টাইলা এবাৰক্ৰামবি (ইংৰাজী ভাষা: Tyla Abercrumbie) এগৰাকী আমেৰিকান অভিনেত্ৰী, পৰিচালক আৰু নাট্যকাৰ। তেওঁ বিশেষকৈ ড্ৰামা ধাৰাবাহিক দ্য চিত নিনা উইলিয়ামছ আৰু ক্ৰাইম ধাৰাবাহিক এনচিআইএছ: অৰিজিনছত বিষয়া মেৰী জো হেইছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
প্ৰাৰম্ভিক জীৱন
এবাৰক্ৰামবিৰ জন্ম চিকাগোৰ অষ্টিনত হৈছিল। অষ্টিনত ডাঙৰ-দীঘল হোৱাৰ অভিজ্ঞতাক তেওঁ আনন্দদায়ক বুলি অভিহিত কৰিছে, যদিও সেই সময়ত চহৰখনত পৰ্যাপ্ত সম্পদৰ অভাৱ আছিল আৰু বাসিন্দাসকলে সংগ্ৰাম কৰিবলগীয়া হৈছিল।১ তেওঁৰ ডাঙৰ ভনীেকে তেওঁক কবিতা লিখাৰ দৰে কলাৰ জৰিয়তে নিজক প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিছিল।১ ভনীেকে তেওঁক কিতাপ পঢ়িবলৈ আৰু তাৰ পিছত সেইবোৰৰ বিষয়ে লিখিবলৈ বা অভিনয় কৰি দেখুৱাবলৈ অনুপ্ৰাণিত কৰিছিল।২ তেওঁ কলাম্বিয়া কলেজ চিকাগোৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।৩
কৰ্মজীৱন
কেৰিয়াৰৰ আৰম্ভণিতে এবাৰক্ৰামবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত থিয়েটাৰ আৰু টেলিভিছনত কাম কৰাৰ আগতে চিকাগোৰ স্থানীয় থিয়েটাৰ চাৰ্কিটত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।১ ড্ৰামা ধাৰাবাহিক দ্য চিত নিনা জনছনৰ চৰিত্ৰত অভিনয় কৰাটোৱে আছিল তেওঁৰ জীৱনৰ প্ৰথমটো ডাঙৰ ব্ৰেক।২৪ তেওঁ পুলিচ ড্ৰামা ধাৰাবাহিক ডেট্ট্ৰইট ১-৮-৭ আৰু ক্ৰাইম ড্ৰামা ধাৰাবাহিক দ্য চিকাগো ক'ডত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল।৫ ইয়াৰ উপৰি তেওঁ ক্ৰাইম ছিৰিজ এনচিআইএছ: অৰিজিনছত অফিচাৰ মেৰী জো হেইছৰ চৰিত্ৰত অভিনয় কৰিছিল।৬
এবাৰক্ৰামবিয়ে নিজৰ সমগ্ৰ কৰ্মজীৱনত কেৱল অভিনেত্ৰী হিচাপেই নহয়, পৰিচালক আৰু নাট্যকাৰ হিচাপেও থিয়েটাৰ প্ৰডাকচনত অংশগ্ৰহণ কৰি আহিছে। তেওঁ টাইমলাইন থিয়েটাৰ প্লেৰাইটছ কালেকটিভত যোগদান কৰিছিল, যিয়ে তেওঁৰ নাটক ৰিলেণ্টলেছ লিখা আৰু বিকশিত কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল। এই নাটকখন ২০২২ চনত গুডমেন থিয়েটাৰত প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰা হয়। আচলতে নাটকখন ২০২০ চনতে মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও ক'ভিড-১৯ মহামাৰীৰ বাবে পলম হৈছিল।২ ১৯১৯ চনৰ পটভূমিত নিৰ্মিত এই নাটকখন তেওঁৰ অষ্টিন সম্প্ৰদায়ৰপৰা পৰিচিত লোকসকলৰদ্বাৰা অনুপ্ৰাণিত। ২০২১ চনত তেওঁ এটা নতুন কৰ্ম নিৰ্মাণৰ বাবে চিকাগোৰ ৰেভেন থিয়েটাৰৰপৰা ২৫,০০০ ডলাৰৰ অনুদান লাভ কৰে।৭
এচাইলাম (ওৰফে লাইফ) হৈছে এবাৰক্ৰামবিয়ে তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিতে (২০০৩) লিখা আৰু অভিনয় কৰা এখন একক নাটক (one woman show), যিয়ে এগৰাকী আধুনিক মহিলাই অনুভৱ কৰা বিভিন্ন সংঘাতপূৰ্ণ চাপসমূহ চিত্ৰিত কৰে।৮
তথ্যসূত্ৰ
- ↑ Callender, Samantha. (May 6, 2022). Austin native's new play inspired by her hometown. austinweekly.com
- ↑ Greene, Janaya. (November 24, 2021). Tyla Abercrumbie is about more than The Chi. chicagoreader.com. Chicago Reader
- ↑ Tyla Abercrumbie. geffenplayhouse.org. Geffen Playhouse
- ↑ The Chi's Tyla Abercrumbie joins NCIS: Origins Prequel Series. blackfilmandtv.com
- ↑ (June 14, 2011). Singles 2011: Tyla Abercrumbie. chicagomag.com. Chicago Reader
- ↑ Andreeva, Nellie. (March 26, 2024). 'NCIS: Origins' Prequel Adds Tyla Abercrumbie & Diany Rodriguez To Cast. deadline.com. Deadline Hollywood
- ↑ George, Doug. (February 8, 2021). Tyla Abercrumbie leads off new play initiative for Raven Theatre. Chicago Tribune
- ↑ Karlin, Katherine. (May 10, 2003). 'Asylum' actress shows she has lock on pressures modern women feel. Pittsburgh Post-Gazette
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাইলা এবাৰক্ৰামবি” প্ৰবন্ধৰ সংশোধন ৫৯৮৯৪৯ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।