অমৃতভূষণ দেৱ অধিকাৰী এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সাহিত্যিক। তেখেত ১৯২৩ চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পঞ্চম অধিবেশনৰ সভাপতি আছিল। ১৯শ শতিকাৰ শেষৰ ফালে গোৱালপাৰাত বাংলা ভাষাৰ প্ৰচলনৰ বাবে কৰা ষড়যন্ত্ৰক বাধা দিয়া ব্যক্তিসকলৰ ভিতৰত তেখেত অন্যতম আছিল।১
জন্ম
অমৃতভূষণ দেৱ অধিকাৰীয়ে ১৮৫৮ চনত গোৱালপাৰাৰ দলগোমা সত্ৰত জন্মগ্ৰহণ কৰে। তেখেতৰ পিতৃ আছিল কণ্ঠভূষণ দেৱ অধিকাৰী আৰু মাতৃ আকাশীলতা। তেওঁলোকৰ পূৰ্বপুৰুষ ৰামচৰণ ঠাকুৰৰ তৃতীয় পুত্ৰ নৰহৰিদেৱে দলগোমাত সত্ৰ স্থাপন কৰিছিল৷ নৰহৰিৰ ষষ্ঠ পুত্ৰ আছিল কণ্ঠভূষণ দেৱ অধিকাৰী৷ এই কণ্ঠভূষণৰেই পুত্ৰ আছিল অমৃত ভূষণ দেৱ অধিকাৰী১ অমৃত ভূষণৰ সৰুতেই পিতৃ বিয়োগ হয়। সেয়ে ককায়েক ৰাজেন্দ্ৰ ভূষণে তেওঁৰ পঢ়া-শুনাৰ দায়িত্ব লৈছিল৷২
শিক্ষা আৰু কৰ্মজীৱন
তেখেতে ককায়েক ৰাজেন্দ্ৰ ভূষণৰ আশ্ৰয়ত থাকি শিক্ষা আৰম্ভ কৰে। তেওঁ জন্মস্থান গোৱালপাৰাতে স্কুলীয়া শিক্ষা আৰম্ভ কৰে৷৩ দ্বিতীয় বিভাগত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু জেনেৰেল এছেম্বলি ইনষ্টিটিউছনত (বৰ্তমানৰ স্কটিছ চাৰ্ছ) ভৰ্তি হয়। কিন্তু বি.এ. পৰীক্ষালৈ অলপ দিন বাকী থাকোঁতেই ককায়েকৰ মৃত্যু হোৱাত তেখেত ঘৰলৈ উভতি আহে।৪
ঘৰলৈ আহি তেখেতে যোৰহাট বেজবৰুৱা হাইস্কুলত সহকাৰী শিক্ষকৰ পদত নিযুক্ত হয়। তাৰ কিছুদিন পিছত গৌৰীপুৰত হাইস্কুল এখন স্থাপন হোৱাত তেখেতে প্ৰভাত চন্দ্ৰ বৰুৱাৰ আমন্ত্ৰণক্ৰমে আহি বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ পদত যোগদান কৰে।১
সাহিত্যিক জীৱন
অমৃতভূষণ দেৱ অধিকাৰীযে লিখা নানা বিষয়ৰ প্ৰবন্ধ-পাতি বাঁহী, আৱাহন আদি আলোচনীত প্ৰকাশ পাইছিল। বৈষ্ণৱ সাহিত্যৰ লগতে সংস্কৃত সাহিত্যৰ তেখেত সুপণ্ডিত আছিল। ১৯১১ চনত তেখেতৰ "শ্ৰীমন নামঘোষা" নামৰ গ্ৰন্থ প্ৰকাশ পায়। এইখন আছিল মাধৱদেৱৰ নামঘোষাৰ সৰল ব্যাখ্যা। মাধৱদেৱৰ "ভক্তি ৰত্নাৱলী"ৰ আধাৰতো তেখেতে এখন গ্ৰন্থ লিখিছিল যদিও প্ৰকাশ নহ'ল। তেখেতে ১৯২৩ চনৰ ৩১ মাৰ্চ আৰু ১ এপ্ৰিলত যোৰহাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ পঞ্চম অধিবেশনত সভাপতিত্ব কৰিছিল।১
মৃত্যু
অমৃতভূষণ দেৱ অধিকাৰীয়ে ১৯৪২ চনত মৃত্যুবৰণ কৰে।
তথ্যসূত্ৰ
- ↑ সমীন কলিতা. (২০০১). শতাধিক অসমীয়া সাহিত্যিক. ষ্টুডেণ্টচ্ ষ্টৰচ্. পৃ. ২০-২১
- ↑ সাহিত্যৰত্ন: এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া, পৃ:নং; ৭২, কিৰণ প্ৰকাশন, ২০১৬
- ↑ বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পৃ:নং; ১৪, চন্দ্ৰ প্ৰকাশ ২০১৪
- ↑ সাহিত্যৰত্ন: এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া, পৃ:নং; ৭৩, কিৰণ প্ৰকাশন, ২০১৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃতভূষণ দেৱ অধিকাৰী” প্ৰবন্ধৰ সংশোধন ৪৯৪১২৬ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।