অন্নপূৰ্ণা দেৱী ( Annapurna Devi; ১৯২৭ – ১৩ অক্টোবৰ ২০১৮) হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এগৰাকী ভাৰতীয় সুৰবাহাৰ (বেছ চিতাৰ) বাদক আছিল। পূৰ্বৰ মাইহাৰ ইষ্টেটৰ (মধ্যপ্ৰদেশ) প্ৰাক্তন মহাৰাজ বৃজনাথ সিঙে তেওঁক ‘অন্নপূৰ্ণা’ নাম দিছিল আৰু এই নামেৰেই তেওঁ জনপ্ৰিয় পৰিচিতি পাইছিল। অন্নপূৰ্ণা ৰাজদৰবাৰৰ সংগীতজ্ঞ আল্লাউদ্দিন খানৰ কন্যা আৰু শিষ্যা আছিল। মাকৰ নাম মদিনা বিবি। তেওঁ আছিল চেতাৰবাদক ৰবি শংকৰৰ প্ৰথম পত্নী। ৰবি শংকৰৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত তেওঁ বম্বেলৈ গুচি যায় আৰু আৰু কেতিয়াও ৰাজহুৱা অনুষ্ঠান পৰিৱেশন কৰা নাছিল; তথাপিও বিনামূলীয়াকৈ সংগীত শিকাই থাকিল। তেওঁৰ শিষ্যসকলৰ ভিতৰত আছে হৰিপ্ৰসাদ চৌৰচিয়া, নিত্যানন্দ হালদিপুৰ আৰু নিখিল বেনাৰ্জী আদি বহুতো প্ৰখ্যাত ব্যক্তি।১
জীৱনী
ৰোচনাৰা খান নামেৰে ১৯২৭ চনৰ ১৫ এপ্ৰিলত (লাজোজীয়ে নিশ্চিত কৰা অনুসৰি) ব্ৰিটিছ ৰাজৰ এখন সৰু ৰাজকীয় প্ৰদেশ মাইহাৰত (বৰ্তমান মধ্য প্ৰদেশৰ অংশ) অন্নপূৰ্ণা দেৱীৰ জন্ম হয়।২৩৪ তেওঁৰ পিতৃ আলাউদ্দিন খান মাইহাৰৰ মহাৰাজ ব্ৰিজনাথ সিঙৰ দৰবাৰৰ সংগীতজ্ঞ আছিল আৰু তেৱেঁ নৱজাতক ছোৱালীজনীক 'অন্নপূৰ্ণা' নাম দিছিল।৫
হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ‘ছেনিয়া মাইহৰ ঘৰানা’ৰ প্ৰতিষ্ঠাপক তেওঁৰ পিতৃ আলাউদ্দিন খান ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এজন বিখ্যাত সংগীতজ্ঞ আৰু গুৰু আছিল। তেওঁৰ খুৰাক ফকিৰ আফতাবুদ্দিন খান আৰু আয়েত আলী খান জন্মস্থান বৰ্তমানৰ বাংলাদেশৰ শিৱপুৰৰ বিখ্যাত সংগীতজ্ঞ আছিল। তেওঁৰ ভাতৃ আলী আকবৰ খান আছিল এজন কিংবদন্তি সৰোদ গুৰু; যাক আৰু ভাৰত আৰু আমেৰিকাত ‘জীৱন্ত ৰাষ্ট্ৰীয় সম্পদ’ হিচাপে গণ্য কৰা হৈছিল। অন্নপূৰ্ণাক প্ৰথমতে তেওঁৰ পিতৃয়ে চেতাৰ আৰু কণ্ঠ সংগীত শিকাইছিল। পিছলৈ তেওঁ ৰুদ্ৰ বীণাৰ পৰম্পৰাগত শৈলীত সুৰবাহাৰ বজাবলৈ লয়। তেওঁৰ প্ৰথম উল্লেখযোগ্য কনচাৰ্টবোৰৰ ভিতৰত এটা আছিল মাইহাৰৰ ৰজাৰ সন্মানত পৰিবেশন কৰা সুৰবাহাৰ বাদন। এই প্ৰদৰ্শনৰ বাবে তেওঁক বৃহৎ পৰিমাণৰ ভূমিৰে পুৰস্কৃত কৰা হৈছিল।৬
১৯৪১ চনৰ ১৫ মে'ত অন্নপূৰ্ণা দেৱীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰে আৰু আলমোৰাত প্ৰখ্যাত চেতাৰবাদক ৰবি শংকৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২৭ ১৯৪৬ চনৰ পৰা ১৯৫৫ চনৰ ভিতৰত অন্নপূৰ্ণাই শংকৰৰ সৈতে দিল্লী আৰু বম্বেত কেইটামান চেতাৰ-সুৰবাহাৰৰ মঞ্চানুষ্ঠান কৰে। [3] তেওঁলোকৰপুত্ৰ শুভেন্দ্ৰ শংকৰ (১৯৪২–১৯৯২); তেৱোঁ এজন সংগীতজ্ঞ আছিল।৮৯ ১৯৮২ চনত দম্পতীহালৰ বিবাহ-বিচ্ছেদ হয়।২
