পূৰ্ণিমা দেৱী বৰ্মন (Purnima Devi Barman) অসম, ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ।১ বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ হাড়গিলা বাইদেউ হিচাপে পৰিচিত৷ পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলাৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি হাড়গিলা আৰ্মী নামৰ এটি দল গঠন কৰিছে৷ হাড়গিলা আৰ্মী হৈছে কেৱল মহিলা স্বেচ্ছাসেৱকৰ দ্বাৰা সংগঠিত এক বাহিনী৷ হাড়গিলাৰ সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ চনৰ গ্ৰীণ অস্কাৰ২ বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰে তেওঁক ২০১৮ চনৰ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে৷৩ ২০২৪ চনত তেওঁ হুইটলী ফাণ্ড ফৰ নেচাৰ (WFN)ৰ পৰা ১,০০,০০০ পাউণ্ডৰ হুইটলী গোল্ড বঁটা লাভ কৰে৷
ড॰ বৰ্মন বন্যপ্ৰাণী সম্পৰ্কীয় বেচৰকাৰী প্ৰতিষ্ঠান, অৰণ্যকৰ লগত জড়িত।
কৰ্মজীৱন
ড০ পূৰ্ণিমা দেৱী বৰ্মনে অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল৪, য'ত তেওঁ প্ৰাণীবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ইয়াৰ লগতে তেওঁ পৰিৱেশ আৰু বন্যপ্ৰাণী জীৱবিজ্ঞানত বিশেষজ্ঞতা লাভ কৰে।৫২০০৭ চনত তেওঁ ডক্তৰেট ডিগ্ৰীৰ বাবে গৱেষণা আৰম্ভ কৰে যদিও গ্ৰামাঞ্চলত হাড়গিলাৰ সম্প্ৰদায় সংৰক্ষণ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ ডক্তৰেটৰ অধ্যয়ন মন্থৰ কৰে আৰু ২০১৯ চনতহে তেওঁ গৱেষণা সমাপ্ত কৰে।৬ বৰ্মনে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বেচৰকাৰী সংস্থা আৰণ্যকত আভিফাউনা গৱেষণা আৰু সংৰক্ষণ বিভাগত জ্যেষ্ঠ বন্যপ্ৰাণী জীৱবিজ্ঞানী হিচাপে কাম কৰিছে। বৰ্মন WiNN (Women in Nature Network) ভাৰত,৭ আৰু IUCN Stork, আইবিছ আৰু স্পুন বিল বিশেষজ্ঞ গোটৰ সদস্য।৮
হাড়গিলা
]]
ড০ পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলাৰ ক্ষেত্ৰখনত কাম কৰি হাড়গিলা বাইদেউ হিচাপে পৰিচিতি লাভ কৰিছে৷ হাড়গিলাক IUCNৰ তালিকাত 'বিপন্ন' হিচাপে চিহ্নিত কৰা হৈছে৷৯ পূৰ্ণবয়স্ক হাড়গিলাৰ বিশ্বব্যাপী জনসংখ্যা হৈছে ৮০০–১২০০৷ ইয়াৰে অধিকাংশ ভাৰতৰ অসমত পোৱা যায়, যাৰ সংখ্যা হৈছে ৬৫০-৮০০ৰ ভিতৰত।৫৯১০ অসমত হাড়গিলাক প্ৰায়েই নগৰাঞ্চলৰ সংস্পৰ্শত দেখা যায়৷ ইহঁতে প্ৰায়েই গছত বাহ সাজে আৰু কেতিয়াবা জাবৰ পেলোৱা ঠাইত থাকে।৫৯প্ৰদূষণ, বাসস্থানৰ অভাৱ আৰু বাহ সজা গছ কাটি পেলোৱাৰ ফলত বৃহত্তৰ হাড়গিলাৰ পৰিয়ালৰ প্ৰতি ভাবুকি আহি পৰে।৯
