অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অন্নদা শইকীয়া

অন্নদা শইকীয়া অসমৰ বোকাখাতৰ এগৰাকী সমাজসেৱী আৰু সাহিত্যিক আছিল। তেওঁ ১৯৩৩ চনৰ ২ নৱেম্বৰত জন্মলাভ কৰিছিল। পিতৃ যোগানন্দ লেখাৰু আৰু মাতৃ সুমিত্ৰা লেখাৰুৰ কন্যা অন্নদা শইকীয়াই ওৰেটো জীৱন শিক্ষা, সাহিত্য আৰু সমাজ সংস্কাৰৰ নামত ব্ৰতী হৈ অসমৰ, বিশেষকৈ বোকাখাতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ…

হালনাগাদ: ১৩ জুলাই ২০২৩ ৩৮০ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অন্নদা শইকীয়া অসমৰ বোকাখাতৰ এগৰাকী সমাজসেৱী আৰু সাহিত্যিক আছিল। তেওঁ ১৯৩৩ চনৰ ২ নৱেম্বৰত জন্মলাভ কৰিছিল। পিতৃ যোগানন্দ লেখাৰু আৰু মাতৃ সুমিত্ৰা লেখাৰুৰ কন্যা অন্নদা শইকীয়াই ওৰেটো জীৱন শিক্ষা, সাহিত্য আৰু সমাজ সংস্কাৰৰ নামত ব্ৰতী হৈ অসমৰ, বিশেষকৈ বোকাখাতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ জীৱন অতিবাহিত কৰিছিল।

জন্ম

শিবসাগৰ জিলাৰ চাৰিং অঞ্চলৰ মহছাল গাঁৱৰ লেখাৰু পৰিয়ালত তেখেতৰ জন্ম হয় ১৯৩৩ চনৰ ২ নৱেন্বৰত। পিতৃ যোগানন্দ লেখাৰু আৰু মাতৃ সুমিত্ৰা লেখাৰু।

বিবাহ আৰু পৰিয়াল

১৯৫২ চনৰ ১৩ ফেব্ৰুৱাৰীত বোকাখাতৰ চিদানন্দ শইকীয়াৰ লগত তেখেতৰ বিবাহ হয়। তেখেতসকলৰ তিনিজন পুত্ৰ আৰু চাৰিগৰাকী কন্যা আছে।

শিক্ষা

অন্নদা শইকীয়াই চাৰিং তেলীয়াল এল,পি স্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি গুৱাহাটীৰ পাণবজাৰ বালিকা উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ১৯৪৮ চনত প্ৰৱেশিকা পাছ কৰে। তাৰপিছত শ্বিলং লেডীকীন কলেজৰ পৰা ১৯৫১ চনত আই.এ. পাছ কৰে আৰু তাৰপাছত বিয়া হয়। ইয়াৰ কিছুবছৰ পাছত ১৯৬১ চনত প্ৰাইভেটকৈ পঢ়ি তেওঁ বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৬৩ চনত বি.টি. ডিগ্ৰী লয়। ১৯৬৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

কৰ্মজীৱনৰ আৰম্ভণিতে তেখেতে বোকাখাত বলিকা এম.ই. স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে ১৯৫৯ চনৰ পৰা ১৯৬৯ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। তাৰপিছত তেখেতে “যোগানন্দ দেৱ সত্ৰাধিকাৰ মহাবিদ্যালয়’’ত শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰে আৰু অৱসৰৰ কাললৈ তাতেই নিযুক্ত হৈ থাকে।১

সামাজিক কৰ্মজীৱন

শিক্ষকতা জীৱন আৰম্ভ কৰাৰ লগে লগে তেখেতে সামজিক কৰ্মতো আত্মনিয়োগ কৰে। বোকাখাতৰ মইনা পাৰিজাত, মহিলা সমিতি আদি গঠনত আগভাগ লৈ পিছলৈ অসম লেখিকা সমাৰোহৰ সৈতে জড়িত হৈ পৰে আৰু অসম লেখিকা সমাৰোহৰ কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়া হৈ কাৰ্যনিৰ্বাহ কৰে।২ লেখিকা সমাৰোহৰ স্থানীয় শাখা হিচাপে বোকাখাতত ’সন্ধানী লেখিকা সমাৰোহ সমিতি’ গঠনত আগভাগ লয়। বোকাখাতৰ ’পুঁৱতি সাহিত্য সভা’ আৰু গোলাঘাট জিলা সাহিত্য সভাৰ তেখেতে সভাপতিৰ পদ অলংকৃত কৰিছিল। সাময়িকভাৱে তেখেতে ৰাজনীতিতো যোগদান কৰিছিল যদিও কম সময়ৰ পিছতে অন্নদা শইকীয়াই ৰাজনীতিৰ ক্ষেত্ৰ ত্যাগ কৰে।

সাহিত্য কৃতি

অন্নদা শইকীয়াই অসংখ্য আলোচনী সম্পাদনা কৰাৰ উপৰি কেইবাখনো পুথি ৰচনা কৰে। সেইবোৰৰ ভিতৰত এমুঠি কবিতা, অভিলাষ, সেউজী গীতৰ সুৰ, সমন্বয়ৰ সুঁতিৰ কাষত আদি কবিতাপুথি, নাৰী কাননৰ এঘাৰ পাহি পাৰিজাত(জীৱনী), স্নেহ দেৱীৰ ৰচনা সম্ভাৰ( সংকলন আৰু সম্পাদনা), জনতাৰ পদূলিত (স্মৃতিগ্ৰন্থ) আৰু ’বন্ধ কোঠাৰ জুই’ নামে এখনি স্ব-ৰচিত গল্প পুথি প্ৰকাশ কৰে।৩

বঁটা, সন্মান

অন্নদা শইকীয়াই বিভিন্ন সময়ত স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ পৰা সন্মানিত হোৱাৰ উপৰি সন্ধানী লেখিকা সমাৰোহ সমিতিয়ে প্ৰদান কৰা “প্ৰেৰণাময়ী’’ বঁটা, ২০০৩ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সন, ২০০৪ চনত ড° আম্বেডকাৰ ফেল’শ্বিপ এৱাৰ্ড লাভ কৰে। পুঁৱতি সাহিত্য সভাই তেখেতক “সেৱাব্ৰতা’’ আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে “সদস্যাৰত্না’’ উপাধি প্ৰদান কৰে।

মৃত্যু

২৯ মে’ ২০২২ চনৰ নিশা গুৱাহাটীৰ এক্সেল কেয়াৰ চিকিৎসালয়ত তেখেতৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ অসমীয়া প্ৰতিদিন, ৩১ মে’ ২০২২
  2. ↑ লেখিকা, অসম লেখিকা সমাৰোহৰ বাৰ্ষিক মুখপত্ৰ, সম্পাদনা: ড° থুনু কলিতা
  3. ↑ ৰাইজৰ খবৰ, ২ জুন, ২০২২, বৃহস্পতিবাৰ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্নদা শইকীয়া” প্ৰবন্ধৰ সংশোধন ৩৭১৪৭৫ (১৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।