অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অবনীত কৌৰ

অবনীত কৌৰ (জন্ম: ১৩ অক্টোবৰ ২০০১) হিন্দী দূৰদৰ্শন আৰু চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ডান্স ইণ্ডিয়া ডান্স লি'ল মাষ্টাৰছ, ঝলক দিখলা যা ৫, মৰ্দানী, চন্দ্ৰ নন্দিনী, আলাদিন – নাম তো ছুনা হোগা, আৰু টিকু ৱেডছ শ্বেৰুত কৰা কামৰ বাবে তেওঁ সুপৰিচিত।

হালনাগাদ: ২২ ফেব্ৰুৱাৰী ২০২৫ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অবনীত কৌৰ (জন্ম: ১৩ অক্টোবৰ ২০০১)১ হিন্দী দূৰদৰ্শন আৰু চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।২ ডান্স ইণ্ডিয়া ডান্স লি'ল মাষ্টাৰছ, ঝলক দিখলা যা ৫, মৰ্দানী, চন্দ্ৰ নন্দিনী, আলাদিন – নাম তো ছুনা হোগা, আৰু টিকু ৱেডছ শ্বেৰুত কৰা কামৰ বাবে তেওঁ সুপৰিচিত।৩৪৫

ব্যক্তিগত জীৱন

২০০১ চনৰ ১৩ অক্টোবৰত৬ পঞ্জাৱৰ জলন্ধৰৰ এক শিখ পৰিয়ালত অবনীত কৌৰৰ জন্ম হৈছিল৷ তেওঁৰ মাতৃ ছোনিয়া নন্দ্ৰ আৰু পিতৃৰ নাম অমনদীপ সিং নন্দ্ৰা৷৭ ২০১০ চনত ৮ বছৰ বয়সত মুম্বাইত তেওঁ অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰে।৮ কৌৰে মুম্বাইৰ কাণ্ডীৱলীৰ এখন ব্যক্তিগত কলেজৰ পৰা বাণিজ্য শাখাত ডিগ্ৰী লাভ কৰে।৯

কৰ্মজীৱন

২০১০ চনত জি টিভিৰ নৃত্য অনুষ্ঠান ডান্স ইণ্ডিয়া ডান্স লি'ল মাষ্টাৰছৰ জৰিয়তে কৌৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। পিছলৈ তেওঁ ডান্স কে ছুপাৰষ্টাৰছত অংশগ্ৰহণ কৰি "ডান্স চেলেঞ্জাৰছ"ৰ দলত যোগদান কৰে।

২০১২ চনত লাইফ অ'কেৰ মেৰী মাৰ জৰিয়তে তেওঁৰ অভিনয়ত আত্মপ্ৰকাশ কৰে য'ত তেওঁ ঝিলমিলৰ চৰিত্ৰত অভিনয় কৰে। ২০১৩ চনত কৌৰে লাইফ অ'কেৰ ধাৰাবাহিক সাবিত্ৰী – এক প্ৰেম কাহানীত ৰাজকুমাৰী দময়ন্তীৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ (12 October 2019). Avneet Kaur's 18th birthday plans. Outlook India
  2. ↑ (15 November 2018). From Siddharth Nigam, Jannat Zubair Rehmani to Avneet Kaur: Young brigade take over TV. The Times of India
  3. ↑ Avneet Kaur - Yash Raj Films. yashrajfilms.com
  4. ↑ (10 August 2017). Avneet Kaur joins 'Chandra Nandni' opposite Siddharth Nigam. ABP News
  5. ↑ (24 May 2019). Siddharth Nigam and Avneet Kaur's show Aladdin: Naam Toh Suna Hoga completes 200 episodes; see celebration pictures. The Times of India
  6. ↑ (14 October 2019). Avneet Kaur's Birthday bash · Jannat Zubair, Siddharth Nigam, Roshni Walia, Ashnoor Kaur & more. Times Now
  7. ↑ (8 April 2021). TV actors and their parents. The Times of India
  8. ↑ Avneet Kaur from Ek Mutthi Aasmaan - Remember these famous child actors? They have grown-up to be hotties. The Times of India
  9. ↑ Patowari, Farzana. (24 April 2019). We're glad we got a chance to see Bhopal's beauty- Avneet Kaur and Siddharth Nigam. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অবনীত কৌৰ” প্ৰবন্ধৰ সংশোধন ৪৮০৮২৬ (২২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।