অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ক্লডিয়া গোল্ডিন

ক্লডিয়া ডেল গোল্ডিন (Claudia Dale Goldin; জন্ম: ১৪ মে', ১৯৪৬) এগৰাকী আমেৰিকান অৰ্থনৈতিক ইতিহাসবিদ আৰু শ্ৰম অৰ্থনীতিবিদ। বৰ্তমান তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ হেনৰী লী অধ্যাপক পদত অধিষ্ঠিত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১,৪০০ শব্দ · ৮ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ক্লডিয়া ডেল গোল্ডিন (Claudia Dale Goldin; জন্ম: ১৪ মে', ১৯৪৬) এগৰাকী আমেৰিকান অৰ্থনৈতিক ইতিহাসবিদ আৰু শ্ৰম অৰ্থনীতিবিদ। বৰ্তমান তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ হেনৰী লী অধ্যাপক পদত অধিষ্ঠিত। ২০২৩ চনৰ অক্টোবৰ মাহত তেওঁক "মহিলাৰ শ্ৰমদানৰ বজাৰ মূল্যৰ বিষয়ে থকা আমাৰ ধাৰণাক উন্নত কৰাৰ বাবে" আলফ্ৰেড নোবেলৰ স্মৃতিত প্ৰদান কৰা অৰ্থনৈতিক বিজ্ঞানৰ স্বেৰিজেছ ৰিস্কবেংক বঁটা বা অৰ্থনীতিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।১ ক্লডিয়া গোল্ডিন এই বঁটা লাভ কৰা তৃতীয়গৰাকী মহিলা আৰু এককভাৱে বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা।২

১৯৮৯ চনৰ পৰা ২০১৭ চনলৈকে তেওঁ এন বি ই আৰৰ ডেভেলপমেণ্ট অৱ দ্য আমেৰিকান ইকনমি প্ৰগ্ৰেমৰ সঞ্চালিকা আছিল। তেওঁ বৰ্তমান নেচনেল ব্যুৰো অৱ ইকনমিক ৰিচাৰ্চ (এন বি ই আৰ)ৰ জেণ্ডাৰ ইন দা ইকনমি ষ্টাডি গ্ৰুপৰ সহ-পৰিচালক। গোল্ডিনৰ গৱেষণায়ে মহিলাৰ শ্ৰমিক শক্তি, উপাৰ্জনৰ ক্ষেত্ৰত লিংগ ব্যৱধান, আয়ৰ বৈষম্য, প্ৰযুক্তিগত পৰিৱৰ্তন, শিক্ষা আৰু অনুপ্ৰৱেশ আদি বিষয় সাঙুৰি লৈছে। তেওঁৰ গৱেষণাই অতীতৰ প্ৰেক্ষাপটত বৰ্তমানৰ ব্যাখ্যা কৰে আৰু বৰ্তমানৰ সমস্যাৰ উৎপত্তিৰ বিষয়ে অন্বেষণ কৰে। তেওঁৰ গ্ৰন্থ কেৰিয়াৰ এণ্ড ফেমিলি: উইমেনছ চেঞ্চুৰী-লং জাৰ্নি টুৱাৰ্ড ইকুইটি (প্ৰিন্সটন ইউনিভাৰ্চিটি প্ৰেছ) ২০২১ চনৰ ৫ অক্টোবৰ তাৰিখে প্ৰকাশ পাইছিল। মহিলাৰ কাম আৰু শ্ৰম বজাৰৰ ফলাফল অধ্যয়নত তেওঁৰ অৱদান অৰ্থনৈতিক উন্নয়নত মহিলাৰ ভূমিকা অধ্যয়নকে ধৰি অৰ্থনীতি আৰু অৰ্থনৈতিক ইতিহাসৰ ক্ষেত্ৰসমূহত ইয়াৰ প্ৰভাৱত পৰিলক্ষিত হৈছে।৩

২০১৩–১৪ শিক্ষাবৰ্ষত তেওঁ আমেৰিকান ইকনমিক এছ’চিয়েশ্যনৰ সভাপতি আছিল। ১৯৯০ চনত হাৰ্ভাৰ্ডৰ অৰ্থনীতি বিভাগত আজীৱন অধ্যাপিকা পদ লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।৪