পূৰ্ণিমা দেৱী বৰ্মনে অসমৰ কামৰূপ জিলাৰ একাধিক দুৰ্গম গাঁও যেনে: দদৰা, পচৰীয়া আৰু শিঙিমাৰীত পিএইডিৰ বাবে গৱেষণা কৰি থাকোঁতে হাড়গিলাৰ ক্ষেত্ৰখনত কাম কৰিবলৈ আৰম্ভ কৰে।৬ ২০০৭ চনত তেওঁ এজন গছৰ মালিকে এজোপা গছ কাটি পেলোৱা দেখিছিল য'ত এটা হাড়গিলাৰ পৰিয়ালে আশ্ৰয় লৈ আছিল৷৬ পূৰ্ণিমা দেৱী বৰ্মনে আৱিষ্কাৰ কৰে যে হাড়গিলা চৰাইবিধৰ অনাকৰ্ষণীয় চেহেৰা, কুঁহিয়াৰ খেতি কৰা প্ৰকৃতি আৰু দুৰ্গন্ধযুক্ত বাহৰ বাবে গাঁৱৰ সমাজত কুখ্যাতি আছে।৬১১ ইয়াৰ পিছত বৰ্মনে স্থানীয় জনগোষ্ঠীসমূহক হাড়গিলাৰ পৰিৱেশগত গুৰুত্বৰ বিষয়ে সজাগ কৰাত মনোনিৱেশ কৰে৷ ইয়াৰ বাবে তেওঁ নিজৰ ডক্তৰেট ডিগ্ৰীৰ বাবে প্ৰয়োজনীয় অধ্যয়নো পিছুৱাই দিয়ে৷৬১০১২
পৰৱৰ্তী সময়ত পূৰ্ণিমা দেৱী বৰ্মনে কেইবাটাও সংৰক্ষণ অভিযানৰ নেতৃত্ব দিয়ে৷ ইয়াৰ ফলস্বৰূপে স্থানীয় গাঁওবাসীৰ সংস্কৃতি আৰু পৰম্পৰাক একত্ৰীকৰণ হয়। সজাগতা অভিযানসমূহৰ ভিতৰত আছিল ধৰ্মীয় অনুষ্ঠান, ৰন্ধন প্ৰতিযোগিতা, ৰাজপথৰ নাটক আৰু সামূহিক নৃত্যৰ সময়ত সংৰক্ষণৰ বাৰ্তা উপস্থাপন কৰা৷ ৬১৩ অন্যান্য শিক্ষা কৌশলসমূহৰ ভিতৰত আছিল সংৰক্ষণ সজাগতা বিয়পাবলৈ চলচ্চিত্ৰৰ তাৰকাসকলক জড়িত কৰা,৫ আৰু হাড়গিলাৰ বাহ সজা গছৰ মালিকসকলক সতৰ্ক কৰি তোলা৷৫১৪শিশু আৰু যুৱ প্ৰাপ্তবয়স্কসকলকো শিক্ষা অভিযানে সামৰি লৈছিল৷ খেল আৰু কিছুমান কাৰ্যৰ জৰিয়তে তেওঁলোকক হাড়গিলাৰ পৰিৱেশগত গুৰুত্বৰ বিষয়ে জ্ঞান দিয়া হৈছিল।৬৫১৪১৩বাহ সজা গছৰ মালিকৰ সন্তানৰ বাবে বৃত্তি প্ৰস্তুত কৰা হৈছিল।১৩ চৰকাৰী বিষয়াসকলক হাড়গিলাৰ বাসস্থান নিৰীক্ষণৰ আমন্ত্ৰণ দি বৰ্মনে কামৰূপ জিলা চৰকাৰৰ পৰাও সমৰ্থন সংগ্ৰহ কৰিছিল৬৫৷ ইয়াৰ লগতে তেওঁ স্থানীয় বন আৰু আৰক্ষী বিভাগসমূহক সংৰক্ষণ কাৰ্যত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল আৰু সফলো হৈছিল।৫১৩
হাড়গিলা আৰ্মী
ড০ পূৰ্ণিমা দেৱী বৰ্মন হাড়গিলা আৰ্মীৰ প্ৰতিষ্ঠাপক৷ হাড়গিলা আৰ্মী হৈছে সৰ্বমহিলা তৃণমূল পৰ্যায়ৰ হাড়গিলা সংৰক্ষণ গোট।৬১১১৫১৬১২ এই নামটো সংস্কৃত ভাষাৰ "হাড় গিলিব পৰা" শব্দৰ পৰা আহিছে।১৭ গোটত ৪০০ গৰাকী স্থানীয় অসমীয়া স্বেচ্ছাসেৱককে ধৰি ১০,০০০ৰো অধিক সদস্য আছে।১৮ তেওঁলোকৰ লক্ষ্য হৈছে হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত দৃশ্যমান হোৱা বাধাবোৰ আঁতৰোৱা৷১৬ এই আন্দোলনে প্ৰান্তীয় মহিলাসকলৰ সৱলীকৰণ আৰু স্থানীয় সংৰক্ষণৰ বিষয়সমূহত তেওঁলোকৰ কণ্ঠক কৃতিত্ব দিছে।১৫৭
বৰ্মন আৰু হাড়গিলা আৰ্মীয়ে হাড়গিলাৰ বাহত থকা আঘাতপ্ৰাপ্ত পোৱালিবোৰকো সক্ৰিয়ভাৱে উদ্ধাৰ কৰি তেওঁলোকৰ পুনৰ্বাসনৰ দিহা কৰে।১০ গাঁৱৰ মানুহে বাহ সজা গছৰ চাৰিওফালে জাল লগাই বতাহ-বৰষুণৰ দিনত (বিশেষকৈ বাৰিষাৰ সময়ত) গছৰ পৰা সৰি গ'লে বাহ পোৱালিবোৰ ধৰে আৰু আঘাতপ্ৰাপ্ত পোৱালিবোৰক চিকিৎসা প্ৰদান কৰে৷ তেওঁলোকক স্থানীয় চিৰিয়াখানাত পুনৰ সংস্থাপন কৰা হয় আৰু তাৰ পিছত সিহঁতক মুকলি কৰি দিয়া হয়।৬১০ বৰ্মনে হাড়গিলাৰ বাবে এটা কৃত্ৰিম প্ৰজনন মঞ্চও সাজু কৰি তুলিছে৷ ২০১৯ চনত ইয়াত পোনপ্ৰথমবাৰৰ বাবে এটা পোৱালীৰ জন্ম দিয়া হৈছিল।৬
