অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টাটিয়ানা চিলভা

টাটিয়ানা চিলভা ব্ৰাগা টাভাৰেছ (ইংৰাজী: Tatiana Silva Braga Tavares; জন্ম: ৫ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী বেলজিয়ান টিভি ঘোষিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ বেলজিয়াম ২০০৫ ৰ মুকুট লাভ কৰিছিল।

হালনাগাদ: ২৮ এপ্ৰিল ২০২৬ ৫৪১ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

টাটিয়ানা চিলভা ব্ৰাগা টাভাৰেছ (ইংৰাজী: Tatiana Silva Braga Tavares; জন্ম: ৫ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী বেলজিয়ান টিভি ঘোষিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ বেলজিয়াম ২০০৫ ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ব্ৰাছেলছ হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৫ তথা পৰৱৰ্তী সময়ত মিছ ইউনিভাৰ্ছ ২০০৬ ত বেলজিয়াক প্ৰতিনিধিত্ব কৰিছিল।

বেলজিয়ামৰ প্ৰাৰম্ভিক জীৱন

টাটিয়ানা চিলভাৰ জন্ম ব্ৰাছেলছৰ উপনগৰ উকলত কেপ ভাৰ্ডিয়ান মূলৰ দম্পতীৰ কোলাত হৈছিল। সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লোৱাৰ সময়ত তেওঁ এগৰাকী ব্যক্তিগত সহায়িকা হোৱাৰ বাবে অধ্যয়ন কৰি আছিল আৰু এগৰাকী বিপণী সহায়িকা হিচাপে কাম কৰি আছিল।১

ফৰাচী, ওলন্দাজ, ইংৰাজী, পৰ্তুগীজ আৰু কেপ ভাৰ্ডিয়ান ক্ৰেওল ভাষাত সাৱলীল টাটিয়ানাই কিতাপ পঢ়ি, নাচি আৰু ভ্ৰমণ কৰি ভাল পায়। তেওঁ মিছ বেলজিয়াম ২০০৪ ইলেন পেট্ৰিৰ উত্তৰাধিকাৰী হৈছিল।

মিছ বেলজিয়াম

২০০৫ চনত টাটিয়ানা চিলভাই মিছ বেলজিয়াম খিতাপ জয় কৰে। তেওঁ ২০০৪ চনৰ বিজয়ী ইলেন পেট্ৰিৰ উত্তৰাধিকাৰী হয়। প্ৰথমগৰাকী কৃষ্ণাংগ মিছ বেলজিয়াম হোৱাৰ বাবে তেওঁৰ এই বিজয়ে সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ সেই বছৰৰে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত নিজৰ দেশ বেলজিয়াক প্ৰতিনিধিত্ব কৰে। পৰৱৰ্তী সময়ত ২০১২ চনত লৰা বেনে আফ্ৰিকীয় মূলৰ দ্বিতীয়গৰাকী মিছ বেলজিয়াম হিচাপে নিৰ্বাচিত হয়।

ইউনিচেফৰ ৰাষ্ট্ৰদূত

২০১৪ চনত টাটিয়ানা চিলভাই আফ্ৰিকা মহাদেশৰ দৰিদ্ৰতা আৰু ভোকৰ বিৰুদ্ধে যুঁজিবলৈ ইউনিচেফৰ সৈতে হাত মিলায়। শিক্ষা, পুষ্টি আৰু চিকিৎসাৰ গুৰুত্ব প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা ইউনিচেফৰ অভিযানসমূহৰ জৰিয়তে প্ৰতিফলিত হয়। এই অভিযানসমূহত তেওঁ পশ্চিম আফ্ৰিকাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ লগতে আৰ্তজনক সহায় কৰিবলৈ নিৰ্মাণ কৰা কাৰখানাসমূহো পৰিদৰ্শন কৰিছিল। ইউনিচেফ দলত যোগদান কৰাৰ আৰম্ভণিতে তেওঁ আইভৰি ক’ষ্ট ভ্ৰমণ কৰি দেশখনৰ সমস্যাসমূহৰ প্ৰতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ বৰ্তমানো ইউনিচেফ আৰু 'হেণ্ডিকেপ ইণ্টাৰনেশ্যনেল'ৰ দৰে সংস্থাসমূহৰ এগৰাকী অধিবক্তা হিচাপে কাম কৰি আছে। হেণ্ডিকেপ ইণ্টাৰনেশ্যনেলৰ ৰাষ্ট্ৰদূত হিচাপে তেওঁ এংগোলা ভ্ৰমণ কৰিছিল যাতে সেই দেশৰ দিব্যাংগসকলৰ বাবে জনমত আৰু সমৰ্থন গোটাব পাৰি।২ তেওঁৰ মূল উদ্দেশ্য হৈছে সম্ভৱপৰ সকলো ধৰণে সহায় কৰা আৰু আন দেশসমূহে সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে আনক শিক্ষিত কৰা। ইয়াৰ উপৰি তেওঁ কেন্সাৰ বা কৰ্কট ৰোগৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো এগৰাকী স্পষ্টবাদী ব্যক্তি।

টেলিভিছন আৰু ৰেডিঅ'