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪৬ চনৰ ১৪ মে' তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ ইহুদী পৰিয়ালত৫ ক্লডিয়া ডেল গোল্ডিনে জন্মগ্ৰহণ কৰিছিল। তেওঁ দা ব্ৰংক্সৰ পাৰ্কচেষ্টাৰত ডাঙৰ-দীঘল হৈছিল।৬ তেওঁৰ পিতৃ লিঅ'ন গোল্ডিনে (১৯১৮—২০১১) বাৰ্লিংটন ইণ্ডাষ্ট্ৰীজত ডাটা প্ৰচেছিং মেনেজাৰ হিচাপে কাম কৰিছিল,৬ আৰু মাতৃ লুচিল ৰ'ছানস্কি গোল্ডিন (১৯১৯—২০২০) ব্ৰংক্সৰ পাব্লিক স্কুল ১০৫ৰ অধ্যক্ষ আছিল।৭৮ সৰুতে ক্লাউডিয়াই পুৰাতত্ত্ববিদ হ’বলৈ বদ্ধপৰিপক্ব আছিল যদিও জুনিয়ৰ হাইস্কুলত পল ডি ক্ৰুইফৰ 'দ্য মাইক্ৰ’ব হাণ্টাৰছ' (১৯২৭) কিতাপখন পঢ়ি তেওঁ বেক্টেৰিয়া বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। হাইস্কুলৰ জুনিয়ৰ হিচাপে কৰ্নেল বিশ্ববিদ্যালয়ত অণুজীৱ বিজ্ঞান বা মাইক্ৰ’বায়’লজীৰ গ্ৰীষ্মকালীন পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ব্ৰংক্স হাইস্কুল অৱ চাইন্সৰ পৰা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত তেওঁ অণুজীৱ বিজ্ঞান অধ্যয়নৰ উদ্দেশ্যেৰে কৰ্নেল বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে।৯১০১১

বিশ্ববিদ্যালয়ৰ দ্বিতীয় বৰ্ষত গোল্ডিনে আলফ্ৰেড কানৰ এটা ক্লাছত উপস্থিত আছিল। ক্লডিয়া গোল্ডিনে অলফ্ৰেড কান আৰু অৰ্থনীতিৰ বিষয়ে কৈছে, "যিজনে লুকাই থকা সত্যসমূহ উন্মোচন কৰিবলৈ অৰ্থনীতি ব্যৱহাৰ কৰাত তেওঁৰ চূড়ান্ত আনন্দই অৰ্থনীতিৰ বাবে, পল ডি ক্ৰুইফৰ কাহিনীয়ে অণুজীৱবিজ্ঞানৰ বাবে যি কৰিছিল।" ১০ তেওঁ নিয়ন্ত্ৰণ আৰু ঔদ্যোগিক সংগঠনৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল, তেখেতে যোগাযোগ উপগ্ৰহৰ নিয়ন্ত্ৰণৰ ওপৰত তেওঁৰ মুখ্য গৱেষণাপত্ৰ লিখিছিল। কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰা গোল্ডিনে ঔদ্যোগিক সংগঠন অধ্যয়ন কৰাৰ উদ্দেশ্যেৰে চিকাগো বিশ্ববিদ্যালয়ত অৰ্থনীতিৰ পি এইচ ডি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হয়। সেই ক্ষেত্ৰতে তেওঁ ডক্টৰেট ডিগ্ৰী আৰম্ভ কৰিছিল যদিও গেৰী বেকাৰে চিকাগোলৈ অহাৰ পিছত তেওঁ শ্ৰমিক অৰ্থনীতি যোগ কৰিছিল। তাৰ পিছত তেওঁ ৰবাৰ্ট ডব্লিউ ফগেলক উপদেষ্টা হিচাপে লৈ অৰ্থনৈতিক ইতিহাসৰ প্ৰতি আকৰ্ষিত হৈছিল। আমেৰিকাৰ যুদ্ধৰ পূৰ্বৰ চহৰ আৰু দক্ষিণৰ উদ্যোগত দাসত্ত্বৰ ওপৰত তেওঁ পি এইচ ডিৰ গৱেষণা পত্ৰ লিখিছিল।১২ ১৯৭২ চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা ঔদ্যোগিক সংগঠন আৰু শ্ৰম অৰ্থনীতিত পি এইচ ডি ডিগ্ৰী লাভ কৰে।১১

কৰ্মজীৱন

শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত গোল্ডিন মেডিচনৰ উইচকনচিন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তাৰপিছত তেওঁ ১৯৭৩ চনত প্ৰিন্সটন বিশ্ববিদ্যালয়ত আৰু ১৯৭৯ চনত পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত যোগদান কৰে আৰু তাৰ পৰাই তেওঁ কাৰ্যকালীন পূৰ্ণ অধ্যাপক পদত অধিষ্ঠিত হয়। ১৯৯০ চনত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত যোগদান কৰে আৰু সেই বিভাগত কাৰ্যকালৰ প্ৰস্তাৱ লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।৪