বৰ্মনৰ সংৰক্ষণ প্ৰচেষ্টা আৰম্ভ হোৱাৰ পিছৰে পৰা স্থানীয় পৰ্যায়ত হাড়গিলাৰ সংখ্যা বৃদ্ধি পাইছে৷ ২০০৭ চনত যেতিয়া সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল, তেতিয়া কামৰূপ জিলা উপনিৱেশত মাত্ৰ ২৮টাহে হাড়গিলাৰ বাহ পোৱা গৈছিল৷ কিন্তু ২০১৯ চন পৰ্যন্ত ২০০টাৰো বাহ পোৱা গৈছে, ৬ যাৰ ফলত হাড়গিলাৰ এই কলনীটোক বিশ্বৰ ভিতৰতে সবাতোকৈ ডাঙৰ বুলি স্বীকৃতি দিয়া হৈছে৷১০১৯
পূৰ্ণিমা দেৱী বৰ্মনক গ্ৰাম্য অসমীয়া গাঁৱৰ সাংস্কৃতিক পৰিসৰৰ মাজত অধিক হাড়গিলা সংৰক্ষণ কৰাৰ বাবেও কৃতিত্ব দিয়া হয়।১৮বৰ্মনৰ সংৰক্ষণ প্ৰচেষ্টাৰ পিছত কামৰূপ জিলাৰ গাঁওবাসীয়ে অধিকসংখ্যক হাড়গিলা সংৰক্ষণৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছে ৫১৩ আৰু ২০১০ চনলৈকে কোনো বাহ সজা গছ কাটিব পৰা নাই।২০ চৰাইবোৰৰ সামাজিক প্ৰতিচ্ছবিক ইতিবাচক কৰিবলৈ কিছুমান প্ৰচেষ্টা হাতত লোৱা হৈছে৷ ২১ স্থানীয় লোকগীত, পৰম্পৰা আৰু সাংস্কৃতিক উৎসৱত হাড়গিলাক অন্তৰ্ভুক্ত কৰা হৈছে।৬১২ উদাহৰণস্বৰূপে, গাঁৱৰ মানুহে প্ৰত্যাশিত হাড়গিলাৰ বাবে পঞ্চামৃত অনুষ্ঠান পাতে৷ অসমীয়া মহিলা এগৰাকীৰ ক্ষেত্ৰত পালন কৰা একেবোৰ আচাৰ-ব্যৱহাৰ ব্যৱহাৰ কৰি এই অনুষ্ঠান উদযাপন কৰা হয়৷১৩ প্ৰতি বছৰে ২ ফেব্ৰুৱাৰীত হাড়গিলা দিৱস পালন কৰি অহা হৈছে।১৪ হাড়গিলা আৰ্মীৰ মহিলাসকলে নিজৰ কাপোৰত হাড়গিলাৰ ছবি অংকন কৰি সংৰক্ষণৰ দিশত সজাগতা বিয়পাইছে আৰু ইয়াৰ লগতে তেওঁলোকে নিজৰ পৰিয়ালটোৰ বাবে আয়ৰ সৃষ্টি কৰিছে।১৬১৪ আন এটা পদক্ষেপ হৈছে বিদ্যালয়সমূহত প্ৰাথমিক বয়সৰ শিশুসকলক আলোচনা আৰু খেলৰ জৰিয়তে হাড়গিলাৰ সংৰক্ষণৰ দিশত শিক্ষা দিয়া আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ সময়ত তেওঁলোকক জাবৰণিৰ মাজত থকা পক্ষীবোৰ দেখুৱাবলৈ লৈ যোৱা৷২২
বঁটা আৰু সন্মান
- ২০২০ চনৰ মে' মাহত বিশ্বৰ প্ৰখ্যাত গ্ৰন্থ প্ৰকাশন সংস্থা হাৰ্পাৰ কলিন্স পাব্লিছাৰ্ছ-ৰ শৈক্ষিক প্ৰকাশন শাখা 'কলিন্স'-এ ড॰ পূৰ্ণিমা দেৱী বৰ্মনৰ কৰ্মৰাজিক পাঠ্যক্ৰমত স্থান দিছে। দেশ-বিদেশৰ বিভিন্ন ইংৰাজী ভাষাৰ শিক্ষানুষ্ঠানৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ইংলিজ এলাইভ-৭ত তেখেতৰ এই কৰ্মৰাজি সন্নিৱিষ্ট হ'ব।২৩
- ৰয়েল বেংক অফ ছুইডেনৰ আৰ্থ হিৰ' বঁটা, ২০০৬২৪
- ২০০৯ চনত ভৱিষ্যত সংৰক্ষণবাদী নেতা বঁটা২৫
- ২০১৫ চনত সংৰক্ষণ নেতৃত্ব কাৰ্যসূচী (CLP:Conservation Leadership Programme)ৰ পৰা 'নেতৃত্ব'ৰ ক্ষেত্ৰত বঁটা লাভ কৰে৷২৬২৭
- ২০১৬ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ (United Nations Development Programme)ৰ পৰা জৈৱ বৈচিত্ৰ্য বঁটা লাভ৷২৫
