অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টিয়া চিৰকাৰ

টিয়া চিৰকাৰ (ইংৰাজী: Tiya Sircar; জন্ম: ১৬ মে’, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ দ্য গুড প্লেচ (২০১৬–২০২০) ধাৰাবাহিকত "ৰিয়েল এলিনৰ"/ভিকিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৪৫০ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

টিয়া চিৰকাৰ (ইংৰাজী ভাষা: Tiya Sircar; জন্ম: ১৬ মে’, ১৯৮২)১ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ বিশেষকৈ দ্য গুড প্লেচ (২০১৬–২০২০) ধাৰাবাহিকত "ৰিয়েল এলিনৰ"/ভিকিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। ইয়াৰ উপৰি তেওঁ ডিজনী এক্সডি-ৰ ষ্টাৰ ৱাৰ্ছ ৰেবেলছত (২০১৪–২০১৮) চাবিন ৰেনৰ চৰিত্ৰত কণ্ঠদান কৰিছিল, এবিচি-ৰ এলেক্স, ইনক-ত (২০১৮) ৰুণী চুমানৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু দ্য ইণ্টাৰ্ণশ্বিপ (২০১৩) ছবিত সহ-অভিনেত্ৰী হিচাপে কাম কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

টেক্সাছৰ আৰ্লিংটনত জন্মগ্ৰহণ কৰা আৰু তাতেই ডাঙৰ-দীঘল হোৱা২৩৪ চিৰকাৰ ভাৰতৰ পশ্চিমবংগৰ কলিকতাৰ এহাল বঙালী ভাষাকলেজীয়া অধ্যাপকৰ কন্যা। তেওঁ সৰু কালৰেপৰা নৃত্য আৰু অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল।৫ তেওঁ ডিট্টো এলিমেণ্টৰী স্কুল আৰু মাৰ্টিন হাইস্কুলত অধ্যয়ন কৰি ২০০০ চনত স্নাতক ডিগ্ৰী লাভ কৰে।৬৭৮ ইয়াৰ পিছত তেওঁ টেক্সাছ বিশ্ববিদ্যালয়, অষ্টিনত অধ্যয়ন কৰে আৰু সেই সময়ছোৱাতে তেওঁ বিএলভিডি টেলেণ্ট এজেন্সীত ইণ্টাৰ্নশ্বিপ কৰে, যিখন এজেন্সীয়েই পৰৱৰ্তী সময়ত তেওঁৰ প্ৰথম টেলেণ্ট এজেন্সী হিচাপে কাম কৰে। স্নাতক বৰ্ষৰ আগৰ গ্ৰীষ্মকালত তেওঁ ৰোমত পৰ্যটকৰ পথ-প্ৰদৰ্শক হিচাপে কাম কৰিছিল। চিৰকাৰে ব্যৱসায়/মাৰ্কেটিং বিষয়ত বিবিএ আৰু থিয়েটাৰ এণ্ড ডান্সত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভৰ পিছত তেওঁ ডেলত চেলছ বিভাগত কাম কৰিছিল আৰু তাৰ পিছত অভিনয় কেৰিয়াৰ গঢ়িবলৈ লছ এঞ্জেলছলৈ গুচি যায়।৯

কৰ্মজীৱন

চিৰকাৰৰ টেলিভিছনত অভিনীত ধাৰাবাহিকসমূহৰ ভিতৰত মাষ্টাৰ অৱ নান, হাউচ, এম.ডি., হান্না মণ্টানা, গ্ৰীক, মুনলাইট, নাম্বাৰ্ছ, প্ৰিভিলেজড, আৰু টাৰ্মিনেটৰ: দ্য ছাৰা কন্নৰ ক্ৰনিকলছ আদি অন্যতম। ইয়াৰ উপৰি তেওঁ দ্য চুইট লাইফ অন ডেক আৰু দ্য গুড প্লেচত কেইবাটাও খণ্ডত অভিনয় কৰিছে। ২০০৮ চনত তেওঁ এপলৰ ৰাষ্ট্ৰীয় বিজ্ঞাপন অভিযানৰ অংশ হিচাপে এগৰাকী "মেক জিনিয়াছ"ৰ চৰিত্ৰত অভিনয় কৰিছিল। তাৰ পিছৰ বছৰত তেওঁ ডিজনীৰ শ্ব’ ফিনিয়াছ এণ্ড ফাৰ্বৰ এটা এনিমেটেড চৰিত্ৰৰ বাবে কণ্ঠদান কৰে। তেওঁ নিউ লাইন চিনেমাৰ ১৭ এগেইন ছবিত "চামান্থা" নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল— যি আছিল জেক এফ্ৰনে অভিনয় কৰা মুখ্য চৰিত্ৰটোৰ প্ৰতি আকৰ্ষিত এগৰাকী হাইস্কুলীয়া ছাত্ৰী।১০