গোল্ডিন ২০১৩-১৪ বৰ্ষত আমেৰিকান ইকনমিক এছ’চিয়েশ্যনৰ সভাপতি আৰু ১৯৯৯-২০০০ বৰ্ষত ইকনমিক হিষ্ট্ৰী এছ’চিয়েশ্যনৰ সভাপতি আছিল। তেখেতে আমেৰিকান একাডেমী অৱ পলিটিকেল এণ্ড ছ'চিয়েল চাইন্স, ছ'চাইটি অৱ লেবাৰ ইকনমিষ্ট, ইকন'মেট্ৰিক ছ'চাইটি আৰু আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছকে ধৰি বহুতো সংস্থাৰ ফেলো নিৰ্বাচিত হৈছে।১৩ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ৫৩ নং (সামাজিক আৰু ৰাজনীতি বিজ্ঞান) আৰু ৫৪ নং (অৰ্থনৈতিক বিজ্ঞান) শাখাৰ সদস্য।১৪ তেওঁ ৰচেষ্টাৰ বিশ্ববিদ্যালয়, নেব্ৰাস্কা বিশ্ববিদ্যালয় ব্যৱস্থা,১৫১৬ লুণ্ড বিশ্ববিদ্যালয়,১৭ ইউৰোপীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠান,১৮ জুৰিক বিশ্ববিদ্যালয়,১৯ ডাৰ্টমাউথ কলেজ,২০আদিকে ধৰি কেইবাখনো প্ৰতিষ্ঠানৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।২১ ইয়াৰ লগতে তেওঁ ১৯৮৪ চনৰ পৰা ১৯৮৮ চনলৈকে জাৰ্নেল অৱ ইকনমিক হিষ্ট্ৰীৰ সম্পাদিকা হিচাপে কৰ্মৰত আছিল।১৩

২০১৭ চনত কাৰ্যকাল সমাপ্ত হোৱা ২৮ বছৰ ধৰি গোল্ডিন নেচনেল ব্যুৰো অৱ ইকনমিক ৰিচাৰ্চ (এন বি ই আৰ)ৰ ডেভেলপমেণ্ট অৱ দ্য আমেৰিকান ইকনমি (ডি এ ই) প্ৰগ্ৰেমৰ সঞ্চালক আছিল।১১

২০১৫ চনত আলফ্ৰেড পি স্ল’ন ফাউণ্ডেশ্যনৰ পুঁজিৰে গোল্ডিনে অৰ্থনীতিৰ স্নাতক মেজৰৰ ভিতৰত মহিলাৰ অংশ কিয় ইমান কম সেই কথা বুজিবলৈ অৰ্থনীতিত স্নাতক মহিলা (ইউডব্লিউই) প্ৰত্যাহ্বান আৰম্ভ কৰে। কম খৰচী হস্তক্ষেপে মহিলা অৰ্থনীতিৰ মেজৰৰ সংখ্যা বৃদ্ধি কৰিব পাৰে নেকি চাবলৈ বিশটা প্ৰতিষ্ঠানক আৰ্হি হিচাপে আৰু আনক নিয়ন্ত্ৰণ হিচাপে ব্যৱহাৰ কৰি যাদৃচ্ছিক নিয়ন্ত্ৰিত পৰীক্ষা চলাইছিল।২২২৩

গৱেষণা

নাৰী আৰু অৰ্থনীতিৰ ওপৰত কৰা ঐতিহাসিক গৱেষণাৰ বাবে ক্লডিয়া গোল্ডিন বেছিকৈ পৰিচিত। সেই ক্ষেত্ৰত তেওঁৰ আটাইতকৈ প্ৰভাৱশালী গৱেষণা পত্ৰসমূহত মহিলাৰ কেৰিয়াৰ আৰু পৰিয়ালৰ সন্ধানৰ ইতিহাস, উচ্চ শিক্ষাত সহশিক্ষা, মহিলাৰ কেৰিয়াৰ আৰু বিবাহৰ সিদ্ধান্তত গৰ্ভনিৰোধক বড়িৰ প্ৰভাৱ, বিবাহৰ পিছত নাৰীৰ উপাধি সামাজিক সূচক হিচাপে ব্যৱহাৰ, এতিয়া মহিলাসকল স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যাগৰিষ্ঠ হোৱাৰ কাৰণসমূহ, আৰু মহিলাৰ নিয়োগৰ নতুন জীৱনচক্ৰ আদি বিষয়বস্তু সন্নিবিষ্ট হৈছে।২৪