- ২০১৬ চনত ৰয়েল বেংক অৱ স্কটলেণ্ডে প্ৰদান কৰা আৰ্থ হিৰো বঁটা লাভ২৫
- ২০১৬ চনত বালিপাৰা ফাউণ্ডেচনৰ গ্ৰীণ গুৰু বঁটা লাভ২৫
- ২০১৭ চনত উত্তৰ-পূবৰ FIICI FLO (Federation of Indian Chamber of Commerce & Industry,FICCI Ladies Organization)ৰ পৰা নাৰী সাধক (Women Achiever) বঁটা লাভ২৫
- ২০১৭ চনত ভাৰত সঞ্চাৰ নিগম লিমিটেড-এ প্ৰদান কৰা ৰ'ল অৱ অনাৰ সন্মান লাভ৷২৫
- ২০১৭ চনত যুক্তৰাজ্যৰ ৰাজকুমাৰী ৰয়েল এন্নেয়ে হুইটলী বঁটা প্ৰদান কৰে৷ এইটো বঁটাক গ্ৰীণ অস্কাৰ বুলিও কোৱা হয়৷২৮
- ২০১৭ চনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ পৰা নাৰী শক্তি পুৰস্কাৰ লাভ৷ নাৰী শক্তি হৈছে ভাৰতীয় মহিলাৰ বিভিন্ন কৰ্মক স্বীকৃতি জনাই প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটা৷২৯
- ২০১৮ চনত য়ামিন হাজৰিকা ৱ’মেন অব ছাবষ্টেন্স বঁটা লাভ৩০
- ২০১৮ চনত শ্ৰী সত্য সাই এৱাৰ্ড ফৰ হিউমেন এক্সচেলেন্স লাভ৩১
- ২০২২ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ (UNEP)ৰ পৰা উদ্যোগী দৃষ্টিভংগীৰ শাখাত চেম্পিয়ন অৱ দ্য আৰ্থ-২০২২ সন্মান লাভ।৩২
- ২০২৪ চনত তৃণমূল পৰ্যায়ত সংৰক্ষণৰ দিশৰ কাম কৰা নেতাসকললৈ সাহায্যপ্ৰদানকাৰী সংস্থা হুইটলী ফাণ্ড ফৰ নেচাৰ (WFN)-এ প্ৰদান কৰা ১,০০,০০০ পাউণ্ডৰ হুইটলী গোল্ড বঁটা লাভ৩৩৩৪
নিৰ্বাচিত কৰ্ম
- Barman, P.D., A.K Das, B.K Das, S. Biswas. 2011. Conservation Initiatives for Greater Adjutant in Assam, India. Final Report, CLP project ID 331509. Aaranyak.৫
- Barman, P.D., M. Barthakur, A.K. Das, J. Das. 2014. Greater Adjutant conservation through community participation in Assam, India. Final Report, CLP Project ID F03110012. Aaranyak.১৩
- Barman, P.D., and D.K Sharma. 2015. Largest breeding colony of Greater Adjutant, Leptoptilos dubius Gmelin, in Dadara-Pasariya-Singimari Villages in Assam, India. Zoo’s Print. 30(11): 5–6.১৯
- Barman, P.D., S. Ali, P. Deori, D.K. Sharma. 2015. Rescue, Treatment and Release of an Endangered Greater Adjutant Leptoptilos dubius. Zoo's Print. 30(9): 6–9.১০
- Barman, P.D., and D.K. Sharma. 2017. Behavioural ethogram of the endangered greater Adjutant Stork Leptoptilos dubius (Gmelin). International Journal of Zoology Studies. 2(6): 272–281৩৫
- Barman, P.D., and D.K. Sharma. 2020. Foraging analysis of Endangered Greater Adsjutant Stork Leptotilus dubios (Gemlin) in certain habitat of Assam, India. Cold Stream Harbor Laboratory.৩৬
জনপ্ৰিয় মাধ্যমত
