টিমথি পিটাৰ মো (Timothy Mo; জন্ম ৩০ ডিচেম্বৰ ১৯৫০১) এগৰাকী ব্ৰিটিছ এছিয়ান ঔপন্যাসিক আৰু সাহিত্যকাৰ। তেওঁৰ মাতৃ এগৰাকী ব্ৰিটিছ আৰু দেউতাক হংকঙৰ। মোৱে জন্মৰ পিছত দহ বছৰ বয়সলৈকে হংকঙত বাস কৰিছিল। তাৰপিছত তেওঁ পৰিয়ালৰ সৈতে ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰে। মো আছিল বিদ্ৰোহী আৰু প্ৰতিভাশালী। চীন এৰাৰ আগতে তেওঁ ডিকেনচ্ আৰু চাৰ্ভানটেজ পঢ়ি শেষ কৰিছিল।২
বাৰ বছৰ বয়সতে তেওঁ ঔপন্যাসিক হোৱাৰ সপোন পুহি ৰাখিছিল।৩ প্ৰাইভেটতকৈ ইংৰাজী শিকাৰ পিছত তেওঁ অক্সফৰ্ডৰ ছেইণ্ট জনছ কলেজত ভাষা সাহিত্য অধ্যয়ন কৰিছিল। ঔপন্যাসিক ৰূপে জনপ্ৰিয়তা লাভ কৰাৰ আগতে মোয়ে সাংবাদিক হিচাপে কাম কৰিছিল।৪ ১৯৭৮ চনত প্ৰকাশিত ‘দ্য মাংকি কিঙে’ মোৰ বিৰল প্ৰতিভাৰ কথা ঘোষণা কৰিছিল।
বিভিন্ন পুৰস্কাৰেৰে টিমথিৰ ৰচনাসমূহক সন্মানিত কৰা হৈছে। তেওঁৰ গ্ৰন্থই ‘জেফ্ৰি ফেবাৰ মেম’ৰিয়েল প্ৰাইজ’, ‘হওথৰ্নডেন পুৰস্কাৰ’ তথা ‘জেমছ টাইট ব্লেক মেম’ৰিয়েল প্ৰাইজ’ (কল্পকাহিনীৰ বাবে) লাভ কৰিছে। টিমথি মোৰ তিনিখন কল্পকাহিনী মূলক উপন্যাস ‘চ’ৰ চুইট’, ‘এন ইনচুলাৰ পজেছন’ আৰু ‘দ্য ৰিডানডেঞ্চি অৱ কাৰেজ’ বুকাৰ বঁটাৰ বাবে তালিকাভুক্ত হৈছিল।৫ ১৯৯২ চনত তেওঁ ই এম ফৰ্ষ্টাৰ বঁটা লাভ কৰিছিল।৬ তেওঁৰ উপন্যাস ‘এন ইনচুলাৰ পজেছন’ক (১৯৮৬) দ্য টেলিগ্ৰাফৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহখন এছিয়ান উপন্যাসৰ প্ৰতিযোগীসকলৰ তালিকাত স্থান দিয়া হৈছিল।৭
১৯৯০ ৰ দশকৰ আৰম্ভণিতে মোৱে তেওঁৰ প্ৰকাশকসকলৰ ওপৰত ক্ৰমান্বয়ে বিশ্বাস হেৰুৱাবলৈ আৰম্ভ কৰিছিল আৰু লাহে লাহে তেওঁ প্ৰকাশন উদ্যোগৰ বিষয়ে স্পষ্ট ভাষাত কবলৈ আৰম্ভ কৰিছিল। ১৯৯৪ চনত তেওঁৰ পৰৱৰ্তী উপন্যাসৰ বাবে ৰেণ্ডম হাউচে আগবঢ়োৱা ১,২৫,০০০ ডলাৰৰ অগ্ৰিম ধন তেওঁ প্ৰত্যাখ্যান কৰিছিল আৰু ‘পেডেললেছ প্ৰেছ’ লেবেলৰ অধীনত তেওঁৰ কিতাপবোৰ নিজে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল। স্ব-প্ৰকাশিত তেওঁৰ প্ৰথমখন উপন্যাস আছিল ‘ব্ৰাউনআউট অন ব্ৰেডফ্ৰুট বলভাৰ্ড’।৮৯১০
টিমথিৰ প্ৰকাশিত উপন্যাস কেইখন হ’ল ক্ৰমে; ‘দ্য মাংকি কিং’ (১৯৭৮), ‘চ’ৰ চুইট’ (১৯৮২), ‘এন ইনচুলাৰ পজেছন’ (১৯৮৬), ‘দ্য ৰিডানডেঞ্চি অৱ কাৰেজ’ (১৯৯১), ‘ব্ৰাউনআউট অন ব্ৰেডফ্ৰুট বলভাৰ্ড’ (১৯৯৫), ‘ৰানেগেইড অ’ৰ হেইল’ টু’ (২০০০) আৰু ‘পিঅ’ৰ’ (২০১২)। ইয়াৰ ভিতৰত ১৯৮২ চনত প্ৰকাশ হোৱা ‘চ’ৰ চুইট’ উপন্যাসখনৰ আধাৰত ১৯৮৮ চনত একে নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল।
তথ্যসূত্ৰ
- ↑ According to "Timothy Mo" in Contemporary Authors Online, Thomson Gale, (16 June 2004 update), some sources give his year of birth as 1953
- ↑ Foran, Charles (22 June 2012). "The rise and fall, and rise again, of the mysterious Timothy Mo". The Globe and Mail. Retrieved 27 November 2015
- ↑ Foran, Charles (22 June 2012). "The rise and fall, and rise again, of the mysterious Timothy Mo". The Globe and Mail. Retrieved 27 November 2015
- ↑ Nick Rennison. (2005). Contemporary British novelists. Routledge. পৃ. 101–3. ISBN 978-0-415-21709-5
- ↑ Timothy Mo British Council Literature. British Council. British Council
- ↑ American Academy of Arts and Letters - Award Winners. American Academy of Arts and Letters
- ↑ (22 April 2014). 10 best Asian novels of all time. The Telegraph
- ↑ Tonkin, Boyd (22 October 2011). "Timothy Mo - Postcards from the edge". The Independent. Retrieved 27 November 2015
- ↑ Foran, Charles (22 June 2012). "The rise and fall, and rise again, of the mysterious Timothy Mo". The Globe and Mail. Retrieved 27 November 2015
- ↑ Books by ISBN Paddleless Press
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিমথি মো” প্ৰবন্ধৰ সংশোধন ৫৩৭৪১৮ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।