অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অম্বিকাচৰণ চৌধুৰী

অম্বিকাচৰণ চৌধুৰী (Ambika Charan Choudhuri) অসমৰ এগৰাকী সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী আছিল তেখেতক কামতা সাহিত্য ৰত্ন উপাধিৰে সন্মান জনোৱা হয়। তেখেত অসমৰ জনসাধাৰণৰ মাজত কামতাৰত্ন ৰূপে পৰিচিত আছিল।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৫ ৬৬৪ শব্দ · ৪ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

অম্বিকাচৰণ চৌধুৰী (Ambika Charan Choudhuri) অসমৰ এগৰাকী সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী আছিল১ ২৩৪ তেখেতক কামতা সাহিত্য ৰত্ন উপাধিৰে সন্মান জনোৱা হয়। তেখেত অসমৰ জনসাধাৰণৰ মাজত কামতাৰত্ন ৰূপে পৰিচিত আছিল।৫

সমাজসেৱক হিচাপে চৌধুৰী "অন্যান্য পিচপৰা শ্ৰেণী"ৰ সাহিত্য সভাৰ গোৱালপাৰা জিলা সমিটিৰ যুটীয়া সম্পাদক, ১২ বছৰ কোচ-ৰাজবংশী সন্মিলনীৰ সম্পাদক আৰু ৩ বছৰৰ কাৰণে অসম সাহিত্য সভাৰ কাৰ্য্যবাহী সদস্য হিচাবে কাম কৰিছিল। তেখেতে নিজৰ জীৱনকালত প্ৰায় ১২৩ টা গুৰুত্বপূৰ্ণ প্ৰবন্ধ আৰু প্ৰায় ২৯ খন গ্ৰন্থ লিখি থৈ গৈছে। তেখেতেই অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনত অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ক অসমৰ ৰাজ্যভাষাৰ মৰ্য্যদা দিব লাগে বুলি সৰ্বপ্ৰথমে৬ প্ৰস্তাব উত্থাপন কৰিছিল। গুৱাহাটীৰ আমিনগাৱঁত স্থাপিত চিলাৰায়ৰ মুৰ্তিৰ প্ৰতিস্থাপনতো তেখেতৰ যথেষ্ট ভূমিকা আছিল।৬ তেখেত বঙাইগাঁও শিক্ষক প্ৰশিক্ষণ বিদ্যালয় স্থাপনকে ধৰি কেইবাখনো শিক্ষা সংস্থান আৰু কেইবাটাও সংগঠন স্থাপন কৰি থৈ গৈছে৬

ইয়াৰ আগতে তেখেতে শ্বিলঙকে আদি কৰি ভিন ভিন ঠাইত চৰকাৰী চাকৰি কৰিছিল। তেখেতে বঙাইগাওঁ শিক্ষক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰে৬

প্ৰাৰম্ভিক জীৱন

জন্ম

অম্বিকাচৰণ চৌধুৰী অসমৰ বঙাইগাঁৱৰ এটি কৃষক পৰিয়ালত ১৯৩০ চনৰ ১৬ আগষ্টত জন্মগ্ৰহন কৰিছিল। তেখেতৰ পিতৃ নৰেশ্বৰ চৌধুৰী আৰু মাতৃ কাশীশ্বৰী চৌধুৰী। মুঠ পাঁচ সন্তানৰ ভিতৰত তেখেত জ্যেষ্ঠ আছিল।৬

শিক্ষা

সাহিত্যকৃতি

অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে তিনিবাৰকৈ প্ৰতিদ্বন্দিতাত আছিল অম্বিকাচৰণ চৌধুৰী। বিভিন্ন সাহিত্যৰ অনুষ্ঠানৰ সৈতে তেখেত জড়িত হৈ আছিল।

১৯৬১ চনত গুৱাহাটীৰ লয়াৰ্ছ বুক ষ্টলে তেওঁৰ প্ৰথমখন গ্ৰন্থ "ৰত্নপীঠত এভূমুকি" প্ৰকাশ কৰিছিল। ইয়াৰ পিছত এখনৰ পিছত সিখন গ্ৰন্থ তেওঁ প্ৰকাশ কৰি গৈছে। মৃত্যুৰ আগলৈকে তেওঁ ৩৩ খন গ্ৰন্থ লিখি থৈ গৈছে। ইয়াৰে সাতখন ইংৰাজী ভাষা ভাষাৰ গ্ৰন্থ। তেওঁৰ প্ৰায়সংখ্যক গ্ৰন্থই ইতিহাস আৰু বুৰঞ্জী সমৃদ্ধ। অসমৰ বহুকেইখন কাকত আলোচনীত অম্বিকাচৰণ চৌধুৰীৰ লেখা প্ৰকাশ পাই আহিছে। তেওঁৰ প্ৰকাশিত প্ৰবন্ধৰ সংখ্যা ডেৰ শতাধিক।৬

