অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টি.এছ. কনক

টি.এছ. কনক ( T. S. Kanaka or Thanjavur Santhanakrishna Kanaka; জন্ম: ৩১ মাৰ্চ ১৯৩২ – মৃত্যু: ১৪ নৱেম্বৰ ২০১৮) বা থাঞ্জাভুৰ সন্থানাকৃষ্ণ কনক, যাক থাঞ্জাভুৰ সন্থানা কৃষ্ণ কনক বুস্নায়ুচাৰ্জন। এছিয়াৰ প্ৰথম মহিলা স্নায়ুচাৰ্জন, আৰু বিশ্বৰ প্ৰথম কেইগৰাকীমান মহিলা স্নায়ুচাৰ্জনৰ ভিতৰত অন্যতম।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

টি.এছ. কনক ( T. S. Kanaka or Thanjavur Santhanakrishna Kanaka; জন্ম: ৩১ মাৰ্চ ১৯৩২ – মৃত্যু: ১৪ নৱেম্বৰ ২০১৮) বা থাঞ্জাভুৰ সন্থানাকৃষ্ণ কনক, যাক থাঞ্জাভুৰ সন্থানা কৃষ্ণ কনক বুস্নায়ুচাৰ্জন। এছিয়াৰ প্ৰথম মহিলা স্নায়ুচাৰ্জন,১২৩৪ আৰু বিশ্বৰ প্ৰথম কেইগৰাকীমান মহিলা স্নায়ুচাৰ্জনৰ ভিতৰত অন্যতম।৫ ভাৰতৰ প্ৰথমগৰাকী স্নায়ুচাৰ্জন যিয়ে মগজুত ক্ৰনিক ইলেক্ট্ৰ'ড ইমপ্লাণ্ট কৰিছিল,৬ ১৯৭৫ চনৰ পৰাই তেওঁ প্ৰথমগৰাকীয়ে deep brain stimulation কৰিছিল।৭ ১৯৬০ আৰু ১৯৭০ চনত অধ্যাপক বালাসুব্ৰমণিয়াম, অধ্যাপক এছ কল্যাণৰমনৰ সৈতে কাৰ্য্যকৰী স্নায়ুচাৰ্জাৰীৰ পথ প্ৰদৰ্শক আছিল;৭ আৰু তেওঁৰ গৱেষণা আৰু ষ্টেৰিঅ'টেকটিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত অৱদানৰ বাবে স্বীকৃতি লাভ কৰে।৬ মাদ্ৰাজ নিউৰ' ট্ৰাষ্টৰ লাইফটাইম এচিভমেণ্ট বঁটাও লাভ কৰিছে।৮

প্ৰাথমিক জীৱন আৰু শিক্ষা

মাদ্ৰাজত সন্থাকৃষ্ণ আৰু পদ্মৱতীৰ আঠটা সন্তানৰ ভিতৰত থাঞ্জাভুৰ সন্থাকৃষ্ণ কনক অন্যতম।৯ তেওঁৰ পিতৃ ৰাজহুৱা নিৰ্দেশনাৰ উপ-সঞ্চালক আৰু মাদ্ৰাজ শিক্ষক মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল।১০আৰম্ভণিতে কনকৰ আধ্যাত্মিক অধ্যয়নৰ প্ৰতি আকৰ্ষিত হৈছিল যদিও আগ্ৰহ থকাৰ পিছতো তেওঁ চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰিবলৈ লয়, ১৯৫৪ চনৰ ডিচেম্বৰ মাহত চিকিৎসা বিজ্ঞানত স্নাতক (এম বি বি এছ) সম্পূৰ্ণ কৰে আৰু ১৯৬৩ চনৰ মাৰ্চ মাহত সাধাৰণ অস্ত্ৰোপচাৰত স্নাতকোত্তৰ (এম এছ) লাভ কৰে।১১১২

কৰ্মজীৱন

কনক আছিল বিশ্বৰ প্ৰথম মহিলা স্নায়ুচাৰ্জনসকলৰ ভিতৰত অন্যতম;৫ ১৯৬৮ চনৰ মাৰ্চ মাহত তেওঁ স্নায়ুচাৰ্জাৰীত ডিগ্ৰী (MCh) লাভ কৰি যোগ্যতা অৰ্জন কৰিছিল; ডায়েনা বেক (১৯০২-১৯৫৬)১৩ আৰু ১৯৫৯ চনৰ নৱেম্বৰ মাহত আয়চিমা আলটিনকৰ যোগ্যতা অৰ্জন কৰে।১৪ তাৰপিছত ১৯৬০ চনত যেতিয়া মাদ্ৰাজত ষ্টেৰিঅ'টেক্সি আৰম্ভ হৈছিল, তেতিয়া কনকা ভাৰতত প্ৰথম ষ্টেৰিঅ'টেক্সিক পদ্ধতি সম্পন্ন কৰা বি.ৰামামূৰ্তিৰ অস্ত্ৰোপচাৰ দলৰ সদস্য আছিল। ৬১৫১৬