২০২৫ চনত অসমৰ পাৰ্থসাৰথি মহন্তই হাড়গিলা আৰু ড০ পূৰ্ণিমা দেৱী বৰ্মণৰ কৰ্ম-আধাৰিত তথ্যচিত্ৰ হাড়গিলা নিৰ্মাণ কৰে৷ তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই৷ এতিয়ালৈকে তথ্যচিত্ৰখন নখন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে৷ ৩৭
লগতে চাওক
বাহ্যিক সংযোগ
ইউ টিউবত উপলভ্য হাড়গিলাশীৰ্ষক তথ্যচিত্ৰ
তথ্যসূত্ৰ
- ↑ (জুন, ২০২১). হাড়গিলা বাইদেউ খ্যাত ড° পূৰ্ণিমা দেৱী বৰ্মনৰ সাক্ষাৎকাৰ. সাক্ষাৎকাৰ. জ্ঞানম
- ↑ m.economictimes.com/news/politics-and-nation/env
- ↑ www.guwahatiplus.com/daily-news/assam-s-purnima-
- ↑ GU fraternity felicitates two conservationists. The Assam Tribune. 2017 Jul 1 [accessed 2019 Nov 6]. www.assamtribune.com/scripts/detailsnew.asp?id=j
- ↑ Barman PD, Das AK, Das BK, Biswas S. Conservation initiatives for Greater Adjutant Stork in Assam, India. Aaranyak; 2011. Report No.: Final Report CLP project ID: 331509
- ↑ Wangchuk, Rinchen Norbu. (2019-08-01). How One Woman With a Special Plan Saved Assam's 'Hargila' Storks From Extinction. The Better India
- ↑ Recent News. Women In Nature Network
- ↑ (2016-06-29). Meet our members - Stork, Ibis and Spoonbill Specialist Group
- ↑ BirdLife International. Leptoptilos dubius. IUCN Red List of Threatened Species 2016. 2016 [accessed 2019 Nov 3]. www.iucnredlist.org/species/22697721/93633471 . doi:http://dx.doi.org/10.2305/IUCN.UK.2016-3.RLTS.T22697721A93633471.en
- ↑ Barman PD, Ali S, Deori P, Sharma DK. Rescue, Treatment and Release of an Endangered Greater Adjutant Leptoptilos dubius. Zoo’s print. 2015;30(9):6–9
- ↑ Purnima Barman, India - Whitley Awards 2017
- ↑ Perinchery, Aathira. (2017-12-30). Purnima Barman works with communities to protect a scruffy, endangered stork in Assam. The Hindu
- ↑ Barman PD, Borthakur M, Das AK, Da J. Greater Adjutant Conservation Through Community Participation in Assam, India. Aaranyak; 2014. p. 76pp. Report No.: CLP Project ID F03110012. Final Project Report
- ↑ Welcome to official Website of Aaranyak · Home. aaranyak.org
- ↑ (2017-05-18). Assam Conservationist Purnima Barman Has Won The 'Green Oscars'. HuffPost
- ↑ Village forms ' hargila army'. www.telegraphindia.com
- ↑ Rhodes, Carla. (2021-03-29). A Biologist, an Outlandish Stork and the Army of Women Trying to Save It. The New York Times
