অলংকৃতা শ্ৰীবাস্তৱ (Alankrita Shrivastava) হৈছে এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ২০১১ চনত পৰিচালক হিচাপে অভিষেক ঘটোৱা অলংকৃতাই বিগত সময়ত একাধিক ছবিৰ চিত্ৰনাট্য লিখিছে আৰু ছবিৰ পৰিচালনা কৰিছে। তেখেতে 'ক্ৰেটেইল ইণ্টাৰনেশনেল ৱমেনছ ফিল্ম ফেষ্টিভেল' বঁটা অৰ্জন কৰিছে আৰু ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছে।
নতুন দিল্লীত থকা জামিয়া মিলিয়া ইছলামিয়াৰ পৰা শ্ৰীবাস্তৱে ছবি-নিৰ্মাণ সম্পৰ্কীয় শিক্ষাগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেখেত মুম্বাইলৈ স্থানান্তৰিত হয়। বলিউডৰ ছবি-নিৰ্মাতা প্ৰকাশ ঝাৰ লগত তেখেতে সহযোগী পৰিচালক হিচাপে কাম আৰম্ভ কৰে। ঝাৰ দ্বাৰা নিৰ্মিত ছবি 'অপহৰণ' (২০০৫), 'ৰাজনীতি' (২০১০) আদিত পৰিচালনাৰ অভিজ্ঞতা অৰ্জন কৰি শ্ৰীবাস্তৱে ২০১১ চনত নিজা উদ্যোগত প্ৰথমখন ছবিৰ পৰিচালনা কৰে। ছবিখনৰ নাম আছিল 'টাৰ্ণিং থাৰ্টি'। পৰৱৰ্তী সময়ত ব্লেক কমেডি ছবি 'লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা' (২০১৭)ৰ বাবে অলংকৃতাই প্ৰচুৰ প্ৰশংসা আৰু সমাদৰ লাভ কৰে। ছবিখনে ফিল্মফেয়াৰৰ মনোনয়ন লাভ কৰাৰ লগতে বহুকেইটা বঁটা-সন্মান অৰ্জন কৰে। অলংকৃতাৰ ৰচনা আৰু পৰিচালনাত নিৰ্মাণ হোৱা ছবিখনে দেশ-বিদেশৰ ৮০খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। ইয়াৰ লগতে ছবিখনে ১৮টাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈও সক্ষম হয়।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
অলংকৃতাৰ জন্ম নতুন দিল্লীত হৈছিল যদিও পাছত তেখেত উত্তৰাখণ্ডস্থিত দেৰাডুনলৈ গমন কৰে। তাতেই তেখেতে ৱেলহেম গাৰ্লছ স্কুলত নামভৰ্তি কৰে। পঢ়াশলীয়া শিক্ষাৰ সমাপ্তিৰ পিছত অলংকৃতা পুনৰ দিল্লীলৈ ওভতে আৰু লেডি শ্ৰীৰাম কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে।২ জামিয়া মিলিয়া ইছলামিয়াৰ এ.জে.কে. মাছ কমিউনিকেশ্যন ৰিচাৰ্ছ চেণ্টাৰৰ পৰা তেখেতে পৰৱৰ্তী সময়ত ছবিনিৰ্মাণ শিকে।৩
কৰ্মজীৱন
অলংকৃতাই ছবিনিৰ্মাণত কেৰিয়াৰ গঢ়াৰ পৰিকল্পনা তৈয়াৰ কৰিছিল। কম সময়ৰ ভিতৰত তেখেতে প্ৰকাশ ঝাৰ লগত সহযোগী পৰিচালক হিচাপে কাম কৰাৰ সুযোগ লাভ কৰে। প্ৰকাশ ঝাৰ দ্বাৰা নিৰ্মিত 'অপহৰণ', 'গংগাজল' আদি ছবিত অলংকৃতাই নিজৰ দায়িত্ব পালন কৰে।৪৫ ইয়াৰ পিছত তেখেতে নিজা উদ্যোগত 'টাৰ্ণিং থাৰ্টি' নামৰ ছবিখনৰ কাহিনী ৰচনা আৰু পৰিচালনা কৰে। ছবিখনে দৰ্শক আৰু সমালোচকৰ পৰা আশানুৰূপ প্ৰশংসা লাভ নকৰে।৬
২০১২ চনত অলংকৃতাই 'লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা' ছবিখনৰ বাবে এখন চিত্ৰনাট্য প্ৰস্তুত কৰে। তাৰে এটা খচৰা তেখেতে জমা দিয়ে ভাৰতৰ ছবি বিকাশ সংস্থাত। উৰ্মী জুৱেকাৰৰ অধীনত তেখেত প্ৰশিক্ষিত হয়।৭ প্ৰশিক্ষণৰ অন্তত ছবিখনে ২০১৬ চনৰ টকিঅ' আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত গোলকীয় প্ৰদৰ্শনী লাভ কৰে। ইয়াৰ পিছত ছবিখনে মুম্বাই ছবি মহোৎসৱতো প্ৰদৰ্শিত হয়। ২০১৭ চনৰ মাৰ্চত ছবিখনে মিয়ামি আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱত উত্তৰ আমেৰিকীয় প্ৰদৰ্শনীৰ বাবে বিবেচিত হয়।৮৯১০
'লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা' ছবিখন ভাৰতত ২০১৭ চনৰ জানুৱাৰীত মুক্তিলাভৰ কথা আছিল যদিও চেঞ্চৰ বৰ্ডে ছবিখনত থকা কিছুমান আপত্তিজনক দৃশ্যাংশ আৰু ভাৱবস্তুৰ বাবে মুক্তিৰ তাৰিখ নাকচ কৰিলে।১১ শ্ৰীবাস্তৱ আৰু তেখেতৰ দলটোৱে এই সিদ্ধান্তৰ প্ৰতিবাদকল্পে ভাৰতৰ 'ছবি প্ৰমাণপত্ৰ আবেদন গোষ্ঠী' (FCAT)ৰ কাষ চাপে। ইয়াৰ ফলত সম্পন্ন হোৱা আলোচনাত ছবিখনৰ মূল কাটৰ কিছু সালসলনি কৰা হয় আৰু ছবিখনক 'এ' প্ৰমাণপত্ৰ দিবলৈ কোৱা হয়।১২১৩১৪ ২১ জুলাই, ২০১৭ তাৰিখে ছবিখন ভাৰতীয় ছবিগৃহত মুক্তি দিয়া হয় আৰু দৰ্শক-সমালোচকৰ পৰা ছবিখনে ইতিবাচক প্ৰশংসা লাভ কৰে।১৫১৬