অম্বিকাচৰণ চৌধুৰীদেৱৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থৰাজী

  1. ৰত্নপীঠত এভূমুকি (১৯৬১)
  2. বিচিত্ৰা ১ম (প্ৰকাশিত প্ৰবন্ধ কেইটামানৰ সংকলন, ১৯৬৫)
  3. কমতাপুৰত শ্ৰী মন্ত শংকৰদেৱ (১৯৮২)
  4. নৰৰূপে নাৰায়ণ (১৯৯১)
  5. সংগ্ৰামসিংহ চিলাৰায় (১৯৮৩)
  6. ইতিহাস অধ্যায়নৰ নৱদিগন্ত (১৯৯১)
  7. কল্কি অৱতাৰ শ্ৰী শ্ৰী অনুকুল চন্দ্ৰ (১৯৮৮)
  8. বঙাইগাঁৱৰ জীৱন কাহিনী (১৯৮৩)
  9. যুৱৰাজ শুল্কধ্বজৰ সাহিত্য প্ৰতিভা (১৯৯২, ২০০৯)
  10. কোচ-ৰাজবংশী সন্মিলনীৰ সমীক্ষাত্মক ইতিহাস (১৯৯৩)
  11. তপস্বীনি ৰাণী অভয়েশ্বৰী (১৯৯৩)
  12. মহাপুৰুষ শ্ৰী চৈতন্যদেৱৰ জীৱন আৰু দৰ্শন (১৯৬৫)
  13. শান্তিৰ দূত হজৰত মহম্মদ (১৯৬৫)
  14. আহ্বান (কেইটামান প্ৰকাশিত কবিতাৰ সংকলন, ১৯৯৫)
  15. মহাৰাজ নৰনাৰায়ন আৰু সেতু (১৯৯৮)
  16. শব্দাৰ্থৰ মৈলিক বিশ্লেষণ (১৯৯৯)
  17. শ্ৰী শ্ৰী কালিমাৰ তাত্ত্বিক পৰিচয় (২০০২)
  18. ৰাংটা গাৰো, ৰাজা মহেন্দ্ৰ নাৰায়ণ আৰু অম্বিকাচৰণ চৌধুৰীৰ জীৱন কৃতি (২০০৪)
  19. কাছাৰ ৰাজ্যৰ খাছু ছা আৰু ডিমাছাৰ কৰুণ ইতিহাস (২০০৪)
  20. বড়ো-কছাৰীৰ সাংস্কৃতিক পৰিচয়, বিজনী-চিদলী-মেছপাৰা আৰু পৰ্বত জোৱাৰৰ ইতিহাস, আমাৰ বক্তব্য (২০০৪)
  21. আমাৰ বক্তব্য (২০০৪)
  22. কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি (২০১১)
  23. কোঃ পন্থা, অভিনন্দন গ্ৰন্থ, কুত্তি যাঙতে এলা, Satsang-at a glace, whithher the Koches of Chilarai (১৯৮৪)
  24. whither the Koches of Chilarai? (১৯৮৪)
  25. Glory: Thy Name is Goalpara (১৯৯৭)
  26. The Koches Around the World (১৯৯১)
  27. Varities (কিছুমান প্ৰকাশিত প্ৰবন্ধৰ সংকলন, ১৯৯৩)
  28. Koch Rajbongshies Betrayed, (২০০৯)
  29. A Peep into Rajbonshi Language৬
  30. Satsang: at a glance

