অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টেইলৰ হিক্সন

টেইলৰ ডেলানে হিক্সন (জন্ম ১১ ডিচেম্বৰ ১৯৯৭) হৈছে এজন কানাডিয়ান অভিনেত্ৰী, যি কেল’না, ব্ৰিটিছ কলম্বিয়াত ডাঙৰ-দীঘল হৈছে। ব্লেকৱে চলচ্চিত্ৰত এটা সৰু ভূমিকাৰ পিছত, হিক্সনে ২০১৬ চনৰ ছবি ডেডপুল-ত এটা ভূমিকা লাভ কৰে।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৬ ৪৪৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

টেইলৰ ডেলানে হিক্সন (জন্ম ১১ ডিচেম্বৰ ১৯৯৭) হৈছে এজন কানাডিয়ান অভিনেত্ৰী, যি কেল’না, ব্ৰিটিছ কলম্বিয়াত ডাঙৰ-দীঘল হৈছে।

ব্লেকৱে চলচ্চিত্ৰত এটা সৰু ভূমিকাৰ পিছত, হিক্সনে ২০১৬ চনৰ ছবি ডেডপুল-ত এটা ভূমিকা লাভ কৰে। তাৰ পিছত কেইবাটাও চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰি, তেওঁ টেলিভিছন ধাৰাবাহিক আফ্টাৰমেথত অভিনয় কৰে। ২০২০ চনৰপৰা ২০২২ চনলৈকে, তেওঁ ফ্ৰিফ'ৰ্ম টিভিৰ ধাৰাবাহিক মাদাৰলেণ্ড° ফ'ৰ্ট ছেলেমত ৰায়েল কলাৰ চৰিত্ৰত অভিনয় কৰে।

প্ৰাৰম্ভিক জীৱন

টেইলৰ হিক্সনৰ জন্ম কেল’না, ব্ৰিটিছ কলম্বিয়াত হৈছিল আৰু তেওঁ চাৰি ভাই-ভনীৰ মাজত ডাঙৰ। ১১ বছৰ বয়সত তেওঁ নিজৰ দেউতাকৰ সৈতে প্ৰতিভা প্ৰদৰ্শনীসমূহত লোক সংগীত গাই আৰম্ভ কৰে আৰু অচিৰেই গীটাৰ আৰু পিয়ানো বজোৱাৰ প্ৰতি আগ্ৰহ গঢ়ি উঠে। ২০১৬ চনৰ এটা সাক্ষাৎকাৰত হিক্সনে সংগীত পৰিৱেশন কৰাৰ প্ৰতি নিজৰ ভালপোৱা বিষয়ে কৈছিল, "আপুনি যেন অন্য এটা ঠাইলৈ গৈ যায় আৰু সেই ৰোমাঞ্চ আন ক'তোৱেই নাপায়।" ১২

কেৰিয়াৰ

২০১৪ চনৰ শেষৰফালে, হিক্সনে নিজৰ খুৰীৰ বন্ধু এজন কাষ্টিং এজেণ্টৰ দৃষ্টি আকৰ্ষণ কৰে। আৰম্ভণিতে অভিনয়ত আগ্ৰহী নাছিলেও, পিছলৈ তেওঁ এজেণ্টজনৰ সৈতে সাক্ষাৎ কৰিবলৈ মান্তি হয় আৰু সেইদিনাই তেওঁ চুক্তিবদ্ধ হয়। তাৰ পিছৰ কেইসপ্তাহত, হিক্সনে অডিচনৰ বাবে কেইবাঘণ্টা গাড়ী চলাই অহা-যোৱা কৰিছিল।২ ২০১৫ চনত, তেওঁ ব্লেকৱে চলচ্চিত্ৰত সমস্যাগ্ৰস্ত কিশোৰীৰ ৰূপত এটা নীৰৱ ভূমিকা লাভ কৰে।৩

হিক্সনৰ উল্লেখযোগ্য অগ্ৰগতি ঘটে ২০১৬ চনৰ একশন-কমেডি ছবি ডেডপুল-ত, য'ত তেওঁ প্ৰথমবাৰৰ বাবে সংলাপযুক্ত ভূমিকা পালন কৰে। তেওঁ মেগান অৰলভস্কি নামৰ এজনী ছোৱালীৰ চৰিত্ৰত অভিনয় কৰে, যাক মুখ্য চৰিত্ৰটোৱে সহায় কৰে।৪ সাক্ষাৎকাৰ এটাত হিক্সনে কয় যে এই ছবিখনৰ বৃহৎ পৰিসৰ আৰু তেওঁৰ সংলাপযুক্ত ভূমিকাই অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ বহুগুণে বৃদ্ধি কৰে। তেওঁ কৈছিল, “ডেডপুল নকৰালৈকে মই অভিনয়ক পেচা হিচাপে কিমান বিচাৰোঁ সেইটো বুজা নাছিলো।”৩

