অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৈইলী দেৱী

কৈইলীদেৱী মাথেমা (নেপালী: कोइलीदेवी माथेमा; প্ৰায় ১৯২৯–২০০৭) নেপালী সংগীত জগতৰ প্ৰথম মহিলা গীতিকাৰ লগতে গায়িকা আৰু সুৰকাৰ। নেপালী ভাষাত তেওঁৰ নাম ‘কৈইলী’ৰ শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে ‘কুলি চৰাই’। সুৰীয়া আৰু মিঠা কণ্ঠৰ বাবে পৰিচিত কুলি চৰাইৰ বৰ্ণনাৰ সৈতে এয়া উপযুক্ত উপমা।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ৩৫৮ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

কৈইলীদেৱী মাথেমা (নেপালী: कोइलीदेवी माथेमा; প্ৰায় ১৯২৯–২০০৭) নেপালী সংগীত জগতৰ প্ৰথম মহিলা গীতিকাৰ লগতে গায়িকা আৰু সুৰকাৰ। নেপালী ভাষাত তেওঁৰ নাম ‘কৈইলী’ৰ শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে ‘কুলি চৰাই’। সুৰীয়া আৰু মিঠা কণ্ঠৰ বাবে পৰিচিত কুলি চৰাইৰ বৰ্ণনাৰ সৈতে এয়া উপযুক্ত উপমা। পেহীয়েকৰ সহায়ত ১১ বছৰ বয়সত সিং চুমশ্বেৰ জে বি আৰৰ ৰাজপ্ৰসাদত সহায়িকা হিচাপে তেওঁ প্ৰৱেশ কৰে। তেওঁৰ সুৰীয়া কণ্ঠ শুনি ৰজাই তেওঁক কৈইলী বুলি উল্লেখ কৰিছিল, তাৰ পিছত তাই কৈইলী দেৱী নামেৰে পৰিচিত হৈছিল, যিটো নামে তাইক সফলতা আৰু খ্যাতি প্ৰদান কৰিছিল। সিংহ দৰবাৰত তেওঁ গান গাই নাচিছিল। ২০০৭ খ্ৰীষ্টাব্দৰ আশে-পাশে দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছত ৰেডিঅ’ নেপালত তেওঁ এগৰাকী স্বতন্ত্ৰ গায়িকা হিচাপে পৰিগণিত হয়। তেওঁ হৈছে নেপালৰ পেছাদাৰী গায়িকা সকলৰ প্ৰথম প্ৰজন্মৰ অন্তৰ্গত। তেওঁৰ গীতসমূহ সমগ্ৰ দেশৰ কেইবাখনো চলচ্চিত্ৰ আৰু নাটকতো ব্যৱহাৰ কৰা হৈছে।১২

ব্যক্তিগত জীৱন

মাকৱানপুৰ জিলাৰ চিছাপানী গাডীৰ নীলাম বছনেট আৰু ৰামবাহাদুৰ বছনেটৰ কন্যা কৈইলী দেৱীৰ জন্মতে নাম আছিল ৰাধা বছনেট। তেওঁৰ নাম ৰাধা আছিল যদিও সৰুতে তেওঁ পন্তৰী নামেৰে জনাজাত আছিল৷ কাঠমাণ্ডুৰ মাখান টোলেৰ স্থানীয় বিদ্যালয় এখনত নামভৰ্তি কৰোতেও তেওঁ সেই নামেই ব্যৱহাৰ কৰিছিল। মাত্ৰ এবছৰ বয়সতে তেওঁৰ মাকৰ মৃত্যু হয়। পাঁচ বছৰ বয়সত তেওঁ পেহীয়েক (পিতৃৰ ভনীয়েক)ৰ সৈতে কাঠমাণ্ডুলৈ যায়, তেওঁ কৈইলীক সংগীতো শিকাইছিল। পেহীয়েকৰ সহায়ত তেওঁ ১১ বছৰ বয়সত সহায়ক হিচাপে সিং চুমশ্বেৰ জে বি আৰৰ ৰাজপ্ৰসাদত প্ৰৱেশ কৰে। তেওঁৰ সুৰীয়া কণ্ঠ শুনি তেওঁ তাইক কৈইলী বুলি কয়, তাৰ পিছত তেওঁ কৈইলী দেৱী নামেৰে পৰিচিত হয়, যিটো নামে তেওঁক সফলতা আৰু খ্যাতি প্ৰদান কৰে।৩

কৰ্ম জীৱন আৰু বঁটা

আগতে তেওঁ সিংহ দৰবাৰত গান গাইছিল আৰু নৃত্য কৰিছিল যদিও ২০০৭ চনৰ বি এছ বৰ্ষৰ আশে-পাশে, গণতন্ত্ৰ প্ৰতিষ্ঠাৰ পিছত, তেওঁ ৰেডিঅ' নেপালত এগৰাকী স্বতন্ত্ৰ গায়িকা হৈছিল আৰু তেওঁৰ সংগীত জীৱন আৰম্ভ হৈছিল। ১৯৫০ চনত ৰেকৰ্ডিং কৰা তেওঁৰ প্ৰথম গীত আছিল "সংসাৰকো ঝামেলা লাগদাচা কিয়া যো মেলা"।আধুনিক আৰু দেশপ্ৰেমমূলক গীত আৰু সেৱা আৰু সমৰ্পণৰ দৰে এলবামকে ধৰি ৪,০০০ৰো অধিক গীতত তেওঁ কণ্ঠদান কৰিছে।

ৰেডিঅ’ নেপালৰ শ্ৰেষ্ঠ সংগীতজ্ঞ বঁটা, সুভা ৰায়ভিছেক পদক, গোৰ্খা দক্ষিণ বহু পঞ্চম, চিন্নলতা সংগীত বঁটা আদি সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছে। গীতৰ কথা আৰু সুৰ ৰচনাৰ বাবেও তেওঁক জনা যায়। তেওঁ "জাহি ৰা জুহি ফুল মালা গনসি দুৱাইলে লাউনলা" আৰু "জিন্দগী ভৰি নাচুতিনি গৰি চাইনো জোদাউনলা" আদি জনপ্ৰিয় গীত ৰচনা কৰিছে।৪

২০০৭ চনৰ ২১ ডিচেম্বৰত কাঠমাণ্ডুত ৭৮ বছৰ বয়সত কৈইলী দেৱী মাথেমাৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ (18 January 2012). Personality Of the Week: Koili Devi Mathema. Nepali Radio Texas
  2. ↑ (22 December 2007). Singing legend Koili Devi dies at 78. The Himalayan
  3. ↑ Koili Devi, singer with the cuckoo voice
  4. ↑ (21 December 2007). Singing legend Koili Devi dies at 78. The Himalayan Times

সম্পৰ্কিত শ্ৰেণী

নেপালৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৈইলী দেৱী” প্ৰবন্ধৰ সংশোধন ৪৯১০৮৭ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।