গোল্ডিনে আমেৰিকাৰ দক্ষিণ অৰ্থনীতিৰ ইতিহাসৰ ওপৰত গৱেষণা কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথমখন কিতাপ আৰ্বান স্লেভাৰী ইন দ্য আমেৰিকান চাউথ চিকাগো বিশ্ববিদ্যালয়ত পি এইচ ডি গৱেষণাৰ ফচল আছিল। ফ্ৰেংক লুইছৰ সৈতে মিলি তেওঁ বহুলভাৱে উদ্ধৃত গৱেষণা পত্ৰ "আমেৰিকান গৃহযুদ্ধৰ অৰ্থনৈতিক খৰচ" (১৯৭৮) লিখিছিল।২৫২৬ পিছলৈ তেওঁ কেনেথ ছ’ক’লফৰ সৈতে আমেৰিকাত আৰম্ভণিৰ ঔদ্যোগীকৰণ আৰু মহিলা শ্ৰমিক, শিশু শ্ৰমিক, অনুপ্ৰৱেশকাৰী আৰু শ্ৰমিক শ্ৰেণীৰ পৰিয়ালৰ ভূমিকা সম্পৰ্কে গৱেষণা কৰে। সেই সময়তে তেওঁ উপলব্ধি কৰিলে যে অৰ্থনৈতিক ইতিহাসত মহিলা শ্ৰমিকসকলক বহুলাংশে উপেক্ষা কৰা হৈছে আৰু তেওঁ মহিলা শ্ৰমিক শক্তিৰ বিকাশ কেনেকৈ হৈছিল আৰু অৰ্থনৈতিক বৃদ্ধিত ইয়াৰ ভূমিকা সম্পৰ্কে অধ্যয়ন কৰিবলৈ আগবাঢ়ে। সেই প্ৰচেষ্টাৰ পৰা তেওঁৰ প্ৰধান গৱেষণা পত্ৰসমূহ হ'ল "মনিটৰিং কষ্টছ এণ্ড অকুপেচনেল ছেগ্ৰেগেচন বাই চেক্স" (১৯৮৭), "লাইফ চাইকেল লেবাৰ ফৰ্চ পাৰ্টিচিপেচন অৱ মেৰিড উইমেন" (১৯৮৯), আৰু "দ্য ৰ'ল অৱ ৱৰ্ল্ড ৱাৰ টু ইন দ্য ৰাইজ অৱ উইমেনছ এম্প্লয়মেণ্ট।" (১৯৯১)। তেওঁৰ গ্ৰন্থ আণ্ডাৰষ্টেণ্ডিং দ্য জেণ্ডাৰ গেপ: এণ ইকনমিক হিষ্ট্ৰী অৱ আমেৰিকান উইমেন (১৯৯০)ত অষ্টাদশ শতিকাৰ পৰা বিংশ শতিকাৰ শেষলৈকে আমেৰিকাত মহিলাৰ নিয়োগৰ উত্থানৰ কাহিনী, অৰ্থনৈতিক বৃদ্ধিত ইয়াৰ ভূমিকা আৰু লিংগ ব্যৱধান কিয় আছে, উপাৰ্জন আৰু নিয়োগৰ ক্ষেত্ৰত ইয়াৰ অস্তিত্ব কিয় অব্যাহত আছে ইত্যাদি বিষয় সাঙুৰি লোৱা হৈছে।২৭

মহিলা শ্ৰমিক শক্তিৰ অৰ্থনৈতিক ইতিহাসৰ ওপৰত তেওঁৰ গ্ৰন্থখন লিখাৰ পিছত গোল্ডিনে আমেৰিকাৰ শিক্ষাৰ ইতিহাসৰ ওপৰত গৱেষণা কৰিবলৈ আগবাঢ়িল। হাইস্কুল আন্দোলন আৰু আমেৰিকাত উচ্চ শিক্ষাৰ গঢ় দিয়াৰ ওপৰত লিখা ধাৰাবাহিক প্ৰবন্ধৰ পৰা আৰম্ভ কৰিছিল। তেওঁৰ ইকনমিক হিষ্ট্ৰী এছ'চিয়েচনৰ সভাপতিৰ ভাষণ "দ্য হিউমেন কেপিটেল চেঞ্চুৰী এণ্ড আমেৰিকান লিডাৰশ্বিপ: ভিৰ্চুজ অৱ দ্য পাষ্ট" (২০০১) এক উল্লেখযোগ্য উৎকৃষ্ট সমল।২৮২৯৩০

