টুবা চৈয়দ (জন্ম ২৯ মে', ১৯৯১) এগৰাকী পাকিস্তানী নাৰীবাদী সংগঠক, লেখিকা আৰু লিংগ গৱেষক। নাৰীবাদী সংগঠন ৱমেন ডেম’ক্ৰেটিক ফ্ৰণ্টৰ তথ্য আৰু প্ৰকাশনৰ সম্পাদিকা১২
সমাজ সক্ৰিয়তা
২০১২ চনৰ পৰা চৈয়দে বাওঁপন্থী ৰাজনীতিৰ সৈতে জড়িত হৈ আছে৷ তেওঁ ইছলামবাদৰ বিশ্ববিদ্যালয়ত অধ্যয়ন চক্ৰৰ ব্যৱস্থা কৰাত অংশগ্ৰহণ কৰিছিল।৩ ইছলামবাদৰ কাচ্চি আবাদিছ (অনানুষ্ঠানিক বসতি)ত অল পাকিস্তান এলায়েন্সৰ সৈতে উচ্ছেদ বিৰোধী গৃহ নিৰ্মাণ অধিকাৰ আন্দোলনত তেওঁ কাম কৰিছিল৷ যেতিয়া ৰাজধানী উন্নয়ন কৰ্তৃপক্ষই ৰাজধানীত এনে বাৰটা বসতি ভাঙি পেলোৱাৰ সিদ্ধান্ত লয়৷ তেতিয়া তেওঁ প্ৰতিবাদ কৰিছিল।৪
চৈয়দে ভূমিহীন কৃষক আন্দোলন আৰু ওকাৰাৰ মহিলা প্ৰতিৰোধ আন্দোলনো সংগঠিত কৰিছে।৫ চৈয়দে পাকিস্তানত প্ৰগতিশীল ৰাজনৈতিক প্ৰতিৰোধ সংগঠিত কৰাৰ পদ্ধতিৰ লগতে বৈষম্য আৰু অত্যাচাৰৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক গাঁথনিৰ বুজাবুজি গভীৰ কৰিবলৈ ৰাজনৈতিক বিদ্যালয়ৰ ব্যৱস্থা কৰিছিল।৬ চৈয়দে আৱামী ৱৰ্কাৰছ পাৰ্টিৰ সৈতেও কাম কৰিছিল।
নাৰীবাদ
নাৰীবাদী হিচাপে চৈয়দ নাৰীবাদী তত্ত্ব, ইয়াৰ অনুশীলন, নাৰীৰ বিষয়, লিংগ আৰু দক্ষিণ এছিয়াৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহী।৭৮ চৈয়দে খাইছুৰৰ কাণ্ডৰ বৰ্ণনা কৰাৰ সময়ত পাকিস্তানত মি টু আন্দোলনক সমৰ্থন কৰিছিল।৯১০লাল শ্বাহবাজ কালাণ্ডাৰৰ মন্দিৰত হোৱা আক্ৰমণৰ পিছত (ফেব্ৰুৱাৰী, ২০১৭) তেওঁ চেহৱানত শ্বীমা কেৰমানীক সমৰ্থন কৰিছিল।১১ চৈয়দে ২০১৭ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত এক অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু দক্ষিণ এছিয়াৰ নাৰীবাদী কমলা ভাচিনক আমন্ত্ৰণ জনাইছিল।১২
তথ্যসূত্ৰ
- ↑ (October 30, 2018). WDF demands to repeal ban on media coverage of KP’s girls’ schools · Pakistan Today. www.pakistantoday.com.pk
- ↑ اصغر, ترہب. (31 January 2020). پشتین کی خاطر جیل جانے والے ’انقلابی‘ کون. BBC News اردو
- ↑ (13 March 2015). "Aurat Jagi": The Left Way. The Friday Times
- ↑ (13 March 2015). "Aurat Jagi": The Left Way. The Friday Times
- ↑ (14 June 2016). The courageous resistance of Okara’s women. sister-hood magazine. A Fuuse production by Deeyah Khan.
- ↑ AWP`s weekend political school ends. epaper.dawn.com
- ↑ Team, Cutacut Editorial. (7 March 2018). #WomanCrushWednesday: All the women you need in your life. cutacut
- ↑ (January 14, 2019). Call to reform political system. www.thenews.com.pk
- ↑ (February 3, 2019). Khaisor incident: The untold story. The Express Tribune
- ↑ Amjad, Farah. (20 March 2019). Making #MeToo Work in Pakistan. The New Republic
- ↑ The Good Fight. Newsline
- ↑ Yasin, Aamir. (12 March 2017). ‘Feminism is not a western concept’. DAWN.COM
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টুবা চৈয়দ” প্ৰবন্ধৰ সংশোধন ৬০৭৭৯২ (২২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।