অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অদিতি অশোক

অদিতি অশোক (Aditi Ashok, জন্ম: ২৯ মাৰ্চ ১৯৯৮) এগৰাকী ভাৰতীয় পেছাদাৰী গল্ফ খেলুৱৈ আৰু অলিম্পিয়ান। তেওঁ বৰ্তমান নাৰী ইউৰোপীয়ান টুৰ আৰু এলপিজিএ টুৰত খেলে। তেওঁ ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত পোনপ্ৰথমে খেলাৰ সুযোগ লাভ কৰি অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল।

হালনাগাদ: ১৮ জানুৱাৰী ২০২৫ ৫১২ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অদিতি অশোক (Aditi Ashok, জন্ম: ২৯ মাৰ্চ ১৯৯৮) এগৰাকী ভাৰতীয় পেছাদাৰী গল্ফ খেলুৱৈ আৰু অলিম্পিয়ান।১ তেওঁ বৰ্তমান নাৰী ইউৰোপীয়ান টুৰ আৰু এলপিজিএ টুৰত খেলে। তেওঁ ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত পোনপ্ৰথমে খেলাৰ সুযোগ লাভ কৰি অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ২০২১ চনত টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু গল্ফ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি চতুৰ্থ স্থান লাভ কৰে।২৩৪

ব্যক্তিগত জীৱন

১৯৯৮ চনৰ ২৯ মাৰ্চ মাহত ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ ৰাজধানী বেংগালুৰু চহৰত অদিতি অশোকৰ জন্ম হৈছিল।৫ তেওঁ বাংগালোৰৰ ফ্ৰেংক এন্থনী পাব্লিক স্কুলত অধ্যয়ন কৰিছিল আৰু ২০১৬ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৬ মাত্ৰ ৫ বছৰ বয়সত গল্ফ তেওঁ খেলিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত বেংগালুৰুত মাত্ৰ তিনিটা গল্ফ কোৰ্চ আছিল। তেওঁ এই খেলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাৰ পিছত দেউতাকে তেওঁক কৰ্ণাটক গল্ফ এছ'চিয়েচন ড্ৰাইভিং ৰেঞ্জলৈ লৈ গৈছিল। তাইৰ দেউতাক ২০১৬ চনৰ ৰিঅ' অলিম্পিকত তেওঁৰ কেডি আছিল।৭ আনহাতে তেওঁৰ মাক অশোক মেশ্ব ২০২১ ছবিত অনুষ্ঠিত হোৱা টকিঅ' অলিম্পিক ২০২০ৰ বাবে তেওঁৰ কেডি।৮৯

খেলুৱৈ জীৱন

অদিতিয়ে লাল্লা আইচা টুৰ স্কুল জয় কৰা আটাইতকৈ কনিষ্ঠ আৰু প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল আৰু ২০১৬ চনৰ বাবে তেওঁৰ লেডিজ ইউৰোপিয়ান টুৰ কাৰ্ড সুৰক্ষিত কৰিছিল।১০ এই জয়ে তেওঁক আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে কিউ স্কুলৰ আটাইতকৈ কম বয়সীয়া বিজয়ী হিচাপে জনাজাত হৈছিল।১১

অদিতিয়ে ২০১৬ চনৰ হিৰো মহিলা ইণ্ডিয়ান অপেনত ৩-আণ্ডাৰ-পাৰ ২১৩ স্ক'ৰৰ সৈতে বিজয়ী হৈছিল। ইয়াৰ জৰিয়তে তেওঁ ইউৰোপীয়ান টুৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল।১২১৩১৪ সাধাৰণতে ক্ৰিকেটত মনোনিবেশ কৰা এখন দেশত তেওঁৰ জয়ে গল্ফ খেলৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিছিল। তেওঁৰ জয়ে দেশৰ সৰ্ববৃহৎ বাতৰি কাকত টাইমছ অৱ ইণ্ডিয়াৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামত স্থান লাভ কৰিছিল আৰু তেওঁক ৰাষ্ট্ৰীয় ভাৱে দূৰদৰ্শনত প্ৰদৰ্শন কৰা হয়।৫ তেওঁ দুসপ্তাহ পিছত কাটাৰ লেডিজ অপেনত দ্বিতীয়টো জয় লাভ কৰে১৫ আৰু অৰ্ডাৰ অফ মেৰিটত ছিজনটো দ্বিতীয় স্থানত শেষ কৰে। ২০১৬ চনত তেওঁ ৰুকী অফ দা ইয়েৰ বঁটা লাভ কৰিছিল।১৬ তেওঁ এলপিজিএ ফাইনেল কোৱালিফাইং টুৰ্ণামেণ্টৰ জৰিয়তে ২০১৭ চনৰ বাবে এলপিজিএ টুৰ কাৰ্ডও লাভ কৰিছিল।

