অনিতা নায়াৰ (Anita Nair, জন্ম: ২৬ জানুৱাৰী, ১৯৬৬) হ'ল এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ ঔপন্যাসিক।
প্ৰাৰম্ভিক জীৱন
কেৰালাৰ পালাক্কৰ জিলাৰ চোৰাণপুৰত নায়াৰৰ জন্ম হয়।১২ কেৰালালৈ ঘূৰি অহাৰ আগতে নায়াৰে চেন্নাইত পঢ়া-শুনা কৰিছিল আৰু চেন্নাইৰপৰাই তেওঁ ইংৰাজী ভাষা আৰু সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৩ স্বামী সুৰেশ পৰম্বাথ৪ আৰু পুত্ৰৰে৫ সৈতে অনিতা বেংগালুৰুত বাস কৰে।
কেৰিয়াৰ
নায়াৰে বেংগালুৰুৰ এটা বিজ্ঞাপন সংস্থাত সৃষ্টিশীল পৰিচালক হিচাপে কাম কৰি থাকোঁতে তেওঁৰ প্ৰথম কিতাপখন লিখিছিল, এইখন 'সত্যৰ অৱ দ্য চাবৱে' নামৰ এটি চুটি গল্পৰ সংকলন আছিল। কিতাপখন তেওঁ হৰ-আনন্দ প্ৰেছক বিক্ৰী কৰে। 'দ্য ভাৰ্জিনিয়া চেণ্টাৰ ফ'ৰ দি ক্ৰিয়েটিভ আৰ্টচ্'ৰপৰা এই কিতাপখনৰ বাবে তেওঁ এটা বৃত্তি লাভ কৰিছিল।
নায়াৰৰ দ্বিতীয় কিতাপখন পেঙ্গুইন ইণ্ডিয়াই প্ৰকাশ কৰিছে, আৰু এই কিতাপখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'পিকাড'ই প্ৰকাশ কৰা এজন ভাৰতীয় লেখকৰ প্ৰথমখন কিতাপ। নায়াৰ কল্পকাহিনী আৰু কবিতাৰ এজন সৰ্বাধিক কিতাপ বিক্ৰী হোৱা লেখক। তেওঁৰ উপন্যাস 'দ্য বেটাৰ মেন' আৰু 'লেডিজ কুপ' ২১টা ভাষালৈ অনুবাদ কৰা হৈছে। নায়াৰৰ প্ৰাৰম্ভিক বাণিজ্যিক কামবোৰৰ ভিতৰত তেওঁ ১৯৯০ চনত, বছৰৰ শেষৰ ফালে বেংগালুৰুৰ মাহেকীয়া আলোচনী (বৰ্তমান "জিৰ' এইট জিৰ'" আলোচনী বুলি কোৱা হয়) বাবে লিখা লেখাবোৰ আছিল, যি এক্সপ্লেচিটিৰ দ্বাৰা 'দি ইকোনমিকেল এপিচুৰীয়ান' শীৰ্ষক এটা স্তম্ভত প্ৰকাশ পাইছিল।৬৭
ইয়াৰ পিছত নায়াৰৰ উপন্যাস 'দ্য বেটাৰ মেন' (২০২০) প্ৰকাশ পায়। উপন্যাসখন একেসময়তে ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো প্ৰকাশ হৈছিল। ২০০২ চনত, 'মালাবাৰ মাইণ্ড' কবিতা সংকলন আৰু ২০০৩ চনত কেৰালা বিষয়ক সম্পাদিত লিখা 'হোৱেৰ দ্য ৰেইন ইজ বৰ্ণ' প্ৰকাশ পায়। ২০০১ চনত লিখা অনিতা নায়াৰৰ দ্বিতীয়খন উপন্যাস 'লেডিজ কুপে' আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা তুৰ্কীলৈ আৰু পোলেণ্ডৰ পৰা পৰ্তুগাললৈ; ভাৰতৰ বাহিৰৰ পোন্ধৰখন দেশৰ সমালোচক আৰু পঢ়ুৱৈৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল।