চিৰকাৰে ২০১৩ চনত মুক্তি পোৱা ছবি দ্য ইণ্টাৰ্ণশ্বিপতো অভিনয় কৰিছিল, যিখন ছবিত ভিন্স ভন, অৱেন উইলচন আৰু ৰোজ বাইৰেনেও অভিনয় কৰিছিল।১০ চিৰকাৰে উল্লেখ কৰিছে যে তেওঁক প্ৰায়ে এনে কিছুমান চৰিত্ৰত অভিনয় কৰিবলৈ দিয়া হয় যাৰ জাতিগত পৰিচয় স্পষ্ট নহয়, কাৰণ তেওঁৰ মতে তেওঁ দেখাত "যথেষ্ট ভাৰতীয়" নহয়।১১

এনিমেচনৰ ক্ষেত্ৰত চিৰকাৰৰ কণ্ঠ অভিনয়ৰ ভিতৰত কাহিনীচিত্ৰ ৱাকিং উইথ ডাইনোছৰছ থ্ৰীডি১২ আৰু টেলিভিছন ধাৰাবাহিক ষ্টাৰ ৱাৰ্ছ ৰেবেলছ অন্যতম। ২০১৪ চনৰ অক্টোবৰ মাহৰপৰা ডিজনী এক্সডি-ত সম্প্ৰচাৰিত হোৱা এই ধাৰাবাহিকখনত চিৰকাৰে এগৰাকী মেণ্ডালোৰিয়ান গ্ৰাফিটি শিল্পী তথা বিস্ফোৰক বিশেষজ্ঞ চাবিন ৰেনৰ চৰিত্ৰত কণ্ঠদান কৰিছিল।১৩

২০১৪ চনৰ ২৪ মাৰ্চত ঘোষণা কৰা হৈছিল যে চিৰকাৰে চিবিএছ/ফক্সৰ পাইলট ধাৰাবাহিক হাউ আই মেট ইউৰ ড্যাডত অভিনয় কৰিব, যিখন আছিল সফল ধাৰাবাহিক হাউ আই মেট ইউৰ মাদাৰৰ এক স্পিন-অফ; অৱশ্যে চিবিএছে এই প্ৰস্তাৱিত প্ৰকল্পটো গ্ৰহণ নকৰিলে।১৪১৫

২০১৬ চনৰ কমেডী ধাৰাবাহিক দ্য গুড প্লেচত চিৰকাৰে ভিকি নামৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ভিকি আছিল এগৰাকী উচ্চাকাংক্ষী দানৱ (যিয়ে মানুহৰ ৰূপ ধৰি থাকে), যিয়ে অভিনয়ৰ প্ৰতি অনুৰাগ গঢ়ি তোলে যেতিয়া তেওঁৰ উচ্চপদস্থ দানৱসকলে তেওঁক বিভিন্ন ছদ্মনাম আৰু কাল্পনিক পৰিস্থিতি ব্যৱহাৰ কৰি নায়ক-নায়িকাসকলক প্ৰতাৰণা কৰিবলৈ নিৰ্দেশ দিয়ে।

২০১৮ চনত চিৰকাৰে এবিচি-ৰ এলেক্স, ইনক-ত জেক ব্ৰাফৰ বিপৰীতে এটা মুখ্য চৰিত্ৰত অভিনয় আৰম্ভ কৰে।১৬ অৱশ্যে এটা ছিজনৰ পিছতে এই ধাৰাবাহিকখন বন্ধ কৰা হয়। পৰৱৰ্তী সময়ত ২০১৯ চনত চিৰকাৰে নেটফ্লিক্সৰ চিনেমা গুড চামত মুখ্য চৰিত্ৰত অভিনয় কৰে।১৭

