লাধাভাই নাকুম অমৰ সিং ল'ধা (৪ ডিচেম্বৰ ১৯১০ – ২১ মে' ১৯৪০) এজন ভাৰতীয় টে'ষ্ট ক্ৰিকেটাৰ আছিল।
সোঁহতীয়া বেগী বলাৰ আৰু পটু ল'ৱাৰ অৰ্ডাৰ বেট্ছমেন অমৰ সিঙে দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে ভাৰতৰ হৈ সাতখন টে'ষ্ট মেট্ছ খেলিছিল। সেইকেইখনত তেওঁ ২৮টা উইকেট দখল কৰিছিল। তেওঁ ভাৰতৰ প্ৰথম টে'ষ্ট ক্ৰিকেট দলটোৰ সদস্য আছিল আৰু মহম্মদ নিছাৰৰ সৈতে বলিং মুকলি কৰিছিল। তেওঁ প্ৰথমখন টে'ষ্টত এটা অৰ্ধশতকো (ভাৰতৰ প্ৰথম) অৰ্জন কৰিছিল।
খেলুৱৈ জীৱন

অমৰ সিঙে ৯ বছৰৰ ভিতৰত ৯২ খন প্ৰথম শ্ৰেণীৰ খেল খেলিছিল আৰু সেইসমূহত তেওঁ ১৮.৩৫ গড়ে ৫০৮টা উইকেট দখল কৰিছিল। তেওঁ বেট্ছমেন হিচাপে পাঁচটা শতকো অৰ্জন কৰিছিল। ঘৰুৱা ক্ৰিকেটৰ ৰঞ্জী ট্ৰ'ফীত ১০০০ ৰাণ আৰু ১০০টা উইকেটৰ "ডাবল্" লাভ কৰা তেওঁ আছিল প্ৰথমজন খেলুৱৈ।
১৯৩৩-৩৪ চনত মাদ্ৰাছত ইংলেণ্ডৰ বিৰুদ্ধে অমৰ সিঙে বলিং মুকলি কৰি ৪৪.৪ অ'ভাৰত ৮৬ ৰাণ খৰছ কৰি ৭টা উইকেট লাভ কৰিছিল আৰু বেটিং কৰি দ্বিতীয় ইনিংছত ৪৮ ৰাণো কৰিছিল। ১৯৩৬ চনত লৰ্ড্ছত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ প্ৰথম ৯ অ'ভাৰত ১০ ৰাণ দি চাৰিটা উইকেট লৈছিল আৰু মুঠ ২৫.১ অ'ভাৰ বলিং কৰি ৩৫ ৰাণত ৬টা উইকেট লৈছিল। অ'ল্ড ট্ৰেফ'ৰ্ডত অনুষ্ঠিত পৰৱৰ্তী টে'ষ্টত তেওঁ ৪৮ ৰাণ সংগ্ৰহ কৰি ভাৰতক ইনিংছ পৰাজয়ৰপৰা ৰক্ষা কৰে। ১৯৩৭-৩৮ চনত লৰ্ড টেনীছনৰ এম চি চি দলৰ বিপক্ষে পাঁচখন অনানুষ্ঠানিক টে'ষ্টত তেওঁ ১৬.৬৬ গড়ে ৩৬টা উইকেট লাভ কৰিছিল।
মহম্মদ নিছাৰৰ সৈতে অমৰ সিঙে ভাৰতৰ হৈ এক শক্তিশালী বেগী বগাৰ যুটী গঢ়ি তুলিছিল। ইংলেণ্ডৰ প্ৰখ্যাত ক্ৰিকেটাৰ ৱাল্টাৰ হেমণ্ডে তেওঁক "মই দেখা ভয়াবহ অ'পেনিং বলাৰসমূহৰ অন্যতম" বুলি অভিহিত কৰিছিল।১ ১৯৭০ চনত এক অনানুষ্ঠানিক প্ৰেছ মিটিঙত লিঅ'নাৰ্ড হাটনে কৈছিল যে "বৰ্তমান বিশ্বত অমৰ সিঙতকৈ আৰু ভাল বলাৰ নাইI" অমৰ সিঙৰ ককায়েক লাধা ৰামজীও এজন বেগী বলাৰ আছিল আৰু তেওঁ বোম্বেত ভাৰতৰ হৈ ইংলেণ্ডৰ বিৰুদ্ধে এখন টে'ষ্ট মেছ খেলিছিল। তেওঁৰ ভতিজাক ভি এল নাকুমেও প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল।
ক্লাব ক্ৰিকেটত তেওঁ লাংকাশ্বায়াৰ লীগত ক'ল'ন ক্লাবৰ হৈ খেলিছিল। ক্লাবৰ প্ৰথমজন বিদেশী পেছাদাৰী খেলুৱৈ হিচাপে তেওঁক নেলছন ক্ৰিকেট ক্লাবৰ লেৰী কন্ষ্টেণ্টাইনৰ প্ৰতিদ্বন্দী গণ্য কৰা হৈছিল। তেওঁ অহাৰ পিছত ক্লাবটোৰ সদস্য আৰু খেল চাবলৈ অহা মানুহৰ সংখ্যা প্ৰায় দুগুণ হৈ পৰে।২
১৯৪০ চনত তেওঁ টাইফইড ৰোগত ভুগি মৃত্যুবৰণ কৰে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Simon Wilde, Number One: The World's Best Batsmen and Bowlers, Victor Gollancz, 1998, ISBN 0-575-06453-6, p135
- ↑ Colne Cricket Club
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৰ সিং (ক্ৰিকেটাৰ)” প্ৰবন্ধৰ সংশোধন ৬১৪৫৮৯ (২৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।