অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰোহিনী কুমাৰ বৰুৱা

ৰোহিনী কুমাৰ বৰুৱা (Rohini Kumar Barua; ) অসমৰ এজন লিখক, চিন্তাবিদ আৰু প্ৰশাসনিক বিষয়া আছিল। চাকৰি জীৱনৰপৰা অৱসৰ লোৱাৰ পাছত তেওঁ নতুন দৈনিক কাকতৰ সম্পাদক ৰূপে কৰ্মৰত আছিল।'ইণ্ডিয়া ভিউড থ্ৰু ইটচ্‌ নৰ্থ ইষ্ট ৱিণ্ড তেওঁৰ শেহতীয়া কিতাপ।

হালনাগাদ: ১ আগষ্ট ২০২৫ ৩০৪ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰোহিনী কুমাৰ বৰুৱা (Rohini Kumar Barua; ) অসমৰ এজন লিখক, চিন্তাবিদ আৰু প্ৰশাসনিক বিষয়া আছিল। ১ চাকৰি জীৱনৰপৰা অৱসৰ লোৱাৰ পাছত তেওঁ নতুন দৈনিক কাকতৰ সম্পাদক ৰূপে কৰ্মৰত আছিল।২'ইণ্ডিয়া ভিউড থ্ৰু ইটচ্‌ নৰ্থ ইষ্ট ৱিণ্ড'' তেওঁৰ শেহতীয়া কিতাপ।

সংক্ষিপ্ত জীৱনী

১৯৩৮ চনৰ ১ জানুৱাৰীত গুৱাহাটীৰ আজাৰাৰ গৰলৰ ভক্ত'বৰীত ৰোহিণী কুমাৰ বৰুৱাৰ জন্ম হৈছিল। আজাৰাতে তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰে আৰু কটন কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা মেট্ৰিক পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বাণিজ্য শাখাত নামভৰ্তি কৰে। 'লেবাৰ ইকনমিকছ্‌'ক সন্মানীয় বিষয় ৰূপে লৈ তেওঁ প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লৈ স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল আৰু দ্বিতীয় শ্ৰেণীৰ চতুৰ্থ স্থান লৈ বাণিজ্য শাখাতে স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰাই দ্বিতীয় শ্ৰেণীৰ দ্বিতীয় স্থান লৈ আইনৰ স্নাতক ডিগ্ৰীও অৰ্জন কৰিছিল। ৩ বৰুৱাই 'ফাইনেন্সিং স্মল স্কেল ইণ্ডাষ্ট্ৰী: এ কেছ ষ্টাডি ইন কামৰূপ ডিষ্ট্ৰিক্ট' বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

কৰ্মজীৱন

শিক্ষা সাং কৰি বৰুৱাই গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। ১৯৬০চনৰপৰা ১৯৬১ চনলৈ তেওঁ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল। এইখিনি সময়তেৱ তেওঁ অসম অসামৰিক সেৱাৰ পৰীক্ষাত দ্বিতীয় স্থান লৈ উৰ্ত্তীণ হৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰে। এ চি এছ বিষয়া ৰূপে সহকাৰী আয়ুক্ত আৰু দণ্ডাদীশ হিচাপে বৰুৱাই বিভিন্ন চৰকাৰী পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। ১'৯৯৬ চনত চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰি তেওঁ 'নতুন দৈনিক' কাকতৰ সম্পাদক ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৮০ চনৰপৰা তেওঁ অসমীয়া অৰু ইংৰাজী দুয়োটা ভাষাতে নিয়মীয়াকৈ কাকত-আমোচনীত লিখিবলৈ লয়। তেওঁৰ 'ৰঙে ৰঙে ভৰা মোৰ বসুন্ধৰা' শীৰ্ষক আমেৰিকা ভ্ৰমণ বিষয়ত লিখা গ্ৰন্থখনে হেম বৰুৱা স্মৃতি বঁটা লাভ কৰিছিল। বৰুৱা অসম সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত আছিল। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে খিলঞ্জীয়াৰ ভূমি সংৰক্ষণৰ বাবে গঠন কৰা হৰিশংকৰ ব্ৰহ্ম কমিটিৰো বৰুৱা সদস্য আছিল।৩

মৃত্যু

ক'ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত তেওঁৰ মৃত্যু হয়।১২চৰকাৰী নীতি-নিয়মৰ মাজেৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।৩

গ্ৰন্থৰাজি

  1. ভাৰতীয় অৰ্থনীতি: ৰং আৰু ৰশ্মি
  2. মোৰ দেশ মোৰ সমাজ
  3. উদ্যোগ গঢ়ো আহক
  4. পছিম দিগন্তৰ ৰেঙণি
  5. মেঘলীৰ আঁৰে আঁৰে-টেমছৰ পাৰে পাৰে
  6. ৰঙে ৰঙে ভৰা মোৰ বসুন্ধৰা

তথ্যসূত্ৰ

  1. ↑ (৯ জুন, ২০২১). Noted Writer and IAS Officer Dr Rohini Kumar Barua Dies Of COVID-19. প্ৰতিদিন টাইম
  2. ↑ (June 9, 2021). Assam: Noted writer, IAS officer Rohini Kumar Baruah dies of COVID-19. www.eastmojo.com/
  3. ↑ ৰ্ষ্টাফ ৰিপৰ্টাৰ. (১০ জুন, ২০২১). বিশিষ্ট লেখক, চিন্তাবিদ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ড° ৰোহিণী কুমাৰ বৰুৱাৰ পৰলোক. অসমীয়া খবৰ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোহিনী কুমাৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫২৯২৭২ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।