- ↑ (22 June 2020). Meet the Indian Scientist Who Gave the Greater Adjutant Stork an Image Makeover. All About Birds
- ↑ Barman PD, Sharma DK. Largest breeding colony of Greater Adjutant, Leptoptilos dubius Gmelin, in Dadara-Pasariya-Singimari Villages in Assam, India. Zoo’s print. 2015;30(11):5–6
- ↑ The Greater Adjutant's All-Woman Army | RoundGlass | Sustain
- ↑ Rhodes, Carla. (2021-03-29). A Biologist, an Outlandish Stork and the Army of Women Trying to Save It. The New York Times
- ↑ Rhodes, Carla. (2021-03-29). A Biologist, an Outlandish Stork and the Army of Women Trying to Save It. The New York Times
- ↑ আৰ্কাইভ কপি
- ↑ www.northeasttoday.in/assam-woman-wins-earth-her
- ↑ European Environment Foundation
- ↑ Knight T. Endangered giant stork protected by all-female army. Fauna and Flora International. 2018 Apr 18 [accessed 2019 Nov 3]. www.fauna-flora.org/news/national-recognition-in
- ↑ Conservation initiatives for greater adjutant stork in Assam, India. Conservation Leadership Programme
- ↑ Green Oscar for Assam conservationist. www.telegraphindia.com
- ↑ Assam's Purnima Devi Barman achieves Nari Shakti Puraskar from President. www.guwahatiplus.com
- ↑ nenow.in/north-east-news/assam/noted-wildlife-ac
- ↑ timesofindia.indiatimes.com/india/sri-sathya-sai link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ India’s Purnima Devi Barman honoured with U.N.’s highest environmental award. The Hindu
- ↑ (May 02, 2024). Assam's Purnima Devi Barman Receives 'Green Oscar' Whitley Gold Award 2024. NDTV
- ↑ (May 2, 2024). Assam’s Wildlife Conservationist, Dr. Purnima Devi Barman Conferred Whitley Gold Award For 2024. AIR India. Aakashbani_Prasar Bharati
- ↑ Barman PD, Sharma DK. Behavioural ethogram of the endangered greater Adjutant Stork Leptoptilos dubius (Gmelin). International Journal of Zoology Studies. 2017;2(6):272–281
- ↑ Barman, Purnima Devi; Sharma, D. K. (2020-06-01). Foraging analysis of Endangered Greater Adsjutant Stork Leptotilus dubios Gemlin in certain habitat of Assam, India. পৃ. 2020.05.31.125328
- ↑ (৬-৬-২০২৫). ইউ টিউবত মুকলি হাড়গিলা..'. নিয়মীয়া বাৰ্তা. পৃ. ৫,১০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰ্ণিমা দেৱী বৰ্মন” প্ৰবন্ধৰ সংশোধন ৬৩৬২৪৪ (১৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।