'লেডিজ কুপ' ২০০২ বৰ্ষৰ ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ কিতাপৰ এখন ৰূপে পৰিগণিত হয়। কিতাপখন বিশ্বৰ পঁচিশটাতকৈও অধিক ভাষালৈ অনূদিত হৈছে। ইয়াত পুৰুষৰ আধিপত্য থকা সমাজ এখনত মহিলাৰ স্থিতিৰ বিষয়ে, যথেষ্ট অন্তৰ্দৃষ্টি, একনিষ্ঠ আৰু হাস্যৰসেৰে বৰ্ণিত হৈছে।
কেৰালা বিষয়ে লিখা নায়াৰৰ লিখাবোৰ আৰু তেওঁৰ কবিতা 'দ্য পয়েট্ৰি ইণ্ডিয়া কালেকচন' আৰু ব্ৰিটিছ পৰিষদৰ কবিতাৰ কৰ্মশালা এন্থোল'জিত অন্তৰ্ভুক্ত কৰা হৈছে। 'ডান্স অব দ্য পিক'ক'ৰ দৰে আগশাৰীৰ কবিতা এন্থোল'জিত তেওঁৰ কবিতা ১৫১জন ভাৰতীয় ইংৰাজী কবিৰ সৈতে প্ৰকাশ পাইছে।৮
নায়াৰে লিখা আন কেইখনমান কিতাপ হ'ল; 'মিষ্ট্ৰেছ' (২০০৩), 'এডভান্সাৰছ অফ্ ননু, দ্য স্কেটিং স্কুইৰেল' (২০০৬), 'লিভিং নেক্সট ড'ৰ টু এলিজ' (২০০৭) আৰু 'মেজিকেল ইণ্ডিয়ান মিথচ্' (২০০৮)। নায়াৰৰ কামবোৰত বহুতো ভ্ৰমণ কাহিনীও অন্তৰ্ভুক্ত হৈ আছে।৯ নাইন ফেচেছ অব্ বিয়িং নামৰ নাটকখনৰ জৰিয়তে সৰ্বাধিক বিক্ৰী হোৱা লেখক অনিতা নায়াৰ এগৰাকী নাট্যকাৰ ৰূপেও পৰিচিত হৈছে। নায়াৰৰ 'মিষ্ট্ৰেছ' কিতাপখনৰপৰা ইয়াৰ কাহিনীটো লোৱা হৈছে।১০ তেওঁৰ কিতাপ 'কাট লাইক ৱণ্ড' ২০১২ চনত আৰু 'চেইন অব কাষ্টডি' ২০১৫ চনত প্ৰকাশ পায়। নায়াৰৰ অন্যান্য কামবোৰৰ ভিতৰত আছে লাইলাক হাউচ (২০১২) আৰু এলফাবেট চুপ ফ'ৰ লাভাৰচ্ (২০১৬)।
তেওঁৰ ষষ্ঠখন উপন্যাস 'ইদ্ৰিছ: কীপাৰ অৱ দ্য লাইট' এজন চোমালিয়ান ব্যৱসায়ীৰ বিষয়ে এখন ঐতিহাসিক আৰু ভৌগোলিক উপন্যাস, যি ১৬৫৯ খ্ৰীষ্টাব্দত মালৱাৰ ভ্ৰমণ কৰিছিল।১১
বঁটা আৰু সম্মান
- সাহিত্যৰ বাবে নতুন দিল্লীৰ 'অল ইণ্ডিয়া এচিভাৰচ্ কনফাৰেঞ্চ'ৰ 'আৰ্ক অৱ এক্সচিলেন্স এৱাৰ্ড'
- ২০০৭ চনত 'লিবেৰাটুৰ্পেইচ্', জাৰ্মানী
- সাহিত্যৰ বাবে ২০০৮ চনত এফ এল অ' অফ আই চি চি আইৰ 'ৱমেন এচিভাৰচ্ এৱাৰ্ড'।
- ২০০৯ চনত 'মণ্টব্লেংক সন্মান'
- সাহিত্য আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ চনত 'কেৰালা সাহিত্য অকাডেমি বঁটা'।