১৯৮২ চনৰ ৯ ডিচেম্বৰত অন্নপূৰ্ণাই বোম্বেত ৰুচিকুমাৰ পাণ্ডেয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[8] তেওঁলোকৰ বিবাহৰ সময়ত ৪২ বছৰীয়া ৰুচিকুমাৰ পাণ্ডেয়া আছিল এজন সুপৰিচিত কমিউনিকেচন এক্সপাৰ্ট আৰু আমেৰিকাৰ এজন সফল চেতাৰবাদক। ৰুচিকুমাৰে অন্নপূৰ্ণাৰ পৰামৰ্শ ক্ৰমে ভাতৃ আলী আকবৰ খানৰ পৰা চেতাৰ শিকিছিল। ২০১৩ চনত ৭৩ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ হঠাতে তেওঁৰ মৃত্যু হয়।১০১১ মুম্বাইত অন্নপূৰ্ণাৰ মৃত্যু হয় ২০১৮ চনৰ ১৩ অক্টোবৰত।১২
কৰ্মজীৱন
১৯৫০ চনত ৰবি শংকৰ আৰু অন্নপূৰ্ণা দেৱীয়ে দিল্লী আৰু কলিকতাত মূলতঃ ভাতৃ আলী আকবৰ খানৰ কলেজত যুটীয়া ভাবে অনুষ্ঠান পৰিবেশন কৰিছিল। কিন্তু পিছত ৰাজহুৱা অনুষ্ঠান পৰিবেশনৰ পৰা আঁতৰি আহে। তেওঁৰ শিষ্য বিনয় ৰামে কয় যে তেওঁ কনচাৰ্টৰ বাবে ধন গ্ৰহণ কৰিবলৈ অস্বস্তি পাইছিল; কিয়নো তেওঁ বিশ্বাস কৰিছিল যে ই সৰস্বতী বিক্ৰী কৰাৰ সমতুল্য।১
সন্মান
- ১৯৭৭: পদ্মভূষণ
- ১৯৯১: সংগীত নাটক একাডেমী বঁটা (সুৰবাহাৰ বাদ্যযন্ত্ৰ শিতানত)।
- ১৯৯৯: বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ পৰা অনাৰেৰী ডক্টৰেট।
- ২০০৪: সংগীত নাটক একাডেমীৰ ফেলশ্বিপ।
তথ্যসূত্ৰ
- ↑ Ram, Vinay Bharat. (24 October 2018). A transcendental music - what I learnt from Annapurna Devi. The Indian Express
- ↑ Massey, Reginald. (22 October 2018). Annapurna Devi obituary. The Guardian
- ↑ OEMI
- ↑ Bondyopadhyay 2005, পৃ. 22
- ↑ Shuansu Khurana. (16 May 2010). Notes from behind a locked door. The Indian Express
- ↑ OEMI
- ↑ Bondyopadhyay 2005
- ↑ Lindgren 1992
- ↑ Bondyopadhyay 2005
- ↑ Every Note Annapurna Devi Plays Is Like An Offering: Rooshikumar Pandya · Kolkata News - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Death of a Caregiver - Indian Express
- ↑ Hindustani Classical Musician Annapurna Devi Passes Away at 91 - HeadLines Today. headlinestoday.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্নপূৰ্ণা দেৱী” প্ৰবন্ধৰ সংশোধন ৪৩৩৮১৭ (২৭ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।