অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টেছি থমাছ

টেছি থমাছ (ইংৰাজী: Tessy Thomas, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় বিজ্ঞানী তথা অভিযন্তা। তেওঁ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত অগ্নি-৪ মিছাইল প্ৰকল্পটোৰ সঞ্চালক আছিল। ভাৰতত মিছাইল প্ৰকল্পৰ দায়িত্ব লোৱা তেৱেঁই প্ৰথম মহিলা বিজ্ঞানী। তেওঁক ভাৰতৰ ‘মিছাইল মহিলা’ হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ১২ জানুৱাৰী ২০২৬ ৪৪০ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

টেছি থমাছ (ইংৰাজী ভাষা: Tessy Thomas, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় বিজ্ঞানী তথা অভিযন্তা। তেওঁ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত অগ্নি-৪ মিছাইল প্ৰকল্পটোৰ সঞ্চালক আছিল।১ ভাৰতত মিছাইল প্ৰকল্পৰ দায়িত্ব লোৱা তেৱেঁই প্ৰথম মহিলা বিজ্ঞানী। তেওঁক ভাৰতৰ ‘মিছাইল মহিলা’ হিচাপে গণ্য কৰা হয়।

প্ৰাৰম্ভিক জীৱন

১৯৬৩ চনৰ এপ্ৰিল মাহত কেৰালাৰ আলাপ্পুঝা নামে ঠাইত এটা ছিৰিয়ান খ্ৰীষ্টান পৰিয়ালত টেছি থমাছৰ জন্ম হৈছিল।২৩ মাডাৰ টেৰেছাৰ নামেৰে তেওঁৰ নামকৰণ কৰা হৈছে।৪ টেছিৰ ১৩ বছৰ বয়সত দেউতাক পক্ষাঘাতত পীড়িত হয় যাৰ বাবে তেওঁৰ দেহৰ সোঁফাল অচল হৈ পৰে। টেছিৰ মাক আছিল এগৰাকী শিক্ষয়িত্ৰী।৪৫ টেছিৰ চাৰিজনী ভনী আৰু এজন ভায়েক আছিল। থুম্বা বিষুৱীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ আশে-পাশেই টেছি ডাঙৰ-দীঘল হৈছিল যাৰ বাবে ৰকেট আৰু মিছাইলৰ প্ৰতি তেওঁ বাৰুকৈয়ে মুগ্ধ হৈছিল। ইয়াৰোপৰি তেওঁ উৰাজাহাজ উৰণৰ দ্বাৰাও মুগ্ধ হৈছিল।৬৪৪৭

শিক্ষা

টেছি থমাছে ছেইণ্ট মাইকেলছ হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু ছেইণ্ট যোছেফছ গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। গণিত আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰতি তেওঁৰ সহজাত প্ৰবৃত্তি আছিল। স্কুলত একাদশ আৰু দ্বাদশ বছৰৰ সময়ছোৱাত গণিত বিষয়ত তেওঁ এশ শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছিল। সেই একে সময়তে তেওঁ বিজ্ঞান বিষয়ত ৯৫ শতাংশতকৈ অধিক নম্বৰ পাবলৈ সক্ষম হৈছিল।৪৩৫ থ্ৰীছুৰত অৱস্থিত চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ উদ্দেশ্যে তেওঁ ভাৰতীয় ষ্টেট বেংকৰ পৰা প্ৰতি মাহে এশ টকীয়া এটা ঋণ লৈছিল। ইয়াৰোপৰি তেওঁ এটা ছাত্ৰবৃত্তিও লাভ কৰিছিল আৰু এই বৃত্তিৰেই তেওঁৰ টিউচনৰ মাচুল পৰিশোধ কৰিছিল। বি টেক কৰি থকা সময়ছোৱাত হোষ্টেলত থকাৰ বাবে বেংকৰ পৰা লোৱা ঋণটোৱে ভালেখিনি সহায় কৰিছিল।৪৮ স্কুল আৰু কলেজ দুয়োতে টেছি থমাছে ৰাজনৈতিক আলোচনাকে ধৰি আন বহুতো পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপত যোগদান কৰিছিল। তেওঁ ক্ৰীড়াত, বিশেষকৈ বেডমিণ্টনত, উৎকৰ্ষ লাভ কৰিছিল।৯ তেওঁ পুনেত অৱস্থিত ইনষ্টিটিউট অৱ আৰ্মামেণ্ট টেকন’লজিৰ (বৰ্তমানৰ ডিফেন্স ইনষ্টিটিউট অৱ এডভাঞ্চড টেকন'লজি) পৰাও গাইডেড মিছাইল বিষয়ত এম টেক ডিগ্ৰী অৰ্জন কৰিছে। ইয়াৰোপৰি তেওঁ অভিযান ব্যৱস্থাপনা বিষয়ত এম বি এ ডিগ্ৰী লাভ কৰিছে।৮ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ পৰা তেওঁ গাইডেড মিছাইল বিষয়ত পি এইচ ডি লাভ কৰিছে।৩

