ (বেছ চিতাৰ) বাদক আছিল। পূৰ্বৰ মাইহাৰ ইষ্টেটৰ (মধ্যপ্ৰদেশ) প্ৰাক্তন মহাৰাজ বৃজনাথ সিঙে তেওঁক ‘অন্নপূৰ্ণা’ নাম দিছিল আৰু এই নামেৰেই তেওঁ জনপ্ৰিয় পৰিচিতি পাইছিল।
-
অপৰাজিতা মহান্তি
অপৰাজিতা মহান্তি (জন্ম নাম: অপৰাজিতা খান; জন্ম: ৩১ জানুৱাৰী ১৯৬২), এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ ওড়িয়া চলচ্চিত্ৰ উদ্যোগত কাম কৰে। ১৯৮০ চনত মুক্তিপ্ৰাপ্ত সীতা লবকুশ চলচ্চিত্ৰৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে।
-
অবনীত কৌৰ
অবনীত কৌৰ (জন্ম: ১৩ অক্টোবৰ ২০০১) হিন্দী দূৰদৰ্শন আৰু চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ডান্স ইণ্ডিয়া ডান্স লি'ল মাষ্টাৰছ, ঝলক দিখলা যা ৫, মৰ্দানী, চন্দ্ৰ নন্দিনী, আলাদিন – নাম তো ছুনা হোগা, আৰু টিকু ৱেডছ শ্বেৰুত কৰা কামৰ বাবে তেওঁ সুপৰিচিত।
-
অমন শেৰাৱত
অমন শেৰাৱত (ইংৰাজী: Aman Sehrawat; জন্ম: ১৬ জুলাই ২০০৩) হাৰিয়ানাৰ এজন ভাৰতীয় ফ্ৰীষ্টাইল মল্লযুঁজাৰু। ২০২৪ চনত বিস্কেকত অনুষ্ঠিত হোৱা এছিয়ান ৰেছলিং অলিম্পিক অৰ্হতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু ৫৭ কেজি শাখাত ব্ৰঞ্জৰ পদক…
-
অমিতা মালিক
অমিতা মালিক (Amita Malik, ১৯২১ - ২০ ফেব্ৰুৱাৰী ২০০৯) এগৰাকী ভাৰতীয় মিডিয়া সমালোচক। টাইম আলোচনীয়ে তেওঁক ভাৰতৰ "আটাইতকৈ বিশিষ্ট চলচ্চিত্ৰ আৰু টেলিভিছন সমালোচক" বুলি বৰ্ণনা কৰিছিল আৰু "ভাৰতীয় মাধ্যমৰ প্ৰথম মহিলা" আৰু "ভাৰতৰ সৰ্বশ্ৰেষ্ঠ জনাজাত চিনেমা বৰ্ণনাকাৰী" বুলি অভিহিত কৰিছিল।
-
অমিয় ভূষণ মজুমদাৰ
অমিয় ভূষণ মজুমদাৰ (Amiya Bhushan Majumdar) হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, প্ৰবন্ধকাৰ আৰু নাট্যকাৰ। মজুমদাৰে বাংলা ভাষাত অসংখ্য উপন্যাস, চুটি গল্প, নাটক আৰু প্ৰবন্ধ লিখিছিল।
-
অমৃতভূষণ দেৱ অধিকাৰী
অমৃতভূষণ দেৱ অধিকাৰী এজন অসমীয়া সাহিত্যিক। তেখেত ১৯২৩ চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পঞ্চম অধিবেশনৰ সভাপতি আছিল। ১৯শ শতিকাৰ শেষৰ ফালে গোৱালপাৰাত বাংলা ভাষাৰ প্ৰচলনৰ বাবে কৰা ষড়যন্ত্ৰক বাধা দিয়া ব্যক্তিসকলৰ ভিতৰত তেখেত অন্যতম আছিল।
-
অম্বিকাচৰণ চৌধুৰী
অম্বিকাচৰণ চৌধুৰী (Ambika Charan Choudhuri) অসমৰ এগৰাকী সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী আছিল তেখেতক কামতা সাহিত্য ৰত্ন উপাধিৰে সন্মান জনোৱা হয়। তেখেত অসমৰ জনসাধাৰণৰ মাজত কামতাৰত্ন ৰূপে পৰিচিত আছিল।
-
অম্লান দত্ত
অম্লান দত্ত (Amlan Datta, ১৭ জুন ১৯২৪ – ১৮ ফেব্ৰুৱাৰী ২০১০) হ'ল এজন প্ৰখ্যাত ভাৰতীয় অৰ্থনীতিবিদ, চিন্তাবিদ আৰু অধ্যাপক।
-
অমৰ সিং (ক্ৰিকেটাৰ)
লাধাভাই নাকুম অমৰ সিং ল'ধা (৪ ডিচেম্বৰ ১৯১০ – ২১ মে' ১৯৪০) এজন ভাৰতীয় টে'ষ্ট ক্ৰিকেটাৰ আছিল। সোঁহতীয়া বেগী বলাৰ আৰু পটু ল'ৱাৰ অৰ্ডাৰ বেট্ছমেন অমৰ সিঙে দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে ভাৰতৰ হৈ সাতখন টে'ষ্ট মেট্ছ খেলিছিল। সেইকেইখনত তেওঁ ২৮টা উইকেট দখল কৰিছিল।
-
অলংকৃতা শ্ৰীবাস্তৱ
অলংকৃতা শ্ৰীবাস্তৱ (Alankrita Shrivastava) হৈছে এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ২০১১ চনত পৰিচালক হিচাপে অভিষেক ঘটোৱা অলংকৃতাই বিগত সময়ত একাধিক ছবিৰ চিত্ৰনাট্য লিখিছে আৰু ছবিৰ পৰিচালনা কৰিছে।
-
অল্গা লেডিজেংস্কায়া
অল্গা আলেকজেন্দ্ৰভনা লেডিজেংস্কায়া (Óльга Алекса́ндровна Лады́женская; ৭ মাৰ্চ ১৯২২ – ১২ জানুৱাৰী ২০০৪) এগৰাকী ৰাছিয়ান গণিতজ্ঞ আছিল। তেওঁ অৱকলন গণিতৰ আংশিক অৱকলনীয় সমীকৰণৰ উন্নতি সাধন কৰিছিল। ইয়াৰ সহায়ত তেওঁ তৰল গতিবিজ্ঞান আৰু হিলবাৰ্টৰ ১৯তম সমস্যা সমাধান কৰিছিল।
-
অশ্বিনী ভিড়ে-দেশপাণ্ডে
অশ্বিনী ভিড়ে-দেশপাণ্ডে (Ashwini Bhide-Deshpande, জন্ম: ৭ অক্টোবৰ ১৯৬০) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শৈলীৰ সৈতে তেওঁ জড়িত।
-
অসম পেট্ৰ’কেমিকেলছ লিমিটেড
অসম পেট্ৰ’কেমিকেলছ লিমিটেড অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ। অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ আৰু অসম গেছ কোম্পানী লিমিটেডৰ মুখ্য অংশীদাৰীত্বৰে গঠিত প্ৰতিষ্ঠানটো ১৯৭১ চনত প্ৰতিষ্ঠা কৰা হৈছিল।