ইয়াৰ পিছত তেওঁ লৰেন্স কাটজৰ সৈতে গৱেষণা কৰি আমেৰিকাৰ অৰ্থনৈতিক বৈষম্যৰ ইতিহাস আৰু ইয়াৰ শৈক্ষিক অগ্ৰগতিৰ সৈতে সম্পৰ্ক অধ্যয়ন কৰিছিল। তেওঁলোকৰ গৱেষণাই এই বিষয়ত বহুতো গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। পিছলৈ তেওঁলোকৰ গৱেষণাৰ আলমত 'দ্য ৰেচ বিটৱুইন এডুকেচন এণ্ড টেকন'লজি' (২০০৮) শিৰোনামৰ গ্ৰন্থখন প্ৰকাশ কৰা হৈছিল।১১ ২০১৬ চনৰ গৱেষণা পত্ৰ "শ্ৰম বজাৰত মাধ্যমিকৰ পিছৰ প্ৰমাণপত্ৰৰ মূল্য: পৰীক্ষামূলক অধ্যয়ন"ৰ জৰিয়তে শ্ৰম বজাৰত কলেজীয়া শিক্ষাৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰতো তেওঁলোকৰ যুটীয়ে একেলগে গৱেষণা কৰিছিল।৩১

গোল্ডিনে বৰ্তমানৰ সময়ৰ বিভিন্ন উল্লেখযোগ্য বিষয়ত গৱেষণা কৰি থাকিল আৰু বহুতো তেওঁ যৌথভাৱে সম্পাদনা কৰা খণ্ডসমূহৰ অংশ হৈ পৰিল। ইয়াৰ ভিতৰত দুৰ্নীতি হ্ৰাস কৰাত সংবাদ মাধ্যমৰ ভূমিকা, শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ বিশুদ্ধ পানী আৰু ফলপ্ৰসূ নলা-নৰ্দমা ব্যৱস্থাৰ সুবিধা ("শিশুৰ মৃত্যুৰ হাৰত জলভাগ: ফলপ্ৰসূ পানী আৰু নলা আন্তঃগাঁথনিৰ ভূমিকা, ১৮৮০ৰ পৰা ১৯২০লৈ")ত৩২ অনুপ্ৰৱেশ নিষেধাজ্ঞাৰ উৎপত্তি বা আমেৰিকাৰ নিবনুৱা বীমাৰ সৃষ্টি আদিয়ে প্ৰধান।৩৩৩৪

একেসময়তে তেওঁ লিংগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰও প্ৰকাশ কৰিছিল। "অৰ্কেষ্ট্ৰেটিং ইম্পাৰ্চিয়েলিটি: দ্য ইফেক্ট অৱ 'ব্লাইণ্ড' অডিচনছ অন ফিমেল মিউজিচিয়ানছ" (ৰাউজৰ সৈতে, ২০০০) তেওঁৰ আটাইতকৈ বেছি উদ্ধৃত গৱেষণা পত্ৰসমূহৰ ভিতৰত অন্যতম। "দ্য পাৱাৰ অৱ দ্য পিল: অৰেল কনট্ৰেচেপটিভছ এণ্ড উইমেনছ কেৰিয়াৰ এণ্ড মেৰেজ ডিচিচনছ" (কাটজৰ সৈতে, ২০০২) আৰু "দ্য ইউ-শ্বেপড ফিমেল লেবাৰ ফৰ্চ ফাংচন ইন ইকনমিক ডেভেলপমেণ্ট এণ্ড ইকনমিক হিষ্ট্ৰী," (১৯৯৫) তেওঁৰ কিছুমান অগ্ৰণী গৱেষণা পত্ৰ। তাৰ পিছত তেওঁ কলেজীয়া মহিলাসকলৰ কেৰিয়াৰ আৰু পৰিয়ালৰ সন্ধান আৰু উপাৰ্জনৰ ক্ষেত্ৰত লিংগ ব্যৱধানৰ কাৰণসমূহৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰে।৩৫৩৬৩৭ তেওঁৰ আমেৰিকান ইকনমিক এছ'চিয়েচনৰ সভাপতি ভাষণ "এ গ্ৰেণ্ড জেণ্ডাৰ কনভাৰ্জেন্স: ইটছ লাষ্ট চাপ্টাৰ'ত শ্ৰম বজাৰত পুৰুষ আৰু মহিলাৰ মাজত সমতা থাকিবলৈ শেষৰ অধ্যায়টোত কি থাকিব লাগিব সেই বিষয়ে উল্লেখ কৰা হৈছে।৩৮ তেওঁৰ গ্ৰন্থ 'কেৰিয়াৰ এণ্ড ফেমিলি: উইমেনছ চেঞ্চুৰী-লং জাৰ্নি টুৱাৰ্ড ইকুইটি'ত মহিলাৰ কেৰিয়াৰ আৰু দাম্পত্যৰ সমতাৰ সম্পূৰ্ণ ইতিহাস আৰু ইয়াৰ ওপৰত মহামাৰীৰ প্ৰভাৱৰ বৰ্ণনা কৰিছে।৩৯