- 'ইদ্ৰিছ: কীপাৰ অৱ দ্য লাইট' কিতাপৰ বাবে 'দ্য হিন্দু লিটাৰেৰী প্ৰাইজ'ৰ বাবে নাম তালিকাভুক্ত।
- ২০১৫ চনত এক্সপ' মে'ৰ 'গ্লবেল এম্বেচেডৰ'
- ২০১৭ চনত শিশু সাহিত্য বিভাগত 'ক্ৰছৱৰ্ড বুক এৱাৰ্ড'।১২
গ্ৰন্থপঞ্জী
- সত্যৰ অৱ দ্য চাবৱে অণ্ড ইলেভেন আডাৰ ষ্ট'ৰিজ, ১৯৯৭
- দ্য বেটাৰ মেন নিউ দিল্লী, লণ্ডন, পেংগুইন বুকচ্'', ১৯৯৯
- লেডিজ কুপ, ২০০১
- মালাবাৰ মাইণ্ড, - কবিতা, কালিকুট, য়েটি বুকচ্, ২০০২
- হোৱেৰ দ্য ৰেইন ইজ বৰ্ণ - কেৰালাৰ বিষয়ে লিখা, ২০০৩
- পুফিন বুক অৱ ৱৰ্ল্ড মিথচ্ এণ্ড লিজেণ্ডচ্, ২০০৪
- মিষ্ট্ৰেছ, ২০০৫
- এডভান্সাৰছ অফ্ ননু, দ্য স্কেটিং স্কুইৰেল, ২০০৬
- লিভিং নেক্সট ড'ৰ টু এলিজ, ২০০৭
- মেজিকেল ইণ্ডিয়ান মিথচ্, ২০০৮
- গুডনাইট এণ্ড গড ব্লেচ, ২০০৮
- লেচনচ্ ইন ফৰগেটিং, ২০১০
- চেম্মীন' (অনুবাদ) ২০১১
- কাট লাইক ৱণ্ড – কল্পকাহিনী ২০১২
- দ্য লাইলাক হাউচ, উপন্যাস নিউয়ৰ্ক: চেইণ্ট মাৰ্টিনচ্ গ্ৰিফিন, ২০১২
- ইদ্ৰিছ- ঐতিহাসিক উপন্যাস ২০১৪
- এলফাবেট চুপ ফ'ৰ লাভাৰচ্, নয়ডা, উত্তৰ প্ৰদেশ, ইণ্ডিয়া: হাৰ্পাৰকলিনচ্, ২০১৫
- চেইন অৱ কাষ্টডি, হাৰপাৰ ব্লেক, ২০১৬
তথ্যসূত্ৰ
- ↑ Anita Nair. (21 August 2015). A post office of my own. দ্য হিন্দু
- ↑ Interview from Kerala.com
- ↑ My Secret Life: Anita Nair
- ↑ B’day bumps - Bangalore Mirror -. Bangalore Mirror
- ↑ Author Anita Nair's Bangalore home is a bright and creative space: Home - India Today. indiatoday.intoday.in
- ↑ Anita Nair Biography
- ↑ culturebase.net. Anita Nair artist portrait. culturebase.net
- ↑ Grove, Richard. The Dance of the Peacock:An Anthology of English Poetry from India. Hidden Brook Press, Canada
- ↑ (2009-10-10). Language in India. Language in India
- ↑ Author Anita Nair's story taking shape on stage
- ↑ Idris: Keeper of The Light (2014)
- ↑ sta
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিতা নায়াৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৫৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।