২০০৬ চনত টাটিয়ানা চিলভাই এ-বি-৩ চেনেলৰ ৰিয়েলিটি শ্ব' ‘মিছ চ্ৱান’ত ধাৰাভাষ্যকাৰ হিচাপে কাম কৰিছিল। ২০১০ চনত তেওঁ 'এক্সপিডিটি ৰবিনছন' নামৰ ক্ৰান্তীয় অঞ্চলৰ এটা ছাৰ্ভাইভেল গেমত অংশ লৈছিল। বেলজিয়ামত এই খেলখন ওলন্দাজ চেনেল ২-বি-ইত সম্প্ৰচাৰিত হৈছিল। ইয়াৰ পিছত তেওঁ এম-৬, টিভি-৫ আৰু আৰ-টি-বি-এফ চেনেলৰ সৈতে বতৰৰ বাতৰি ঘোষিকা আৰু অনুষ্ঠানৰ আঁতধৰোঁতা হিচাপে কাম কৰে। তেওঁ "C'est du belge", "Drôle d'été", "Cap 48" আৰু "Printemps, grandeur nature" আদি অনুষ্ঠানৰ সৈতে জড়িত আছিল। ২০১৪ চনত তেওঁ 'ভিভাচিটে' ৰেডিঅ' চেনেলত সাপ্তাহিক অনুষ্ঠান পৰিৱেশন কৰিছিল। টেলিভিছন আৰু ৰেডিঅ' জগতত তেওঁৰ কেৰিয়াৰ ন বছৰতকৈও অধিক সময়জুৰি বিস্তৃত।৩

২০১৭ চনত তেওঁ ‘ডান্স আভেচ লেচ ষ্টাৰ্ছ’ৰ অষ্টম ছিজনত অংশগ্ৰহণ কৰিছিল, যিটো আছিল ‘ডান্সিং উইথ দ্য ষ্টাৰ্ছ’ৰ ফৰাচী সংস্কৰণ। তেওঁ পেছাদাৰী নৃত্যশিল্পী ক্ৰিষ্টোফ লিকাটাৰ সৈতে যুটী বান্ধিছিল আৰু তেওঁলোকে প্ৰতিযোগিতাখনত তৃতীয় স্থান লাভ কৰিছিল।

সংগীত আৰু টেলিভিছন কেৰিয়াৰ

২০০৮ চনত তেওঁ ১৯৮৬ চনৰ জনপ্ৰিয় গান ‘আই কাণ্ট ৱেট’ৰ এটা কভাৰ সংস্কৰণ একক গীত হিচাপে মুকলি কৰে। ২০০৯ চনৰ ডিচেম্বৰ মাহৰপৰা তেওঁ বেলজিয়ান চেনেল আৰটিবিএফত বতৰৰ বাতৰি পৰিৱেশন কৰি আহিছে।৪ ইয়াৰ উপৰি ২০১৩ চনৰ এপ্ৰিল মাহৰপৰা ফৰাচী চেনেল এম৬ত তেওঁক বতৰৰ বাতৰি ঘোষিকা হিচাপে দেখা গৈছিল।৫

বৰ্তমান তেওঁ ফৰাচী চেনেল টিএফ১ত বতৰৰ বাতৰি পৰিৱেশন কৰে।

ব্যক্তিগত জীৱন

টাটিয়ানা চিলভা আন এগৰাকী বিখ্যাত কেপ ভাৰ্ডিয়ান গায়িকা মাইৰা আন্দ্ৰাডৰ আত্মীয়। তেওঁলোক দুজনী সম্পৰ্কত আপোন মোমায়েক-পেহীয়েকৰ ছোৱালী।

২০১১ চনৰ জুন মাহত বেলজিয়ান গায়ক-গীতিকাৰ ষ্ট্ৰ’মেয়ে চিলভাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক নিশ্চিত কৰিছিল।৬ তেওঁৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে চিলভাই কৈছিল: "এয়া জীৱনভৰৰ বাবে।" ৭ অৱশ্যে ২০১২ চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে।৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Nos Jornal. "Caboverdiana Tatiana Silva crowned Miss Belgium 2005." Retrieved 20 October 2007.
  2. ↑ Tatiana, Silva. Tatiana Silva visits Angola. Handicap International
  3. ↑ Tatiana, Silva. biography/csj0 Tatiana Silva Official Website. Tatiana Silva
  4. ↑ (22 December 2009). Une Miss Météo surprise!. DH.be
  5. ↑ (22 March 2013). Tatiana Silva débarque sur M6. Ciné Télé Revue
  6. ↑ LD. (17 June 2011). Stromae confirme être en couple avec Tatiana Silva. Cine Télé Revue
  7. ↑ (7 November 2011). Tatiana Silva: "Stromae, c'est pour la vie". 7SUR7.be
  8. ↑ Delvaux, Catherine. (26 April 2013). Stromae et Tatiana Silva ont rompu. 7SUR7.be

সম্পৰ্কিত শ্ৰেণী

মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাটিয়ানা চিলভা” প্ৰবন্ধৰ সংশোধন ৬০৩৩৬৬ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।