ব্যক্তিগত জীৱন

ক্লডিয়া গোল্ডিনে তেওঁৰ সহযোগী হাৰ্ভাৰ্ড অৰ্থনীতিবিদ লৰেন্স কাটজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। ১৯৭০ চনৰ পৰাই কেলছ’ৰ পৰা আৰম্ভ কৰি তেওঁ গোল্ডেন ৰিট্ৰিভাৰ জাতৰ কুকুৰ পুহি আহিছে। তেওঁলোকৰ বৰ্তমানৰ কুকুৰ পিকাই প্ৰতিযোগিতামূলক গোন্ধ প্ৰতিযোগিতাত লাভ কৰা বঁটাৰ বাবে বহুলভাৱে স্বীকৃতি লাভ কৰিছে। আজ্ঞাবহতা প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ লাভ কৰা পিকাই স্থানীয় নাৰ্চিং হোমত থেৰাপি কুকুৰ হিচাপে সেৱা আগবঢ়াই আহিছে।৪০

বঁটা আৰু সন্মান

  • ১৯৯০, ২০০৮, ২০২১: ঔদ্যোগিক সম্পৰ্ক আৰু শ্ৰমিক অৰ্থনীতিৰ অসাধাৰণ কিতাপৰ বাবে ৰিচাৰ্ড এ লেষ্টাৰ বঁটাৰ তিনিবাৰ বিজয়ী৪১৪২
  • ১৯৯১: সমাজ বিজ্ঞান ইতিহাস সংস্থাৰ পৰা এলান শ্বাৰলিন স্মৃতিগ্ৰন্থ বঁটা৪৩
  • ২০০৫: আমেৰিকান ইকনমিক এছ'চিয়েচনৰ পৰা কেৰলিন শ্ব' বেল বঁটা৪৪
  • ২০০৮: আৰ.আৰ.হকিন্স বঁটা, দ্য প্ৰফেচনেল এণ্ড স্কোলাৰলি পাব্লিছিং ডিভিজন অৱ দ্য এছ'চিয়েচন অৱ আমেৰিকান পাব্লিচাৰ্ছ৪৫
  • ২০০৯: ছ'চাইটি অৱ লেবাৰ ইকনমিষ্টৰ পৰা জেকব মিন্সাৰ বঁটা১১
  • ২০০৯: অৰ্থনীতিৰ সন্মান সমাজ অমাইক্ৰন ডেল্টা এপ্সিলনৰ পৰাজন আৰ কমন্স বঁটা৪৬
  • ২০১৬: শ্ৰমিক অৰ্থনীতিৰ আই জেড এ বঁটা "শিক্ষা আৰু শ্ৰম বজাৰত মহিলাৰ অৰ্থনৈতিক ইতিহাসৰ ওপৰত তেওঁৰ কেৰিয়াৰজোৰা কামৰ বাবে"৪৭
  • ২০১৯: লিংগ ব্যৱধান বিশ্লেষণত তেওঁৰ অৱদানৰ বাবে অৰ্থনীতি, বিত্ত, আৰু ব্যৱস্থাপনা শাখাত বিবিভিএ ফাউণ্ডেশ্যন ফ্ৰণ্টিয়াৰ্ছ ইন নোলেজ বঁটা৪৮
  • ২০২০: অৰ্থনৈতিক বিজ্ঞানত ক্লাৰিভেট চাইটেচন বঁটা বিজয়ী৪৯
  • ২০২০: অৰ্থনীতিৰ আৰউইন প্লেইন নেমাৰ্ছ বঁটা৫০
  • ২০২১: ছ'চাইটি ফৰ প্ৰগ্ৰেছ মেডেল৫১
  • ২০২২: অৰ্থনৈতিক শিক্ষা পৰিষদৰ পৰা দূৰদৰ্শী বঁটা৫২
  • ২০২৩: "মহিলাৰ শ্ৰমদানৰ বজাৰ মূল্যৰ বিষয়ে থকা আমাৰ ধাৰণাক উন্নত কৰাৰ বাবে" আলফ্ৰেড নোবেলৰ স্মৃতিত প্ৰদান কৰা অৰ্থনৈতিক বিজ্ঞানৰ স্বেৰিজেছ ৰিস্কবেংক বঁটা বা অৰ্থনীতিৰ ন'বেল বঁটা২