তথ্যসূত্ৰ

  1. ↑ González, Rodrigo Gutiérrez. (May 16, 2024). Efemérides: los acontecimientos más importantes del 16 de mayo; Quién nació un día como hoy. Infobae
  2. ↑ Martindale, David (April 8, 2018). "Arlington's Sircar savors new role in 'Alex, Inc.'". Fort Worth Star-Telegram. p. 3D. Retrieved April 27, 2025. "You can take the girl out of Texas, but you can’t take Texas out of the girl. That's certainly true of Tiya Sircar, the leading lady of 'Alex, Inc.', a new ABC comedy that airs at 7:30 p.m. Wednesday. 'I’m so Texan that all of my non-Texas friends get sick of hearing me talk about home,' says the actress, who was born and raised in Arlington."
  3. ↑ (February 23, 2018). Tiya Sircar Gets Lead Role on ABC Comedy-Drama 'Alex, Inc.'. India-West. পৃ. C
  4. ↑ Paul, Arielle (April 21, 2018). "It's like a whole other country; Actress's Indian and Lone Star State roots create a unique version of home". The Los Angeles Times. p. J16. Retrieved April 27, 2025. "'My parents are from India, and I grew up in Arlington, Texas, so both backgrounds bring their own aesthetic sensibility,' said Sircar, who stars in ABC's new series 'Alex, Inc.'"
  5. ↑ Ghosh, Ananya. (November 17, 2018). How to be South Asian in America. Hindustan Times
  6. ↑ "VFW Awards: Ditto Elementary". Arlington Citizen-Journal. July 12, 1992. p. 14A. Retrieved April 27, 2025. "These fourth-graders are among those who have been named outstanding students in Arlington by the Veterans of Foreign Wars. Pictures of other students who have also been recognized by the VFW, the Daughters of the American Revolution and the Rotary Clubs will be published in future editions. [...] Chris Katri, Amanda Post, Tiya Sircar, Tanofsky, Volk Vinall, Nick Worley."
  7. ↑ "School (From Page 5); Ditto Elementary". Arlington Citizen-Journal. February 6, 1994. p. 6A. Retrieved April 27, 2025. "Music: Erin Leedy, fifth grade, honorable mention; Tiya Sircar, sixth grade, second place."
  8. ↑ "Class of 2000: Martin". Arlington Hometown Star. June 4, 2000. p. NS23. Retrieved April 27, 2025
  9. ↑ Zighelboim, Selah Maya. (Fall 2015). Making her way to Hollywood. McCombs Magazine. McCombs School of Business. পৃ. 41–42
  10. ↑ Brittany Frederick. (November 6, 2013). Tiya Sircar Talks About Landing 'The Internship'. Starpulse. Star Pulse
  11. ↑ (June 7, 2013). 5 Questions with 'The Internship' Star. Entertainment Tonight
  12. ↑ Tiya Sircar Lends Her Voice to 'Walking with Dinosaurs 3D'. News India Times
  13. ↑ Kevin Fitzpatrick. (February 19, 2014). 'Star Wars Rebels': Meet Mandalorian Graffiti Artist Sabine!. ScreenCrush
  14. ↑ Tim Kenneally. (March 26, 2014). 'How I Met Your Mother' Spinoff Casts 'Crazy Ones' Actress Tiya Sircar as Replacement. The Wrap
  15. ↑ James Hibberd. (March 26, 2014). 'How I Met Your Mother' spinoff scoop: 'Crazy Ones' actress to replace Krysta Rodriguez. Entertainment Weekly
  16. ↑ Kugel, Allison. Lecy Goranson, Tiya Sircar, Anne Dudek: Women of spring's TV lineup. The Spectrum
  17. ↑ (April 22, 2019). 'Good Sam' Starring Tiya Sircar Gets Netflix Premiere Date

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীভাৰতীয় মূলৰ আমেৰিকান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিয়া চিৰকাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৮৯১৫ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।