অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অল্গা লেডিজেংস্কায়া

অল্গা আলেকজেন্দ্ৰভনা লেডিজেংস্কায়া (Óльга Алекса́ндровна Лады́женская; ৭ মাৰ্চ ১৯২২ – ১২ জানুৱাৰী ২০০৪) এগৰাকী ৰাছিয়ান গণিতজ্ঞ আছিল। তেওঁ অৱকলন গণিতৰ আংশিক অৱকলনীয় সমীকৰণৰ উন্নতি সাধন কৰিছিল। ইয়াৰ সহায়ত তেওঁ তৰল গতিবিজ্ঞান আৰু হিলবাৰ্টৰ ১৯তম সমস্যা সমাধান কৰিছিল।

হালনাগাদ: ৩ এপ্ৰিল ২০১৯ ৪৫৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অল্গা আলেকজেন্দ্ৰভনা লেডিজেংস্কায়া (Óльга Алекса́ндровна Лады́женская; ৭ মাৰ্চ ১৯২২ – ১২ জানুৱাৰী ২০০৪) এগৰাকী ৰাছিয়ান গণিতজ্ঞ আছিল। তেওঁ অৱকলন গণিতৰ আংশিক অৱকলনীয় সমীকৰণৰ উন্নতি সাধন কৰিছিল। ইয়াৰ সহায়ত তেওঁ তৰল গতিবিজ্ঞান আৰু হিলবাৰ্টৰ ১৯তম সমস্যা সমাধান কৰিছিল।১ ইয়াৰ লগতে তেওঁ প্ৰথম বাৰৰ বাবে সসীম পাৰ্থক্য পদ্ধতিৰ অভিসাৰীতা প্ৰকাশ কৰা নেভিয়াৰ-ষ্টক সমীকৰণৰ প্ৰমাণ কৰিছিল। তেওঁ বিখ্যাত গণিতজ্ঞ আইভেন পেট্ৰভস্কিৰ ছাত্ৰী আছিল।২ তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ২০০২ চনত তেওঁক লমন'চভ সোণৰ পদক প্ৰদান কৰা হৈছিল।

২০০৪ চনৰ ১২ জানুৱাৰী তাৰিখে ৰাছিয়াৰ ছেন্ট পিটাৰ্ছবাৰ্গত ৮১ বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে।

জীৱনী

১৯২২ চনৰ ৭ মাৰ্চ তাৰিখে ছোভিয়েট সংঘৰ অন্তৰ্গত ক'ল'গ্ৰীভ নামৰ সৰু চহৰ এখনত অল্গা লেডিজেংস্কায়াৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এজন গণিত শিক্ষক আৰু তেওঁৰ পৰায়ে লেডিজেংস্কায়ায়ে গণিতৰ প্ৰতি আকৰ্ষিত হয়। ১৯৩৭ চনত ৰাছিয়াৰ এনকেডি নামৰ গৃহৰক্ষা বিভাগৰ সন্থায়ে তেওঁৰ পিতৃক গ্ৰেপ্তাৰ কৰে। পিছলৈ তেওঁ "মানুহৰ শত্ৰু" হিচাপে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত দণ্ডিত হয়। চৰকাৰে তেওঁক মৃত্যুদণ্ড দিয়ে। কিন্তু লেডিজেংস্কায়ায়ে নিজৰ শিক্ষা গ্ৰহণ জাৰী ৰাখে। ১৯৩৯ চনত সেই হাইস্কুলৰ পৰা উত্তীৰ্ণ হয়। কিন্তু পিতৃৰ ওপৰত থকা গোচৰৰ বাবে তেওঁ লেইনগ্ৰেড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ অপাৰগ হয়।৩

পিছলৈ তেওঁ ১৯৪৩ চনত মস্ক বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। ১৯৪৭ চনত তেওঁ মস্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫৩ চনত তেওঁ একেখন বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ বাবে থেছিছ জমা কৰে। শিক্ষা সমাপ্ত কৰি তেওঁ লেইনগ্ৰেড বিশ্ববিদ্যালয় আৰু ষ্টেকলভ প্ৰতিষ্ঠানত অধ্যাপনা কৰিছিল।৩ পিছলৈ তেওঁ ছেন্ট পিটাৰ্ছবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। তেওঁ অৱকলন গণিতৰ আংশিক অৱকলনীয় সমীকৰণৰ উন্নতি সাধন কৰিছিল। ইয়াৰ সহায়ত তেওঁ তৰল গতিবিজ্ঞান আৰু হিলবাৰ্টৰ ১৯তম সমস্যা সমাধান কৰিছিল।৪ ইয়াৰ লগতে তেওঁ প্ৰথম বাৰৰ বাবে সসীম পাৰ্থক্য পদ্ধতিৰ অভিসাৰীতা প্ৰকাশ কৰা নেভিয়াৰ-ষ্টক সমীকৰণৰ প্ৰমাণ কৰিছিল। ১৯৫৪ চনত তেওঁ গণিতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰতি ৪ বছৰৰ মূৰে মূৰে চল্লিশৰ অনুৰ্ধৰ গণিতজ্ঞসকলৰ মাজৰ গণিতজ্ঞলৈ আগবঢ়োৱা ফিল্ডছ মেডেলৰ বাবে মনোনীত হৈছিল,৫ কিন্তু তেওঁ এই বঁটা লাভ নকৰিলে।