তাৰ পিছত, তেওঁ ২০১৬ চনৰ পোষ্ট-এপোকেলিপ্টিক ধাৰাবাহিক আফ্টাৰমেথ-ত ব্ৰিয়ানা কপেলেণ্ড নামৰ এজন দৃঢ়-প্ৰতিজ্ঞ কিশোৰীৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ এই চৰিত্ৰটোক “সপোনৰ ভূমিকা” বুলি অভিহিত কৰে।২

২০১৬ চনত তেওঁ জি.এল.ও.; এভ্ৰিথিং, এভ্ৰিথিং (২০১৭); আৰু ইনচিডেণ্ট ইন এ ঘ’ষ্ট লেণ্ড আদি চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ স্বতন্ত্ৰ নাটকীয় ছবি হাণ্টিং পিগনাট-ত মুখ্য ভূমিকা পালন কৰে। তদুপৰি ২০১৭ চনৰ ছবি ৰেজিডিউ-তো অভিনয় কৰে।১৩ জায়েণ্ট লিটল ওনছ চলচ্চিত্ৰত অভিনয়ৰ বাবে তেওঁ ২০১৯ চনৰ লিও এৱাৰ্ডত সৰ্বোত্তম অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে।৫

২০১৮ চনত তেওঁ ডেডলি ক্লাছ ধাৰাবাহিকত পেট্ৰা নামৰ এজন গথ চৰিত্ৰত অভিনয় কৰে। তাৰ পিছত ২০২০ চনৰ অতিপ্ৰাকৃত নাটকীয় ধাৰাবাহিক মাদাৰলেণ্ড° ফ'ৰ্ট ছেলেম-ত ৰায়েল কলাৰ নামৰ মুখ্য চৰিত্ৰত অভিনয় কৰে।৬ এই ধাৰাবাহিকখনৰ দ্বিতীয় ছিজন ২০২১ চনত মুক্তি পায়।৭

দ্য এ.ভি. ক্লাবএ মাদাৰলেণ্ড° ফ'ৰ্ট ছেলেম সমীক্ষা কৰি হিক্সনৰ অভিনয়ক বিশেষভাৱে প্ৰশংসা কৰে।৮

ব্যক্তিগত জীৱন

২০১৬ চনৰ এটা সাক্ষাৎকাৰত হিক্সনে কৈছিল যে ডাঙৰ-দীঘল হোৱাৰ সময়ছোৱাত তেওঁৰ আত্মসম্মান সম্পৰ্কীয় সমস্যা আছিল। তেওঁ কৈছিল, “মই ভাবোঁ, মই নিজকে সদায়ে সোঁৱৰাই দিব লগা হয় যে মই ধুনীয়া। আমাৰ চাৰিওফালে থকা সকলো বস্তুৱে আমাৰ মগজুক সেই কথা পাহৰিবলৈ প্ৰভাবিত কৰে — বাছ ষ্টপত থকা পোষ্টাৰ, ইনষ্টাগ্ৰাম চেল্ফি, টিভিৰ বিজ্ঞাপন।” তেওঁ লগতে কয়, “নিজকে ভালপোৱা অনুশীলনৰ বিষয়।” তেওঁ লগতে জনায় যে মঞ্চত পৰিৱেশন কৰাটোৱে সাধাৰণতে তেওঁৰ আত্ম-বিশ্বাস বৃদ্ধি কৰাত সহায় কৰিছে। তেওঁ সৰুতে পৰিচালক টিম বাৰ্টন আৰু ঔপন্যাসিক নিকোলাছ স্পাৰ্কছক প্ৰশংসা কৰি ডাঙৰ হৈছিল।৯

২০১৬ চনৰ ডিচেম্বৰ মাহত, ঘ'ষ্টলেণ্ড ছবিখনৰ শ্বুটিং চলি থাকোঁতে, পৰিচালক পাস্কেল লাউজিয়েৰে তেওঁক এখন কাঁচৰ খিৰিকীত মুঠি মাৰিবলৈ কয় আৰু ই সুৰক্ষিত বুলি জনায়। পিছত খিৰিকীখন ভাঙি যায় আৰু তেওঁ কাঁচৰ ওপৰত পৰি মুখৰ বাঁওফালে গভীৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই আঘাতৰ বাবে ৭০টা চেলাই দিব লগা হয় আৰু তাৰ ফলত স্থায়ী দাগ থাকে।১০