২০১৭ চনত অদিতি ভাৰতৰ পৰা প্ৰথম এলপিজিএ প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় আৰু লুইছ চুগছ ৰোলেক্স ৰুকী অফ দা ইয়েৰ ষ্টেণ্ডিংত অষ্টম স্থান লাভ কৰে।

২০১৮ চনত তেওঁ ২৪টা ইভেণ্টত ১৭টা কাট কৰিছিল আৰু দুই ইভেণ্টত শীৰ্ষ-১০ ৰ ভিতৰত থাকি সমাপ্ত কৰিছিল। তেওঁ আমেৰিকা এলপিজিএ টেক্সাছ ক্লাছিকৰ স্বেচ্ছাসেৱক (পূৰ্বতে আমেৰিকা এলপিজিএ নৰ্থ ডালাছ ক্লাছিকৰ স্বেচ্ছাসেৱক) কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ টি৬ ফলাফল ৰেকৰ্ড কৰিছিল আৰু ৱালমাৰ্ট এনডব্লিউ আৰ্কানচাছ চেম্পিয়নশ্বিপত তেওঁৰ কেৰিয়াৰৰ নিম্ন নম্বৰ ৬৪ত উপনীত হৈছিল। তেওঁ এলপিজিএ-ত দ্বিতীয় সৰ্বনিম্ন গড়ৰ সৈতে বছৰটো সমাপ্ত কৰিছিল।১৭

২০১৯ চনত অদিতিয়ে ২২টা এলপিজিএ টুৰ ইভেণ্টৰ ভিতৰত ১৩টা কাট কৰিছিল। একেবছৰে তেওঁ চিপি মহিলা অপেনত টি১৩-ৰ সৰ্বশ্ৰেষ্ঠ ছিজন সমাপ্ত কৰিছিল। তেওঁ লেডিজ ইউৰোপীয় ভ্ৰমণত একাদিক্ৰমে দুবাৰকৈ দ্বিতীয় স্থান লাভ কৰি বছৰ সমাপ্ত কৰিছিল।১৮ ২০২০ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।

অপেছাদাৰী জয়

  • ২০১১: ইউএছএইচএ কৰ্ণাটক জুনিয়ৰ, চাউদাৰ্ণ ইণ্ডিয়া জুনিয়ৰ, ফালডো চিৰিজ এছিয়া - ভাৰত, ইষ্ট ইণ্ডিয়া টলি লেডিজ, অল ইণ্ডিয়া চেম্পিয়নশ্বিপ
  • ২০১২: ইউএছএইচএ দিল্লী লেডিজ, ইউএছএইচএ আৰ্মি চেম্পিয়নশ্বিপ, অল ইণ্ডিয়া জুনিয়ৰ
  • ২০১৩: এছিয়া পেচিফিক জুনিয়ৰ চেম্পিয়নশ্বিপ
  • ২০১৪: ইষ্টাৰ্ণ ইণ্ডিয়া লেডিজ এমেচাৰ, ইউএছএইচএ আইজিইউ অল ইণ্ডিয়া লেডিজ এণ্ড গাৰ্লছ চেম্পিয়নশ্বিপ
  • ২০১৫: আৰ্মি লেডিজ এণ্ড জুনিয়ৰ চেম্পিয়নশ্বিপ, ছেইণ্ট ৰুল ট্ৰফী, চাউদাৰ্ণ ইণ্ডিয়া লেডিজ এণ্ড জুনিয়ৰ গাৰ্লছ চেম্পিয়নশ্বিপ, লেডিজ ব্ৰিটিছ অপেন এমেচাৰ ষ্ট্ৰোক প্লে চেম্পিয়নশ্বিপ, থাইলেণ্ড এমেচাৰ অপেন১৯

পেছাদাৰী জয় (৫)

লেডিজ ইউৰোপিয়ান টুৰ জয় (৩)