নিৰ্বাচিত প্ৰকাশন

  • Goldin, Claudia Dale. Understanding the Gender Gap: An Economic History of American Women. New York: Oxford University Press, 1990, .
  • Goldin, Claudia Dale et al. Strategic Factors in Nineteenth Century American Economic History: A Volume to Honor Robert W. Fogel. Chicago: University of Chicago Press, 1992, .
  • Goldin, Claudia Dale and Gary D. Libecap. Regulated Economy: A Historical Approach to Political Economy. Chicago: University of Chicago Press, 1994, .
  • Bordo, Michael D., Claudia Dale Goldin, and Eugene Nelson White. The Defining Moment: The Great Depression and the American Economy in the Twentieth Century. Chicago: University of Chicago Press, 1998, .
  • Glaeser, Edward L. and Claudia Dale Goldin. Corruption and Reform: Lessons from America's History. Chicago: University of Chicago Press, 2006, .
  • Goldin, Claudia Dale and Lawrence F. Katz. The Race Between Education and Technology. Cambridge, Mass.: Belknap Press of Harvard University Press, 2008, .
  • Goldin, Claudia and Alsan, M. "Watersheds in Child Mortality: The Role of Effective Water and Sewerage Infrastructure, 1880 to 1920", Journal of Political Economy 127(2, 2018), pp. 586–638
  • Goldin, Claudia and Lawrence F. Katz. Women Working Longer: Increased Employment at Older Ages. Chicago: University of Chicago Press, 2018.
  • Goldin, Claudia. Career & Family: Women's Century-Long Journey toward Equity. Princeton, NJ. Princeton University Press, 2021.
  • "A Grand Gender Convergence: Its Last Chapter," American Economic Review 104 (April 2014), pp. 1091–119.

