অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টি মীনা কুমাৰী

টি মীনা কুমাৰী (T. Meena Kumariজন্ম ১৯৫১) ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। তেওঁ মেঘালয় উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ আছিল।[1] ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয় আৰু পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

টি মীনা কুমাৰী (T. Meena Kumariজন্ম ১৯৫১) ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ।১ তেওঁ মেঘালয় উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ আছিল।[1] ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয় আৰু পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২

২০১৩ চনত মেঘালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ সন্দৰ্ভত তেওঁ কয় যে তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব ৰাজ্যখনত ফাষ্ট-ট্ৰেক আদালত স্থাপন কৰা, লগতে অঞ্চলটোৰ সমস্যাসমূহ বুজি পোৱা আৰু বিচাৰধীন গোচৰসমূহৰ সৈতে মোকাবিলা কৰা।৩২০১৩ চনৰ আগষ্ট মাহত মেঘালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ লোৱাৰ পিছত ২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁক তামিলনাডু ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।২০১১ চনৰ পৰা এই পদ খালী হৈ আছিল।৪

অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে সাতজন ন্যায়াধীশৰ বিচাৰপীঠৰ সদস্য হিচাপে টি মুৰালিধৰ ৰাও বনাম অন্ধ্ৰপ্ৰদেশ ৰাজ্য ২০১০ গোচৰৰ সৈতে জড়িত আছিল। গোচৰটোত বিশেষকৈ পিছপৰা শ্ৰেণীৰ মুছলমানসকলৰ বাবে সংৰক্ষণৰ সৈতে জড়িত ধৰ্মভিত্তিক সংৰক্ষণৰ বিষয়ে আলোচনা কৰা হৈছিল। কোটাটোক বাদ দিয়া সংখ্যাগৰিষ্ঠতাৰ মতামতৰ সৈতে একমত হোৱাৰ বিপৰীতে ন্যায়াধীশ টি মীনা কুমাৰীয়ে এটা সুকীয়া ৰায়দান আগবঢ়ায়।৫৬

তেওঁ অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ প্ৰয়াত ভায়লিনবাদক পদ্মশ্ৰী ভেংকটেস্বামী নাইডুৰ নাতিনী।৭

তথ্যসূত্ৰ

  1. ↑ (2013-08-04). Chief Justice retires. Telegraphindia.com
  2. ↑ Hon'ble Justice Smt. T. Meena Kumari:: Patna High Court. Patnahighcourt.bih.nic.in
  3. ↑ Times, Meghalaya. (23 March 2013). Meena Kumari sworn in as first Chief Justice of Meghalaya. meghalayatimes.info
  4. ↑ Hindu, The. (17 November 2014). After 3 years, rights panel gets chairperson. The Hindu
  5. ↑ Reddy, K. Vivek. (15 February 2010). Reserving judgment. Indian Express
  6. ↑ Kannabiran, Kalpana. (2013). Tools of Justice: Non-discrimination and the Indian Constitution. Routledge. পৃ. 286. ISBN 9780415523103
  7. ↑ (21 March 2013). AP's Meena Kumari is Meghalaya's CJ. Deccan Chronicle

সম্পৰ্কিত শ্ৰেণী

ন্যায়াধীশভাৰতৰ মহিলা ন্যায়াধীশভাৰতৰ ন্যায়াধীশঅন্ধ্ৰপ্ৰদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টি মীনা কুমাৰী” প্ৰবন্ধৰ সংশোধন ৪৭১৬৪০ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।