১৯৬২-১৯৬৩ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত কনকে ভাৰতীয় সেনাবাহিনীত কমিচনড অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৭ তেওঁৰ কেৰিয়াৰৰ বেছিভাগ সময়েই প্ৰধানকৈ চৰকাৰী সাধাৰণ চিকিৎসালয়ৰ সৈতে জড়িত আছিল। কনকাই মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল,১৮ মহামাৰী বিজ্ঞান গৱেষণা কেন্দ্ৰ, আদয়াৰ কেন্সাৰ ইনষ্টিটিউট, হিন্দু মিছন হাস্পতাল আদি চিকিৎসালয়। তেওঁ ৩০ বছৰতকৈও অধিক সময় ধৰি তিৰুমালা তিৰুপতি দেৱস্থানমছ টিটিডি (তিৰুমালা)কে ধৰি অৰ্থনৈতিকভাৱে বঞ্চিত লোকসকলক স্বাস্থ্যসেৱা প্ৰদান কৰাত সহায় কৰিবলৈ কেইবাটাও সংস্থাৰ সৈতে কাম কৰিছিল।১৯

ব্যক্তিগত জীৱন

কনকে সফলতাৰে এম এছ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁৰ সৰু ভাতৃ অসুস্থ হৈ পৰে আৰু ন বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৯ এই ট্ৰেজেডীয়ে তেওঁ অবিবাহিত হৈ থকাৰ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল আৰু ইয়াৰ পৰিৱৰ্তে চিকিৎসা বিজ্ঞানৰ কেৰিয়াৰ গঢ়ি তুলি ৰোগীক সহায় কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।৯

মৃত্যু আৰু উত্তৰাধিকাৰ

২০১৮ চনৰ ১৪ নৱেম্বৰত চেন্নাইত কনকৰ মৃত্যু হয়।২০

তথ্যসূত্ৰ

  1. ↑ TNN. (1 January 2002). Exhibition on Indian women opens. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (2003-04-23). Wiping out heritage?. দ্য হিন্দু
  3. ↑ (2 April 2008). Tamil Nadu / Tiruchi News: "Check newborns' brain health". দ্য হিন্দু
  4. ↑ Benedict, Brenda. (2 March 2004). Devoted Healer. The Star Online
  5. ↑ Spetzler R. F. (2011). Progress of women in neurosurgery. Asian Journal of Neurosurgery. পৃ. 6–12
  6. ↑ Nashold B.S. (1994). The History of Stereotactic Neurosurgery. Stereotactic Functional Neurosurgery, vol 62, Number 1-4, p.29–40. DOI:10.1159/000098595
  7. ↑ Kanaka T S. Back to the future: Glimpses into the past. Neurol India [serial online] 2016 [cited 2016 May 4]; 64:206-7. Available from: www.neurologyindia.com/text.asp?2016/64/2/206/17
  8. ↑ Madras Neuro Trust
  9. ↑ Interview: Dr T S Kanaka, Asia's First Female Neurosurgeon – indiamedicaltimes.com
  10. ↑ Srinivas Chari. (2011). Carry on, doctor!. Harmony Magazine
  11. ↑ Obituary: Prof. Thanjavur Santhanakrishna Kanaka · Asian Medical Students & Residents Society for Neurosurgery. asianyns.org
  12. ↑ Ganapathy, Krishnan. (2018-11-01). IN MEMORIAM: Thanjavur Santhanakrishna Kanaka (31st March 1932 – 14th Nov 2018). Neurology India. পৃ. 1872–1876
  13. ↑ Gikles C.E. (Mar 2008). An account of the life and achievements of Miss Diana Beck, neurosurgeon (1902-1956). Neurosurgery. পৃ. 738–42
  14. ↑ (2007). A pioneering female neurosurgeon: Dr. Aysima Altinok. Acta Neurochir (Wien). পৃ. 943–8
  15. ↑ Sridhar K. Bioline International Official Site. Bioline.org.br
  16. ↑ Neurosurgery in India, by A.P.Karapurkar and S.K.Pandya
  17. ↑ Asia's first female neurosurgeon Dr.TS Kanaka in Phoenix Pengal 1/3| News7 Tamil. Available from:
  18. ↑ (12 July 2004). The Hindu: Tamil Nadu News: 6 doctors presented with Sanjivi award. Hinduonnet.com
  19. ↑ (16 February 2009). SVIMS hosts meeting on epilepsy. The Hindu
  20. ↑ Satyarthee, Guru Dutta; Jagdevan, Aman. (2019). T. S. Kanaka: First Asian Woman Neurosurgeon, Who Pioneered Stereotactic, Functional and Cerebral Electrode Implant Surgery and Developed Separate Neurosurgical Speciality in India Early 1970. Asian Journal of Neurosurgery. পৃ. 1050

সম্পৰ্কিত শ্ৰেণী

চিকিৎসকভাৰতৰ নাৰীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টি.এছ. কনক” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৯৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।