অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টালিয়ানা ভাৰ্গাছ

টালিয়ানা মাৰিয়া ভাৰ্গাছ কাৰিলু (জন্ম: ২০ ডিচেম্বৰ ১৯৮৭) এগৰাকী কলম্বিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ মিছ কলম্বিয়া ২০০৭ৰ খিতাপ জয় কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৮ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ-আপ হৈছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

টালিয়ানা মাৰিয়া ভাৰ্গাছ কাৰিলু (জন্ম: ২০ ডিচেম্বৰ ১৯৮৭) এগৰাকী কলম্বিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ মিছ কলম্বিয়া ২০০৭ৰ খিতাপ জয় কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৮ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ-আপ হৈছিল। ভাৰ্গাছ ভাৰ্জিনিয়াৰ আলেকজেণ্ড্ৰিয়াত অৱস্থিত নৰ্ডাৰ্ন ভাৰ্জিনিয়া কমিউনিটি কলেজৰ সাংবাদিকতাৰ ছাত্ৰী।

সৌন্দৰ্য প্ৰতিযোগিতা

মিছ কলম্বিয়া ২০০৭

ভাৰ্গাছে ২০০৭ চনৰ ১২ নৱেম্বৰত মিছ কলম্বিয়াৰ মুকুট লাভ কৰে। ইয়াৰ জৰিয়তে তেওঁ নিজৰ গৃহ বিভাগ মেগডালেনালৈ প্ৰথমটো খিতাপ কঢ়িয়াই আনে। তিনি সপ্তাহজোৰা এই প্ৰতিযোগিতাত তেওঁ 'মিছ এলিগেন্স', 'বেষ্ট ফেচ' আৰু 'দ্য কুইন অফ দ্য পুলিচ' বঁটাও লাভ কৰিছিল।

মিছ ইউনিভাৰ্ছ ২০০৮

মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰ্গাছে ৰাষ্ট্ৰীয় সাজ-পোছাক প্ৰতিযোগিতাত শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল। ২০০৮ চনৰ ১৪ জুলাইত অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত তেওঁ ১৫ গৰাকী ছেমি-ফাইনেলিষ্টৰ এৰাকী হিচাপে নিৰ্বাচিত হয়। চুইমচুট প্ৰতিযোগিতাত তেওঁ সৰ্বাধিক ৯.৪৩৩ নম্বৰ লাভ কৰি শীৰ্ষ ১০ত প্ৰথম স্থান লাভ কৰে। ইভিনিং গাউন শিতানত তেওঁ ৯.৮২৯ নম্বৰ লাভ কৰে, যিটো শেহতীয়া বছৰবোৰৰ ভিতৰত অন্যতম সৰ্বাধিক নম্বৰ আছিল।১ অৱশেষত তেওঁ প্ৰথম ৰানাৰ্ছ-আপ হিচাপে যাত্ৰা সমাপ্ত কৰে। ২০১৪ চনত পউলিনা ভেগাৰ বিজয়ৰ পূৰ্বলৈকে মিছ ইউনিভাৰ্ছত ভাৰ্গাছৰ এই স্থানটোৱেই কলম্বিয়াৰ বাবে সৰ্বোচ্চ আছিল।

অভিনয় জীৱন

ভাৰ্গাছে ২০১০ চনত আৰচিএন টিভিৰ ধাৰাবাহিক চেপে ফৰ্টুনাত নিয়া কাৰব্ৰালেছ হিচাপে প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে। এই কামৰ বাবে তেওঁ টিভি-ই-নভেলাছ বঁটাও লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ আন এখন কলম্বিয়ান ধাৰাবাহিক ৰাফায়েল অৰোজকো এল ইডলোত সংগীতজ্ঞজনৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰে।

২০১৭ চনত তেওঁ নেটফ্লিক্সৰ আমেৰিকান ধাৰাবাহিক নাৰ্কোছৰ তৃতীয় ছিজনত পাওলা চালেচেডোৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ কলম্বিয়াৰ বিভিন্ন ব্ৰেণ্ড যেনে ল’ৰিয়েল পেৰিছ, নেচলে আদিৰ বিজ্ঞাপনৰ মুখপাত্ৰ হিচাপেও কাম কৰিছে।

ব্যক্তিগত জীৱন

টালিয়ানা ভাৰ্গাছৰ গ্ৰীক, কলম্বিয়ান আৰু লেবাণীজ বংশোদ্ভব। তেওঁ স্পেনিছ, ইংৰাজী আৰু ইটালী ভাষা সাৱলীলভাৱে ক’ব পাৰে। ২০১৫ চনৰ ১৫ আগষ্টত তেওঁ কেলিৰ ৰাজনীতিবিদ আলেকজেণ্ড্ৰো এডাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ আলিয়া আৰু এণ্টোনিঅ’ নামৰ দুটা সন্তান আছে। ২০২৩ চনৰ কেলিৰ মেয়ৰ নিৰ্বাচনত স্বামী এডাৰৰ ৰাজনৈতিক প্ৰচাৰত তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। ২০২৪ চনৰ ১ জানুৱাৰীৰপৰা তেওঁ কেলিৰ প্ৰথম মহিলাৰ ভূমিকা পালন কৰি আহিছে।

তথ্যসূত্ৰ

  1. ↑ Virreinato para Taliana. Elespectador. El Espectador

সম্পৰ্কিত শ্ৰেণী

সৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টালিয়ানা ভাৰ্গাছ” প্ৰবন্ধৰ সংশোধন ৫৯৮৯১৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।