জীৱিকা

১৯৮৮ চনত টেছি থমাছে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত যোগদান কৰে।১০ তেওঁক নতুন প্ৰজন্মৰ ক্ষেপণাস্ত্ৰ “অগ্নি”ৰ ৰূপাংকণ আৰু উন্নয়ন বিভাগত নিযুক্ত কৰা হৈছিল। অগ্নি কাৰ্যসূচীৰ বাবে তেওঁক স্বয়ং এ পি জে আব্দুল কালামে নিযুক্তি প্ৰদান কৰিছিল।৩ টেছি থমাছ তিনি হাজাৰ কিলোমিটাৰ পৰিসৰৰ অগ্নি-৩ মিছাইল প্ৰকল্পৰ সহকাৰী সঞ্চালক আছিল।১১ ২০১১ চনত সফলতাৰে পৰীক্ষা কৰা অগ্নি-৪ মিছাইল প্ৰকল্পটোৰো তেওঁ সঞ্চালক আছিল।১২ ২০০৯ চনত পাঁচ হাজাৰ কিলোমিটাৰ পৰিসৰৰ অগ্নি-৫ মিছাইল প্ৰকল্পটোৰ সঞ্চালক হিচাপে পুনৰ টেছি থমাছক নিযুক্তি দিয়া হৈছিল। ২০১২ চনৰ ১৯ এপ্ৰিল তাৰিখে সফলতাৰে মিছাইলটো পৰীক্ষা কৰা হয়। ২০১৮ বৰ্ষত প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ বৈমাণিকী পদ্ধতিসমূহৰ সাধাৰণ সঞ্চালক হিচাপে তেওঁক নিযুক্তি দিয়া হয়।১ টেছি থমাছে ভাৰতীয় ৰাষ্ট্ৰীয় অভিযান্ত্ৰিক একাডেমী (INAE), ইনষ্টিটিউছন অৱ ইঞ্জিনীয়াৰিং-ভাৰত (IEI) আৰু টাটা প্ৰশাসনিক সেৱাকে (TAS) ধৰি ভালেমান বিশ্ববিদ্যালয়ৰ অধিসদস্যপদ গ্ৰহণ কৰিছে।৩

ব্যক্তিগত জীৱন

টেছি থমাছ বিবাহপাশত আৱদ্ধ হৈছিল ভাৰতীয় নৌসেনাৰ কমাণ্ডাৰ সৰোজ কুমাৰৰ সৈতে। তেওঁলোকৰ টেজাছ নামে এজন পুত্ৰ সন্তানৰ পিতৃ-মাতৃ।১৩

বঁটা

মিছাইল প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতক স্বনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে টেছি থমাছক লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে।১৪১৫

প্ৰকাশন

তথ্যসূত্ৰ

  1. ↑ M Somasekhar. (29 May 2018). Tessy Thomas elevated as D-G Aero of DRDO. The Hindu Business Line
  2. ↑ Profile of Dr.Tessy Thomas
  3. ↑ ‘We watched breathlessly, praying for inner strength as the missile took off’. The Telegraph
  4. ↑ DD News. (2016-10-09). Tejasvini: Interaction with Tessy Thomas, The Missile Women of India
  5. ↑ Atul Vidyalaya. (2016-01-04). Atul Vidyalaya - Speech - Agni Putri - Dr.Tessy Thomas, Missile Woman of India - 2015
  6. ↑ Bagla, Pallav. The 'missile woman' behind India's new ICBM. BBC Online
  7. ↑ INDIA SCIENCE NEWS ISN. (2013-02-09). Tessy Thomas.mp4
  8. ↑ (2016-12-22). Tessy Thomas – The First Indian Woman Scientist to Head a Missile Project in India. Be An Inspirer
  9. ↑ Dr. Tessy Thomas
  10. ↑ (2017-11-30). In Love With Rocket Science: The Story of Tessy Thomas, India's Missile Woman. The Better India
  11. ↑ Smt. Tessy Thomas is first woman scientist to head missile project
  12. ↑ 'Agni Putri' Tessy Thomas breaks glass ceiling
  13. ↑ (September 2008). Meet India's "Missile Woman".. IWSA Newsletter
  14. ↑ Scientist honoured for work on Agni missile tech
  15. ↑ (October 2, 2012). ‘Missile woman’ Tessy Thomas conferred Shastri award

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা অভিযন্তাভাৰতীয় মহিলা বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় অভিযন্তাএকবিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানীভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত ব্যক্তিবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেছি থমাছ” প্ৰবন্ধৰ সংশোধন ৫৬৯১১৯ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।