  • ২০১৬ হিৰো মহিলা ইণ্ডিয়ান অপেন, কাটাৰ লেডিজ অপেন
  • ২০১৭ ফাতিমা বিণ্ট মুবাৰক লেডিজ অপেন

অন্যান্য জয়

  • ২০১১ হিৰো প্ৰফেচনেল টুৰ লীগ ১, হিৰো প্ৰফেচনেল টুৰ লীগ ৩ (অপেছাদাৰী হিচাপে)১৯

দল

  • এস্পিৰিটো চেণ্টো ট্ৰফী (ভাৰতক প্ৰতিনিধিত্ব কৰা): ২০১২, ২০১৪১৯

টকিঅ' অলিম্পিক ২০২০

অদিতিয়ে টকিঅ' অলিম্পিক ২০২০ৰ বাবে নিৰ্বাচিত হৈ উক্ত অলিম্পিকৰ একক শাখাত তেঁওৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই তৃতীয় ৰাউণ্ডৰ অন্তত দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হয়। অৱশ্যে অন্তিম খেলখনত তেওঁ চতুৰ্থ স্থানত থাকি দুটা শ্বটৰ ব্যৱধানত মেডেল লাভৰ পৰা বিৰত থাকিব লগা হয়।২০২১২২

তথ্যসূত্ৰ

  1. ↑ (11 July 2016). Anirban Lahiri, SSP Chawrasia, Aditi Ashok to fly Indian flag in golf at Rio Olympics. The Indian Express
  2. ↑ (29 June 2021). Aditi Ashok qualifies for Tokyo Olympics, India golfer 'beyond excited' for 2nd Games appearance. India Today
  3. ↑ Tokyo Olympics: Thanks to Aditi Ashok, India is watching Golf at 4am - Fans rejoice young golfer's show India Today. Retrieved 7 August 2021
  4. ↑ Tokyo Olympics 2020 Live Updates, Day 15: Heartbreak for Aditi Ashok as She Finishes 4th In Women's Individual Golf. News 18
  5. ↑ Mell, Randall. (28 November 2016). India's Ashok riding the wave of stardom. Golf Channel
  6. ↑ (20 August 2016). Meet Aditi Ashok, India's future in women's golf. The Hindu
  7. ↑ Who is Aditi Ashok - Five things to know about the Tokyo-bound Indian golfer. Olympics.com
  8. ↑ Olympics 2016: 5 Things To Know About Indian Golfer Aditi Ashok. Golf.com
  9. ↑ (15 July 2016). Know Your Indian Olympian: 10 things to know about Aditi Ashok. Yahoo News
  10. ↑ (23 December 2015). India's Aditi Ashok becomes youngest ever LET Tour School winner. Sky Sports
  11. ↑ (26 December 2015). Aditi Ashok looking to qualify for Rio Olympics. Times of India
  12. ↑ (13 November 2016). Aditi Ashok makes history by winning the Women's Indian Open. ESPN
  13. ↑ (4 November 2017). Aditi Ashok wins in Abu Dhabi for her third Ladies European Tour title. The Indian Express
  14. ↑ (November 13, 2016). Aditi Ashok creates history, wins Indian Open. India Today
  15. ↑ Mittal, Shobhit Kumar. (November 28, 2016). Career-high for teen golf sensation Aditi Ashok. India Today
  16. ↑ (10 December 2016). Aditi Ashok named Rookie of the Year. Ladies European Tour
  17. ↑ Aditi Ashok – Bio. LPGA
  18. ↑ Aditi Ashok finish Second at Ladies European tour. Sportstalk24
  19. ↑ Aditi Ashok. World Amateur Golf Ranking
  20. ↑ (29 June 2021). Aditi Ashok qualifies for Tokyo Olympics, India golfer 'beyond excited' for 2nd Games appearance. India Today
  21. ↑ Tokyo Olympics: Thanks to Aditi Ashok, India is watching Golf at 4am - Fans rejoice young golfer's show India Today. Retrieved 7 August 2021
  22. ↑ Tokyo Olympics 2020 Live Updates, Day 15: Heartbreak for Aditi Ashok as She Finishes 4th In Women's Individual Golf. News 18

সম্পৰ্কিত শ্ৰেণী

কৰ্ণাটকৰ ব্যক্তিভাৰতীয় অলিম্পিক প্ৰতিযোগীঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অদিতি অশোক” প্ৰবন্ধৰ সংশোধন ৪৬৪৮০৫ (১৮ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।