২০০৪ চনৰ ১২ জানুৱাৰী তাৰিখে ৰাছিয়াৰ ছেন্ট পিটাৰ্ছবাৰ্গত ৮১ বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে।

বঁটা আৰু সন্মান

গণিতৰ ক্ষেত্ৰখনলৈ অল্গা লেডিজেংস্কায়ায়ে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০২ চনত লমন'চভ সোণৰ পদক প্ৰদান কৰা হৈছিল। ১৯৫৪ চনত তেওঁ ফিল্ডছ মেডেলৰ বাবে মনোনীত হৈছিল যদিও তেওঁ এই বঁটা লাভ কৰিব নোৱাৰিলে।৬

২০১৯ চনৰ ৭ মাৰ্চ তাৰিখে অল্গা লেডিজেংস্কায়াৰ ৯৭তম জন্মবাৰ্ষিকী উপলক্ষে গুগলে তেওঁৰ সন্মানত এক ডুডুল জাৰী কৰে।৭ ৮ ইয়াৰ লগতে গুগলে এক বাৰ্তা, "আজিৰ ডুডুলে অল্গা লেডিজেংস্কায়াৰ জন্মদিন উদযাপন কৰিছে, এগৰাকী ৰাছিয়ান গণিতজ্ঞ যিয়ে নিজৰ ব্যক্তিগত দুখ-দুৰ্দশাক জয় কৰি আমাৰ প্ৰজন্মৰ এগৰাকী আটাটাইটকৈ প্ৰভাৱশালী চিন্তাবিদত পৰিগণিত হৈছিল" প্ৰদৰ্শিত কৰিছিল।৭

গ্ৰন্থৰাজি

  • Ladyzhenskaya, O. A. (1969). The Mathematical Theory of Viscous Incompressible Flow. Mathematics and Its Applications. Gordon and Breach. পৃ. XVIII+224.
  • Ladyženskaja, O. A.; Solonnikov, V. A.; Ural'ceva, N. N. (1968). Linear and quasi-linear equations of parabolic type. Translations of Mathematical Monographs. American Mathematical Society. পৃ. XI+648.
  • Ladyzhenskaya, Olga A.; Ural'tseva, Nina N. (1968). Linear and Quasilinear Elliptic Equations. Mathematics in Science and Engineering. Academic Press. পৃ. XVIII+495.
  • Ladyzhenskaya, O. A. (1985). The Boundary Value Problems of Mathematical Physics. Applied Mathematical Sciences. Springer Verlag. পৃ. XXX+322. ISBN 0-521-39922-X (Translated by Jack Lohwater).
  • Ladyzhenskaya, O. A. (1991). Attractors for Semigroups and Evolution Equations. Lezioni Lincee. Cambridge University Press. পৃ. xi+73

তথ্যসূত্ৰ

  1. ↑ See reference Bolibruch Osipov Sinai, and also the comment of Peter Lax in Pearce 2004
  2. ↑ See the biography by Riddle 2010 from the Biographies of Women Mathematicians, Agnes Scott College
  3. ↑ Ladyzhenskaya, Olga Alexandrovna. www.encyclopedia.com
  4. ↑ See reference Bolibruch Osipov Sinai, and also the comment of Peter Lax in Pearce 2004
  5. ↑ Barany, Michael. (2018). The Fields Medal should return to its roots. Nature. পৃ. 271–273
  6. ↑ Barany, Michael. (2018). The Fields Medal should return to its roots. Nature. পৃ. 271–273
  7. ↑ (7 March 2019). Olga Ladyzhenskaya’s 97th Birthday. Google
  8. ↑ (2019-03-06). Google Doodle: Who was Russian mathematician Olga Ladyzhenskay?. Evening Standard

সম্পৰ্কিত শ্ৰেণী

গণিতজ্ঞৰাছিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অল্গা লেডিজেংস্কায়া” প্ৰবন্ধৰ সংশোধন ১৯৩৭০২ (৩ এপ্ৰিল ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।