অন্যান্য কৰ্মৰাজী

এজন সমাজকৰ্মী হিচাপেও অম্বিকাচৰণ চৌধুৰী সুপৰিচিত আছিল। তেওঁ যেতিয়া বিদ্যালয়ৰ ছাত্ৰ আছিল তেতিয়াই ১৯৪৮ চনৰ পৰা ১৯৫০ চনলৈ গোৱালপাৰা জিলা ছাত্ৰ কংগ্ৰেছৰ সভাপতি আছিল। কটন কলেজত অধ্যয়নৰত সময়ত তেখেতে বিভিন্ন সামাজিক কাম কাজত জঢ়িত হৈ বিভিন্ন সামাজিক সংস্থাৰ সৈতেওঁ যোগাযোগ ৰক্ষা কৰিছিল। কটন কলেজত থকা সময়তে তেওঁ মাদুৰাইৰ গান্ধীগ্ৰামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ আৰু যুৱ সন্মিলনত অংশ লৈছিল। মৃত্যুৰ আগমূহুৰ্তলৈকে তেখেত বঙাইগাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হৈ আছিল। শংকৰদেৱ শিশু নিকেতন, বঙাইগাঁও; বঙাইগাঁও আইন মহাবিদ্যালয়, বঙাইগাঁও; সৎসঙ্গ বিহাৰৰ উপৰি স্থানীয় কেইবাখনো শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতিৰ কামো কৰিছিল। এন এফ ৰেলৱেৰ বঙাইগাঁও গোটৰ স্থানীয় নিয়োগ বৰ্ডৰ সৈতেওঁ সাত বছৰ জড়িত হৈ আছিল।৬

বঁটা-উপাধি-সন্মান

  • সাহিত্য অকাডেমিয়ে অসমীয়া সাহিত্যৰ বাবে অকাডেমি বঁটা নিৰ্বাচক পেনেলত অম্বিকাচৰণ চৌধুৰীক স্থান দিছিল।
  • উত্তৰবংগ সাংস্কৃতিক মঞ্চ‍ই তেওঁক "কামতা সাহিত্যৰত্ন" উপাধি প্ৰদান কৰিছিল।
  • অসম সাহিত্য সভাই দুধনৈ সাহিত্য অধিবেশনত তেওঁক ৰত্নপীঠৰ ৰত্ন উপাধি প্ৰদান কৰিছিল।
  • সদৌ অসম শিক্ষক সংস্থাই তেওঁক শিক্ষক বান্ধৱ উপাধি প্ৰদান কৰে।
  • দিল্লী পোণ্ড্ৰ সংঘ‍ই ২০০৩ চনত তেওঁক "মহেন্দ্ৰ নাথ কৰণ" উপাধি প্ৰদান কৰে।
  • ১৯৯৪ চনৰ ১৫ আগষ্টত অম্বিকাচৰণ চৌধুৰীক অসম চৰকাৰে আজীৱন সাহিত্যিক পেঞ্চন দিয়াৰ ঘোষনা কৰে।
  • অসম চৰকাৰে চিলাৰায়ৰ নামত প্ৰৱৰ্তন কৰা "চিলাৰায় বঁটা" ২০০৯ ত অম্বিকাচৰণ চৌধুৰীক প্ৰদান কৰিছিল।৬

মৃত্যু

২০১১ চনৰ ৪ ডিচেম্বৰ তাৰিখে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ জলপাইগুৰি জিলাৰ কামাখ্যাগুড়ি সংলগ্ন ৩১ (ছি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেঁতুলতলা চাৰিআলিত সংঘটিত এক শোকাবহ পথ দূৰ্ঘটনাত তেখেতে অকাল মৃত্যু সাৱটি লয়।১

তথ্যসূত্ৰ

  1. ↑ অসমীয়া প্ৰতিদিন, দিনাংক ৫ ডিচেম্বৰ, ২০১১(পৃষ্ঠা নং- ১)
  2. ↑ People gather for last glimpse of Ambika Charan Choudhury, The Sentinel, Guwahati, India, Dec 6, 2011.
  3. ↑ Historian Ambika Charan Choudhury dies in accident, Dy365 News Channel, Guwahati, India, Dec 7, 2011.
  4. ↑ Bongaigaon pays last respects to scholar, The Telegraph, Kolkata, India, Dec 6, 2011.
  5. ↑ ‘Kamataratna’ Ambika Charan Choudhuri dies, The Sentinel, Guwahati, India, Dec 5, 2011.
  6. ↑ অসমীয়া প্ৰতিদিন, দিনাংক-৫ ডিচেম্বৰ, ২০১১ (পৃষ্ঠা নং-৮)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া প্ৰবন্ধকাৰঅসমৰ ব্যক্তিৰাজবংশী ব্যক্তিবঙাইগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অম্বিকাচৰণ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫৬২৪৫৫ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।