অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টি ৰত্না বাই

টি ৰত্না বাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি আৰু তেওঁ ৰাজ্য সভাৰ সাংসদ৷ তেওঁ সদনত অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰে৷ যৌতুকজনিত মৃত্যুৰ পৰা আৰম্ভ কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যালৈকে নানা উদ্বেগজনক বিষয়ত তেওঁ সদনত নিজৰ অভিমত ব্যক্ত কৰি আহিছে৷ ২০০৫ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ গিৰিজান সমবায় নিগমৰ অধ্যক্ষ…

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

টি ৰত্না বাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি আৰু তেওঁ ৰাজ্য সভাৰ সাংসদ৷ তেওঁ সদনত অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰে৷ যৌতুকজনিত মৃত্যুৰ পৰা আৰম্ভ কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যালৈকে নানা উদ্বেগজনক বিষয়ত তেওঁ সদনত নিজৰ অভিমত ব্যক্ত কৰি আহিছে৷১

২০০৫ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ গিৰিজান সমবায় নিগমৰ অধ্যক্ষ২ ৩হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ প্ৰায় অচল নিগমটোক কাৰ্যকৰী মৰ্যাদালৈ পুনৰুজ্জীৱিত কৰাত সহায় কৰিছিল।৪ তেতিয়াৰ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ড° ৱাই এছ ৰাজশেখৰা ৰেড্ডীক জিচিচিক ভেটৰ পৰা ৰেহাই দিয়াৰ অনুমতি দিবলৈ মান্তি কৰাত তেওঁ সফল হয়, যাৰ ফলত ৪৫ লাখ গিৰিজন পৰিয়াল উপকৃত হয়।৫জনজাতীয় কল্যাণৰ লক্ষ্যৰে প্ৰতিষ্ঠিত অলাভজনক সংস্থা ৰামপাচোদাবৰম ৰাজীৱ গান্ধী সংক্ষেম সংগমৰ প্ৰতিষ্ঠাপক সভানেত্ৰীও।

১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ য়েল্লাভাৰম সমষ্টিৰ পৰা অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

পদাধিকাৰসমূহ

১. ২০০৮ চনৰ এপ্ৰিল মাহত ৰাজ্যসভালৈ নিৰ্বাচিত

২. আগষ্ট ২০০৮ – মে’ ২০০৯ সদস্য, গ্ৰাম্য উন্নয়ন সমিতি

৩. ২০০৮ চনৰ আগষ্ট – ২০০৯ চনৰ মে’ আৰু ২০০৯ চনৰ ছেপ্টেম্বৰৰ পৰা জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য

৪. ২০০৯ চনৰ আগষ্ট মাহৰ পৰা খাদ্য, গ্ৰাহক পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ সমিতিৰ সদস্য মাৰ্চ

৫. ২০১০ চনৰ পৰা সদস্য, সামুদ্ৰিক সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষ (MPEDA)

৬. ১৯৭২–৭৮ সদস্য, অন্ধ্ৰ প্ৰদেশ বিধানসভা

৭. বিধান পৰিষদৰ সদস্য ২০১৪-২০২০

তথ্যসূত্ৰ

  1. ↑ Questions put by Hon' Member of Parliament, Smt. T Ratna Bai. Government of India
  2. ↑ Board members of the Girijan Co-Operative Corporation. GCC, Visakhapatnam
  3. ↑ GCC achieves Rs 112-crore sales turnover. দ্য হিন্দু
  4. ↑ About Girijan Corporation. Ministry of Tibal Welfare, অন্ধ্ৰপ্ৰদেশ, ভাৰত
  5. ↑ (18 December 2005). GCC hails VAT exemption. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদৰাজ্যসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টি ৰত্না বাই” প্ৰবন্ধৰ সংশোধন ৪৯১২৯২ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।