২০২১ চনত অলংকৃতাৰ ৰচনা আৰু পৰিচালনাত 'বোম্বাই বেগমছ' নামৰ ছটা খণ্ডৰ এটি ৱেব-চিৰিজ নেটফ্লিক্সত মুক্তি দিয়া হয়। পূজা ভাট, প্লাৱিতা বৰঠাকুৰ, শ্বাহানা গোস্বামী আৰু অমৃতা শুভাসে অভিনয় কৰা চিৰিজটোৰ সম্পৰ্কত এনডিটিভিৰ চিত্ৰ-সমালোচক শৈবাল ছেটাৰ্জীয়ে পাঁচৰ ভিতৰত চাৰে তিনি নম্বৰ দি মত প্ৰকাশ কৰে যে, “Bombay Begums, created by Alankrita Shrivastava (Lipstick Under My Burkha), who shares screenwriting and directorial responsibilities with Bornila Chatterjee (The Hungry), strikes an instant chord because it strings together relatable, rooted stories.”১৭
ব্যক্তিগত জীৱন
অলংকৃতা বৰ্তমান মুম্বাইৰ বাসিন্দা। তেখেতৰ কৰ্মস্থলীও মুম্বাইতে।১৮ 'বাংগালোৰ মিৰৰ'ৰ লগত সম্পন্ন হোৱা এটা সাক্ষাৎকাৰত তেখেতে বুদ্ধ-দৰ্শন অনুশীলন কৰে বুলি জানিবলৈ দিয়ে।১৯ ২০১৬ চনত তেখেতৰ পিতৃৰ দেহাৱসান ঘটে।৭
তথ্যসূত্ৰ
- ↑ Deb Roy, Lachmi. (07-03-2019). I Believe The Pulsating Desire Of Women To Be Free, To Dream Cannot Be Thwarted, Says Filmmaker Alankrita Shrivastava. outloook india
- ↑ Female Idol Blog Series – Filmmaker Alankrita Shrivastava On ‘Lipstick Under My Burkha’ And More. WMF India
- ↑ (2017-07-02). Lipstick Under My Burkha director Alankrita Srivastava: The story of my women characters has become the story of the film. The Indian Express
- ↑ Lata Khubchandani. Alankrita Shrivastava. Outlook
- ↑ (12 September 2017). "Patriarchy knows no religion.": director Alankrita Shrivastava discusses "Lipstick Under My Burkha. Salon
- ↑ (2019). "Made in Heaven is about society!". Kovid Gupta Films
- ↑ (9 July 2017). Always have to be defensive about my films: 'Lipstick Under My Burkha' director. The News Minute
- ↑ Lipstick Under My Burkha. Tokyo International Film Festival
- ↑ The Spirit of Asia Award of Tokyo International Film Festival 2016 goes to Indian director Alankrita Shrivastava - News - Japan Foundation Asia Center
- ↑ (2 November 2016). ‘Lipstick Under My Burkha’ Receives Oxfam Award For Best Film On Gender Equality. ScoopWhoop
- ↑ Lohana, Avinash. (23 February 2017). CBFC refuses to certify Prakash Jha's film Lipstick Under My Burkha. Mumbai Mirror
- ↑ Nyay Bhushan. (26 April 2017). Feminist Drama 'Lipstick Under My Burkha' Cleared for Indian Theatrical Release With Edits. The Hollywood Reporter
- ↑ Michael Safi. (26 April 2017). Indian film board clears Lipstick Under My Burkha for release. The Guardian
- ↑ (5 June 2017). Finally, 'Lipstick Under My Burkha' has a release date. The Hindu. Press Trust of India
- ↑ Lipstick Under My Burkha. Rotten Tomatoes
- ↑ (19 June 2017). Lipstick Under My Burkha to arrive with a dash of red on July 21, release date announced with a bold poster. See photo
- ↑ www.ndtv.com/entertainment/bombay-begums-review-
- ↑ Shoji, Kaori. (19 October 2016). There’s always drama at home. The Japan Times
- ↑ 30, Single, And Happy. India Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলংকৃতা শ্ৰীবাস্তৱ” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৭৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।