অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টেগান মাৰ্টিন

টেগান জাড মাৰ্টিন (ইংৰাজী: Tegan Jade Martin; জন্ম: ৭ ছেপ্টেম্বৰ ১৯৯২) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, হেয়াৰড্ৰেছাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে ২০১৪ চনৰ ৬ জুনত মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ৩০৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

টেগান জাড মাৰ্টিন (ইংৰাজী ভাষা: Tegan Jade Martin; জন্ম: ৭ ছেপ্টেম্বৰ ১৯৯২) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, হেয়াৰড্ৰেছাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে ২০১৪ চনৰ ৬ জুনত মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত নিজৰ দেশ অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰি শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।১

প্ৰাৰম্ভিক জীৱন

টেগান মাৰ্টিন নিউকাচল চহৰৰ চাৰ্লছটাউন আৰু জুৱেলছত ডাঙৰ-দীঘল হৈছিল। তেওঁ চাৰ্লছটাউনৰ চেণ্ট জোচেফ প্ৰাইমেৰী স্কুল আৰু তাৰ পিছত গেটছহেডৰ চেণ্ট মেৰীছ হাইস্কুলত অধ্যয়ন কৰিছিল। ১০ম শ্ৰেণীৰ পিছত তেওঁ 'পাণ্ডোৰাছ হেয়াৰ উইচাৰী'ত হেয়াৰড্ৰেছিং এপ্ৰেণ্টিছ হিচাপে কাম কৰিবলৈ স্কুল ত্যাগ কৰে। মডেলিং কেৰিয়াৰ আগবঢ়াই নিবলৈ মাৰ্টিনে যোৱা কেইবছৰমান ধৰি চিডনীত বসবাস কৰি আছে। বৰ্তমান তেওঁ স্বাস্থ্য বিজ্ঞানত স্নাতক ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি থকাৰ লগতে এগৰাকী দক্ষ কেশ আৰু ৰূপসজ্জা শিল্পী।২

কেৰিয়াৰ

সৌন্দৰ্য প্ৰতিযোগিতা

মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০১১

মাৰ্টিনে ২০১১ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া প্ৰতিযোগিতাত নিউকাচলক প্ৰতিনিধিত্ব কৰি প্ৰথম ৰানাৰ-আপৰ স্থান লাভ কৰিছিল। সেই বছৰ পাৰ্থৰ চেৰী-লী বিগছে খিতাপ জয় কৰি ব্ৰাজিলৰ ছাও পাউলোত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১১ ত অংশ লৈ শীৰ্ষ ১০জনৰ ভিতৰত স্থান লাভ কৰিছিল।৩

মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০১৩

২০১৩ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া প্ৰতিযোগিতাতো মাৰ্টিনে নিউকাচলক প্ৰতিনিধিত্ব কৰি পুনৰ প্ৰথম ৰানাৰ-আপৰ স্থান লাভ কৰে। সেইবাৰ মেলবৰ্ণৰ অলিভিয়া ৱেলছে খিতাপ জয় কৰি ৰাছিয়াৰ মস্কোত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৩ ত অংশ লৈছিল।৪

মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০১৪

মাৰ্টিনে তেওঁৰ তৃতীয়টো প্ৰচেষ্টাত ২০১৪ চনত মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট জয় কৰিবলৈ সক্ষম হয়।

মিছ ইউনিভাৰ্ছ ২০১৪

মাৰ্টিনে মিছ ইউনিভাৰ্ছ ২০১৪ ত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰি শীৰ্ষ ১০জনৰ ভিতৰত স্থান লাভ কৰে। প্ৰতিযোগিতাৰ সময়ত তেওঁৰ কোঠাৰ সঙ্গী আছিল মিছ ইউ.এছ.এ. নিয়া ছানচেজ, যিয়ে প্ৰথম ৰানাৰ-আপৰ খিতাপ অৰ্জন কৰিছিল।

টেলিভিছন

চেলিব্ৰিটি এপ্ৰেণ্টিছ

২০১৫ চনত মাৰ্টিনে 'নাইাইন নেটৱৰ্ক'ৰ ৰিয়েলিটি ধাৰাবাহিক দ্য চেলিব্ৰিটি এপ্ৰেণ্টিছ অষ্ট্ৰেলিয়াৰ চতুৰ্থ ছিজনত এজন প্ৰতিযোগী হিচাপে অংশ লৈছিল।৫ তেওঁ ৭ম টাস্কত বাহিৰ হৈছিল যদিও নিজৰ দাতব্য সংস্থা 'দ্য চিডনী চিলড্ৰেনছ হস্পিটেল'ৰ বাবে ১,৩০,৭৮২ ডলাৰ সংগ্ৰহ কৰিছিল।

আই এম এ চেলিব্ৰিটি

২০১৭ চনৰ জানুৱাৰী মাহত মাৰ্টিনে 'নেটৱৰ্ক টেন'ৰ ৰিয়েলিটি শ্ব’ আই এম এ চেলিব্ৰিটি...গেট মি আউট অৱ হিয়েৰ! ৰ তৃতীয় ছিজনত অংশগ্ৰহণ কৰে।৬ জংঘলত ৩৮ দিন থকাৰ পিছত তেওঁ নৱম স্থান লাভ কৰি বাহিৰ হয়।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Miss Universe Australia 2014
  2. ↑ Tegan Martin from NSW has been crowned Miss Universe Australia after twice finishing second in the beauty pageant
  3. ↑ Perth beauty Scherri-Lee Biggs crowned Miss Universe Australia, 8 July 2011, Herald Sun accessed 9 July 2011
  4. ↑ Epstein, Jackie. (12 July 2013). University can wait for Miss Universe Australia Olivia Wells. Herald Sun
  5. ↑ Hoyer, Melissa. (20 July 2015). Gabi Grecko, Geoffrey Edelsten, Mel Greig sign up for Celebrity Apprentice. news.com.au
  6. ↑ (12 February 2017). Celebrities enter the jungle. popsugar.com.au
  7. ↑ (5 March 2017). Tegan Martin has been voted off I'm A Celebrity .. Get Me Out of Here!. news.com.au

সম্পৰ্কিত শ্ৰেণী

অষ্ট্ৰেলিয়াৰ ব্যক্তিমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেগান মাৰ্টিন” প্ৰবন্ধৰ সংশোধন ৫৯৪৯৯১ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।