বাহ্যিক সংযোগ

  • সাক্ষাৎকাৰ: গোল্ডিনৰ সৈতে দ্য ৰিজিঅ'ন অৱ দ্য মিনিয়াপলিছ ফেড

তথ্যসূত্ৰ

  1. ↑ (October 9, 2023). The Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel 2023
  2. ↑ Johnson, Simon; Ahlander, Johan. (October 9, 2023). Nobel economics prize goes to Claudia Goldin. Reuters
  3. ↑ Merouani, Youssouf; Perrin, Faustine. (September 28, 2022). Gender and the long-run development process. A survey of the literature. European Review of Economic History. পৃ. 612–641
  4. ↑ Alexander, Sophie M. (April 26, 2007). Goldin Demystifies Gender Economics. The Harvard Crimson
  5. ↑ (October 11, 2023). Sheryl Sandberg interview on Harvard professor Claudia Goldin winning Nobel Prize. The Independent
  6. ↑ Camera, Daily. (June 24, 2011). Leon Goldin
  7. ↑ Lucille Goldin Obituary (2020) – Boulder, CO – The Daily Camera. Legacy.com
  8. ↑ Lucille Goldin Obituary – Boulder, CO. Dignity Memorial
  9. ↑ Claudia Goldin. www.richmondfed.org
  10. ↑ Economist as Detective
  11. ↑ Walker, Peter J. (December 2018). Profile of Harvard Economist Claudia Goldin. IMF Finance & Development Magazine. IMF
  12. ↑ Goldin, Claudia. Urban Slavery in the American South. Rare Americana
  13. ↑ Claudia Goldin, Distinguished Fellow 2014. aeaweb.org. American Economic Association
  14. ↑ Claudia D. Goldin. nasonline.org. National Academy of Sciences
  15. ↑ Honorary Degrees. University of Nebraska system
  16. ↑ Clement, Douglas. Interview with Claudia Goldin · Federal Reserve Bank of Minneapolis. minneapolisfed.org. Federal Reserve Bank of Minneapolis
  17. ↑ LUSEM honorary doctor receives the Prize in Economic Sciences 2023. Lund University School of Economics and Management
  18. ↑ Doctor Honoris Causa of the EUI. European University Institute
  19. ↑ Prof. Dr. Claudia Goldin. uzh.ch. University of Zurich
  20. ↑ (June 22, 2022). Claudia Goldin, Doctor of Humane Letters · Dartmouth. home.dartmouth.edu. Dartmouth College
  21. ↑ Honorary degrees. rochester.edu. University of Rochester
  22. ↑ Undergraduate Women in Economics (UWE). scholar.harvard.edu
  23. ↑ Avilova, Tatyana; Goldin, Claudia. (August 21, 2023). What the Undergraduate Women in Economics Challenge did for economics. CEPR
  24. ↑ Bio for Claudia Goldin. scholar.harvard.edu
  25. ↑ Goldin, Claudia D.; Lewis, Frank D. (1975). The Economic Cost of the American Civil War: Estimates and Implications. The Journal of Economic History. পৃ. 299–326
  26. ↑ Coclanis, Peter A. (October 15, 1996). The American Civil War in Economic Perspective: Basic Questions and Some Answers. Southern Cultures. পৃ. 163–175
  27. ↑ (October 11, 2023). Claudia Goldin · Biography, Nobel Prize, & Facts · Britannica. www.britannica.com
  28. ↑ Goldin, Claudia; Katz, Lawrence F. (1999). Human Capital and Social Capital: The Rise of Secondary Schooling in America, 1910–1940. The Journal of Interdisciplinary History. পৃ. 683–723
  29. ↑ High School Movement · Lawrence Katz. scholar.harvard.edu
  30. ↑ Goldin, Claudia. (2001). The Human-Capital Century and American Leadership: Virtues of the Past. The Journal of Economic History. পৃ. 263–292
  31. ↑ Deming, David J.; Yuchtman, Noam; Abulafi, Amira. (March 2016). The Value of Postsecondary Credentials in the Labor Market: An Experimental Study. American Economic Review. পৃ. 778–806
  32. ↑ Walker, Peter J. (December 2018). Time Traveler. Harvard.edu
  33. ↑ Goldin, Claudia. (1993). The Regulated Economy: A Historical Approach to Political Economy. University of Chicago Press
  34. ↑ Baicker, Katherine; Goldin, Claudia; Katz, Lawrence. (1998). The Defining Moment: The Great Depression and the American Economy in the Twentieth Century. University of Chicago Press
  35. ↑ Tolbert, Pamela S. (March 2023). Claudia Goldin. Career and Family: Women's Century-Long Journey Toward Equity. Administrative Science Quarterly. পৃ. NP9–NP11
  36. ↑ Olivetti, Claudia; Petrongolo, Barbara. (31 October 2016). The Evolution of Gender Gaps in Industrialized Countries. Annual Review of Economics. পৃ. 405–434
  37. ↑ Jayachandran, Seema. (1 August 2015). The Roots of Gender Inequality in Developing Countries. Annual Review of Economics. পৃ. 63–88
  38. ↑ Goldin, Claudia. (2014). A Grand Gender Convergence: Its Last Chapter. American Economic Review. পৃ. 1091–1119
  39. ↑ Career & Family. Harvard University
  40. ↑ Pika the Golden Retriever. scholar.harvard.edu
  41. ↑ The Richard A. Lester Book Award. The Richard A. Lester Book Award. Princeton University Industrial Relations Section
  42. ↑ The Richard A. Lester Book Award. Industrial Relations Section
  43. ↑ Claudia Goldin Named the Recipient of the 2005 Carolyn Shaw Bell Award
  44. ↑ Allan Sharlin Memorial Book Award
  45. ↑ Glaser, Linda B. (October 15, 2014). Oct. 23 talk will show path to full gender equality · Cornell Chronicle. Cornell Chronicle
  46. ↑ Omicron Delta Epsilon – The International Economics Honor Society. www.omicrondeltaepsilon.org
  47. ↑ (2016). IZA Prize in Labor Economics. IZA – Institute of Labor Economics
  48. ↑ (March 26, 2019). The BBVA Foundation recognizes Claudia Goldin for pioneering analysis of the gender gap. EurekAlert!
  49. ↑ Plc, Clarivate. Clarivate Reveals 2020 Citation Laureates – Annual List of Researchers of Nobel Class. www.prnewswire.com
  50. ↑ The Erwin Plein Nemmers Prize in Economics: Nemmers Prize – Northwestern University. www.nemmers.northwestern.edu
  51. ↑ (May 7, 2022). 2022 Visionary Awards Benefit Dinner. Council for Economic Education
  52. ↑ (May 7, 2022). 2022 Visionary Awards Benefit Dinner. Council for Economic Education

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিঅৰ্থনীতিবিদঅৰ্থনীতিৰ ন'বেল বঁটা বিজয়ীশিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লডিয়া গোল্ডিন” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৫৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।