২০১৮ চনত, হিক্সনে ছবিখনৰ প্ৰযোজনা সংস্থা ইন্সিডেণ্ট প্ৰডাকচনৰ বিৰুদ্ধে মোকৰ্দমা দায়েৰ কৰে,১০১১ য'ত তেওঁ “হেৰুৱা আয় আৰু ভৱিষ্যতৰ আয় হেৰুৱাৰ ক্ষতিপূৰণ” বিচাৰে।১২ ২০১৯ চনত, কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু স্বাস্থ্য আইন অনুসৰি কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত নকৰাৰ বাবে দোষ স্বীকাৰ কৰে আৰু মেনিটোবা প্ৰদেশে তেওঁলোকক $৪০,০০০ জৰিমনা কৰে।১৩

হিক্সনে কৈছিল যে এই অভিজ্ঞতাই তেওঁৰ ভিতৰত “বিশ্বাসজনিত সমস্যা” সৃষ্টি কৰে; অৱশ্যে ডেডলি ক্লাছ ধাৰাবাহিকত কাম কৰাৰ সময়ত, কাৰ্যবাহী প্ৰযোজক এডাম কেনে শ্বুটিং আৰম্ভ কৰাৰ আগতে তেওঁক সাক্ষাৎ কৰি আশ্বাস দিয়ে যে যদি তেওঁ কেতিয়াবা অস্বস্তি অনুভৱ কৰে তেন্তে তৎক্ষণাৎ শ্বুটিং বন্ধ কৰা হ'ব। এই ধাৰাবাহিকখনৰ কামৰ পৰিৱেশ সম্পৰ্কে হিক্সনে কৈছিল, “ই মোক বুজাবলৈ সহায় কৰিলে যে মানুহে সঁচাকৈয়ে যত্ন লয়। আপোনাৰ সৈতে কাম কৰিবলৈ সঠিক মানুহ বিচাৰি উলিয়াব লাগে, আৰু সেইটো কেতিয়া পাব সেয়া আপুনি নিজেই বুজি পাব।”

২০২০ চনৰ মে' মাহত ফেশ্বন আলোচনী ভেনিটি টিনলৈ দিয়া এটা সাক্ষাৎকাৰত, হিক্সনে নিজৰ কেৰিয়াৰত টিম বাৰ্টনৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰে।

তথ্যসূত্ৰ

  1. ↑ Taylor Hickson. Syfy
  2. ↑ Scuor, Crystal. (16 October 2016). Get Acquainted With Aftermath's Taylor Hickson. 604now
  3. ↑ Knox-Smith, Michael. (18 November 2016). Taylor Hickson Talks Aftermath, Ryan Reynolds and More. mikesfilmtalk.com
  4. ↑ Granger, Katie. (18 February 2016). This One Deadpool Movie Scene Pays Direct Homage To The Comic Books. moviepilot.com
  5. ↑ (23 April 2019). 2019 Leo Nominations Highlight WFF Films
  6. ↑ Dodson, P. Claire. (March 19, 2020). Meet the Motherland: Fort Salem Cast — Here's Who Plays Raelle, Abigail, Tally, Scylla, and More. Teen Vogue
  7. ↑ (June 7, 2021). Witches go from hunted to hunters in Motherland: Fort Salem season 2 first trailer. EW.com
  8. ↑ (March 13, 2020). Motherland: Fort Salem squanders its early potential. The A.V. Club
  9. ↑ (13 January 2017). Pop-Culturalist Chats with Taylor Hickson. Pop-Culturalist.com
  10. ↑ Robb, David. (6 March 2018). Actress Taylor Hickson Sues Producers Over Disfiguring Injury. Deadline Hollywood
  11. ↑ Andrews, Travis M. (March 9, 2018). Taylor Hickson, an up-and-coming actress, was disfigured on a movie set. Now she's suing.. Washington Post
  12. ↑ (March 7, 2018). Actress Taylor Hickson sues producers of Winnipeg-shot movie after face badly cut during filming. CBC News
  13. ↑ (November 27, 2019). Winnipeg film company fined $40K for incident that left actress with cuts to neck, face. CBC News

সম্পৰ্কিত শ্ৰেণী

কানাডিয়ান চলচ্চিত্ৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেইলৰ হিক্সন” প্ৰবন্ধৰ সংশোধন ৫৮২৬২৩ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।